Teachers' Day : শিক্ষক দিৱস

Teachers' Day
Teachers' Day
Published on
Updated on

Teachers' Day : প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি শিক্ষক দিৱস উদযাপন কৰা হয়।প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট পণ্ডিত তথা দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।শিক্ষাগুৰুসকলক সন্মান প্ৰদৰ্শনেই হৈছে এই দিৱস পালনৰ মূল উদ্দেশ্য। শিক্ষক দিৱসত শিক্ষকসকলক সমাজলৈ আগবঢ়োৱা অপৰিসীম অৱদান আৰু সাফল্যক স্বীকৃতিও প্ৰদান কৰা হয়।

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল  ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। তেলেগুৰ খুব দৰিদ্ৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯১৭ চনত 'ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন' নামৰ কিতাপখন প্ৰকাশ কৰে। তেওঁ ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৯ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (বিএইচইউ) উপাচাৰ্য হৈছিল।

ভাৰতৰত্ন বঁটা প্ৰাপক ড০ ৰাধাকৃষ্ণন এজন মেধাৱী ছাত্ৰ আৰু সকলোৰে প্ৰিয় শিক্ষক আছিল।সকলো দিশৰ পৰাই তেওঁ সফল যদিও ডঃ ৰাধাকৃষ্ণনে সদায় নিজকে এজন শিক্ষক বুলি চিনাকি দিহে গৌৰৱবোধ কৰিছিল।১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ শিক্ষাৰ্থীসকলে তেওঁৰ জন্মদিনক এক বিশেষ দিন হিচাপে উদযাপন কৰিবলৈ তেওঁৰ কাষ চাপিছিল। অৱশ্যে, ড০ ৰাধাকৃষ্ণনে সমাজলৈ শিক্ষকসকলৰ অমূল্য অৱদানক স্বীকৃতি দিবলৈ ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈহে অনুৰোধ জনাইছিল।

পণ্ডিত জৱাহৰলাল নেহৰুৰো প্ৰিয় আছিল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন।তেওঁ কৈছিল, ‘তেওঁ বহুতো পদত অধিস্থিত হৈ দেশৰ সেৱা কৰিছে। কিন্তু সৰ্বোপৰি তেওঁ এজন মহান শিক্ষক, তেওঁৰ পৰা আমি বহুত শিকিছোঁ আৰু শিকি থাকিম। আমাৰ ৰাষ্ট্ৰপতি এজন মহান দাৰ্শনিক, এজন মহান শিক্ষাবিদ আৰু এজন মহান মানৱতাবাদী। তেওঁৰ দৰে মহান ব্যক্তি প্ৰকৃততে ভাৰতৰ বাবে এক বিশেষ সৌভাগ্য।’

Teachers' Day
National Sports Day : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in