ছবিগৃহত সকলোয়ে উপভোগ কৰিব পাৰিব এইগৰাকী ব্যতিক্ৰমী মহিলাৰ জীৱন কাহিনী

এগৰাকী ব্যতিক্ৰমী মহিলা। পুৰুষ প্ৰধান সমাজত আজিৰ পৰা বহুবছৰ পূৰ্বেই এইগৰাকী মহিলাই গঢ়িছিল এক সুকীয়া পৰিচয়। যিগৰাকী মহিলাই এসময়ত কঁপাই তুলিছিল সমগ্ৰ দেশ।ভুল পাৰ্কিং লটত ৰখাই থোৱা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গাড়ীৰ চালান কাটি তেওঁ চৰ্চালৈ আহিছিল।

author-image
Asomiya Pratidin
New Update
ছবিগৃহত সকলোয়ে উপভোগ কৰিব পাৰিব এইগৰাকী ব্যতিক্ৰমী মহিলাৰ জীৱন কাহিনী

ডিজিটেল ডেস্ক: এগৰাকী ব্যতিক্ৰমী মহিলা। আজিৰ পৰা বহুবছৰ পূৰ্বে তেতিয়াৰ পুৰুষ প্ৰধান সমাজত এইগৰাকী মহিলাই গঢ়িছিল এক সুকীয়া পৰিচয়। যিগৰাকী মহিলাই সেই সময়ত কঁপাই তুলিছিল সমগ্ৰ দেশ।ভুল পাৰ্কিং স্থানত ৰখাই থোৱা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গাড়ীৰ চালান কাটি তেওঁ বিশেষভাৱে চৰ্চালৈ আহিছিল। হয়, তেওঁ কিৰণ বেদী।দেশৰ প্ৰথমগৰাকী আই পি এছ বিষয়া কিৰণ বেদী।এতিয়া এইগৰাকী বিশেষ মহিলাৰ জীৱন কাহিনী সকলোয়ে ছবিৰ ৰূপত উপভোগ কৰিব পাৰিব।

Advertisment

প্ৰকৃততে, ড° কিৰণ বেদীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এখন ছবি।ছবিখনৰ নাম  'বেদী: দ্য নেম ইউ নো'। শেহতীয়াকৈ ‘ড্ৰীম শ্লেট পিকচাৰ্ছ’য়ে এই ছবিখন নিৰ্মাণৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিছে। এই ছবিখনৰ জৰিয়তে দৰ্শকসকলে কিৰণ বেদীৰ জীৱনৰ অকথিত কাহিনী উপভোগ কৰিব পাৰিব।ছবিখন কাহিনী আৰু পৰিচালনা কুশল চাওলাৰ।

এই জীৱনীমূলক ছবিখনত কিৰণ বেদীৰ জীৱনৰ সেই কাহিনীসমূহ উপস্থাপন কৰা হ'ব, যিসমূহৰ বিষয়ে এতিয়ালৈকে কোনো জ্ঞাত নহয়। এই সন্দৰ্ভত প্ৰাক্তন আইপিএছ বিষয়া কিৰণ বেদীয়ে প্ৰকাশ কৰা মতে, অতীতত কেইবাবাৰো তেওঁৰ জীৱন সন্দৰ্ভত ছবি নিৰ্মাণৰ প্ৰস্তাৱ বহুতেই দিছিল।কিন্তু পৰিচালক কুশল চাওলাৰ চাৰে চাৰি বছৰৰ গৱেষণাই তেওঁক এই বিষয়টোত সন্মতি দিবলৈ বাধ্য কৰালে।

উল্লেখ্য যে, কিৰণ বেদীয়ে ১৯৭২ৰ পৰা ২০০৭লৈ আইপিএছ বিষয়া হিচাপে দেশ সেৱাত নিয়োজিত আছিল। মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস কৰাত তেওঁ সদায়েই গুৰুত্ব দিছিল। আইপিএছত যোগদান কৰাৰ পিছত বেদীয়ে দিল্লী, গোৱা, চণ্ডিগড় আৰু মিজোৰামত সেৱা আগবঢ়াইছিল। তেওঁ দিল্লীৰ চাণক্যপুৰী অঞ্চলত সহকাৰী আৰক্ষী অধীক্ষক (এএছপি) হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ১৯৭৯ চনত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮২ চনত কিৰণ বেদীক অমৃতসৰৰ পৰা দিল্লী আৰক্ষীলৈ মাতি অনা হৈছিল, য'ত তেওঁক ট্ৰেফিক আয়ুক্তৰ দায়িত্ব দিয়া হৈছিল। এই সময়ছোৱাত কোনো বাহন পথৰ ‘ন’ ভেহিকেল জ’ন’ত থাকিলে তৎক্ষণাৎ ক্ৰেনৰে উঠাই লৈ যোৱা হৈছিল।তেওঁৰ এই আইনৰ পৰা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গাড়ীও বাচি যোৱা নাছিল। কেৱল এয়াই নহয়, তেওঁ দিল্লীক যান-জঁট মুক্ত কৰিবলৈ তেওঁ চিবিআই সঞ্চালকৰ গাড়ীও পথৰ পৰা উঠাই লৈছিল। ১৯৯৩ৰ মে’ মাহত বেদীক দিল্লীৰ কাৰাগাৰত মহাপৰিদৰ্শক (আইজি) হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ তিহাৰ কাৰাগাৰত কেইবাটাও সংস্কাৰ প্ৰৱৰ্তন কৰে, যি বিশ্বজুৰি প্ৰশংসা লাভ কৰে আৰু ১৯৯৪ত তেওঁ ৰেমন মেগছেছে বঁটা লাভ কৰে। ২০০৩ত বেদী ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ আৰক্ষী উপদেষ্টা হিচাপে নিযুক্ত হোৱা প্ৰথম ভাৰতীয় মহিলা আছিল। ২০০৮-১১ত তেওঁ 'আপ কি কাচেৰী' নামৰ এখন আদালত অনুষ্ঠানৰো আয়োজন কৰিছিল। তেওঁ ২০১৫ ত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

Also Read: চিৰযৌৱনা হৈ থাকিবলৈ আম্বানী পত্নীয়ে ব্যৱহাৰ কৰে এই বিশেষ বটল