আকৌ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ নিৱাসঃ এখন জাননীক লৈ শংকিত ছাত্ৰ...

আকৌ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ নিৱাসঃ এখন জাননীক লৈ শংকিত ছাত্ৰ...

author-image
Asomiya Pratidin
New Update
আকৌ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ নিৱাসঃ এখন জাননীক লৈ শংকিত ছাত্ৰ...

আকৌ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ নিৱাসঃ এখন জাননীক লৈ শংকিত ছাত্ৰ...

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পি এন জি বি হোষ্টেল। এইবাৰ অৱশ্যে ৰেগিঙৰ বাবে নহয়, এখন জাননীক লৈহে চৰ্চালৈ আহিছে বিশ্ববিদ্যালয়খনৰ এই হোষ্টেলটো।

Advertisment

অৱশ্যে এই জাননীখনৰ আছে ৰেগিঙৰ সৈতে পৰোক্ষ সম্পৰ্ক। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই হোষ্টলটোতে সংঘটিত হৈছিল ৰাজ্য কপাই যোৱা ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি হৈ চিৰ দিনলৈ পংগু হৈছিল কণিষ্ঠ ছাত্ৰ।

শেহতীয়াকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এখন বিশেষ জাননী। এই জাননীখনত কোৱা হৈছে, প্ৰথম ষাণ্মাসিকৰ ছাত্ৰসকলক থাকিবলৈ দিয়া হৈছে পদ্মনাথ গোহাঞি বৰুৱা (পি এন জি বি) ছাত্ৰ নিৱাসৰ 'বি' ব্লকত।

একেদৰে মণিৰাম দেৱান ছাত্ৰ নিৱাস (এম ডি চি এন) আৰু লুম্মেৰ দাই ছাত্ৰ নিৱাসতো (এল ডি চি এন) প্ৰথম ষাণ্মাসিকৰ ছাত্ৰসকলক থাকিবলৈ দিয়া হৈছে।

ইয়াৰ বিপৰীতে পি এন জি বি ছাত্ৰ নিবাসত থকা অগ্ৰজ ছাত্ৰসকলক একেটা হোষ্টেলৰ 'এ' আৰু 'চি' ব্লকলৈ স্থানান্তৰ কৰাৰ কথাও কোৱা হৈছে। এম এন ডি চিৰ জ্যেষ্ঠ ছাত্ৰসকলক মাইলছ ব্ৰনছন ছাত্ৰ নিৱাসলৈ (এম বি চি এন) আৰু লুম্মেৰ দাই ছাত্ৰ নিৱাসৰ জ্যেষ্ঠ ছাত্ৰসকলক জিপিডি ছাত্ৰ নিৱাসলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে বিভিন্ন হোষ্টলত থকা গৱেষক ছাাত্ৰসকলক নৱ নিৰ্মিত ল'ৰা আৰু ছোৱালী গৱেষক ছাত্ৰ নিৱাসলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে। এইদৰেই এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰক পৃথকে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু পূৰ্বে ৰেগিং হোৱা ব্লকতেই পুনৰ নৱাগত ছাত্ৰক থাকিবলৈ দিয়াক লৈ এতিয়া একাংশ নৱাগত ছাত্ৰ শংকিত হৈ পৰিছে।

Also Read: ৪ অভাৰত ব্যয় মাত্ৰ ৮ ৰাণঃ এটা মেইডেনসহ ৭ টাকৈ উইকেট লাভ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়