ছবিগৃহত ‘হাউছফুল-৪’ চাবলৈ দৰ্শকৰ ভিৰ, প্ৰথমদিনাই উপাৰ্জন কৰিলে…

ছবিগৃহত ‘হাউছফুল-৪’ চাবলৈ দৰ্শকৰ ভিৰ, প্ৰথমদিনাই উপাৰ্জন কৰিলে…

author-image
asomiyapratidin
New Update
ছবিগৃহত ‘হাউছফুল-৪’ চাবলৈ দৰ্শকৰ ভিৰ, প্ৰথমদিনাই উপাৰ্জন কৰিলে…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি হাউছফুল-৪ ২৫ অক্টোবৰত মুক্তি পালে ছবিগৃহত। ছবিখনে প্ৰথম দিনাই বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। হাউছফুল সংস্কৰণৰ এইখন হৈছে চতুৰ্থখন ছবি, য'ত অভিনয় কৰিছে অক্ষয় কুমাৰৰ লগতে ববী দেউল, ৰিতেশ দেশমুখ আৰু বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

Advertisment

ছবিখনৰ প্রথমদিনৰ বক্স অফিচ কালেকশ্যন লক্ষ্য কৰিলে বুজিব পাৰি যে, দৰ্শকে আদৰি লৈছে এই ছবিখন। প্ৰথমদিনাই ছবিখনে উপাৰ্জন কৰিলে ১৮.৫০ কোটি টকা। হাউছফুলৰ সংস্কৰণৰ এইখন ছবিৰ প্রথমদিনৰ উপাৰ্জন আটাইতকৈ বেছি।

উল্লেখ্য যে, ২০১০ত মুক্তি পোৱা হাউছফুলে প্রথমদিনা ৯.৩২ কোটি টকা, ২০১২ত মুক্তি লাভ কৰা হাউছফুল-২য়ে ১২.১৯ কোটি টকা, হাউছফুল-৩য়ে ১৫.২৪ কোটি টকা আৰু শুকুৰবাৰে মুক্তি পোৱা হাউছফুল-৪য়ে ১৮.৫০ কোটি টকা মু্ক্তি পোৱা প্রথমটো দিনত উপাৰ্জন কৰে। তদুপৰি ছবিখনৰ গীতবোৰো দৰ্শকে ভাল পাইছে। বিশেষকৈ 'বালা' গীতটো পছন্দ কৰিছে দৰ্শকসকলে।