এটা বিজ্ঞাপনত আমিৰ, চলমানে লোৱা টকাৰ পৰিমাণ জানিলে আপোনাৰ চকু উঠিব কপালত….

এটা বিজ্ঞাপনত আমিৰ, চলমানে লোৱা টকাৰ পৰিমাণ জানিলে আপোনাৰ চকু উঠিব কপালত….

author-image
asomiyapratidin
New Update
এটা বিজ্ঞাপনত আমিৰ, চলমানে লোৱা টকাৰ পৰিমাণ জানিলে আপোনাৰ চকু উঠিব কপালত….

ডিজিটেল ডেস্কঃ বলিউদৰ কেইবাজনো অভিনেতাক আমি প্ৰায়েই বহুকেইটা বিজ্ঞাপন দেখা পাও। কেতিয়াবা ক্ৰীম, কেতিয়াবা বিস্কুট অথবা কেতিয়াবা বিভিন্ন বাহনৰ বিজ্ঞাপনত দেখা পাও বলিউদৰ কেইবাজনো সুৰ্দশন অভিনেতাক। মাত্ৰ কেইটামান মিনিটৰ এটা বিজ্ঞাপনত এজন অভিনেতাই কিমান টকা লয় আপুনি জানেনে! ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটৰ বিজ্ঞাপনত বলিউদৰ কেইজনমান অভিনেতাই লোৱা টকাৰ পৰিমাণ শুনিলে আপোনাৰ চকু কপালত উঠিব।

এটা বিজ্ঞাপনত সবাতোকৈ বেছি টকা লোৱা অভিনেতাৰ তালিকাত প্ৰথমেই আছে আমিৰ খান। মিষ্টাৰ পাৰফেক্টনিষ্টজনক বেছি বিজ্ঞাপনত দেখা নাযায় যদিও এটা বিজ্ঞাপনৰ বাবদ তেওঁ লয় প্ৰায় ১১ কোটি টকা। এই তালিকাক দ্বিতীয় স্থানত আছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান। এটা বি়জ্ঞাপন বাবদ তেওঁ লয় ৯ কোটি টকা। এই তালিকাত তৃতীয় স্থানত আছে বিগ বি অমিতাভ বচ্চন। তেও লয় ৮ কোটি টকা।

এই তালিকাত চতুৰ্থ স্থানত আছে কেইবাজনো অভিনেতা তেওলোক হৈছে অক্ষয় কুমাৰ আৰু চলমান খান। তেওলোকে এটা বিজ্ঞাপন বাবদ লয় প্ৰায় ৭ কোটি টকা। ইফালে সুৰ্দশন অভিনেতা বিক্কী কুশলে এটা বিজ্ঞাপনৰ বাবদ লয় ৩ কোটি। টাইগাৰ শ্বফে লয় ২.৫০ কোটি। আয়ুষ্মান খুৰানাই লয় ২.২৫ কোটি আৰু অভিনেতা ৰাজকুমাৰ ৰাৱে লয় ১.৫০ কোটি।