/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/Amitabh-Bachchan-Screen-Gra-1539431172.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ ক্ষেত্ৰখনত সকলোৰে পূজনীয় তথা অনুপ্ৰেৰণাৰ উৎস বিগ বি বৰ্তমান অসুস্থ। ১৯৪২ চনৰ ১১ অক্টোবৰত এলাহাবাদত জন্মলাভ কৰা এই বিশিষ্ট অভিনেতাগৰাকীৰ লিভাৰৰ প্ৰায় ৭৫ শতাংশ বেয়া হোৱা বুলি জানিব পৰা গৈছে।
৭৬ বছৰীয়াঅমিতাভ বচ্চনে এক অনুষ্ঠানত জনাই এই কথা। যক্ষ্মা ৰোগ সম্পৰ্কে আয়োজিত একঅনুষ্ঠানত উপস্থিত হৈ বিগ বিয়ে কয় যে, সময়ে সময়ে নিজৰ শৰীৰৰ চেক আপ কৰি থকাটোঅতিকৈ প্ৰয়োজনীয়। লগতে তেওঁ কয়- 'মই যক্ষ্মাৰ লগতে বহু বেমাৰৰ সৈতে যুঁজ দি আছো।'
১৯৬৯চনৰ পৰা অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অমিতাভ বচ্চনে বৰ্তমানলৈ অতি নিষ্ঠা আৰু আগ্ৰহেৰে নিজৰ কৰ্ম সম্পাদন কৰি আছে। আৰু বিগ বি সম্পূৰ্ণ সুস্থ হোৱাটো তেওঁৰ অনুগামীসকলে কামনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us