Advertisment

মোডীৰ ১৬ মে' আহি নাপালে, ট্ৰাম্পে এমাহতে কৰি দেখুৱালে...

ভাৰত চৰকাৰে ৩০ বছৰে কৰিব নোৱাৰিলে। অথচ, নিৰ্বাচনী প্ৰচাৰত যিবোৰ কাম কৰাৰ কথা কলে, নিৰ্বাচনত বিজয়ী হৈ শপতগ্ৰহণৰ সময়ত যিবোৰ কথা ক’লে সেই কাম এমাহতে কৰি দেখুৱালে ট্ৰাম্পে। 

author-image
Asomiya Pratidin
New Update
মোডীৰ ১৬ মে' আহি নাপালে, ট্ৰাম্পে এমাহতে কৰি দেখুৱালে...

তুষাৰ প্ৰতিম

Advertisment

যি কাম ভাৰত চৰকাৰে যোৱা ৩০ বছৰে কৰিব নোৱাৰিলে সেই কাম মাত্ৰ এটা মাহতে কৰি দেখুৱালে ড‘নাল্ড ট্ৰাম্পে। নিৰ্বাচনী প্ৰচাৰত যিবোৰ কাম কৰাৰ কথা কলে, নিৰ্বাচনত বিজয়ী হৈ শপতগ্ৰহণৰ সময়ত যিবোৰ কথা ক’লে সেইবোৰ হাতে কামে কৰি দেখুৱালে ট্ৰাম্পে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰধান সমস্যা আছিল অবৈধ প্ৰবজন। বিশ্বৰ বিভিন্ন দেশৰ পৰা আমেৰিকালৈ প্ৰবজন কৰি প্ৰবজনকাৰীসকলে অবৈধভাৱে দেশখনত থাকি আমেৰিকানসকলৰ অধিকাৰ ভোগ কৰি অহাৰ অভিযোগ বহু পুৰণি। 

এই অবৈধ প্ৰবজিত লোকসকলক পূৰ্বৰ চৰকাৰসমূহে বিতাৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আমেৰিকানসকলৰ মাজত প্ৰবজনৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ সমৰ্থনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্পে অবৈধ প্ৰবজিত লোকসকলক বিতাৰণ কৰাৰ কথা দিছিল। 

সেই মতেই আৰম্ভ হ’ল কাম। লেটিন আমেৰিকাৰ পৰা আৰম্ভ কৰি ভাৰতলৈকে যিবোৰ দেশৰ পৰা অবৈধভাৱে প্ৰবজন কৰি লাখ লাখ লোকে আমেৰিকাত বাস কৰিছিল তেওঁলোকক চিনাক্ত কৰি বিতাৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 

আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ২০৫ জন প্ৰবাসী ভাৰতীয়ক লৈ আজি অমৃতচৰত উপস্থিত হয়হি আমেৰিকাৰ এখন বিমান। এই বিমানখনত ২০৫ অবৈধ নাগৰিকক হাত, ভৰি শিকলিৰে বান্ধি লৈ অনা হৈছে। 

তেওঁলোকৰ কাষত অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত আমেৰিকান সেনা। আকাশী পথেৰে মুঠ ১৩ হাজাৰ ৮৫৫ কিলোমিটাৰ অতিক্ৰম কৰি আজি এই অবৈধ নাগৰিকসকলক ভাৰতৰ মাটিত নমালে আমেৰিকাই। 

কিন্তু যোৱা ৩০ বছৰে ভাৰত চৰকাৰে অসমত অবৈধভাৱে বাস কৰি থকা চুবুৰীয়া বাংলাদেশৰ নাগৰিকক বিতাৰণ কৰিব নোৱাৰিলে। বিদেশী বিতাৰণৰ নামত ৰাজ্যত হোৱা ছবছৰীয়া আন্দোলনে ৮৫৫ জন লোকৰ প্ৰাণ কাঢ়িলে যদিও আজিও বিদেশীৰ চৰণীয়া পথাৰেই হৈ থাকিল অসম। 

ৰাজ্যত অবৈধভাৱে বাস কৰি থকা বিদেশী চিনাক্তকৰণৰ বাবে হৈছিল এন আৰ চিৰ উন্নীতকৰণৰ কাম। প্ৰথম অৱস্থাত এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব শাসকীয় বিজেপি চৰকাৰে দাবী কৰিছিল যদিও আশা কৰা ধৰণে এন আৰ চিয়ে বিদেশী চিনাক্ত কৰিব নোৱাৰাত, নানান বিসংগতিয়ে দেখা দিয়াত বিষয়টো এৰি চলিবলৈ আৰম্ভ কৰিলে চৰকাৰখনে। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰলৈ আহি নৰেন্দ্ৰ মোডীয়ে ১৬ মে’ৰ পাছত বিদেশীয়ে টালি-টোপোলা লৈ অসম এৰিব লাগিব বুলি হুংকাৰ দিছিল যদিও আজিও অসমৰ ৰাইজৰ পৰম আকাংক্ষিত সেই নিৰ্ধাৰিত ১৬ মে’ নাহিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল যি নগন্য সংখ্যক লোকক ন্যায়ালয়ে বিদেশী বুলি চিনাক্ত কৰিছে তেওঁলোকৰো বিতাৰণৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই চৰকাৰে। 

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিবগৰাকীক জবাবদিহি কৰিবলগীয়া হৈছে। অতি শেহতীয়াকৈ ‘ৰাজুবালা দাস বনাম ইউনিয়ন অব্ ইণ্ডিয়া এণ্ড এন আৰ, ৰিট আবেদন (ফৌজদাৰী) নং ২৩৪/২০২০’ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে অসম চৰকাৰক এই বিষয়ত ভৰ্ৎসনা কৰিছে। 

ৰাজ্য চৰকাৰে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা ৬৩ জন বিদেশীকক বিতাৰণ কৰিবলৈ ‘মহুৰত’ৰ বাবেও অপেক্ষা কৰি আছে নেকি বুলিও প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো অজুহাত নচলিব বুলিও সকিয়াই দিছে।এবাৰ বিদেশী বুলি চিনাক্ত হ’লে তাৎক্ষণিকভাবে ‎বিতাৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।  বিদেশী বিতাৰণৰ ক্ষেত্ৰত এয়াই চৰকাৰী পক্ষৰ দায়বদ্ধতা।

অতি শেহতীয়াকৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰা অনুপ্ৰবেশৰ বিষয়টো উত্থাপন কৰিছিল। ঝাৰখণ্ডত অসমৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশই বাংলাদেশী বুলি কৈছিল ড০ শৰ্মাই। 

এইসকল বিদেশীক এতিয়াও চিনাক্ত কৰা হোৱা নাই। বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে যদিও কিছু সংখ্যক চিনাক্ত কৰা হৈছে তথাপিও তেওঁলোকক বিতাৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। 

আজিলৈকে চুবুৰীয়া দেশখনৰ সৈতে বিদেশী বিতাৰণৰ সন্দৰ্ভত চুক্তিৰ কথা বাদেই কোনো আনুষ্ঠানিক আলোচনাই হোৱা নাই। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু চুবুৰীয়া পশ্চিমবংগত যি লাখ লাখ বাংলাদেশীয়ে বিচৰণ কৰি আছে, অবৈধ ভাৱে ভাৰতীয় নাগৰিকত্বও গ্ৰহণ কৰিছে তেওঁলোকক চিনাক্ত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আন্তৰিকতা কিমান সেয়াও আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন। 

শক্তিশালী আমেৰিকাই সেই দেশত বাস কৰা অবৈধ ভাৰতীয়ক স্বদেশলৈ প্ৰেৰণ কৰিলে। ভাৰতেও তেওঁলোকক গ্ৰহণ কৰিলে। আজি মাত্ৰ ২০৫ জন ভাৰতীয়হে স্বদেশত আহি উপস্থিত হৈছে।

এই পৰ্যন্ত আমেৰিকাত অবৈধভাৱে বাস কৰি থকা প্ৰায় ২৪ হাজাৰ ভাৰতীয়ক চিনাক্ত কৰা হৈছে। এই সকলোকে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব। তাৰোপৰি দেশখনত অবৈধভাৱে বাস কৰা ভাৰতীয়ৰ সংখ্যা ৭ লাখৰো অধিক বুলি অনুমান কৰা হৈছে। এইসকলকো যদি চিনাক্ত কৰা হয় তেন্তে ভাৰতে বিনা প্ৰতিবাদে এইসকলোকে ঘূৰাই ল’ব।

কিন্তু ভাৰত চৰকাৰে অসম, উত্তৰ পূব তথা সমগ্ৰ দেশত বাস কৰা অবৈধ বাংলাদেশীক আমেৰিকাৰ দৰেই বিতাৰণ কৰিব পাৰিবনে? পাৰিবনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বন্ধু 
ট্ৰাম্পৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ?  পাৰিবনে বাংলাদেশক তেওঁলোকৰ নাগৰিকক ঘূৰাই ল’বলৈ বাধ্য কৰিবলৈ? এই প্ৰশ্ন কিন্তু এতিয়া নিশ্চয়কৈ উত্থাপন হ’ব। 

 

নৰেন্দ্ৰ মোডী আমেৰিকা ড'নাল্ড ট্ৰাম্প বাংলাদেশী