বিহুত গীত গাবলৈ মাতিব পাৰে বজাৰত গান গোৱা ছোৱালীজনীক

বিহুত গীত গাবলৈ মাতিব পাৰে বজাৰত গান গোৱা ছোৱালীজনীক

- মৃদুল কুমাৰ সন্দিকৈ

লতা মংগেশকাৰ, আলকা য়াগনিক নহয়, এজনী সাধাৰণ ছোৱালী । দূৰৈৰ পৰা ভাঁহি অহা গীত যিয়ে শুনিছে, তেৱেই এবাৰলৈ হ'লেও থমকি ৰৈছে । বজাৰৰ মাজমজিয়াত যথেষ্ট মানুহ, উৎসুকতাৰে ক'ৰ পৰা সেই গীত ভাঁহি আহিছে বুলি প্ৰায়ভাগ মানুহেই ইফালে সিফালে চাইছে । সেই গীতৰ উৎস বিচাৰি বহু জন লোক ছোৱালীজনীৰ কাষ চাপি গৈছে । এটাৰ পাছত আনটো গীত ছোৱালীজনীয়ে গাই গৈছে । কেতিয়াবা যদি অসমীয়া, কেতিয়াবা হিন্দী, কেতিয়াবা বড়ো ।

গান শুনি তন্ময় হৈ ৰৈ যোৱা প্ৰায় ভাগ লোকেই সেই ঠাই এৰাৰ পূৰ্বে ছোৱালীজনীলৈ বুলি কিবা এটা দি থৈ গৈছে । কোনোবাই দহ টকা, কোনোবাই পঞ্চাশ টকা, বিশ টকা । হঠাৎ এজন ব্যক্তি আহি ছোৱালীজনীক দি গ'ল টকা দুশ । এইয়া মানুহৰ মৰম । সৰু প'ৰ্টেবল ছাউণ্ড ছিচেষ্টমৰ সৈতে এজন ল'ৰাই ছোৱালীজনীয়ে গাব লগা গানবোৰৰ ট্ৰে'ক মোবাইলত বিচাৰি দি তাইক সহায় কৰি গৈছে । স্পীকাৰটোৰ ওপৰতেই মানুহে দি গৈছে টকা ।  মহানগৰীৰ এখন অতি ব্যস্ত বজাৰ - বেলতলা বজাৰ । বৃহস্পতিবাৰে আৰু দেওবাৰে সেই বজাৰ বহে ৰাজপথৰ ওপৰতে । যথেষ্ট মানুহৰ সমাগম হয় বজাৰ খনত ।

দেওবাৰ অৰ্থাৎ ৫ মাৰ্চ,২০২৩ত বেলতলা বজাৰৰ দৃশ্য আছিল এইয়া । ছোৱালীজনীৰ ঘৰ নলবাৰী জিলাৰ মাজুশিৰালত । এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী । সপ্তম শ্ৰেণীত পঢ়ি থকা ছোৱালী জনীৰ নাম চেমিনা বেগম । ঘৰত মাতে মাইনু । ভূমিহীন পৰিয়ালটোৰ পোহপাল দিয়ে দেউতাকে দিন হাজিৰা কৰি । এনেকৈয়ে দুটা ল'ৰা আৰু একমাত্ৰ ছোৱালীজনীক পঢ়ুৱাই আছে । সৰুৰে পৰাই গান গাই চেমিনাই । দুই এখন বিহু ফাংছনো কৰিছে স্থানীয় অঞ্চলত । গান তেওঁ আনুষ্ঠানিকভাৱে শিকা নাই কিন্তু ছোৱালীজনীৰ জনপ্ৰিয় প্ৰায়বোৰ গীতেই হেনো মুখস্থ । ভূমিহীন পৰিয়ালটো চলাই নিয়াত পিতৃৰ পৰিশ্ৰম দেখি চেমিনাই দুই এখন বজাৰলৈ গৈয়ো গীত পৰিৱেশন কৰি কিছু টকা সংগ্ৰহ কৰে এনেদৰে । গান শুনি ভালপোৱা জনে মৰমতে যি দিয়ে তাক লৈয়ে সন্তুষ্ট ।

জীৱন সংগ্ৰাম কৰিব খোজে চেমিনাই । লাজ লাজ কৰি তাই কও নকওকৈ কথাবোৰ কৈ গৈছিল । তাইৰ গান শুনিবলৈ মানুহ আহিছে, গৈছে । কেতিয়াবা বহু মানুহ জমা হৈছে তাইৰ কাষত । হাতত বজাৰৰ বেগ লৈ দুই একে সেই ফালেৰে পাৰ হে যাওতেও স্পীকাৰটোৰ ওপৰত দহ-বিশ টকা থৈও আতৰি গৈছে ।

সংগীত ভালদৰে শিকা হ'লে, ভাল এখন প্লেটফৰ্ম পোৱা হ'লে নলবাৰীৰ এই ছোৱালী জনীয়ে কিবা এটা কৰি দেখুৱালে হেতেন । তাত গান শুনি ৰৈ থকা দুই একে পাতিলে এইবোৰ কথা । লক্ষ্যণীয়ভাৱে এজন মানুহে আহি তাইক বিশটা টকা দি এটা গান শুনি আতৰি যাওতেই দেখিলো ৰিক্সাখন লৈ মানুহজন জয়ানগৰৰ ফালে গুছি গৈছে । ৰিক্সা চলাই উপাৰ্জন কৰা এজন মানুহৰো ছোৱালীজনীৰ প্ৰতি ইমান মৰম ।

তাইৰ কাষত থিয় হৈ থকা যুৱকজন তাইৰ ককায়েক । এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থী । প্ৰথম পৰীক্ষা হৈ গৈছে, আৰু বাকীবোৰ পৰীক্ষা আছেই । দেউতাকো লগত আছে যদিও মোবাইলৰে স্পীকাৰৰ ব্লুটুথ কানেকছন, বেটেৰী সংযোগ এইবোৰ কাম তেঁও কৰিব নোৱাৰে । লগতে ইউটিউব খুচৰি তাই গাব খোজা গানবোৰৰ মিউজিকেল ট্ৰে'ক বিচাৰি উলিয়াওতেও সমস্যা হয় । সেয়েহে পৰীক্ষাৰ মাজতো ককায়েক তাইৰ সৈতে আহিব লগীয়া হৈছে । পৰীক্ষা চলি থকাৰ বাবে টকাৰো প্ৰয়োজন হয়, আগৰ দৰে দিন হাজিৰা কৰিবলৈও কামৰ অভাৱ দেউতাকৰ ।

এইবোৰ ভাবিয়েই বজাৰত দুটামান টকা পাম বুলিয়েই গুৱাহাটীলৈ আহিছিল ছোৱালীজনী । আন এটা গান গাবলৈ ছোৱালীজনী সাজু হৈছিল । মোবাইলত মিউজিক ট্ৰে'কটো ল'ৰাজনে লগাই দিছিল । হঠাৎ এজন চিকিউৰিটি গাৰ্ড আহিল । ফ্লেটটোৰ গে'টখনৰ চুকত থকা পদপথত গান গাই থকা ছোৱালীজনীক আতৰি যাবলৈ ক'লে । ফ্লে'টত থকা কোনো বাসিন্দাই হেনো বিৰক্তি পাইছে । ছোৱালীজনীৰ গান শুনিবলৈ মানুহ জমা হোৱাত অসুবিধা হৈছে । তাই গান গোৱা বন্ধ কৰিলে । ককায়েক, দেউতাকে আহি স্পীকাৰটোৰ পৰা মাইক্ৰ'ফোনটো খুলিলে । বেটেৰীৰ কানেকছন এৰুৱালে । গান গাবলৈ এটুকুৰা ঠাই বিচাৰি ব্যস্ত বেলতলা বজাৰখনৰ জনসমুদ্ৰত তিনিও হেৰাই গ'ল ।

ছোৱালীজনী ক'লৈ গ'ল বিচাৰি যাওতেই দেখা পালো পথৰ ডিভাইডাৰৰ ওপৰত কিছু দূৰ গৈ তিনিও ৰৈ আছে । ইফালে সিফালে চাইছে ক'ৰ'বাত খালী ঠাই আছে নেকি । দোকান পোহাৰে ভৰি থকা বেলতলা বজাৰত, বজাৰৰ দিনা খালী ঠাইৰ বাবে প্ৰতিযোগিতা লাগে । ভাগ্যত থাকিলেহে পদপথত কোনোবাই ঠাই অকন বিচাৰি পায় । ছোৱালীজনীৰ দেউতাকক শুধিলো "কিয় ৰৈ আছে ইয়াত ?" তেঁও ক'লে, "দোকান-পোহাৰৰ মাজত থিয় হৈ গান গাবলৈ খালী ঠাই অকনো নাই ।"

তেঁওক অকমাণ আগলৈ গৈ ঠাই পাই নেকি চাবলৈ ক'লো । মানুহজন পুনৰ পুত্ৰ কন্যাক এৰি ঠাই বিচাৰি আতৰি গ'ল । মনত এটা কথাই লাগি থাকিল - আজিকালি ৰাজপথতো সৰু সৰু মানুহবোৰৰ বাবে ঠাইৰ অভাৱ হ'ল । ছোৱালীজনীক এৰি উভতি আহোতে কাণত তাইৰ মিঠা গীতবোৰেই বাজি থাকিল । জীৱন সচাই বিচিত্ৰ । লাখ লাখ টকা ব্যয় কৰি আমি বিহুৰ সময়ত অনুষ্ঠান পাতো, উৎসৱৰ বতৰত নামী-দামী শিল্পী মাতি পানীৰ দৰে টকা খৰচ কৰো । এই ছোৱালী জনীক বিহুৰ বতৰত গান গাবলৈ মাতিবলৈ বৰ বেছি ধনৰ প্ৰয়োজন নহ'ব । এনেবোৰ প্ৰতিভাক সেই মঞ্চবোৰত ঠাই দিব নোৱাৰিব নে ? সেইবোৰ কথা আমি ভাবিব নোৱাৰোনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in