এতিয়া দুই পুত্ৰ, দুগৰাকী কন্যাৰ সৈতে সুখী অৰ্জুন

পিতৃত্ব লাভৰ আনন্দই সুকীয়া।এই সুখ পুনৰ লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালে। হয়, এটি পুত্ৰ সন্তানৰ পিতৃ হ’ল অৰ্জুন।অৰ্জুনৰ প্ৰেয়সী গেব্ৰিয়েলাই ২০ জুলাইত জন্ম দিলে এটি পুত্ৰ সন্তান।

author-image
Asomiya Pratidin
New Update
এতিয়া দুই পুত্ৰ, দুগৰাকী কন্যাৰ সৈতে সুখী অৰ্জুন

ডিজিটেল ডেস্ক : পিতৃত্ব লাভৰ আনন্দই সুকীয়া।এই সুখ পুনৰ লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালে। হয়, এটি পুত্ৰ সন্তানৰ পিতৃ হ’ল অৰ্জুন।অৰ্জুনৰ প্ৰেয়সী গেব্ৰিয়েলাই ২০ জুলাইত জন্ম দিলে এটি পুত্ৰ সন্তান। এই বিষয়ে ছ’চিয়েল মেডিয়াৰ এটা প’ষ্টৰ জৰিয়তে অৰ্জুনে নিজেই অনুৰাগীসকলক জানিবলৈ দিছে। 

Advertisment

এই বিশেষ প’ষ্টটোত ৫০ বছৰ বয়সত পিতৃত্বৰ সুখ লাভ কৰা অভিনেতাজনে এখন টাৱেলৰ ফটো 'শ্বেয়াৰ' কৰি  লিখিছে- ‘মই আৰু মোৰ পৰিয়ালে আজি এটা ধুনীয়া পুত্ৰ সন্তান লাভ কৰিলো।বৰ্তমান মাক আৰু পুত্ৰ দুয়ো ভালে আছে।সকলো নাৰ্ছ আৰু চিকিৎসকক ধন্যবাদ। সকলোয়ে আমাক দিয়া আশীৰ্বাদ আৰু মৰমৰ বাবে আমি চিৰকৃতজ্ঞ।# হেল্ল ৱৰ্ল্ড # ২০.০৭.২০২৩।'

এই ভাল খবৰটো বিয়পি পৰাৰ পাছতে অনুৰাগীসকলে এই চেলিব্ৰেটী দম্পতীহালক অভিনন্দন জনাইছে।উল্লেখ্য যে, কেইদিনমান আগতে গেব্ৰিয়েলাই তেওঁৰ দ্বিতীয় গৰ্ভধাৰণৰ কথা ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। তেওঁ নিজৰ 'বেবী বাম্প' প্ৰদৰ্শন কৰা এখন ফটো 'শ্বেয়াৰ' কৰিছিল আৰু লিখিছিল- ‘বাস্তৱতা নে এআই ?’ ।এই ফটোখনৰ বাবে গেব্ৰিয়েলাই যথেষ্ট কথা শুনিব লগীয়া হৈছিল।

গেব্ৰিয়েলা পেছাত এগৰাকী দক্ষিণ আফ্ৰিকাৰ মডেল। অৰ্জুন আৰু তেওঁ ২০১৮ চনত লগ পাইছিল আৰু তাৰ ঠিক এবছৰ পিছত দুয়ো এটি পুত্ৰৰ পিতৃ-মাতৃ হৈছিল। গেব্ৰিয়েলাৰ আগতে অৰ্জুন ৰামপাল মেহৰ জেছিয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও বিবাহৰ ২০ বছৰৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। অৰ্জুন আৰু মেহৰৰ দুগৰাকী কন্যা সন্তানো আছে।

Also Read: মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’