ডিজিটেল ডেস্কঃ ৰাজ্যত শিক্ষক হিচাপে নিযুক্তিপ্ৰাপ্ত একাংশই বহিঃৰাজ্যৰ পৰা ভুৱা বি এড অথা ডি এল এড ডিগ্ৰীৰে নিযুক্তি লাভৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আহিছে এক ভাল খবৰ। শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা এইদৰে ভুৱা ডিগ্ৰী গ্ৰহণ কৰি নিযুক্তি লাভ কৰাসকলৰ ডিগ্ৰীৰ বৈধতা পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিক্ষাবিভাগে আৰম্ভ কৰিছে তদন্ত। অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা বি এড আৰু ডি এল এড ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।
লগতে বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে, অভিযোগ অনুসৰি পশ্চিমবংগৰ একাংশ বিশ্ববিদ্যালয়ে ধনৰ বিনিময়ত ভুৱা বি এড অথবা ডি এল এড ডিগ্ৰী প্ৰদান কৰি আহিছে।
এইদৰে লাভ কৰা ভুৱা ডিগ্ৰীত ৯৮, ৯৯ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰিছে একাংশই। যাৰ বাবে অসমৰ বিশ্ববিদ্যালয়ৰ অধীনত বৈধ ভাৱে ডিগ্ৰী গ্ৰহণ কৰা একাংশই চাকৰি লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।
এই বিষয়টোৰ সন্দৰ্ভত দীৰ্ঘদিনে বিতৰ্ক চলি অহাৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে গ্ৰহণ কৰা এই সিদ্ধান্তই যে যোগ্যজনক বঞ্চিত কৰাসকলক যে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব সেয়া নিশ্চিত।