/asomiyapratidin/media/media_files/2025/01/23/Ahd34OV69jhLbfaZ7MPI.jpg)
মৃদুল কুমাৰ সন্দিকৈ
‘’এইবেলি বিহুতে বোলে কাটিব মোকে, কাৰণ বোলে মই এটা গাহৰি/ এইবেলি বিহুতে বোলে, এ গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ/ এই দেহা, এ শুনা কথা, মোৰ ঘৰৰ বাকৰিত গুণা গঠা/ মাই আনি ৰাখিছে গৰুৰ পঘা...’’ - এতিয়া গাহৰিক লৈয়ো এনে গীত ৰচনা হয়।
ইয়াৰ কাৰণ হ’ল গাহৰিৰ মাংসৰ জনপ্ৰিয়তা আৰু গাহৰি পালনেৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে স্বাৱলম্বনৰ পথ মোকলাইছে। উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ এই বৃহৎ বজাৰখন দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে।
অসম তথা উত্তৰ পূবত গাহৰি মাংসৰ এই বজাৰখনৰ পৰিসৰ বছৰি ৮ ৰ পৰা ১০ হাজাৰ কোটিৰ কম নহয়। সেই সম্ভাৱনা ইমান বৃদ্ধি পাইছে যে, অসমৰ এই গাহৰি বজাৰখনৰ ওপৰত ইতিমধ্যে বহিঃ ৰাজ্যৰ গাহৰি উৎপাদকসকলৰ চকু ভালকৈয়ে পৰিছে।
যি বৃহৎ পৰিমাণৰ গাহৰি মাংস অসম তথা উত্তৰ পূবত প্ৰয়োজন হয় তাৰ জোৰা মাৰিবলৈ ৰাজ্যত উৎপাদন কৰা গাহৰিয়েই যথেষ্ট নহয়। অসমত প্ৰায় ২১ হাজাৰ ব্যৱসায়ীক ভিত্তিত গাহৰি পোহা গাহৰি পালক আছে। সেইসকলে উৎপাদন কৰা গাহৰিৰ মাংসই উত্তৰ পূবৰ মাত্ৰ ৩০ শতাংশ চাহিদাহে পূৰণ কৰিব পাৰে।
অসম তথা উত্তৰ পূবৰ গাহৰিৰ মাংসৰ বজাৰখনলৈ সেয়েহে হাৰিয়ানা, পঞ্জাব, কেৰালা, বিহাৰ আদি ৰাজ্যৰ পৰা গাহৰি আমদানি কৰিবলগীয়া হয়। অৰ্থাৎ অসমৰ বা উত্তৰ পূবৰ গাহৰিৰ বজাৰখনৰ বছৰি ৭ হাজাৰ কোটি টকাই ব্যৱসায় কৰে বহিঃ ৰাজ্যৰ গাহৰি উৎপাদকে।
অথচ উত্তৰ পূবৰ নিবনুৱা সমস্যা সমাধান আৰু এই অঞ্চলটোৰ এক আৰ্থ-সামাজিক দিশটোক টনকিয়াল কৰিবলৈ চৰকাৰে এই ক্ষেত্ৰখনত মনোনিবেশ কৰাৰ বহু অৱকাশ আছিল। অসমৰ জনজাতীয় লোকসকলে গাহৰি পোহাটো এক পৰম্পৰা হিচাপে গণ্য কৰে।
ব্যৱসায়িক ভিত্তিত তেওঁলোকে গাহৰি পালন নকৰিলেও যি দুই, এটা গাহৰি পোহে সেই গাহৰিৰ জৰিয়তে পৰিয়ালৰ বহু আৰ্থিক সমস্যা সমাধানৰ বাট মুকলি কৰে। ইয়াৰ লগতে জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ খাদ্য পৰম্পৰা, ধৰ্মীয় নীতি-নিময়, উৎসৱ, পাৰ্বন পালন কৰোঁতে গাহৰি মাংস ব্যৱহাৰ কৰাটো এক নিয়ম।
দহ লক্ষ্যাধিক লোক কেৱল অসমত পৰোক্ষ, প্ৰত্যক্ষভাৱে গাহৰি পালনৰ বা গাহৰি মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। সদৌ অসম গাহৰি পালক সন্থা নামৰ এটা সংগঠনো আছে গাহৰি উৎপাদকসকলৰ।
তেওঁলোকে বিভিন্ন সময়ত এই বৃত্তিটোৰ সৈতে জড়িত হৈ থাকোঁতে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট মন্ত্ৰী তথা বিভাগক তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰি ইয়াৰ সমাধানৰ দাবী তুলি আহিছে।
এই দাবীসমূহৰ ভিতৰত গাহৰি পালনৰ বাবে ঋণ প্ৰদান, প্ৰয়োজনীয় পুঁজি সময়মতে মুকলাই দিয়া, গাহৰি সংশাধন প্ৰকল্পৰ বিস্তাৰ কৰা, সুপৰিকল্পিত আৰু বিজ্ঞান সন্মত এখন বজাৰ তৈয়াৰ কৰা আদি দাবীসমূহ উল্লেখযোগ্য। অসমত এখন বিশ্বমানৰ গাহৰি মাংসৰ বজাৰ গঢ়ি তুলিবলৈ ল'বলগীয়া এই পদক্ষেপ সমূহৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে যদিও সেইবোৰ ৰহস্যজনক কাৰণত কাৰ্যকৰী নহয়।
ৰাজ্যৰ গাহৰি বজাৰখনৰ আন এক ডাঙৰ সমস্যা হৈছে বিশেষ উন্নত জাতৰ সঁচৰ অভাৱ। দীৰ্ঘদিন ধৰি একেখিনি গাহৰিৰ মাজত প্ৰজন্মন কৰাই থকাৰ হেতু আন্তঃপ্ৰজননৰ সমস্যাই দেখা দিছে।
সেয়েহে বহিঃৰাষ্ট্ৰৰ পৰা গুণগত গাহৰি সঁচ আনি আমাৰ ৰাজ্যখনত থকা চৰকাৰী প্ৰজনন পামসমূহ প্ৰগতিশীল গাহৰি পালকৰ সৈতে পাবলিক, প্ৰাইভেট পাৰ্টনাৰশ্বিপ প্ৰক্ৰিয়াৰে এক সুপৰিকল্পিত আৰু জৈৱ সুৰক্ষাৰ প্ৰজনন ব্যৱস্থাৰ প্ৰয়োজনীয় কথাও গাহৰি পালকসকলে কৈ আহিছে।
বিভিন্ন সময়ত চৰকাৰে, বিভিন্ন আঁচনি ঘোষণা কৰে। তাৰ ভিতৰত আছাম পীগ ব্ৰিডিং পলিচী-২০১৯ অন্যতম। মাংসৰ বাবে উৎপাদন কৰা গাহৰিৰ পামসমূহ বিভাগৰ অধীনত পঞ্জীয়ন কৰাৰ দাবীও সদৌ অসম গাহৰি পালক সন্থাই তুলি আহিছে।
গাহৰি পালনৰ ক্ষেত্ৰত সুষম আহাৰৰ সমস্যাৰ সন্মুখীন হয় পালকসকল। বহিঃ ৰাজ্যৰ সৈতে তিষ্টি থাকিবলৈ ৰাজসাহায্যযুক্ত সুষম আহাৰ প্ৰদান কৰাৰ দাবীও গাহৰি পালকসকলৰ অন্যতম দাবী।
গাহৰি পালনৰ আন এক সমস্যা হ'ল সংক্ৰামক ৰোগত গাহৰি আক্ৰান্ত হয়। এইবোৰ দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি এই উদ্যোগটোক প্ৰসাৰ আৰু বিস্তাৰত সহায় কৰিব পাৰিলে হয়। গাহৰি উৎপাদনৰ বাবে পৰ্ক প্ৰছেচিং প্লাণ্ট স্থাপন, মধ্যস্থৰৰ কাছাই খানাৰ জৰিয়তে মাংসৰ এখন ভাল বজাৰ গঢ়ি তোলাৰ আৱশ্যক কেতিয়াবাই আছিল।
ইয়াৰ লগতে ৰাজসাহায্যযুক্ত গাহৰি, বীমা আঁচনি বন্ধ কৰি থোৱাৰ বাবেও গাহৰি পালকসকল আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আফ্ৰিকান ছুৱাইন ফিভাৰ ৰোগত গাহৰি আক্ৰান্ত হ'লে সেই ৰোগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰীভাৱে গাহৰিসমূহ নিধন কৰে। কিন্তু চৰকাৰে তাৰ বিপৰীতে সামান্য পৰিমাণৰ ক্ষতিৰপূৰণহে গাহৰি পালকসকলক দিয়ে। তাকো সেই ক্ষতিপূৰণ সময়মতে গাহৰি পালকসকলে নাপায়।
আটাইতকৈ ডাঙৰ কথাটো হৈছে বিজ্ঞান সন্মতভাৱে গাহৰি পালন কৰিবলৈ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো। এইবোৰ দিশত চৰকাৰে উদ্যোগ লোৱা হ'লে আজি অসমৰ গাহৰি মাংসৰ এই বজাৰখন বিশ্বৰ পৰ্যায়ৰ এক গাহৰিৰ বজাৰলৈ উন্নীত হল হয়।
সদৌ অসম গাহৰি পালক সন্থাই চৰকাৰৰ ওচৰত এই দাবীবোৰ উত্থাপন কৰি ভাবি আছিল যে, চৰকাৰে পৰ্যায়ক্ৰমে এই সমস্যাসমূহ সমাধান কৰিব। কাৰণ এতিয়া জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে গাহৰিৰ মাংসক আদৰি লৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ২০২১ চনত গঠন কৰা সদৌ অসম গাহৰি পালক সন্থাই ৩ বাৰকৈ সাক্ষাৎ কৰিছিল। মুখ্যমন্ত্ৰীয়েও গাহৰি পালকসকলৰ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ৭ অক্টোবৰ ২০২৪ ত অসমৰ মুখ্য সচিবৰ সভাপতিত্বত এক আলোচনা অনুষ্ঠিত হৈছিল।
সেই আলোচনাত অসমৰ থলুৱা গাহৰি পালকৰ সুবিধাৰ্থে গ্ৰেট ব্ৰিটেইন বা কানাডাৰ পৰা ৩০০ উন্নত সঁচৰ গাহৰি আমদানি কৰি অসমৰ থলুৱা গাহৰি পালকসকলৰ যৌথ উদ্যোগত পুনৰ প্ৰজনন প্ৰক্ৰিয়াৰে গাহৰি সঁচ উৎপাদনৰ সিদ্ধান্ত লৈছিল।
ইয়াৰ বাবে প্ৰয়োজনীয় ৫ কোটি টকা ধাৰ্য কৰাৰ কথাও ঘোষণা কৰিছিল। অসম বিধানসভাৰ বাজেট অধিবেশনৰ পাছতে সেয়া কাৰ্যকৰী কৰাৰ কথা আছিল। এইবোৰ আলোচনাত লোৱা সিদ্ধান্ত মৰ্মে গাহৰি পালকসকলে এই ক্ষেত্ৰখনলৈ পৰিবৰ্তন আহিব বুলি ভাবি আছিল।
কিন্তু সেই পৰিবৰ্তন আলোচনাত হোৱাৰ দৰে নাহিল। ১৯ জানুৱাৰী ২০২৫ ত পশুপালন বিভাগৰ নতুনকৈ দায়িত্ব লোৱা মন্ত্ৰী কৃষ্ণেন্দু পালে সামাজিক মাধ্যম যোগে গাহৰি পালকসকলক আচৰিত কৰি এক সিদ্ধান্তৰ কথা ঘোষণা কৰিলে।
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসমৰ গাহৰি পালনৰ সকলো দায়িত্ব দিবলৈ ওলাইছে বেংককৰ এটা কোম্পানীক। এডভাণ্টেজ আছাম ২.০ ৰ দোহাই দি এই বিদেশী কোম্পানীটোৰ হাতত চৰকাৰে ৰাজ্যৰ গাহৰি পালনৰ যিবোৰ দায়িত্ব দিব লৈছে সেয়া হৈ উঠিলে অসমৰ থলুৱা গাহৰি পালকে আৰু এই ক্ষেত্ৰখনত তিষ্টি থাকিব নোৱাৰিব।
অতি কৌশলগতভাৱে ৰাজ্য চৰকাৰে বেংককৰ চি পি ফীড নামৰ কোম্পানীটোক প্ৰথমে দিব বিচাৰিছে নিউক্লিয়াছ ফাৰ্মৰ দায়িত্ব। অৰ্থাৎ ৰাজ্যত এই ফাৰ্মখনে গ্ৰেণ্ট পেৰেণ্টৰ জৰিয়তে তেওঁলোকে গাহৰিৰ উন্নত জাতৰ সঁচ ব্ৰীডিং কৰি বিক্ৰী কৰিব।
ইয়াৰ লগতে গাহৰিৰ বাবে প্ৰয়োজনীয় ফিড যোগান ধৰিব তেওঁলোকে। ইতিমধ্যে বিদেশী চাৰি, পাঁচখন দেশত ব্যৱসায়ৰ সৈতে জড়িত এই কোম্পানী। পুঁজিপতি এই কোম্পানীটোৱে লাহেকৈ উত্তৰ পূবৰে নহয়, দেশৰে গাহৰি বজাৰখন নিজৰ নিয়ন্ত্ৰণলৈ লৈ যাব।
প্ৰয়োজনত তেওঁলোকে গাহৰি উৎপাদনতো মনোনিবেশ কৰিব। এই পুঁজিপতি গোষ্ঠীৰ কৱলত গাহৰি পালনৰ ক্ষেত্ৰখন পৰাৰ পাছত কেনেকৈ তিষ্টি থাকিব থলুৱা গাহৰি পালকসকল? ৰাজ্য চৰকাৰে সেইবোৰ দিশ অনুধাৱন নকৰাকৈ লোৱা এই সিদ্ধান্তই অসমৰ থলুৱা গাহৰি পালকসকলক ক্ষতি কৰাৰ লগতে দেশৰ আন গাহৰি পালকসকলকো ক্ষতিগ্ৰস্ত কৰিব।
গাহৰি পালনৰ সৈতে জড়িত বিতোপন গগৈৰ মতে এই কাৰ্যই অসমৰ গাহৰি পালকসকলৰ মূৰত ৰাম টাঙোন মাৰিব আৰু গাহৰি পালকসকলৰ মেৰুদণ্ড ভাঙি যাব। সদৌ অসম গাহৰি পালক সন্থাৰ তিনিচুকীয়া জিলাৰ অন্যতম বিষয়ববীয়া বিতোপন গগৈয়ে আৰু কয়, চৰকাৰে গাহৰি পালকৰ বাবে ৫ কোটি টকা ব্যয় কৰিবলৈয়ো ধনৰ অভাৱ হলনে?