'Love You'- চিনেমা উদ্যোগলৈ ভাবুকি নে সম্ভাৱনা?

আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (কৃত্ৰিম বুদ্ধিমত্তা) যাক চমুকৈ AI বুলি কোৱা হৈছে সেই AI প্ৰযুক্তিয়ে কেৱল প্ৰযুক্তি জগতখনলৈয়ে নহয় সামগ্ৰিকভাৱে সৰ্বস্তৰতে আলোড়ণৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
'Love You'- চিনেমা উদ্যোগলৈ ভাবুকি নে সম্ভাৱনা?

তুষাৰ প্ৰতিম 

Advertisment


আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কৃত্ৰিম বুদ্ধিমত্তা যাক চমুকৈ এ আই বুলি কোৱা হৈছে সেই এ আই প্ৰযুক্তিয়ে কেৱল প্ৰযুক্তি জগতখনলৈয়ে নহয় সামগ্ৰিকভাৱে সৰ্বস্তৰতে আলোড়ণৰ সৃষ্টি কৰিছে। সকলো সম্ভৱ কৰি তুলিব পৰা এ আই প্ৰযুক্তিয়ে এফালে যিদৰে আলোড়ণৰ সৃষ্টি কৰিছে ঠিক সেইদৰেই বিভিন্ন আশংকাৰো সৃষ্টি কৰিছে। 


এই সন্দৰ্ভত বহু কেইটা লেখা ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখা, বিশেষ প্ৰতিবেদন শিতানত প্ৰকাশ পাইছে। এই সন্দৰ্ভত পুনৰ দোহাৰাৰ পৰিবৰ্তে এ আইৰ জৰিয়তে এইবাৰ কিদৰে এইখন ভাৰততে আন এক নজিৰ সৃষ্টিৰ বাবে আগবাঢ়িছে সেয়াহে উল্লেখ কৰিব বিচৰা হৈছে। 


ভাৰতত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্ৰথমখন এ আইৰ দ্বাৰা নিৰ্মিত চিনেমা। সাধাৰণতে এটা কাহিনীক এখন চিনেমাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত অভিনেতা, অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন কলা, কুশলীৰ প্ৰয়োজন হয়। অভিনেতাৰ অভিনয়ক ধৰি ৰাখিবলৈ কেমেৰাৰ পাছফালে থকা কেমেৰা মেনজনৰ পৰা আৰম্ভ কৰি ডাবিং কৰালৈ, সম্পাদনাৰ পৰা সকলো কাৰিকৰী দিশ সঠিকভাৱে চোৱাচিতা কৰালৈ থাকে এটা বৃহত দল। 


কাহিনী এটাক সৰ্বাংগ সুন্দৰকৈ উপস্থাপন কৰাৰ লগতে তাক মনোৰঞ্জন ধৰ্মী কৰি তুলিবলৈ চিনেমাখনৰ কাহিনীৰ বিভিন্ন পটভূমিত গীত সংযোজিত কৰা হয়। সেই মতেই গীতিকাৰে গীত ৰচনা কৰে। সুৰকাৰে তাত সুৰ দিয়ে। সংগীত ব্যৱস্থাপনাৰ সৈতে জড়িত জনে সেইবোৰ ঠিৰাং কৰাৰ লগতে গায়কগৰাকীয়ে কণ্ঠ দিয়ে। 


অভিনেতাই অভিনয়ত মানৱীয় যিদৰে আৱেগ, অনুভূতিৰ প্ৰকাশেৰে জীৱন্ত কৰি তোলে ঠিক সেইদৰে গীতিকাৰ, সুৰকাৰ, গায়কেও চিনেমাৰ গীতক প্ৰাণস্পৰ্শী কৰি তোলে। চিনেমাখনৰ শ্বুটিং কৰাৰ পৰা মুক্তি দি প্ৰদৰ্শন কৰালৈ যদিও প্ৰযুক্তিৰ প্ৰত্যক্ষ সহায় থাকে তথাপিও তাত থাকে মানৱীয় স্পৰ্শ। যিদৰে কেমেৰা আঁৰৰ ব্যক্তিগৰাকীৰ নিখুঁট কেমেৰাৰ কামে প্ৰতিটো এংগল মনোগ্ৰাহী কৰি তোলে। 


আজিৰ তাৰিখত বলিউডৰ এখন বিগ বাজেটৰ ছবি নিৰ্মাণৰ আঁৰত প্ৰযোজক, পৰিচালক, অভিনেতা, অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি মুক্তি দিয়ালৈকে ২০০ ৰ পৰা ৩০০ ব্যক্তি জড়িত হৈ থাকে। কিন্তু শেহতীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা Love You শীৰ্ষক কানাড়া ভাষাত নিৰ্মাণ হোৱা ছবিখনে চিনেমা শিল্পৰ সৈতে জড়িত গোটেই ব্যৱস্থাটোকে জোকাৰি পেলাইছে বুলিলেও অত্যুক্তি কৰা নহ’ব। 


মাত্ৰ দুজন ব্যক্তিয়ে নিৰ্মাণ সম্পূৰ্ণ কৰিছে এই ছবিখন। এই ছবিখন এই ব্যক্তি দুজনে এ আইৰ সহায়ত নিৰ্মাণ সম্পূৰ্ণ কৰিছে। ইয়াৰ অভিনেতা, অভিনেত্ৰীও এ আইৰ দ্বাৰা নিৰ্মিত। ইয়াৰ দৃশ্যায়ন এ আইৰ। চিনেমাখনৰ সকলো ভিজুৱেল এ আইৰ দ্বাৰা তৈয়াৰ কৰা। 


আনকি চিনেমাখনত ব্যৱহাৰ কৰা ১২ টাকৈ গানো এ আইৰ দ্বাৰ সৃষ্টি কৰা। গান কেইটাৰ কথা, সুৰ, কণ্ঠ সকলো এ আইৰ দ্বাৰাই সম্ভৱ হৈছে। ইয়াৰ ডাবিঙো এ আইৰ। ১ ঘণ্টা ৩৫ মিনিট দীঘল এই চিনেমাখনৰ নিৰ্মাণত ব্যয় হৈছে মাত্ৰ ১০ লাখ টকা। 


যদিও চিনেমাখন এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুক্তি দিয়া নাই তথাপিও কেইবাজনো চিনেমা বিশেষজ্ঞই এইখন চাই দাবী কৰিছে সাধাৰণতে নিৰ্মাণ কৰা চিনেমাতকৈ কোনো গুণে কম নহয় এই চিনেমাখন। বৰঞ্চ ইয়াৰ দৃশ্যসমূহ যথেষ্ট আকৰ্ষণীয়। 


Love You শীৰ্ষক কানাড়া ভাষাৰ সম্পূৰ্ণ এ আইৰ এই চিনেমাখনৰ পৰিচালক আৰু প্ৰযোজক নৰসিংহ মূৰ্তি। নৰসিংহ মূৰ্তি পূৰ্বে বেংগালুৰুৰ বাগালাগুণ্টে অঞ্জনেয়া মন্দিৰৰ পুৰোহিত আছিল। অৱশ্যে তাৰ পাছত তেই কেইবাখনো চিনেমা পৰিচালনা কৰি অভিজ্ঞতা আহৰণ কৰিছে। 


ছবিখনৰ সহকাৰী পৰিচালক, এ আই ইঞ্জিনীয়ৰ নুটান। তেওঁ এগৰাকী এল এলবি স্নাতকো। নুটানেও চলচ্চিত্ৰ উদ্যোগত এটা দশক সম্পূৰ্ণ কৰিছে। সেই এটা দশকৰ অভিজ্ঞতা আৰু এ আই ইঞ্জিনীয়াৰ হিচাপে আহৰণ কৰা দক্ষতাক একাকাৰ কৰি তেওঁ নিখুঁটভাৱে নিৰ্মাণ কৰিছে এই ছবিখন।


নুটানে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে চিনেমাখনৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাণৱে এম এল, ক্লিং এ আই, মিনিমেক্সকে ধৰি ২০ৰ পৰা ৩০টা এ আই সঁজুলি ব্যৱহাৰ কৰিছে। যিসকলে ছবিখন চাইছে তেওঁলোকে এইখনক নিয়মীয়া চিনেমাতকৈ ভাল বুলি মতামত দিছে।'


অহা মে’ মাহত এই চিনেমাখন মুক্তি দিয়াৰ কথা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই চিনেমাখন মুক্তি দিয়া হ’ব চিনেমাঘৰত। চিনেমাখনে লাভ কৰিছে চি বি এফ চিৰ প্ৰমাণপত্ৰ (U/A)। সেই ফালৰ পৰাও এনে প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন ভাৰতীয় এ আই চিনেমা হোৱাৰো গৌৰৱ আৰ্জিলে Love You -এ।


এ আইৰ দ্বাৰা নিৰ্মিত এই ছবিখনত অৱশ্যে এ আইৰ দ্বাৰাই নিৰ্মিত চৰিত্ৰসমূহে কিদৰে আৱেগক মূৰ্ত কৰি তুলিব সেয়া উপভোগ কৰাৰ সময়ত স্পষ্ট হ’ব। মানৱীয় আৱেগ, অনুভূতি অবিহনে কিদৰে এ আই চৰিত্ৰই অভিনয় কৰিব সেয়াও দেখিলে স্পষ্ট হ’ব।


ইতিমধ্যে ভাৰতৰ বহু সংবাদ প্ৰতিষ্ঠানত এ আই এংকৰৰ আগমণ ঘটিছে। বহু চৰকাৰী কাৰ্যালয়ত এ আইৰ দ্বাৰা বিভিন্ন কাম সম্পাদন কৰা হৈছে। এ আই প্ৰযুক্তিক অধিক উন্নত কৰাৰ লগতে ইয়াৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। এ আইয়ে কিদৰে আগন্তুক সময়ত সকলো ক্ষেত্ৰকে গ্ৰাস কৰিব তাৰ এয়া এক উদাহৰণহে মাত্ৰ। 


ইতিমধ্যে এ আইৰ জৰিয়তে কবিতা, গল্প আদি লিখি সাহিত্য জগতত এ আইৰ প্ৰবেশ ঘটিছে। বহু গান এআইৰ দ্বাৰা সৃষ্টি কৰা হৈছে। অৱশ্যে এটা নিৰ্দিষ্ট কাহিনীৰ বিভিন্ন পটভূমিত হয়তো এই চিনেমাখনতেই প্ৰথমবাৰৰ বাবে ১২ টাকৈ গান সম্পূৰ্ণ এ আইৰ দ্বাৰা কৰা হৈছে। 


সম্পূৰ্ণ এ আইৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ হোৱা এই চিনেমাখনৰ সফলতা, বিফলতাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিব। যদিহে এই চিনেমাখনে কোৱাৰ দৰেই মানুহৰ মন জয় কৰে আৰু আলোড়ণৰ সৃষ্টি কৰে তেন্তে চিনেমা উদ্যোগৰ সৈতে জড়িত হৈ থকা লোকসকলৰ ভৱিষ্যত যে অন্ধকাৰ সেয়া নিশ্চিত। যদিহে তেনে নহয় তেন্তে শিল্পত মানৱীয় আৱেগ, অনুভূতিৰ গুৰুত্ব কিমান সেয়াও পুনৰ এবাৰ স্পষ্ট হ’ব।

 

বলিউড চিনেমা এ আই প্ৰযুক্তি