ফ্লাই অভাৰখন ভাগিল !

ফ্লাই অভাৰখন ভাগিল !
ফ্লাই অভাৰখন ভাগিল !

মৃদুল কুমাৰ সন্দিকৈ

পুৱতি নিশা তেতিয়া ৩ বাজি ৪০ মিনিট হৈছে। হঠাৎ ফোনটো বাজি উঠিল। টোপনিৰ উকমুকনিত ফোনটো হাতত লৈ কোনে ফোন কৰিছে চাওঁতেই ৰিং হৈ হৈ ফোনটো বন্ধ হৈ গ'ল।

মোবাইলৰ স্ক্ৰীণত জিলিকি উঠা নম্বৰটো ছেভ কৰা আছিল মিণ্টু জু-ৰোড বুলি। এই পুৱতি নিশা কি হ'ল বুলি ভাবি তাৰলৈ কলবেক কৰিব লওঁতেই আকৌ সি ফোন কৰিলে।

সি ফোন কৰা মানেই কিবা এটা ক'ৰবাত হৈছে। জু-ৰোড তিনিআলিত বহুদিন ধৰি মিণ্টুৱে চাহৰ দোকান দি আহিছে। পুৱা ৩ মান বজাতেই সি দোকানলৈ হাজিৰ হয় জু-ৰোডত।

তাৰ ফোনটো ধৰি কি হৈছে সুধাত সি ক'লে- জু-ৰোডৰ ফ্লাই অভাৰখন ভাগিল। 'কি' বুলি মুখৰ পৰা শব্দ এটাহে ওলাল মোৰ। তাৰ পাছত সি ক'লে- এখন দামী গাড়ীয়ে প্ৰচণ্ড জোৰত ফ্লাই অভাৰৰ ওপৰত খুন্দা মাৰত ব্ৰীজখন বেয়াকৈ ভাগিছে।

খবৰটো পায়েই কিছু আশ্বস্ত হ'লো। সি যিধৰণে খবৰটো দিছিল মই বেলেগ ধৰণে তাৰ অৰ্থ বুজিছিলো। জু-ৰোডত সি থকাৰ সময়ত কিবা এটা হ'লে প্ৰতিটো খবৰ সি বৰ আন্তৰিকতাৰে দি আহিছে।

কোনোবাটো বাতৰি হয়, কোনোবাটো বাতৰি নহয়। ইয়াক লৈ তাৰ কোনো আক্ষেপ নাই। খৰধৰকৈ বিচনাৰ পৰা উঠি মিণ্টুৰ দোকানৰ সন্মুখ পালোহি। সি ক'লে ওপৰত নাৰেংগীলৈ যোৱা উৰণ সেতুখনৰ পথটোৰ সংযোগী স্থানত থকা অংশত এই দুৰ্ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে মোবাইলত সি কেইবাটাও ভিডিঅ' কৰি থৈছিল। সেইবোৰ পিছত লম বুলি কমাৰ্চৰ দিশৰ পৰা জু-ৰোডলৈ উৰণ সেতুখনৰ ওপৰেৰে আগবাঢ়িলো। এজন যানবাহন শাখাৰ আৰক্ষী উপ-পৰিদৰ্শক, এজন কনিষ্টবল আৰু এজন হোমগাৰ্ড সেইস্থানত ৰৈ আছে।

দুৰ্ঘটনাহোৱা স্থানত ব্ৰীজখনৰ ওপৰত ক্ষুদ্ৰ উদ্যানত এটা স্মাৰক আৰু কিছু ফুল ৰোপণ কৰা হৈছিল। সেই স্থানৰ ষ্টীলৰ বেৰা দিয়া অংশত প্ৰচণ্ড জোৰেৰে AS 01FP 3591 নম্বৰৰ এখন এছ ইউ ভি-৭০০ -এ খুন্দা মাৰি সেই অংশটো চুৰমাৰ কৰি পেলাইছে।

গাড়ীখনৰ অৱস্থাও কাঢ়িল হৈছে। হয়তো প্ৰচণ্ড জোৰত এই খুন্দা মাৰি গাড়ীখন চুচৰি গৈছিল। ক'লা ৰঙৰ গাড়িখনৰ ভিতৰত থকা আটাইকেইটা এয়াৰ বেগ ফাটি ওলাই গৈছে।

তেতিয়ালৈকে গাড়ীখনত থকা চালকজনক আৰক্ষীয়ে সেই স্থানৰ পৰা লৈ গৈছে। লগতে লৈ গৈছে আন দুজন লোকক। এই দুয়োজন লোকক নিয়া হৈছে চিকিৎসালয়লৈ। তাৰ এজন বড়ো উপাধিধাৰী হোমগাৰ্ড আৰু আন জন সাধাৰণ পথাচাৰী।

নিশা ৩-৩০ বজালৈকে আহত পথাচাৰীজন সেই ব্ৰীজখনৰ ওপৰত আছিল। কৰ্তব্যৰত আন এজন গৃহৰক্ষী জোৱানে জানিবলৈ দিয়া মতে দুৰ্ঘটনা হোৱাৰ সময়লৈকে সেই স্থানত মানুহৰ ইমান ভিৰ হৈছিল যে, মানুহ খেদি খেদি তেওঁলোক ভাগৰি গৈছিল।

আহত এই লোকজনো সেই পুৱতি নিশা ব্ৰীজখনৰ সেই সৰু উদ্যানখনৰ সন্মুখত ছেল্ফী তুলি আছিল। আৰক্ষীয়ে যিমান পাৰে সোনকালে সেই স্থানৰ পৰা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন আঁতৰাই নিবৰ বাবে এখন ক্ৰেণৰ চালকৰ সৈতে যোগাযোগ চলাই আছিল তেতিয়া।

৪০ মিনিট মানৰ পাছত গীতানগৰ দিশৰ পৰা অভাৰ ব্ৰীজৰ ওপৰেৰে এখন ক্ৰেণ আহিল সেই স্থানলৈ। ক্ৰেণখনত এজন চালক আৰু এগৰাকী মহিলা সহায়কাৰী। ১০ মিনিট মানৰ ভিতৰতে তেওঁলোকে বাহনখন আঁতৰাই গীতানগৰ থানাৰ অভিমুখে গুছি গ'ল।

পঞ্চমীৰ দিনা ( ১৯ অক্টোবৰ, ২০২৩) এই নতুন উৰণ সেতুখন শুভ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পাছত ২১ অক্টোবৰৰ এই দুৰ্ঘটনা। সেই পুৱাও এজন, দুজনকৈ বহু লোক আহি আকৌ উৰণ সেতুখনৰ উপৰিভাগত ভিৰ কৰিলেহি।

কোনোৱে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত ছেল্ফী উঠিবলৈ হেতাওপৰা লগালে। কৰ্তব্যৰত আৰক্ষীয়ে মানুহবোৰক নিয়ন্ত্ৰণ কৰিবলৈ দাবী, ধমকো দিবলগীয়া হ'ল। উৰণ সেতুখনত কৰ্তব্য সম্পাদন কৰাৰ সময়ত কি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে সেই কথাও স্বত্বঃস্ফুতঃভাৱে তেওঁলোকৰ মুখৰ পৰা ওলাল।

এনে লোকো আহিছে যে, ব্ৰীজৰ মাজভাগতেই বাহন ৰখাই ছেল্ফী উঠাত ব্যস্ত হৈ পৰে। খেদিলেও মানুহ নোযোৱাত সেই পথছোৱাত তীব্ৰ যানজটত নিশা ১২ বজাৰ পাছতো আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল সাধাৰণ লোক।

বিয়া খাই উভতা এটা পৰিয়ালে আগদিনাৰ সেই অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি ক'লে আমি আধা ঘণ্টাত বিবাহ বাহৰৰ পৰা কমাৰ্চ পইণ্ট পাইছিলোহি। কিন্তু সেই ঠাইৰ পৰা জাপৰিগুগৰ ঘৰ পাওঁতে দুঘণ্টাৰো অধিক লাগিল।

নতুন উৰণ সেতু এখন নিৰ্মাণ আৰু উদ্বোধন কৰাৰ পাছত কিছু দিনলৈ এনে এক পৰিৱেশৰ সৃষ্টি হয়। তাতে এইবাৰ পূজাৰ বতৰ হোৱাৰ বাবে ইয়াৰ প্ৰকোপ বাঢ়িছে। লগতে ১০/১৫ জন মান ইউটিউবাৰ/ব্লগাৰ অনবৰতে ব্যস্ত থাকে ভিডিঅ' বনোৱাত। কাৰোবাৰ সুবিধা, অসুবিধা সেই কথা চাবলৈ কাৰোৱেই আহৰি নাই।

কি যে প্ৰৱণতা এটাৰ আমি বলি হৈছো? উৎসৱ মানেই যেন সুৰাৰ নিচাত মতলীয়া হ'ব লাগে। শ্ৰদ্ধাঞ্জলি উৰণ সেতুত সংঘটিত দুৰ্ঘটনাৰ অন্যতম কাৰণ আছিল এয়া।

ইমান দায়িত্বহীন হৈ পৰিছে একাংশ। 'ছেল্ফী মেইন' জাতীয় প্ৰৱণতাক উৎসাহ দিয়াৰ আঁৰতো আছে বহু ভব্য-গব্য লোকৰ প্ৰদৰ্শনধৰ্মীতা।

জীৱন প্ৰথম। তালৈ কোৰো ভ্ৰুক্ষেপ নাই। কি মানুহ, কি চৰকাৰৰ? উপস্থিত সাধাৰণ লোকেও বুজি উঠিছে- খৰকৈ নিৰ্মাণ কৰি অভিলেখ কৰিলে সঁচা, ফ্লাই অভাৰখনৰ ওপৰ ভাগত নাই ডিভাইদাৰ। তলৰ বাট-পথবোৰ ক'ৰবাত বহল, ক'ৰবাত ঠেক। ফ্লাই অভাৰ আৰু পথৰ সংযোগী অঞ্চলবোৰ ঠেক হৈ পৰাত যানজট হৈছে।

এতিয়া চোন কাম এনেকৈয়ে হয়। অভিলেখ গঢ়িলেই হ'ল। বাকীবোৰ গৌণ। একাংশ উন্মাদ হৈ পৰিছে। কি কৰে নিজেই একো নাজানে। দেখাক দেখি কেতুৰীয়েও বোলে মোকো খা হৈ পৰিছে।

ফ্লাই অভাৰখন ভাগিল !
পাকিস্তানত হিন্দু,মুছলমানৰ দেৱী আৰাধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in