Essay: অসমৰ প্ৰাকৃতিক সম্পদ

manifest logo
manifest logo

আৰম্ভণি

জীৱৰ জীৱন তথা জীৱন ধাৰণৰ বাবে প্ৰকৃতিৰ বুকুত উপলব্ধ আৱশ্যকীয় সকলোবোৰেকে প্ৰাকৃতিক সম্পদ বুলি গণ্য কৰা হয়।মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। বিখ্যাত প্ৰকৃতিবিদ ৰবাৰ্ট.ডি.হামৰিনৰ মতে প্ৰাকৃতিক সম্পদ হ’ল জৈৱ ৰাসায়নিক আৰু ভৌগোলিক বিৱৰ্তনৰ মূল উৎস। ইয়াক কোনেও নিজ ইচ্ছাত পৰিচালিত কৰিব নোৱাৰে। অৱশ্যে এই সম্পদ সমূহ একমাত্ৰ মানুহৰ প্ৰতিভা আৰু প্ৰয়োজনীয় প্ৰযুক্তি বিদ্যাৰ বলতহে মূল্যবান হিচাপে পৰিগণিত হয়। আনহাতে, ৰাষ্ট্ৰসংঘৰ মতে প্ৰাকৃতিক পৰিবেশত বিদ্যমান আৰু সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ যোগ্য যিকোনো সামগ্ৰীয়েই প্ৰাকৃতিক সম্পদ।সেই হিচাপে ভুমণ্ডল, জলজ সম্পদ, খনিজ সম্পদ, বনজ সম্পদ, জলবায়ু এই সকলোবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত।

অসম প্ৰাকৃতিক সম্পদত চহকী।প্ৰাকৃতিক সম্পদ বুলি গণ্য কৰা কোনো বিধেই অসমত নোহোৱা নহয়। কিন্তু বহু সম্পদ এতিয়াও অনাবিস্কৃত হৈয়ে আছে।ইফালে, আৱিষ্কৃত হোৱাসমূহৰ পৰাও ৰাজ্যবাসী ভালদৰে উপকৃত হ’ব পৰা নাই।আমাৰ সকলোৰে জ্ঞাত যে, যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্যটো চহকী হয়।কিন্তু অসমত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও অসম বৰ্তমানেও শিল্প বাণিজ্যত পিছপৰা।কিয়নো অসমত যিকেইটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, সেইখিনি বহিৰাগতৰ দখলত।

প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ

ৰাসায়নিক গঠন, উৎস, ব্যৱহাৰ, প্ৰাচুৰ্য্যতা আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক নানা ধৰণেৰে বিভক্ত কৰা হৈছে। উৎপত্তিৰ উৎস তথা ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক তিনিটা ভাগত ভগাব পাৰি। যেনে –

অজৈৱ সম্পদ (Inorganic resources) 

বায়ু, পানী তথা ধাতু অজৈৱ সম্পদৰ অন্তৰ্গত।

জৈৱ সম্পদ (Organic resources) 

উদ্ভিদ, প্ৰাণী, বিয়োজক সমূহ, কয়লা, কাঠ, খনিজ তেল আদিবোৰ জৈৱ সম্পদৰ অন্তৰ্ভূক্ত।

মিশ্ৰ সম্পদ (Mixed resources) 

 জৈৱ আৰু অজৈৱ সম্পদৰ মিশ্ৰণেই হৈছে মিশ্ৰ সম্পদ। মাটি হৈছে মিশ্ৰ সম্পদ।

আনহাতে, অৱস্থান আৰু মালিকানাৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক আকৌ তিনিটা ভাগত ভগাব পাৰি।সেইকেইটা হৈছে-

দেশীয় (National) 

দেশৰ চাৰিসীমাৰ মাজত আৱদ্ধ হৈ থকা সম্পদবোৰেই হৈছে দেশীয় প্ৰাকৃতিক সম্পদ। খনিজ পদাৰ্থ, মাটি আদি হৈছে দেশীয় প্ৰাকৃতিক সম্পদ।

বহুদেশীয় (Multinational) 

বহুদেশীয় প্ৰাকৃতিক সম্পদ হৈছে বহুদেশে ভগাই ব্যৱহাৰ কৰা সম্পদ। নদী, হ্ৰদ,পৰিভ্ৰমী চৰাই আদি হৈছে বহুদেশীয় প্ৰাকৃতিক সম্পদ।

আন্তৰ্জাতিক (International) 

সাগৰ, বায়ু, সূৰ্যৰ পোহৰ আদি হৈছে আন্তৰ্জাতিক প্ৰাকৃতিক সম্পদ। পৃথিৱীৰ সকলো দেশে ব্যৱহাৰ কৰা সম্পদবোৰই হৈছে আন্তৰ্জাতিক প্ৰাকৃতিক সম্পদ ।

ইফালে, প্ৰাচুৰ্য্যতা আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি।সেই দুটা ভাগ হৈছে-

অক্ষয় সম্পদ (Inexhaustible resources)

যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিলেও শেষ হোৱাৰ সম্ভাৱনা নাথাকে তেনেবোৰ সম্পদক অক্ষয় সম্পদ বুলি কোৱা হয়।বায়ু, বালি, পানী, জোৱাৰৰ শক্তি আদিবোৰ হৈছে অক্ষয় সম্পদ।

ক্ষয়শীল সম্পদ (Exhaustible resources) 

যিবোৰ প্ৰাকৃতিক সম্পদ অতিৰিক্ত ব্যৱহাৰৰ ফলত শেষ হোৱাৰ সম্ভাৱনা থাকে সেইবোৰই ক্ষয়শীল সম্পদ।উদ্ভিদ, পানী, মাটি, বিভিন্ন ধাতু আদি ক্ষয়শীল সম্পদ। এই সম্পদবোৰক আকৌ দুটা ভাগত ভগাব পাৰি।

নৱীকৰণ সম্পদ (Renewable resource) : যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ সেইবোৰক নৱীকৰণ সম্পদ বোলে। উদ্ভিদ, মাটি, পানী আৰু প্ৰাণীসমূহ ইয়াৰ অন্তৰ্ভুক্ত।

অনৱীকৰণ সম্পদ ( Non-renewable resource) : যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পিছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয়, সেইবোৰক অনৱীকৰণ সম্পদ বুলি কোৱা হয়। খনিজ তেল, কয়লা, বিভিন্ন ধাতু হৈছে অনৱীকৰণ সম্পদ।

বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু সকলো কৃষিজাত সামগ্ৰীকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভূক্ত।

প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ

অসমৰ হাবিবোৰ নানান মূল্যবান  গছগছনি, লতা গুল্মেৰে পৰিপূৰ্ণ । অসমৰ হাবিত দৰৱৰ উপযোগীও বহু গছ-লতা পোৱা যায়। কাগজ শিল্প ঘাই উৎপাদন বাঁহ, জুইশলা কাৰখানাৰ ঘাই উৎপাদন শিমলু গছো এইদেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মচলাজাতিয় গছ, বৰসমমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, হিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত।অসমৰ পৰ্বত আৰু হবিবোৰ নানান জীৱ-জন্তু চৰাই-চিৰিকতিৰ বাসভূমি।এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু, ধনেশ, ময়ূৰ, দেওৰাজ হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যবান জন্তু। এইবোৰ জন্তু দুৰ দেশলৈ চালান দি অসম চৰকাৰে বহু টকা আয় কৰে। অসমত বৰ্তমান প্ৰায় ৭৫০ বিধ বনৰীয়া চৰাই আছে।

খনিজ শিল্পৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰিও চূণ, কেৰাচিন তেল, পেট্ৰল, ডিজেল, মমবাতি আৰু কয়লা আদি উল্লেখযোগ্য। বোকাজানত চূণশিল, লিডু - মাৰ্ঘেৰিটা টিপং- বৰগোলাইত কয়লা আৰু ডিগবৈ, দুলিয়াজান, হুগ্ৰীজান, নাহৰকটীয়া , মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদি ঠাইত পেট্ৰোলিয়ামৰ পূং আৱিষ্কৃত হৈছে। ইয়াৰ উপৰিও অসমৰ আৰু ভালেমান ঠাইত পেট্ৰোলিয়াম আৰু কয়লা ৰ সন্ধান পোৱা গৈছে।

গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। অসমত তাম আৰু সোনৰ খনি পোৱাৰ সম্ভাৱনাও আছে হেনো। অসমৰ ডিগবৈ,গুৱাহাটীৰ নুনমাটি, বঙাইগাঁৱত তেল শোধনাগাৰ আছে।আনহাতে, কাৰ্বি আংলং জিলাৰ বোকাজানত চিমেণ্ট কাৰখানা স্থাপন হৈছে। 

জলজ সম্পদৰ ভিতৰত অসমৰ নদী-নলা আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয়। অসমৰ নৈবোৰ খৰস্ৰোতা আৰু বাৰিষা-খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়। এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী।

অসমৰ মাটি স্বাভাবিকতে সাৰুৱা। ইয়াত প্ৰায় সকলো ধৰণৰ শস্যাকে উৎপন্ন কৰিব পাৰি। ধান অসমৰ প্ৰধান খেতি। মাহ, আলু আৰু তেল গুটিৰ শস্যও কিছু পৰিমাণে হয়। মৰাপাট আৰু আজি দুই তিনি বছৰ মানৰ পৰা ঘেহু উৎপাদন কৰিও খেতিয়কসকলে সুফল লাভ কৰিছে। কপাহ, কুঁহিয়াৰ, কল , মাটিকঁঠাল, তামোল, নাৰিকল, আদিৰ খেতিও ইয়াত ভালকৈয়ে হয়। সুমথিৰা  টেঙাৰ খেতি কিছু পৰিমাণে বৈজ্ঞানিক ধৰণে কৰিলেও আন আন ফলৰ খেতি তেনেকৈ কৰা হোৱা নাই। অসমৰ মাটি কাজু বাদাম আৰু চিত্ৰনলাৰ খেতিৰো উপযোগী, কিন্তু উদ্যমী লোকৰ অভাৱত এই দুবিধ খেতি অসমত প্ৰচলন হোৱা নাই। অসম বৰ্তমান চাহ খেতিৰ বাবে বিখ্যাত।এৰি,মুগা,পাট-পলুও প্ৰকৃতিৰে দান। অসমৰ হাবিত নুনি গছ, এৰাগছ আদি প্ৰচুৰ পৰিমাণে হয় কাৰণে এইকেইবিধৰ পলু অসমত উৎপন্ন হয়। অসমৰ শুৱালকুছিৰ মুগা-পাট আৰু পলাশবাৰী অঞ্চলৰ এৰীয়া কাপোৰ ভাৰত বিখ্যাত।

সামৰণি 

অসমত বহু প্ৰাকৃতিক সম্পদ আছে।কিন্তু পৃথিৱীত কোনো সম্পদেই চিৰস্থায়ী নহয়। সেয়েহে আমি প্ৰতিগৰাকী অসমবাসীয়ে এই সম্পদবোৰ সংৰক্ষণৰ দায়িত্ব ল’ব লাগিব।যাতে প্ৰকৃতিক সম্পদৰ বাবে বিশ্বত অসমৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠে।

manifest logo
Essay on Bihu in Assamese: বিহু ওপৰত ৰচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in