মেধাৱী ছাত্র তীব্ৰজিৎ কলিতাক গহপুৰৰ এপিটাইছিয়া লাৰ্নিং হাৱৰ অভিনন্দন...

গণিত আৰু বিজ্ঞান শিক্ষাৰ গহপুৰৰ অন্যতম জনপ্ৰিয় শৈক্ষিক প্ৰতিষ্ঠান এপিটাইছিয়া লাৰ্নিং হাৱে অভিনন্দন জ্ঞাপন কৰে বালিজানৰ মেধাৱী ছাত্র তীব্ৰজিৎ কলিতাক।

author-image
Tushar Pratim
New Update
মেধাৱী ছাত্র তীব্ৰজিৎ কলিতাক গহপুৰৰ এপিটাইছিয়া লাৰ্নিং হাৱৰ অভিনন্দন...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গণিত আৰু বিজ্ঞান শিক্ষাৰ গহপুৰৰ অন্যতম জনপ্ৰিয় শৈক্ষিক প্ৰতিষ্ঠান এপিটাইছিয়া লাৰ্নিং হাৱে অভিনন্দন জ্ঞাপন কৰে বালিজানৰ মেধাৱী ছাত্র তীব্ৰজিৎ কলিতাক। জেইই এডভাঞ্চছৰ পৰীক্ষাৰ ঘোষিত ফলাফলত কৃতকাৰ্য্যতা লাভ কৰাৰ কাৰণে মঙলবাৰে এই অভিনন্দন জ্ঞাপন কৰা হয় তীব্ৰজিৎ কলিতাক।

Advertisment

এপিটাইছিয়া লাৰ্নিং হাৱত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি ইটোৰ পিছত সিটো সফলতাৰে এপিটাইছিয়া লাৰ্নিং হাৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে যথেষ্ট সন্তোষ প্ৰকাশ কৰি এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে লাৰ্নিং হাৱৰ পৰিচালক তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়া আৰু পৰিচালিকা তথা গণিত বিষয়ৰ শিক্ষয়িত্ৰী উপমা মহন্তই।

অভিনন্দন গ্ৰহণ কৰি তীব্ৰজিৎ কলিতাই উপস্থিত ছাত্র-ছাত্ৰী সকলক কয় যে, কঠোৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ বলত সঠিক লক্ষ্যত উপনীত হ'ব পৰা যায়। ভাষণ প্ৰসংগত তেওঁ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষলৈকে মোবাইল ফোনৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায় ছাত্র-ছাত্ৰী সকলক।

তদুপৰি এপিটাইছিয়া লাৰ্নিং হাৱৰ পৰা তেওঁ কেনেদৰে উপকৃত হ'ল সেই বিষয়েও বহল বাখ্যা আগবঢ়ায়। অভিনন্দন অনুষ্ঠানটোত উপস্থিত থাকি গহপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শোণিত হাজৰিকা, শিক্ষক অমৰেন্দ্ৰ কলিতা আৰু সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই কয় যে, গণিত আৰু বিজ্ঞানৰ শিক্ষাক পদ্ধতিগত বিভিন্ন কৌশলৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত শিক্ষক নৱদ্বীপ শইকীয়া আৰু শিক্ষয়িত্ৰী উপমা মহন্তই গ্ৰহণ কৰি অহা আন্তৰিকতাপূৰ্ণ পদক্ষেপ নিত্যান্তই প্ৰশংসনীয়।

ভাষণ প্ৰসংগত শিক্ষক নৱদ্বীপ শইকীয়াই কয় যে, এপিটাইছিয়া লাৰ্নিং হাৱত একেৰাহে ছটা বছৰ অধ্যয়ন কৰি জেইই এডভাঞ্চছত কৃতকাৰ্য্যতাৰে আই আই টিত অধ্যয়নৰ সুযোগ লাভ কৰা তীব্ৰজিৎৰ দৰে আৰু মধুৰ ফচলৰ জন্ম হওঁক এপিটাইছিয়া লাৰ্নিং হাৱত। শিক্ষয়িত্ৰী উপমা মহন্ত উপস্থিত থকা আজিৰ অভিনন্দন অনুষ্ঠানটোৱে উপস্থিত ছাত্র-ছাত্ৰী সকলক যথেষ্ট উৎসাহিত কৰি তোলে।

গহপুৰ