/asomiyapratidin/media/media_files/2025/04/11/wPiLMVI4zs0x909Ecrgi.jpg)
ডিজিটেল ডেস্কঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কামৰূপ জিলাৰ সোণতলীৰ নাজমা হীৰা মেমৰিয়েল পাব্লিক স্কুলৰ ফলাফলে অঞ্চলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ মুঠ ২১ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ ২১ গৰাকীয়েই উত্তীৰ্ণ হৈছে।
উল্লেখ্য যে, ইছলামিক মূল্যবোধৰ আধুনিক শিক্ষাৰে শিক্ষাৰ্থীক সকলো দিশতে আগুৱাই এক সুন্দৰ ভৱিষ্যত গঢ় দিয়াৰ উদ্দেশ্যৰে স্থাপন হোৱা এই বিদ্যালয়খন বিগত বৰ্ষতো উন্নত ফলাফলেৰে জিলাখনৰ ভিতৰতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এইবাৰ বিদ্যালয়খনৰ মুঠ ২১ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ ইয়াৰে ২ গৰাকীয়ে ডিষ্টিংছনসহ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৩ জনে ষ্টাৰ নম্বৰ, ১৯ জনে প্ৰথম স্থান আৰু ২ জনে দ্বিতীয় স্থান অৰ্জন কৰিছে।
বিদ্যালয়খনৰ ছাত্ৰ ছাইদুৰ আহমেদে সৰ্বাধিক ৯০.১৭ শতাংশ নম্বৰ লাভ কৰিছে। তাৰোপৰি ছিৰাজুল হকে ৮৫.৫ শতাংশ, অথৰ নাদিদ ভূঞাই ৮০.০৭ শতাংশ, আবু নাছিম আফটাবে ৮০.০৫ শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংছন লাভ কৰিছে।
আনহাতে মেহমুদ হাছানে ৭৮.৬৭ শতাংশ, ৰেজৱান আহমেদে ৭২.৬৭ শতাংশ, অমিৰ চান্দ ভূঞাই ৭২.৫ শতাংশ, ছাৰিফা বেগমে ৭১.৩৩ শতাংশ, অথৰ নাহিম ভূঞাই ৭০.৬৭ শতাংশ, আৰিফুল ইছলামে ৭০.১৭ শতাংশ, ৰাণা মেহতাব চৌধুৰীয়ে ৬৯ শতাংশ, ইলিয়াছ আহমেদে ৬৭ শতাংশ, ছালমা আহমেদে ৬৬.৬৭ শতাংশ, আফ্ৰিন চৌধুৰীয়ে ৬৫.৩৩ শতাংশ, ছহিবা বেগমে ৬৫.৬৭ শতাংশ, মৌছিফিক ইদনান হকে ৬৪.৩৩ শতাংশ, আয়েশা ছিদ্দিকিয়ে ৬৩.৬৭ শতাংশ, ছাহিনা আহমেদে ৬১ শতাংশ, জেৰিফা বেগমে ৬০.১৬ শতাংশ, মেহজুবিন ছাহিৰাই ৫৮ শতাংশ আৰু ইলিয়াছ ৰহমানে ৫১.৫ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ হৈছে।
বিদ্যালয়খনৰ এনে ফলাফল উৎফুল্লিত বিদ্যালয়ৰ পৰিচালকৰ লগতে সকলো শিক্ষক, শিক্ষয়ত্ৰী তথা স্থানীয় ৰাইজ।
আগন্তুক সময়ত বিদ্যালয়খনে ইয়াতকৈয়ো ভাল ফলাফল প্ৰদৰ্শনৰ আশা ব্যক্ত কৰিছে শুভ চিন্তসকলে। পৰম্পৰাগত ইছলামিক শিক্ষাৰ বিপৰীতে শিক্ষাৰ্থীৰ সৰ্বোতপ্ৰকাৰৰ বিকাশৰ উদ্দেশ্যৰে মূল্যবোধৰ শিক্ষাদান কৰা এই বিদ্যালয়ৰ সাফল্য সোণতলীৰ বাবেই নহয়, সামগ্ৰীকভাৱে কামৰূপ জিলাখনৰ বাবেই এক আশাৰ খবৰ।