/asomiyapratidin/media/media_files/2025/06/06/QpHsi3Nvpb9VPramYMTZ.jpg)
মৃদুল কুমাৰ সন্দিকৈ
নম্ৰতাৰ মৃত্যুৰ গইনা লৈ এই কথাখিনি লিখিব লগা হোৱাতোৱেই দুৰ্ভাগ্যজনক। সত্য আৰু তথ্যক উদঙাই সচাঁ কথাখিনি কবলৈ হলে গুৱাহাটীৰ হাৱা বৰ বেয়াকৈ লাগিছিল গোলাঘাটৰ এইগৰাকী যুৱতীৰ গাত।
এক সংস্কাৰী আৰু প্ৰতিষ্ঠিত পৰিয়ালৰ কন্যা আছিল নম্ৰতা বৰা। তেওঁ পিতৃ ৰমেন কুমাৰ বৰা অঞ্চলটোৰে এগৰাকী শ্ৰদ্ধেয় ব্যক্তি। প্ৰাক্তন ছাত্ৰ নেতা, কুইজ পৰিচালক আৰু নমস্য শিক্ষক হিচাপে সকলোৱে তেওঁক শ্ৰদ্ধা কৰে।
গোলাঘাট জিলাৰ নুমলীগড়ৰ ধোদাঙৰ পৰা নম্ৰতা আহিছিল গুৱাহাটীলৈ। জে বি আইন মহাবিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰি প্ৰশিক্ষণৰত অধিবক্তা হিচাপে কেৰিয়াৰ আৰম্ভণিহে কৰিছিল নম্ৰতাই।
পিতৃয়ে ভাৱিছিল, নম্ৰতাই সেই বৃত্তিৰে এদিন জ্বিলিকি উঠিব। সেই আশা লৈয়ে তেওঁ বহু সপোন দেখিছিল। কমাৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে ৰমেন কুমাৰ বৰাই।
শিক্ষকৰ ছোৱালী বেয়া নহয় বুলিয়ে থকা ধাৰণাক যেন মিছা প্ৰমাণ কৰি থৈ গুঁচি গ’ল নম্ৰতা। নম্ৰতাৰ সামাজিক মাধ্যমত থকা বিভিন্ন পোষ্ট, ভিডিঅ আদি চালে তেনে এক ধাৰণাই যিকোনো সাধাৰণ মানুহৰ জন্ম হব।
বিলাসীতাক নম্ৰতাই যেন অধিক প্ৰশ্ৰয় দিলে! জীৱনটোক উদযাপন কৰা হাবিয়াস লৈয়ে বহু ঠাই ঘূৰিলে। এবাৰো পিতৃ বা পৰিয়ালটোৰ আত্মসন্মানৰ কথা নম্ৰতাই নাভাৱিলে যেন বোধ হয়।
সেই সুযোগেই ল’লে তেওঁৰ চৌপাশে থকা বন্ধু-বান্ধৱীয়ে। শ্বিলঙলৈ পুৱতি নিশা কিয় নম্ৰতা যাব লগা হৈছিল, তাৰ উত্তৰত সেইদিনা নম্ৰতাৰ সৈতে যোৱা এজন বন্ধুয়ে ক’লে- আই পি এলৰ ফাইনেল চাই ওলাই গৈছিল হোনো ফুৰিবলৈ শ্বিলঙলৈ।
মৃগাংক বৰুৱা নামৰ যুৱকজনৰ মতে, তেওঁৰ কাহিলীপাৰাত থকা ঘৰত সেইদিনা তেওঁলোকে আই পি এলৰ ফাইনেল মেচ চাইছিল। আছিল তাত মৃগাংক, প্ৰজ্ঞা দিহিঙীয়া, গায়ত্ৰী বৰা আৰু এ আই ইউ ডি এফৰ যুৱ নেতা আনায়াতুল ৱাডুদ।
খবৰ লৈ জানিব পৰা মতে, পিতৃ পশ্চিম বিলাসীপাৰাৰ বিধায়ক আনায়াতুলৰ। ধনৰ অভাৱ নাই। নিজেও কৰে ৰিয়েল ষ্টেটৰ ব্যৱসায়। গুৱাহাটীত ফ্লেট বনায়। মন গলেই স্ফূৰ্তি-তামাচা কৰে বন্ধুবৰ্গৰ সৈতে।
ভালতকৈ বেয়া বুলি তেওঁৰ নাম আছে। তথাপিও টকাই তেওঁৰ কাষলৈ নতুন নতুন বান্ধৱীক হাত বাউল দি মাতে। গায়ত্ৰী, নম্ৰতাহ’ত এনেকৈয়ে তেওঁলোকৰ চিনাকি। তাৰ পাছত জানো ক’ব লাগিব, কিয় এনেদৰে যুগলবন্দী ঘটে এই সকলৰ!
কেতিয়াবা ৰঙা, কেতিয়াবা নীলা, কেতিয়াবা বগা স্বল্পবসন পিন্ধি সংগী হয় বহু যুৱতী এইসকলৰ। ব্যতিক্ৰম নাছিল নম্ৰতাও। তাৰ প্ৰমাণ নম্ৰতাই কব নোৱাৰাকৈ থৈ গৈছে সামাজিক মাধ্যমত।
গুৱাহাটীত ব্যৱসায় কৰে মৃগাংকইয়ো। কেইবাটাও হোম ষ্টে, হোটেল আছে তেওঁৰ। পাৰ্টি কৰিবলৈ তেওঁলোকক লাগে কেৱল বাহানা। হৈ যায় সকলো যোগাৰ। মৃগাংকৰ হোম ষ্টে’তে গোট খায়।
কোনোবাদিনা সুৰা, সংগীত চলি যায়। হাতত গীটাৰ লৈ বিধায়কৰ পুত্ৰ আনায়াতুলো হৈ পৰে গায়ক। জমি উঠে ৰং তেনেকেয়ৈ ওৰে নিশা। তাৰ পিছত চলে স্বল্পবসনা যুৱতীৰ সৈতে নৃত্যু। দামী সুৰাৰ বটল নাচে তেওঁলোকৰ হাতত।
পানীৰ প্ৰয়োজনো নাথাকে। বটলৰ পৰা পোনে পোনে গলত বাকি দিয়ে সুৰা। এইবোৰ যদি মিছা, সেইসকলে পূৰ্বতে উদযাপন কৰা এনে পাৰ্টিবোৰৰ ৰীলছ, ভিডিঅবোৰ চালেই গম পাব সকলোৱে।
নম্ৰতাৰ পিতৃ-মাতৃ, নম্ৰতাক ভাল পোৱা সকলেও চাব পাৰে সেইবোৰ। চাব পাৰে এই বাস্তৱতাক গুৱাহাটীত সন্তানক থৈ কোনোবা চহৰ বা গাঁৱত বাস কৰা অভিভাৱকসকলে মহানগৰীত একাংশই এতিয়া কৰে কি?
নম্ৰতা এটা উদাহৰণ। এতিয়া চৰ্চাত আছে, দুদিনৰ পাছত হেৰাই যাব এইবোৰ কথা পাহৰণিৰ গৰ্ভত। আকৌ নম্ৰতাহ’তৰ দৰেই সূৰ্যোদয় চাবলৈ দৌৰিব কোনোবা। অঘটন নঘটালৈকে সেইবোৰ মহানগৰী জীৱনৰ সাধাৰণ তথা স্বাভাৱিক ঘটনা হৈয়ে ৰ’ব।
ভাইৰেল হৈছে ভিডিঅ। শ্ব’ৰূমতে ২১লাখ টকাৰ মূল্যৰ বিলাসী গাড়ীত উঠি তেওঁলোকে স্ফূৰ্তি কৰাৰ দৃশ্য। যিখন গাড়ীৰ নম্বৰ আছিল- এ এছ ০১- ইভি-৯৫৭৮। হোণ্ডাই এলকাইজাৰ বাহনখনত ৭জন যাত্ৰী বহিব পৰা সুবিধা থকাৰ পাছতো কোনোবা যুৱতী যদি ইচ্ছাকৃতভাৱে কাৰোবাৰ কোলাত বহি যায়, তেনে সেয়া জীৱন উদযাপনৰ কিমান বেছি হাবিয়াসেৰে ভৰা তাক অনুমান কৰাতো সকলোৰে পক্ষে সম্ভৱ নহ’ব।
কৈছিল মৃগাংক নামৰ যুৱকজনে সেই যাত্ৰাৰ কথা। সন্মুখৰ আসনত তেৱেই বহিছিল। চালকৰ আসনত আছিল বিধায়ক পুত্ৰ আনায়াতুল। মৃগাংকৰ কোলাত বহি গৈছিল প্ৰজ্ঞা নামৰ যুৱতীগৰাকী।
নাছিল বাহনখনৰ চালক বুলি পৰৱৰ্তী সময়ত আৰক্ষীক কোৱা ইছমাইল হক চৌধুৰী নামৰ লোকজন। গুৱাহাটীলৈ দুৰ্ঘটনা সংঘটিত কৰি ওভতি যাওঁতেহে বিধায়ক পুত্ৰই লৈ গৈছিল তেওঁক।
ধনী আৰু ক্ষমতাশালী মানুহবোৰে এনেকৈয়ে নিজক ৰক্ষা কৰাৰ ব্লুপ্ৰিন্ট তৈয়াৰ কৰে। বাকী নম্ৰতাহ’তৰ দৰে যুৱতীবোৰৰ মৃত্যুয়ে এখন ঘৰ, বহু মানুহৰ হৃদয় উদং কৰি পেলাই চিৰদিনৰ বাবে।
গায়ত্ৰীৰ সৈতে হেনো বিধায়ক পুত্ৰৰ বন্ধুত্ব আছিল। নম্ৰতা, মৃগাংক, প্ৰজ্ঞা কোনো কাৰো সৈতে একেলগে কাম কৰা নাছিল, পঢ়া নাছিল। তথাপিও বন্ধুত্ব হৈ গৈছিল। এনেকৈয়ে হৈ যায় এতিয়া বহু বন্ধুত্ব। যিবোৰ সম্পৰ্কৰ বাবে নাই কোনো উত্তৰ।
জীৱন উদযাপনৰ নামত উপভোগ আৰু উপভোগ্য হৈ পৰা এই পৰম্পৰাই আৰু বহু পৰিয়াললৈ অমানিশা কঢ়িয়াই আনিব। অভিভাৱক সচেতন নহ’লে আৰু নম্ৰতা হেৰাই যাব, আৰু মৃগাংক, আনায়াতুলৰ দৰে চৰিত্ৰ জন্ম হ’ব।
খবৰ বহু আহে। কিছু খবৰ মিছা, কিছু খবৰ সচাঁ হয়। মৃত্যুৰ দুদিনমানৰ পূৰ্বে নম্ৰতাই কোনোবা বান্ধৱীলৈ হোৱাটছ এপযোগে বাৰ্তা পঠাইছিল। বিচাৰিছিল বান্ধৱীৰ পৰা কিছু টকা। এয়াও হব পাৰে এক দৃষ্টিকোণ। বিলাসীতাই গিলি পেলোৱা জীৱনত খোজে খোজে লাগে ধন। সেই সহজ ধনৰ মোহতে মোহাচন্ন এতিয়া বহুতৰ জীৱন। কিয়নো আধুনিকতাৰ নামত যে চলিছে এতিয়া এনে ভ্ৰষ্টাচাৰ...