
চৰ্চাত আছে কাৰোবাৰ চৰ, কোনোবাই কাৰোবাৰ মুখলৈ পেলোৱা থু আদি প্ৰসংগবোৰ। সাম্প্ৰতিক সময়ৰ এইবোৰ মূল সুঁতিৰ সংবাদ মাধ্যমৰ লগতে ডিজিটেল মাধ্যমৰ বাবেও গৰম খবৰ। এইটোও ঠিক যে, দুৰ্নীতি, অনিয়মৰ প্ৰতিবাদ কৰোতে কোনোবা ঠিকাদাৰে কাৰোবাক চৰ সোধোওৱা কথাবোৰ সহ্যৰ অতীত।
এনেবোৰ খবৰৰ তাৎক্ষণিক ভিউজ থাকে, মানুহৰ মাজত বৰ বেছিদিনলৈ নহলেও আলোচনা চলে। এইবোৰ খবৰো এতিয়া সাংবাদিকে, সংবাদ মাধ্যমে এৰাই চলিব নোৱাৰে।তেনে খবৰ বোৰৰ মাজতে এজন সচতেন লোকে টেলিফোন যোগে তেওঁৰেই পৰিচিত এজন ব্যক্তিয়ে অসমীয়া জাতিৰ বাবে কৰি থকা কিছু কামৰ বিষয়ে জনালে।
যিজন ব্যক্তিয়ে এইকামবোৰ কৰি আছে তেওঁ এজন প্ৰৱাসী অসমীয়া। সাত সাগৰ, তেৰ নদীৰ সিপাৰত থাকিও অসম আৰু অসমীয়াৰ প্ৰতি তেওঁৰ এই তাগিদা আৰু দায়বদ্ধতা মন কৰিবলগীয়া।
বহুতে বুৰঞ্জী মচিব খোজিছে। কিন্তু এইজন প্ৰৱাসী অসমীয়া বিজ্ঞানীয়ে বুৰঞ্জী সাচিব খোজিছে। নাম তেওঁৰ ড০ কিশোৰী মোহন কোঁৱৰ। তেখেতে বুৰঞ্জী ডট কম নামেৰে এটা ৱেব পেজ আৰম্ভ কৰিছে। সেই পেজটোত অসম আৰু অসমীয়া বিষয়ক বুৰঞ্জী সকলো তথ্য শুদ্ধ আৰু সঠিক ৰূপত উপলব্ধ কৰিব পৰাৰ প্ৰচেষ্টাত তেওঁ ব্ৰতী।
গুগলৰ সৈতে সংযুক্ত কৰি এই পেজটোৰ জৰিয়তে মুহূৰ্তৰ ভিতৰতে অসম বুৰঞ্জী সম্পৰ্কীয় বিভিন্ন লিংক ইয়াংত সংযুক্ত কৰাৰো দিহা কৰিব তেওঁ। এতিয়ালৈকে প্ৰায় ২৭ খনতকৈও অধিক অসমীয়া আৰু ইংৰাজী ভাষাত লিপিবদ্ধ বুৰঞ্জী এই লিংকটোৰ সৈতে উপলব্ধ কৰা হৈছে।
ইণ্টাৰনেটত থকা বুৰঞ্জীৰ আন তথ্যসমূহ ইয়াত সুলভ। লক্ষ্য ৰাখিছে যাতে অসম সম্পৰ্কীয় বুৰঞ্জীমূলক সকলো তথ্য যাতে এই বুৰঞ্জী ডট কম নামৰ ৱেব পেজটোৰ জৰিয়তে বিচৰাজনে লাভ কৰিবলৈ সক্ষম হয়।
আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিং লাৰ্নিং প্ৰয়োগ আদিৰে বুৰঞ্জীৰ প্ৰতি আগ্ৰহী আৰু বুৰঞ্জী অধ্যয়নৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা এই ৱেব পেজটো হ'ব আমাৰ জাতিৰ বাবে এক ডাঙৰ সম্পদ।
এতিয়া তথ্য বুলি ক'লেই মানুহ ইণ্টাৰেনেটৰ নিৰ্ভৰীশল। সেয়েহে ইণ্টাৰনেটত বুৰঞ্জী চৰ্চাৰ এনে সুবিধা থকাটো অতিকৈ প্ৰয়জোনীয়। এই ক্ষেত্ৰত তেওঁক সহায় কৰিছে তেওঁৰে সম্পৰ্কীয় ভাতৃ ৰঞ্জন কোঁৱৰে।
এই পেজটোত থাকিব ইতিহাস আৰু ঐতিহাসিক মূল্য থকা তথ্য, গৱেষণা পত্ৰ, বুৰঞ্জীমূলক ভিডিঅ'. বুৰঞ্জীবিদসকলৰ মতামত, ইয়াৰ বৰ্ণনা, কীৰ্তিস্তম্ভ আদি সকলো। এই প্ৰয়াস এটা জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।
বুৰঞ্জীয়ে আমাক অতীতৰ পটভূমিত বৰ্তমানক তুলনা কৰাৰ সুযোগ দিয়ে। বুৰঞ্জীয়ে আমাক ঐতিহ্যৰ কথা কয়। সমান্তৰাল ভাৱে বুৰঞ্জীয়ে পাৰ হৈ যোৱা সময়বোৰ সাঁচি থয়। এই কামত মনোনিৱেশ কৰা ড০ কিশোৰী মোহন কোঁৱৰ বৃত্তিত এগৰাকী কম্পিউটাৰ বিজ্ঞানী।
তেওঁ কানপুৰৰ আই আই টি আৰু কলকাতাৰ আই এছ আইৰ পৰা অধ্যয়ন সমাপ্ত কৰি কিছুদিন আমেৰিকাত গৱেষক হিচাপে কাম কৰিছিল। আমেৰিকাৰ এম আই টিত কম্পিউটাৰ বিজ্ঞানৰ গৱেষক হিচাপে গৱেষণা কৰা ড০ কোঁৱৰে কিছুদিন হাৱাৰ্ড বিশ্ববিদ্যালয়তো অধ্যাৰপনা কৰিছিল।
তেওঁ আছিল বিশ্বৰ এই প্ৰসিদ্ধ বিশ্ববিদ্যালয়খনৰ গাণিতিক জীৱৰ এগৰাকী বিজ্ঞানী। অৱশ্যে এতিয়া তেওঁ মেটাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এজন বিজ্ঞানী হিচাপে কাম কৰি আছে। ড০ কোঁৱৰেই অসমীয়া ভাষাক ইউনিকোডত লিখিব পৰাকৈ এটা ছফটৱেৰো প্ৰস্তুত কৰিছিল।
যিটোৰ নাম আছিল লুইট পেড। তেওঁ প্ৰায় ৪০ তকৈও অধিক ছফ্টৱেৰ প্ৰস্তুত কৰাৰ লগতে বহু কেইটা পেটেণ্টৰো গৰাকী। ১০০ ৰো অধিক গৱেষণাৰ কামৰে জড়িত ড০ কোঁৱৰে আন এক গৱেষণাৰ সৈতেও জড়িত হৈ আছে।
সেয়া হ'ল কৰ্কট ৰোগৰ গাণিতিক পদ্ধতিৰে গৱেষণা কৰি ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ এক আশাব্যঞ্জক গৱেষণাৰ তেওঁ সহযোগী। অতি নীৰৱে তেওঁ ন ন আৱিষ্কাৰ কৰি গৈছে।
বিশ্বৰ বহু প্ৰতিষ্ঠিত গৱেষণা প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ আছে। এইজন গৱেষক বিজ্ঞানীৰ ঘৰ শিৱসাগৰ জিলাৰ বেটবাৰীৰ দগাঁৱত। তেওঁৰ পিতৃৰ নাম ড০ দোলন কোঁৱৰ। তেওঁৰ পিতৃও এগৰাকী কৃষি বিজ্ঞানী।
শিৱসাগৰৰ এক ভিতৰুৱা অঞ্চলৰ পৰা গৈ এইদৰে বিশ্বৰ আন প্ৰতিষ্ঠিত গৱেষণাগাৰত মানৱ কল্যাণৰ হকে গৱেষণা কৰিছে। তাৰ মাজতে তেওঁৰ মন মগজুত অসম আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ তাড়ণা সদায় লৈ ফুৰিছে।
যাৰ বাবে তেওঁ এইদৰে অসম আৰু অসমীয়া বুৰঞ্জীক এনেধৰণে তুলি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। সমান্তৰাল ভাৱে চলিছে অসমীয়া ভাষাক ইউনিকোডৰ মাধ্যমেৰে বিশ্বজুৰি প্ৰতিষ্ঠা কৰাৰ আন এক পদক্ষেপ।
আমি এইবোৰ খবৰৰ প্ৰতি আগ্ৰহী নহয়। কোনে কি কৰি আছে সেই খবৰবোৰ বিচাৰি আমি তুলি ধৰাত কৃপণালি কৰো।মাথোঁ আমাক লাগে কিছু ৰেডিমেড খবৰ। চকুৰ সন্মুখতে ঘটি যোৱা মচলা জাতীয় এই খবৰবোৰে কাৰো উপকাৰ নাসাধে। কিন্তু আমি এই খবৰ বোৰক লৈয়ে মছগুল হৈ থাকো।
কিশোৰী মোহন কোঁৱৰৰ দৰে অসমীয়া বিজ্ঞানীয়ে নীৰন্তৰ ভাৱে কৰি থকা এই খবৰবোৰে নতুন প্ৰজন্মক নতুন বাটৰ সন্ধান দিয়ে। অসমীয়া ভাষা আৰু জাতিক ন মাত্ৰা দিয়াৰ আধাৰ গঢ়ে। মানৱ কল্যাণৰ হকে এজন অসমীয়াই কৰা এই গৱেষণাই অসমীয়াৰ পৰিচয় বিশ্ববাসীৰ সন্মুখত সগৌৰৱে দিয়াত সহায় কৰে।