/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/719dea20-4623-4c77-ac54-2931bcc40222/NEET 5.jpg)
NBEMSয়ে জাৰি কৰিলে NEET-PG ৰ পৰীক্ষাৰ নতুন দিনঃ চাওঁক সবিশেষ...
ডিজিটেল ডেস্কঃ NEET-UG ৰ পৰীক্ষাৰ কেলেংকাৰীৰ উপৰিও প্ৰশ্ন কাকত ফাদিলক লৈ দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে ঘোষণা হ'ল NEET-PG ৰ পৰীক্ষাৰ দিন। নেচনেল ব'ৰ্ড অফ এগজামিনেচন ইন মেডিকেল সাইন্স চমুকৈ NBEMS য়ে জাৰি কৰিলে নতুন তাৰিখ সন্দৰ্ভত নিৰ্দেশনা।
আজি NBEMS ৰ ৱেবছাইটত আপলোড কৰা এক নিৰ্দেশনা অনুসৰি ১১ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই পৰীক্ষা। পূৰ্বে ২৩ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। এই সময়ছোৱাত NEET-UG ৰ কেলেংকাৰীক লৈ দেশ উত্তাল হৈ থকাৰ বাবে ২২ জুনত NEET-PG ৰো পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/96e6d944-aa20-4e11-8080-4fa9d535d53f/a51e9373-4ed1-4a45-9636-850927c6ed9c.png.webp)