মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ শিক্ষাবিভাগৰ নিৰ্দেশনা

মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ শিক্ষাবিভাগৰ নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ শিক্ষাবিভাগৰ নিৰ্দেশনা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অধ্যাপক-অধ্যাপিকাই মহাবিদ্যালয়লৈ কি পিন্ধি যাব সেয়া শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰাৰ পাছতেইমহাবিদ্যালয়সমূহলৈ জাৰি কৰা হৈছে এক নিৰ্দেশনা। এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে।

Advertisment

নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অধ্যাপিকাই চুৰিদাৰ পিন্ধিব পাৰিব। অধ্যাপিকাসকলে চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধাত বাধা নাথাকিব। পিছে পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ আছে।

আনহাতে এই ক্ষেত্ৰত অধ্যাপকে ফৰমেল চাৰ্ট-পেণ্টৰ লগতে ধুতি-পাঞ্জাবী পিন্ধিব পাৰিব। ইয়াৰ বিপৰীতে অধ্যাপকসকলে টি-চাৰ্ট, জিনছ পিন্ধিব নোৱাৰিব। এই ক্ষেত্ৰত নিৰ্দেশনা মৰ্মে অধ্যাপক-অধ্যাপিকাই মাৰ্জিত পোছাক পৰিধান কৰাৰ সমান্তৰালভাবে চাফ-চিকুনতাও বজাই ৰাখিব লাগিব।

Also Read: জঘণ্য; বৃদ্ধৰ কামনাৰ বলি ১৩ বছৰীয়া কিশোৰী

education department of assam