/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/14813903-8add-4b1e-a1df-e833ae8f0f06/neet_09.jpg)
পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীয়ে খুলি থবলগীয়া হ'ল অন্তৰ্বাস...
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ নামত আৰু কিমান হাৰাশাস্তি কৰিব শিক্ষাৰ্থীক? পৰীক্ষা হলত সোমোৱাৰ পূৰ্বে শিক্ষাৰ্থীক মনোবল বৃদ্ধিৰ পৰিৱৰ্তে এইখন দেশত পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থীক সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।
সোমবাৰে অনুষ্ঠিত হৈ যোৱা NEET-UG ৰ পৰীক্ষাৰ পূৰ্বেও সংঘটিত হ'ল একেই ঘটনা। পৰীক্ষাৰ পূৰ্বে পৰীক্ষা হলত প্ৰৱেশৰ সময়ত নতুন নিয়মৰ দোহাই দি পৰীক্ষা হলৰ বাহিৰতেই সলাই থবলগীয়া হ'ল অন্তৰ্বাস। খুলিবলগীয়া হ'ল সম্পূৰ্ণ পোচাক।
নেশ্যনেল টেষ্টিং এজেঞ্চি, চমুকৈ এন টি এয়েৰ এই কাৰ্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত এনে বহু কেইটা ঘটনা পোহৰলৈ আহিছে।
এই দুয়োখন ৰাজ্যতে সংঘটিত হৈছে এনে ঘটনা। অভিযোগ অনুসৰি পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে কৰা চেকিঙৰ সময়ছোৱাত বহু পৰীক্ষাৰ্থীৰ সম্পূৰ্ণ পোচাক খুলি পুনৰ উলোটাকৈ পিন্ধিবলৈ বাধ্য কৰোৱা হৈছিল।
ইয়াৰোপৰি এন টি এৰ নতুন নিয়ম অনুসৰিয়েই বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে নতুন পোচাক ক্ৰয় কৰি আনিবলগীয়া হৈছে। বহু মহিলা পৰীক্ষাৰ্থীয়ে অন্তৰ্ৱাস খুলিবলগীয়া হৈছে।
পৰীক্ষাহলৰ বাহিৰত থকা অভিভাৱকৰ হাতত অন্তৰ্ৱাস খুলি জমা কৰি পৰীক্ষা হলত প্ৰৱেশ কৰিছে পৰীক্ষাৰ্থী। এন টি এৰ এনে কাৰ্যত এতিয়া স্তম্ভিত হৈ পৰিছে অভিভাৱকসকল।
পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰা কাৰ্যত সহজভাৱে মানি ল'ব পৰা নাই অভিভাৱকসকলে। সকলোৱে দাবী কৰিছে এন টি এৰ এনে মানসিক অত্যাচাৰৰ নীতি নিয়ম বন্ধ কৰক।
Also Read: অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'...