/asomiyapratidin/media/media_files/2025/06/02/Z76h6HLiE7Gx88GwR3o2.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী প্ৰচুৰ মেধা সম্পন্ন কৃতিমান ছাত্ৰ। শৈশৱৰ পৰা ইস্পিত লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেঁপাহৰ তাগিদাত একাগ্ৰচিত্তে অব্যাহত ৰখা অধ্যয়নে আজি বিদ্যাৰ্থীগৰাকীক প্ৰাপ্তিৰ চূড়ান্ত শিখৰত উপনীত কৰালে।
কৃতিমান ছাত্ৰগৰাকীৰ নাম অভিষেক শইকীয়া। ঢকুৱাখনা নগৰৰ কমাৰ গাঁৱৰ অগ্ৰণী সমাজহিতৈষী দ্বীপেন শইকীয়া আৰু ৰেণু কোঁচ শইকীয়াৰ পুত্ৰ অভিষেক। সমাজপ্ৰাণ পিতৃৰ সুদীর্ঘ দিনীয়া শাৰীৰিক জটিলতা, মাতৃৰ অক্লান্ত কৰ্মব্যস্ততাৰ মাজেৰেই এইগৰাকী প্ৰত্যয়ী মেধাসম্পন্ন ছাত্ৰই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ, চাইন্স আৰু কমাৰ্চৰ পৰা বিজ্ঞান শাখাত ৮৯.৬ শতাংশ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
সৰুৰে পৰা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত অধ্যয়নৰ প্ৰতি পিতৃ মাতৃৰ লগতে নিজেও পুহি ৰখা দুৰন্ত সপোন আজি বাস্তবলৈ ৰূপান্তৰ ঘটালে মেধাবী পুত্ৰই। ইতিপূৰ্বে এন আই টিৰ জে ই ই মূল পৰীক্ষাত ৯৮.৬৬ শতাংশ আৰু সংযুক্ত প্ৰৱেশ পৰীক্ষা (চি ই ই)ত ৰাজ্যখনৰ ভিতৰত ১৬ সংখ্যক স্থান লাভ কৰিছিল এইগৰাকী দৃঢ়মনা অধ্যয়নশীল ছাত্ৰই।
এটা কৰ্মসংস্কৃতিবান, কষ্টসহিষ্ণু পৰিয়ালৰ সদস্য এইগৰাকী মেধাবী ছাত্ৰই শেহতীয়া ভাবে প্ৰথমটো বর্ষতে লক্ষ্য সিদ্ধি কৰি ২০২৫-২০২৬ বর্ষৰ সৰ্বভাৰতীয় এন আই টিত ভাৰতবৰ্ষৰ ভিতৰত উত্তীৰ্ণ হোৱা মুঠ ২৬ হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত ২৯৩৯ সংখ্যক স্থান দখল কৰি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণৰ সুবৰ্ণ সুযোগ আজুৰি আনিবলৈ সক্ষম হৈছে। "কম্পিউটাৰ বিজ্ঞান" পাঠ্যক্ৰমক সৰ্বোচ্চ প্ৰাধান্য দিয়াৰ লক্ষ্য বান্ধি লোৱা কৃতিমান ছাত্ৰগৰাকীয়ে দ্বিতীয় বিকল্প পাঠ্যক্ৰম হিচাপে কৃত্ৰিম বুদ্ধিমত্তা তথা তথ্য বিজ্ঞান (এ আই কাম ডাটা চাইন্স) আৰু তৃতীয় বিকল্প পাঠ্যক্ৰম হিচাপে "ইলেক্ট্ৰনিকচ" বাছনি কৰা বুলি পিতৃ দ্বীপেন শইকীয়াই জনালে।
সৰ্বভাৰতীয় পৰ্যায়ত অভিষেকৰ স্থানৰ অনুপাতে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান আই আই টি ক্ৰমে মাদ্ৰাজ, মুম্বাই, বেংগালুৰ, গুৱাহাটী অথবা পশ্চিমবংগৰৰ খড়্গপুৰত শিক্ষা গ্ৰহণৰ পথ প্ৰায় প্ৰশস্ত হৈছে। পুত্ৰৰ ইস্পিত সুফল লাভৰ সপোন বাস্তৱায়িত হোৱাৰ খবৰ সোমবাৰে পুৱাই লাভ কৰি এক অনাবিল জীৱনী সুধা লাভ কৰিছে বুলি প্ৰাথমিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰোগাক্ৰান্ত পিতৃ দ্বীপেন শইকীয়াই।
ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসত সমুজ্জল ভোটাতৰা হৈ নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা মেধাবী পুত্ৰৰ এনে সাফল্যই সুদীর্ঘ দিনীয়া জটিল ৰোগগ্ৰস্ততাৰ পীড়া পাহৰাই দিয়া বুলি কৈ জীৱনৰ এটা সপোন দিঠক হোৱাৰ বাবে পিতৃ হিচাপে নিজকে ধন্য বুলি কয়। একেটা শিক্ষা বর্ষতে ৪ টাকৈ গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈ এবাৰতে নিজৰ প্ৰচণ্ড মেধাত্বৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অভিষেক শইকীয়াৰ এই শুভ সংবাদে ঢকুৱাখনালৈ মেটমৰা আনন্দৰ সম্ভাৰ কঢ়িয়াই আনিছে।
ইয়াৰোপৰি ঢকুৱাখনা সমজিলাৰ দাংধৰা পঞ্চায়তৰ ২ নং মইনাপৰ গাঁৱৰ বিনোদ দলে আৰু দীপিকা দলেৰ পুত্ৰ সীমান্ত দলেয়েও সোমবাৰে প্ৰকাশিত আই আই টিত নামভৰ্তিৰ মেধাৰ তালিকাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্ঞানদীপ বৰাই কৃতিমান ছাত্ৰ অভিষেক আৰু সীমান্তৰ সমুজ্জল শৈক্ষিক ভৱিষ্যত কামনা কৰি অভিনন্দন জনাইছে।