আৰম্ভণি
শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা পৰিৱেশকে সাধাৰণতে শৈক্ষিক পৰিৱেশ বুলি জনা যায়।শৈক্ষিক পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সময়ছোৱাত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈতিক অৱস্থা, মানৱ প্রমূল্য, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্দ্ধাৰণ কৰে। সেয়ে এই পৰিৱেশ যাতে সুস্থ হয়, তাৰ প্ৰতি আমি সকলোয়ে সচেতন হ’ব লাগে। কিয়নো শিক্ষাই হৈছে সমাজ এখনৰ উন্নতিৰ মূল।
পৰিয়ালৰ ভূমিকা
শৈক্ষিক পৰিৱেশটো সুস্থ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমাজ আৰু পৰিয়ালে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা শিশু জন্ম হোৱাৰ পাছতে তেওঁৰ শিক্ষা প্ৰক্ৰিয়া আওপকীয়াকৈ আৰম্ভ হয়। শিশুয়ে জীৱনৰ মৌলিক শিক্ষা মূলতে পৰিয়াল তথা সমাজৰ পৰাই আহৰণ কৰে। সেয়ে অভিভাৱক তথা পৰিয়ালৰ আন লোকসকলে শিশুৰ বাবে ঘৰতে এক সুস্থ পৰিৱেশ গঠন কৰা উচিত। যাতে এটি শিশুয়ে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পঢ়াৰ প্ৰতি আগ্ৰহী তথা পঢ়াৰ সময়ত মনোযোগ দিব পাৰে। ইয়াৰ বিপৰীতে, পৰিয়াল বা সমাজত অসুয়া-অপ্রীতি, কাজিয়া- পেচাল, সাম্প্ৰদায়িক ভেদ ভাৱ, লিংগ বৈষম্য, বিশৃংখলতা আদি থাকিলে শিশু এটি সৰুৰে পৰাই সেইবোৰ বিষয়ৰ প্ৰতি আকৰ্ষিত হ’ব,যিয়ে তেওঁলোকৰ মনত ভেদভাৱ আনি দিয়াৰ লগতে মনত নেতিবাচক প্ৰভাৱ পেলাব।
বিদ্যালয়ৰ ভূমিকা
শিশু এটিৰ আনুষ্ঠানিক শিক্ষা এখন বিদ্যালয়ৰ পৰাই আৰম্ভ হয়। সেয়ে, শৈক্ষিক পৰিৱেশ এটা গঢ় দিয়াৰ ক্ষেত্ৰত বিদ্যালয় আৰু শিক্ষকসকলৰ অৱদানো অতি গুৰুত্বপূৰ্ণ। শিশু এটিক সৰ্বতোপ্ৰকাৰে উচ্চ তথা সঠিক শিক্ষাৰ গৰাকী হিচাপে গঢ়ি তুলিবলৈ বিদ্যালয়ত সকলো সা-সুবিধা, শৈক্ষিক সজুলি আদি থকাটো অতি প্ৰয়োজনীয়।এই ক্ষেত্ৰত শিক্ষক সকলো তেওঁলোকৰ ব্যক্তিত্বৰ প্ৰতি সদায়েই সচেতন হ’ব লাগে। কিয়নো তেওঁলোকৰ ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ হ’ব পাৰে। শিক্ষা দাৰ্শনিকসকলৰ মতে, শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ বন্ধু, অভিভাৱক, পৰামৰ্শদাতা আৰু দাৰ্শনিক হোৱা উচিত। ছাত্ৰ, শিক্ষক, স্কুল, পাঠ্যক্ৰম, অনুশাসন এইকেইটা হৈছে শিক্ষাৰ মুল বিবেচ্য বিষয়। শিক্ষকৰ কৰ্তৃত্ব আৰু ভুমিকাত ৰজায়ো হস্তক্ষেপ কৰা নাছিল। শিক্ষকেই শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম প্ৰস্ততকৰণ, অনুশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।সমগ্ৰ শিক্ষা যন্ত্ৰ পৰিচালনাৰ নেপথ্যত থকা ব্যক্তিজনেই হৈছে শিক্ষক। শিক্ষাদান কার্য কেৱল এক কলাই নহয় ই বৰ্তমান বিজ্ঞানৰো পর্যায়ভুক্ত হৈছে। তাৰ বাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়ন অপৰিহাৰ্য হৈ পৰিছে। শিক্ষকতাৰ সহজাত প্রতিভা নাথাকিলেও তেওঁৰ শিক্ষকতা বৃত্তিৰ প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। সমাজৰ লোকৰ বৰ্ধিত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু বৰ্তমান বিজ্ঞান আৰু সভ্যতাৰ লগত খাপ খুৱাই চলিবলৈ পুৰ্বৰ শিক্ষকতা সম্বন্ধে থকা ধাৰণাৰ পৰিবৰ্তন কৰাটো প্ৰয়োজন হৈ পৰিছে।
ছাত্ৰ-ছাত্ৰীৰ ভূমিকা
আনহাতে, শৈক্ষিক পৰিৱেশটো সুস্থ ৰূপত গঢ়ি তোলাত ছাত্ৰ-ছাত্ৰীসকলেও কৰিবলগীয়া বহু আছে।ছাত্ৰ-ছাত্ৰীসকলে যদি নিয়মানুৱর্তিতা, সুশৃংখলতা, পৰিস্কাৰ পৰিচ্ছন্নতা, নৈতিকতা, ডাঙৰৰ উপদেশ আদিৰ প্ৰতি পিঠি দিয়ে তেন্তে তেওঁলোকে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। সংস্কৃতত এষাৰ কথা আছে, ' ছাত্রানং অধ্যয়নং তপ:'। অৰ্থাৎ অধ্যয়নেই ছাত্ৰসকলৰ তপস্যা। সেয়ে ছাত্ৰসকলে এই তপস্যাত সিদ্ধি লাভ কৰাৰ বাবে সকলো ধৰণৰ বাহ্যিকতাৰ পৰা আঁতৰত থাকিব লাগে ইয়াৰ উপৰিও দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হ’ব লাগিব। অন্যথা সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিৱ নোৱাৰে ।
সামৰণি
এতিয়া বিজ্ঞানৰ যুগ।বিজ্ঞানৰ অৱদানৰ ফলত সকলো দিশতে উন্নতি হৈছে যদিও সেই অনুপাতে শৈক্ষিক পৰিৱেশ উন্নত হোৱা নাই।শিশু এটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি প্ৰত্যেকজনেই ঘৰ, বিদ্যালয়য়েই হওঁক বা বাহিৰতেই হওঁক, শৈক্ষিক পৰিৱেশটো সুস্থ কৰি ৰাখিবলৈ সদায়ে চেষ্টা কৰিব লাগে।তদুপৰি, দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হ’ব লাগিব। অন্যথা সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিব নোৱাৰে।