/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c75c63cc-18a4-4172-aadd-c7c21cfc4514/AP_FOR_WEB_NEW____bikhekh_lekha_victor_das.jpg)
victor das victor das
মৃদুল কুমাৰ সন্দিকৈ
ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হ'ল। ভিক্টৰ দাসৰ অপৰাধ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ নামত এক দুষ্ট চক্ৰই ধন সংগ্ৰহৰ অপচেষ্টা কৰা বুলি অভিযোগ তুলিছিল। সেই সন্দৰ্ভত ভিক্টৰ দাসে দিয়া টুইটটো মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক টেগ কৰা হৈছিল।
প্ৰথমে ভিক্টৰ দাসক মহানগৰ আৰক্ষীয়ে জেৰা কৰিছিল। এই অভিযোগৰ প্ৰমাণ বিচাৰিছিল। হয়তো ভিক্টৰ দাসে তেনে কোনো প্ৰমাণ আৰক্ষীক দিব পৰা নাছিল। কোনো অপৰাধীয়ে বা দুষ্ট চক্ৰই প্ৰমাণ এৰি এনে কাম নকৰে।
এতিয়া সকলো সজাগ। সেয়েহে অপৰাধ বা কেলেংকাৰী সংঘটিত কৰা ষ্টাইলো সলনি হৈছে। অভিযোগ তোলাৰ বাবেই ভিক্টৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি টুইটাৰতে তাৰ প্ৰত্যুত্তৰ দিলে এইদৰে- One Victor Das has been arrested for spreading false rumors and indulging in a conspiracy to foment discord between various sections of society over selection to Government posts.
উৰা বাতৰি বিয়পোৱাৰ অভিযোগত ভিক্টৰ দাস নামৰ যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া প্ৰশ্ন উঠিছে- ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে এই ধৰণৰ কেলেংকাৰী নোহোৱা হৈ যাব নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই ভাষণত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা কয়।
সেয়ে হয়তো ভিক্টৰ দাসে তেনে যদি কিবা হৈছে, মুখ্যমন্ত্ৰীক দৃষ্টি গোচৰ কৰিবলৈ এই ধৰণে টুইট কৰাৰ অৱকাশ নথকা নহয়। অভিযোগকাৰীয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভৱিষ্যতে দুৰ্নীতি, কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিব বিচৰাসকলো লৈ এক বাৰ্তা প্ৰেৰণ কৰিলে।
২৬ হাজাৰ চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ চেষ্টা চৰকাৰে কৰিছে। তাৰ মাজতে কোনো পক্ষই ইয়াৰ সুযোগ লৈ চাকৰিৰ বজাৰ মেলি নবহিব বুলি আৰক্ষীয়ে ন দি কব পাৰিবনে? ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়াৰ বহু আসোঁৱাহ পোহৰলৈ আহিছে।
চৰকাৰে সেই অভিযোগ নস্যাৎ কৰি যিকোনো মূল্যৰ বিনিময়ত এই নিযুক্তি প্ৰক্ৰিয়াক সৎ আৰু স্বচ্ছ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে। তাৰেই অংশ স্বৰূপে চাকৰিৰ নামত ৭/৮ লাখ টকা দাবী কৰা বুলি অভিযোগ তোলা ভিক্টৰ দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰা মানে সঁচাকৈ এনে দালাল ৰাজত জড়িত সকলক চৰকাৰে উৎসাহিত কৰিলে।
ইয়াৰ পাছত কোনে আৰক্ষী বা মুখ্যমন্ত্ৰীক এনে তথ্য দিবলৈ যাব? অভিযোগ উত্থাপন কৰা ধৰণে ভিক্টৰ দাসৰ হাতত কি তথ্য আছে তাক বিচাৰ বিশ্লেষণ কৰি নিযুক্তিৰ প্ৰক্ৰিয়াত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাটো প্ৰয়োজন আছিল।
ৰাজ্যত চাকৰিৰ নামত ধন লেনদেনৰ যি বজাৰ গঢ় লৈ উঠিছে সেয়া আৰক্ষীয়ে সময়ে সময়ে দেখি আহিছে। খোদ অসম আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়াতে অনিয়ম সংঘটিত হোৱা বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত নোহোৱা হ'লে সেই পৰীক্ষাও চৰকাৰৰ দৃষ্টিত নিকা আৰু স্বচ্ছ হ'ল হয়?
এই নিযুক্তি প্ৰক্ৰিয়াক লৈ কোনেও যাতে মাত মাতিব নোৱাৰে তাৰ বাবে চৰকাৰে যি হঠাকাৰী সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই তেনে অভিযোগক ঢাকি ৰাখিব পাৰিব। কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়া জানো স্বচ্ছ হ'ব? ভিক্টৰ দাসৰ উপৰিও আন এজন যুৱকেও অনুৰূপ অভিযোগ উত্থাপন কৰিছে।
ৰাজ্যত প্ৰান্তে প্ৰান্তে চাকৰিৰ দালাল ঘূৰি ফুৰে। বহুতৰে হয়তো নিযুক্তি দিব পৰা ক্ষমতাই নাথাকে। কিন্তু চাকৰি প্ৰত্যাক্ষী সকলক প্ৰলোভন দি লাখ লাখ টকা সংগ্ৰহ কৰে। ভিক্টৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সলনি তেওঁৰ হাতত থকা তথ্য দি বা অভিযোগ সমূহৰ সঁচা, মিছা নিৰোপন কৰাৰ এক সুযোগ আছিল।
কেৱল ভিক্টৰ দাসক ভুৱা অভিযোগ বা উৰা বাতৰি বিয়পোৱা বুলি এটা দিন জেৰা কৰাৰ অন্তত আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিলেই নিযুক্তি প্ৰক্ৰিয়াত কোনো বেমেজালি হোৱা নাই বুলি প্ৰতিপন্ন কৰিব বিচাৰিলে মানুহৰ মনত বিভিন্ন প্ৰশ্ন ৰৈ গৈছে। ভিক্টৰ দাসৰ পিতৃয়ে এনে অনিয়মৰ বিৰুদ্ধে মাত মাতি ঘাটকৰ হাতত প্ৰাণ হেৰুৱাইছিল।
নিযুক্তিৰ প্ৰক্ৰিয়া সঠিক ভাৱে হোৱাতো সকলোৱে বিচাৰে। ইমান বৃহৎ নিযুক্তিত চৰকাৰে স্বচ্ছতাৰ ৰক্ষাৰ বাবে সৰ্বভাৰতীয় পৰীক্ষাত দি দিয়াৰ দৰে এনছাৰ কীৰ ব্যৱস্থাও কৰিব পাৰিলে হয়। ভিক্টৰ দাসক আমি বিশ্বাস কৰা নাই। ধৰি লোৱা হ'ল তেওঁৰ অভিযোগ ভিত্তিহীন।
কিন্ত অভিযোগ উত্থাপন কৰি বিনম্ৰতাৰে যদি তেনে হৈছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাতোৱেই এখন গণতান্ত্ৰিক দেশত অপৰাধ হ'ব পাৰে। সেয়েহে এতিয়া সাধাৰণ লোকসকল গৰজি উঠিছে। অভিযোগ দিয়া জনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দায়িত্ব সামৰিছে।
সঁচাকৈয়ে যদি চাকৰিৰ নামত ধন লেনদেনৰ এখন বজাৰ গঢ়লৈ উঠিছে তেনে সেই দুষ্ট চক্ৰক উৎখাত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা চাকৰিৰ নামত এনে যদি অনিয়ম হৈছে বুলি ভৱিষ্যতে প্ৰমাণিত হয় তেনে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা আৰক্ষী বা চৰকাৰেই ৰাইজৰ দৃষ্টিত খলনায়ক হৈ পৰিব।