দৰঙৰ ৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা, ২০২৩

দৰঙৰ ৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা, ২০২৩
Published on
Updated on

ডিজিটেল সংবাদ,‌ মঙলদৈঃ আন আন বছৰবোৰৰ দৰে এই বছৰো শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ জ্ঞানদাতা শিক্ষক সমাজক উৎসাহিত কৰিবলৈ ৰাজ্যিক ভিত্তিত ৰাজ্য চৰকাৰে আৰু জিলাই জিলাই জিলা প্ৰশাসনে কৃতি শিক্ষকসকলক পুৰস্কাৰ প্ৰদান কৰিব।

চলিত ২০২৩ বৰ্ষৰ দৰং জিলাৰ পৰা ৰাজ্যিক বঁটাৰ বাবে বাচনি লাভ কৰিছে জিলা খনৰ পাঁচ গৰাকীকৈ শিক্ষক। ৰাজ্যিক বঁটাৰ বাবে দৰঙৰ পৰা বাচনি লাভ কৰা শিক্ষক পাঁচ গৰাকী হ'ল বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিৰণ্য কুমাৰ নাথ , লেঙেৰীয়াঝাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী অনিমা দাস, বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক ভূষন চন্দ্ৰ চহৰীয়া, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক পবন কুমাৰ কলিতা আৰু দলগাঁও টাউন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খবিৰুদ্দিন আহমেদ।

পাঁচ গৰাকীকৈ শিক্ষাগুৰুৱে ৰাজ্যিক বঁটাৰ বাবে বাচনি লাভ কৰাত দৰঙৰ শিক্ষক সমাজৰ লগতে বৌদ্ধিক মহলে আনন্দ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in