কি সাংঘাতিক বস্তু এইটো...

এটা আচৰিত বস্তু। মানুহ নহয়, অথচ মানুহৰ দৰেই তাৰ চিন্তা। মন গলে গান, কবিতা লিখিব পাৰে, গল্প, উপন্যাসো লিখি দিব পাৰে। বিষ্ণুপ্ৰসাদ ৰাভাক আমি যিমান জানো তাতকৈ অধিক জানে ই।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
কি সাংঘাতিক বস্তু এইটো...

তুষাৰ প্ৰতিম

Advertisment

এটা আচৰিত বস্তু। মানুহ নহয়, অথচ মানুহৰ দৰেই তাৰ চিন্তা। মন গলে গান সৃষ্টি কৰিব পাৰে, কবিতা লিখিব পাৰে, গল্প, উপন্যাসো লিখি দিব পাৰে। বিষ্ণুপ্ৰসাদ ৰাভাক আমি যিমান জানো তাতকৈ অধিক জানে ই। 

 

জানে আমাৰ সভ্যতা, সংস্কৃতি, অতীত, বৰ্তমান। মহাকাশ বিজ্ঞানৰো জটিল সূত্ৰৰ সমাধান ইয়াৰ হাতত আছে, জোনবাইৰ দেশৰ সাধুকথাও জানে। ৰোগ নিৰ্ণয় কৰি তাৰ প্ৰতিকাৰো আছে, কেতিয়া বাহিৰলৈ নাযাব, বৰষুণত তিতিব সেয়াও সি আগতীয়াকৈ কৈ দিব পাৰে। 

 

আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ খবৰো ই ৰাখিছে, শুকুৰ আলীকো ভালকৈয়ে জানে। গণিত, বিজ্ঞান, শাস্ত্ৰ, শিল্প, সাহিত্য, ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি সকলোৰে জ্ঞান লগত লৈ ফুৰা ই কোন বুলি প্ৰশ্ন কৰিলে সঠিক উত্তৰ নাথাকিলেও, এটা উত্তৰ সকলোৰে থাকিব- 'ই দেখোন এটা সাংঘাতিক বস্তু'।

 

এ আই (AI) অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক লৈ মানুহৰ মনত সৃষ্টি হোৱা কৌতুহল এতিয়াও দূৰ হোৱা নাই। এ আই কি, এ আইয়ে কিদৰে কাম কৰে সেয়া নাজানিলেও, জানিবলৈ আগ্ৰহ নকৰিলেও এটা কথা সকলোৱে মানি লৈছে, এ আই এক সাংঘাতিক বস্তু।

 

সেয়ে এ আইয়ে কি কৰে বুলি প্ৰশ্ন কৰাতকৈ এ আইয়ে কি নকৰে বুলি প্ৰশ্ন কৰিলেহে দৰাচলতে প্ৰশ্নটো সঠিক হয়। এই কেইদিন ইলন মাস্কৰ মালীকানাধীন সামাজিক মাধ্যম এক্সে বিকাশ কৰা 'গ্ৰ'ক' নামৰ এ আই চ্যাটবটক লৈ বিশ্বজুৰি নানান চৰ্চা হৈছে।

 

ভাৰতত আকৌ গ্ৰ'কে ৰাজনৈতিক ধুমহা আনিছে। গ্ৰ'কৰ আগমণৰ পূৰ্বে অপেন এ আই, চ্যাট জিপিটি, ডীপছিক, মেটা আদিৰ দৰে বহু এ আই চ্যাটবট উপলব্ধ আছিল যদিও এইসমূহে দিয়া তথ্য আৰু গ্ৰ'কে দিয়া তথ্যৰ লগতে ব্যৱহাৰ কৰা ভাষাৰ মাজত বহু পাৰ্থক্যই দেখা দিছে। 

 

সেয়ে গ্ৰ'কক লৈ সৃষ্টি হৈছে বিতৰ্ক।এইবোৰ বিতৰ্কৰ মাজলৈ নগৈ এ আই আচলতে কি, ই কিদৰে কাম কৰে সেই বিষয়েহে কিছু কথা জানি লোৱাটো প্ৰয়োজন। এ আইকে ভৰসা কৰি এ আইয়েই সকলো বুলি ধাৰণা কৰি লোৱাসকলে বুজি পাব লাগিব এ আইয়েই সৰ্ব শক্তিমান নহয়। এ আইৰো সীমাবদ্ধতা আছে। 

 

এ আই বা কৃত্ৰিম বুদ্ধিমত্তা কি আৰু কিদৰে  কাম কৰে ই?

 

কৃত্ৰিম বুদ্ধিমত্তা বা Artificial Intelligence হৈছে কম্পিউটাৰ বিজ্ঞানৰে এটা শাখা। ইয়াত মেচিন বা কম্পিউটাৰক এনেদৰে তৈয়াৰ কৰা হৈছে যে সিহঁতে মানুহৰ দৰে চিন্তা কৰিব পাৰে। মানুহৰ দৰেই  শিকিব পাৰে, আৰু কামো কৰিব পাৰে।

 

সহজ কথাত, AI হৈছে এনে এটা প্ৰযুক্তি যি সেইবোৰ কামো কৰিব পাৰে যিবোৰত মানুহৰ বুদ্ধিৰ প্ৰয়োজন হয়। এ আইয়ে মানুহৰ দৰে শিকিব পাৰে, চিন্তা কৰিব পাৰে, যোগাযোগ কৰিব পাৰে, যিকোনো এটা বিষয় , বস্তু চাই বুজিব পাৰে।

 

অ’পেন এ আই, চ্যাট জিপিটি, গ্ৰ'ক আদি হৈছে একো একোটা চ্যাটবট। এইসমূহ বৰ্তমান মানুহে জনা, নজনাকৈয়ে দৈনন্দিন জীৱনত সকলোৱেই ব্যৱহাৰ কৰি আছে। স্মাৰ্টফোনৰ ভয়েচ এচিষ্টেণ্ট ছিৰি, এলেক্সা, নেটফ্লিক্স, গুগল মেপ আদি সকলো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আছে এ আই। 

 

তাৰোপৰি ইয়াতকৈ অধিক শক্তিশালী এ আই প্ৰযুক্তিৰে চিকিৎসালয়ত ৰোগীৰ ৰোগ নিৰ্ণয়, ফেক্টৰীত ৰবটৰ জৰিয়তে বিভিন্ন কাম, বতৰ আগজাননীকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা হৈছে।চিনেমা নিৰ্মাণ, মোবাইল, কম্পিউটাৰ গেমতো ব্যৱহাৰ হৈ আছে এ আই। 

 

তাৰোপৰি জটিল তথ্য বিশ্লেষণৰ বাবে গৱেষণাৰ দৰে কামতো সহায় লোৱা হৈছে এ আইৰ। এই ভিন্ন ধৰণৰ কামৰ বাবে এ আইয়ে কিছুমান এজেণ্টৰ জৰিয়তে কাম কৰে। এই এ আই এজেণ্টসমূহ হৈছে একোটা ছফ্টৱেৰ প্ৰগাম। 

 

সেয়ে চ্যাট জিপিটি, গ্ৰ'ক, ডীপছিক বা আন যিকোনো চ্যাটবটক আপুনি কিবা এটা নিৰ্দেশ দিলে, সি এই এজণ্টসমূহৰ জৰিয়তে ইনটেৰেক্ট কৰি তাক সমাধান কৰে। এই এ আই এজেণ্টসমূহক যিদৰে ডিজাইন কৰা হৈছে আৰু যি উদ্দেশ্যৰে তৈয়াৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি সহযোগীতামূলকভাৱে কাম কৰে। 

 

সাধাৰণতে এ আই সমূহক ৰিয়েক্টিভ এজেণ্ট (Reactive Agent), ডেলিবেৰেট এজেণ্ট (Deliberate Agents) আৰু মাল্টিপল এজেণ্ট ছিচেষ্টম (Multiple Agent System/ Hierarchical Agents) এই তিনিটা ভাগত ভাগ কৰা হয়। ৰিয়েক্টিভ এজেণ্টে অতীত হৈ যোৱা ঘটনাৰ তথ্যৰ অবিহনে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত প্ৰতিক্ৰিয়া দিয়ে। ইয়াক ট্ৰেইনিং বা প্ৰশিক্ষণ দি থকাৰ প্ৰয়োজন নাথাকে। 

 

ডেলিবেৰেট এজেণ্টৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থকা। যিকোনো এটা পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ই সহায় কৰে।ডেলিবেৰেট এজেণ্টে অতীত হৈ যোৱা ঘটনাৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাক বিশ্লেষণ কৰি সিদ্ধান্ত দিয়ে। Multiple Agent System/ Hierarchical Agents এ অন্যান্য এজেণ্টৰে সহযোগিতাত কাম কৰে। 

 

সহজ অৰ্থৎ এ আইয়ে বিপুল পৰিমাণৰ ডাটা বা তথ্য গাণিতিক মডেল অৰ্থাৎ Algorithms ৰ সহায়ত কাম কৰে। 

 

এ আইৰ সৰ্বশক্তিমান নেকি?

 

এ আইয়ে সেইদৰেহে কাম কৰিব যিদৰে তাক তৈয়াৰ কৰা হৈছে। সেয়ে তাৰো সীমাবদ্ধতা আছে। মূলতঃ ইণ্টাৰনেটত যিসমূহ ডাটা বা তথ্য আছে সেইসমূহ গাণিতিক মডেল অৰ্থাৎ Algorithms ৰ সহায়তহে ই কাম কৰে।

 

এ আইয়ে আপোনাক সেই তথ্যহে দিব পাৰিব যি তথ্য ইণ্টাৰনেটত উপলব্ধ আছে। ইণ্টাৰনেটৰ জগতখনৰ বাহিৰৰ কোনো তথ্য এ আইয়ে আপোনাক দিব নোৱাৰে। উদাহৰণ স্বৰূপে এই প্ৰতিবেদন লিখি থকাৰ প্ৰাকমুহূৰ্তত ‘গ্ৰ'ক’ক আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সবিশেষ তথ্য দিবলৈ নিৰ্দেশ দিছিলো। 

 

সেই মতে গ্ৰ'কে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম, তেওঁৰ শিক্ষা, কৰ্মৰাজী, জীৱন পৰিক্ৰমা, শিল্প, সাহিত্য, ৰাজনৈতিক আদৰ্শৰ পৰা মৃত্যু পৰ্যন্ত সকলো তথ্যই প্ৰায় ১০০০ শব্দৰ ভিতৰত আমাক সুন্দৰকৈ যোগান ধৰিলে। এই তথ্যসমূহৰ উৎস হিচাপে গ্ৰকে ২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু গাৰ্গী কাশ্যপ নামৰ এগৰাকী এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীৰ মুঠ ৫ টা পোষ্ট আৰু উইকিপেডিয়া, বিকাশপেডিয়া, নীলাচৰাইৰ উপৰিও অসম, ভাৰত আৰু বাংলাদেশকে ধৰি মুঠ ২৫ টা ৱেবচাইটক ব্যৱহাৰ কৰিলে। গ্ৰ'কে ইণ্টাৰনেটত উপলব্ধ তথ্যৰেই আমাক উত্তৰ দিলে। ইণ্টাৰনেটৰ বাহিৰৰ কোনো তথ্য দিয়া নাই।

 

গ্ৰ'কে দিয়া বিষ্ণুপ্ৰসাদ ৰাভা সন্দৰ্ভত তথ্য

এই কেইদিন ভাৰতৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত গ্ৰ'কে যিবোৰ তথ্য দিছে, ৰাহুল গান্ধীৰ ওপৰত যিবোৰ তথ্য দিছে সেয়া ইণ্টাৰনেণ্টত উপলব্ধ তথ্যহে। ইণ্টাৰনেটৰ বাহিৰৰ তথ্য নহয়। আনকি আমাৰ অসমৰ শুকুৰ আলীৰ বিষয়তো এ আইয়ে আপোনাক তথ্য দিব পাৰিব। ইণ্টাৰনেটত যিবোৰ বিষয়ে চৰ্চা হৈছে, সেই সকলো তথ্যই দিব আপোনাক। 

 

এ আইয়ে এইদৰেই লাৰ্জ লেংগুৱেজ মডেলত উপলব্ধ ডাটা বা তথ্যৰ আধাৰত ব্যৱহাৰকাৰীক সকলো প্ৰশ্নৰ উত্তৰ দিয়ে।কিন্তু বৰ্তমান এই লাৰ্জ লেংগুৱেজ মডেলত নতুন তথ্যৰ অভাৱ হৈছে। 

 

প্ৰসিদ্ধ এ আই বিজ্ঞানী, অ’পেন এ আইৰ সহকাৰী প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ চ্যট জিপিটিৰ নেতৃ্ত্ববহনকাৰী বিজ্ঞানী Ilya Sutskever ৰ মতে এ আইয়ে লাৰ্জ লেংগুৱেজ মডেল তৈয়াৰ কৰোঁতে ইণ্টাৰনেটত উপলব্ধ সকলো তথ্য ব্যৱহাৰ কৰে।

 

কিন্তু বৰ্তমান যিবোৰ ষ্টেট অফ দ্য আৰ্ট মডেল আছে সেই সকলোবিলাকতে মানুহে জেনেৰেট কৰা বা মানুহে সন্নিৱিষ্ট কৰা ডাটা ব্যৱহাৰ সম্পূৰ্ণ হৈছে। নতুন ডাটাৰ বাবে মানুহে অধিক কণটেণ্টে তৈয়াৰ কৰিব লাগিব। 

 

মন কৰিবলগীয়া যে, ১৯৮৩ চনৰ ১ জানুৱাৰীক ইণ্টাৰনেটৰ অফিচিয়েল জন্মদিন বুলি ধৰা হয়। তেতিয়াৰে পৰা যোৱা ৪০ টা বছৰৰো অধিক সময় ধৰি ইণ্টাৰনেটত যিবোৰ ডাটা সন্নিৱিষ্ট হ’ল সেই সকলোবোৰ মুহূৰ্ততে এ আইয়ে গ্ৰহণ কৰিলে। তাৰোপৰি নতুন কণটেণ্ট তৈয়াৰ কৰিবলৈ কণটেণ্ট ক্ৰিয়েটৰসকলেও ইণ্টাৰনেটৰ তথ্যকে ব্যৱহাৰ কৰি আহিছে। নিজা অধ্যয়ন, গৱেষণা হ্ৰাস পাইছে।

 

এই তথ্য যিহেতু ইণ্টাৰনেটত উপলব্ধ আছেই গতিকে নিশ্চয় সেয়া কোনো নতুন কণটেণ্ট বা তথ্য বুলি ধৰা নহ’ব। সেয়ে লাৰ্জ লেংগুৱেজ মডেলৰ বিকাশ আগন্তুক সময়ত সিমান বেছি নহ’ব যিমান বেছি এ আইৰ আৰম্ভণিতে হৈছে।   

 

এ আইৰ ভৱিষ্যত?

 

এ আইৰ ভৱিষ্যত মানৱ সমাজৰ বাবে যিদৰে এফালে সম্ভাৱনাপূৰ্ণ ঠিক একে সময়তে আকৌ আনফালে প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ। এ আইক লৈ মানুহ এক অনিশ্চয়তাৰ মাজলৈ সোমাই গৈছে। এ আইৰ দক্ষতাৰ বাবেই মানুহে সংস্থাপন হেৰুওৱাৰ লগতে নানান ধৰণৰ নতুন সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। 

 

এ আইৰ ব্যৱহাৰ বেআইনী কাৰ্যকলাপতো সোমাই পৰিছে।এ আইৰ অপব্যৱহাৰৰ জৰিয়তে মানুহক সন্ত্ৰস্ত কৰি তোলা হৈছে। সেয়ে ভৱিষ্যত দুৰ্ভাৱনাত মানুহে সময় পাৰ কৰিছে। কিন্তু এই কথা ঠিক যে এ আইয়ে ভৱিষ্যতৰ পৃথিৱীখনক সম্পূৰ্ণৰূপে সলনি কৰিবলৈ আগবাঢ়িছে। এই সত্যক স্বীকাৰ কৰিয়েই আমিও আগবাঢ়িব লাগিব।

 

এ আইৰ দ্ৰুত বিকাশে সমাজ, অৰ্থনীতি, সংস্কৃতি, সৰ্বোপৰি মানুহৰ ব্যক্তিগত জীৱনত গভীৰ প্ৰভাৱ পেলাব। এ আইৰ অধিক স্বয়ংক্ৰিয়তাৰ ফলত উদ্যোগ, চিকিৎসা, শিক্ষা, পৰিবহণ আদি ক্ষেত্ৰত কাম অধিক দক্ষ আৰু দ্ৰুত হ’ব।  জলবায়ু পৰিৱৰ্তন, ৰোগ নিৰ্ণয়, আৰু মহাকাশ গৱেষণাৰ দৰে জটিল সমস্যা বোৰ সমাধানত এ আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শিল্প, সাহিত্যৰ ক্ষেত্ৰতো এ আইৰ প্ৰৱেশ ঘটিব।

 

কিন্তু এই কথাও ঠিক যে,  এ আই আৰু স্বয়ংক্ৰিয়তাৰ ফলত বহু পৰম্পৰাগত চাকৰিৰ বিলুপ্তিৰ সম্ভাৱনা আছে। অৱশ্যে নতুন নতুন চাকৰিৰো পথ মুকলি হ’ব যে সেয়াও নিশ্চিত। এই কথা বুজিবলৈ কম্পিউটাৰৰ আগমণৰ সময়খিনিৰ কথালৈ মনত পেলালেই বিষয়টো স্পষ্ট হৈ পৰিব। 

 

এ আইৰ অপব্যৱহাৰৰ ফলত মানুহৰ গোপনীয়তা বিপন্ন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। তাৰোপৰি এ আইয়ে সমাজত অসমতা বৃদ্ধিৰো যথেষ্ট সম্ভাৱনা আছে। এ আইৰ সুবিধা কেৱল উন্নত আৰু ধনী শ্ৰেণীৰ মানুহখিনিৰ মাজতে নিশ্চয়কৈ অধিক উপলব্ধ হৈ থাকিব। ফলত দৰিদ্ৰসকলৰ মাজত বৈষম্য বৃদ্ধি পাব। 

 

সৰ্বোপৰি এ আইৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাই সমাজপ্ৰিয় বুলিয়েই পৰিচিত মানুহক সামাজিক সংযোগ দুৰ্বল কৰি তুলিব। ভাৰ্চুৱেল জগতখনতেই অধিক সময় বিচৰণ কৰাৰ ফলত মানৱীয় অনুভূতি হ্ৰাস পোৱাৰ সমান্তৰালকৈ মানুহৰ পাৰস্পৰিক সম্পৰ্কও কমি যোৱাৰ আশংকা থাকিব। 
 

artificial intelligence এ আই প্ৰযুক্তি