Advertisment

ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম কৃপাল শৰ্মা...

কামৰূপ জিলাৰ কৰৰা শিক্ষা খণ্ডৰ শিক্ষাৰ্থী কৃপাল শৰ্মা

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম কৃপাল শৰ্মা...

ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম কৃপাল শৰ্মা...

ডিজিটেল সংবাদ ৰঙিয়াঃ যোৱা ৬ মে'ত ঘোষিত ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ কৰৰা শিক্ষা খণ্ডৰ অন্তৰ্গত শিঙাৰপাৰা পাতিদৰং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা সাহান গাৱৰ বিশ্বজিৎ শৰ্মাৰ পুত্ৰ কৃপাল শৰ্মাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কৃপাল শৰ্মাৰ পিতৃ বিশ্বজিত শৰ্মা যোৱা পাচ বছৰ ধৰি অসুস্থ হৈ পৰি আছে।

Advertisment

ইপিনে কৃপাল শৰ্মাৰ কৃতিত্বত শিঙাৰপাৰা পাতিদৰং হাইস্কুলৰ লগতে শিঙাৰপাৰা অঞ্চলত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। অষ্টম শ্ৰেণীত ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষাত অবতীৰ্ণ হোৱা কৃপালে শিঙাৰপাৰা পাতিদৰং হাইস্কুলৰ নবম শ্ৰেণীত অধ্যয়ন কৰি আছে।

কৃপাল শৰ্মাৰ কৃতিত্বত জ্ঞান মালিনি সাহিত্য সভা,নব সূৰুয পুথিভঁৰাল, শিঙাৰপাৰা ব্যৱসায়ী সন্থা আদি সংগঠনে শুভেচ্ছা জনোৱাৰ উপৰিও কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই শুভেচ্ছা জনায়।

Also Read: লখিমপুৰত মৰেল পুলিচিংঃ পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃয়ে

ৰঙিয়া