কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচার্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ বিশেষ আহ্বান

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচার্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ বিশেষ আহ্বান

author-image
Asomiya Pratidin
New Update
কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচার্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ বিশেষ আহ্বান

ডিজিটেল ডেস্কঃ ৰাজ্যত দূৰ আৰু মুক্ত শিক্ষাৰ যোগেদি সমগ্ৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ বৃদ্ধিৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ দূৰ আৰু মুক্ত শিক্ষাৰ অনুষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ে। চলিত শৈক্ষিক বৰ্ষত ৰাজ্যখনৰ মুঠ এক লাখ শিক্ষার্থীক বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্ৰমৰ সৈতে সামৰি লোৱাৰ লক্ষ্য আগত ৰাখিছে বিশ্ববিদ্যালয়খনে।

Advertisment

এই উদ্দেশ্য আগত ৰাখিয়ে আজি বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ নেতৃত্বত এটা শৈক্ষিক দলে ডিমৰীয়া কলেজত উপস্থিত হয়। উপাচার্য অধ্যাপক দাসৰ ওপৰিও অধ্যয়ন কেন্দ্ৰসমূহৰ ডীন ড০ দিব্যজ্যোতি মহন্ত আৰু বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড০ নবাংকুৰ পাঠকো উপস্থিত থাকে।

শৈক্ষিক দলটোৱে ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান কুমাৰ ভট্ট আৰু মহাবিদ্যালয়খনৰ কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড০ অনেক লাল বৰ্মনৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰত পঞ্জীয়নৰ সম্পৰ্কত বুজ লয়।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ২০৩৫ চনৰ ভিতৰত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদিহে সম্ভৱপৰ হ'ব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে।লগতে এইক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়কগৰাকীক আহ্বান জনায় ৰাজেন্দ্ৰ প্ৰসাদ দাসে।

ইয়াৰ লগতে তেওঁ বিভিন্ন কাৰণত উচ্চ শিক্ষাৰ পৰা বঞ্চিত ডিমৰীয়া অঞ্চলৰ সৰ্বস্তৰৰ লোকক কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন পাঠ্যক্ৰমত অন্তর্ভুক্ত হ'বলৈ মহাবিদ্যালয়খনক সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ ল'বলৈ পৰামৰ্শয়ো আগবঢ়ায় ।

সমান্তৰালভাৱে মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীসকলকো দ্বৈত ডিগ্ৰীৰ সুযোগ গ্ৰহণ কৰাৰ বাবে সজাগতা সৃষ্টিৰ আহ্বান জনোৱাৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশ সন্দৰ্ভতো সম্যক ধাৰণা দাঙি ধৰে অধ্যয়ন কেন্দ্ৰসমূহৰ ডীন ড০ দিব্যজ্যোতি মহন্তই।

assam KKHSOU