Essay on Science in Assamese -বিজ্ঞানৰ অৱদানৰ ৰচনা

manifest logo
manifest logo

আৰম্ভণি

আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে এতিয়া আমি জীৱন ধাৰণৰ কথা কল্পনাই কৰিব নোৱাৰো। জল-স্থল, আকাশ-বতাহ সকলোতে আজি কেৱল বিজ্ঞানৰে ৰাজত্ব। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি সকলো অন্ধ।মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে ।

অৱদান

অতীজত মানুহে হাবি-বননি,পৰ্বতৰ গুহাত বাস কৰিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ ভক্ষণ কৰিছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিব জনা হ'ল।বিজ্ঞানে গোটেই পৃথিৱীখনক এখন ক্ষুদ্র গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যি কোনাে প্রান্ততে ঘটা ঘটনা গম পাবলৈ এতিয়া আমাক বেছি সময় নালাগে। বিজ্ঞানে আমাক সকলো দিছে। ছপাশাল, ৰেল-ইঞ্জিন, মটৰগাড়ী, ৰেডিঅ’, টেলিভিচন, বিজুলী বাতি আদিৰ আৱিষ্কাৰে সকলো কাম-কাজেই সহজ কৰি পেলালে। খ্রীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষৰ পৰা উনবিংশ শতিকাৰ আদি ভাগতে বিজ্ঞানৰ বহু ন ন বস্তু আৱিস্কাৰ হৈছিল। এই সময়ছোৱাত বিজ্ঞানে মানৱ জাতিক বহুদূৰ আগুৱাই লৈ গ’ল। সেয়ে এই সময়ছোৱাক বিজ্ঞানৰ সােণালী যুগ বুলি কোৱা হয়। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই সমাজখনক এক নতুন মাত্ৰা দিছে। বিজ্ঞানে গ্রহ-নক্ষত্ৰৰ সন্ধান দিছে। বিজ্ঞানে চিকিৎসাৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন সাধন কৰিছে। বিজ্ঞানৰ বাবেই মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা-নিৰিক্ষা চলাইছিল। এই ক্ষেত্ৰত বৰ্তমান বিজ্ঞানী সকলে বহু সফলতা লাভ কৰিছে। মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তান তৈয়াৰ কৰা সম্ভৱ উঠিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে নতুনত্ব আনিছে। কম মাটিত অধিক উৎপাদনৰ ব্যৱস্থা সম্ভৱ হৈছে। খেতি- বাতিৰ বাবে বিভিন্ন ধৰণৰ আহিলা-পাতি আৱিষ্কাৰ কৰা হৈছে।

বিজ্ঞানৰ নেতিবাচক দিশ

সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বিজ্ঞানে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে, আনফালে ই মানৱজাতিৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। পাৰমাণবিক অস্ত্র-শস্ত্র, বােমা-বাৰুদ আদিৰ আৱিষ্কাৰে বিজ্ঞানে মানুহৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ প্রয়ােগে মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোছিমা আৰু নাগাচাকিত পাৰমাণৱিক বােমা বিস্ফোৰণৰ ফল আজিও সেই ঠাইৰ মানুহে ভূগি আছে।আনহাতে, কীটনাশক দ্রব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বিপৰীতে মাটিৰ প্রদূষণ কৰি ভৱিষ্যৎ জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কল কাৰখানাৰ আৱৰ্জনাই বায়ু প্ৰদূষণ কৰিছে। কৃত্রিম উপগ্রহ আৰু ৰকেটৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনক এক ভয়াবহ পৰিস্থিতিলৈ লৈ গৈছে।

সামৰণি

সকলোৰে নেতিবাচক দিশটো বাদ দি আমি ইতিবাচক দিশক আঁকোৱালি ল’ব লাগে।বিজ্ঞানৰ ক্ষেত্ৰটো একেই।বিজ্ঞান এটা শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই।সেয়ে আমি সকলোয়ে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞানক ব্যৱহাৰ কৰি জাতিটোৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব লাগে।

manifest logo
Assamese Essay: শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in