/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4a652c0b-8eba-4683-9755-62d37a11baa3/AP_FOR_WEB_NEW____bikhekh_lekha_Recovered__2_.jpg)
অলিম্পিকলৈ অসমৰ গীতিকা...
লক্ষ্য থাকিলে, কষ্ট কৰিলে সফলতা লাভ কৰাত কোনেও বাধা দিব নোৱাৰে। এনে লক্ষ্য লৈয়ে কঠোৰ পৰিশ্ৰমেৰে সাংবাদিকতাক বৃত্তি হিচাপে লোৱা অসমৰ এগৰাকী মহিলা সাংবাদিক এতিয়া চৰ্চাত।
অসম কন্যা গীতিকা তালুকদাৰ আৰু কিছু দিনৰ পিছতে উৰা মাৰিব পেৰিছলৈ। ২৬ জুলাই ২০২৪ ৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্বৰ এই বৃহৎ ক্ৰীড়াংগণলৈ গীতিকা তালুকদাৰক আমন্ত্ৰণ জনাইছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই।
পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকৰ বাতৰি, ফটো সংগ্ৰহৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিক যাব। তাৰ ভিতৰত নিৰ্বাচিত কিছু সাংবাদিকক প্ৰত্যক্ষভাৱে এই ক্ৰীড়া অনুষ্ঠানলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই আমন্ত্ৰণ জনাইছে।
বিশ্বৰ মুষ্টিমেয় আৰু নিৰ্বাচিত সেই সাংবাদিকসকলৰ ভিতৰত আছে অসমৰ গীতিকা তালুকদাৰ। বৰ্তমান ছিউলত থকা গীতিকা জুনৰ শেষৰ ফালে আহি স্বদেশ পাবহি। তাৰ পাছত ২৩ জুলাইত ২০২৪ ত নতুন দিল্লীৰ পৰা পেৰিছ অভিমুখে উৰা মাৰিব গীতিকা।
সাংবাদিকতাৰ জগতত গীতিকাই অসমৰ পৰা গৈ এক বিশ্বজনীন পৰিচয় গঢ়ি তুলিবলৈ ইতিমধ্যে সক্ষম হৈছে। ২০২০ ৰ টকিঅ' অলিম্পকতো খবৰ আৰু ফটো সংগ্ৰহৰ বাবে গীতিকা গৈছিল। অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত অনুষ্ঠিত ফিফাৰ মহিলা বিশ্বকাপ, ফ্ৰান্সৰ মহিলা বিশ্বকাপ ফুটবল, ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপ ফুটবল, লণ্ডনত অনুষ্ঠিত আই চি চি ক্ৰিকেট বিশ্বকাপ, কাটাৰত অনুষ্ঠিত বিশ্বকাপ ফুটবল, কমনৱেলথ গেমছ, ছাউথ এছিয়ান গেমছ আদিত বাতৰিৰ বাবে আমন্ত্ৰণ লাভ কৰা সাংবাদিক গীতিকা।
আই পি এলৰো বাতৰি আৰু ফটো সংগ্ৰহ কৰি বিশ্বৰ বহু প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত যোগান ধৰা অভিজ্ঞতাৰে পুষ্ট এইগৰাকী সাংবাদিক। অসমৰ দৰে এখন ৰাজ্যৰ পৰা গৈ কেৱল নিজৰ সাহস আৰু উদ্যমৰ বাবেই গীতিকাই আজি এই প্ৰতিষ্ঠা লাভ কৰিছে।
ছিউলত বৰ্তমান এক প্ৰজেক্টৰ কামত ব্যস্ত গীতিকা। সেই ব্যস্ততাৰ মাজতেই এই সুখবৰৰ বাবে অভিনন্দন জনাই গীতিকাৰ সৈতে কথা পাতোতে গীতিকাই উৎফুল্লিত ভাৱেই ক'লে প্ৰত্যক্ষ ভাৱে আন্তঃৰাষ্ট্ৰয় অলিম্পিক সংস্থাই তেওঁক পেৰিছ অলিম্পিকৰ বাবে বাতৰি আৰু ফটো সংগ্ৰহৰ বাবে নিৰ্বাচন কৰাত তেওঁ নিজেই সৌভাগ্য অনুভৱ কৰিছে।
গীতিকাই অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ সৈতে দক্ষিণ কোৰিয়াৰ ক্ৰীড়া ক্ষেত্ৰক সংযোজিত কৰা এক ক্ৰীড়া প্ৰকল্প অতি শীঘ্ৰেই অসমত ৰূপায়ণ হ'ব বুলিও জনালে। ছোৱালীৰ বাবে এই প্ৰকল্পৰ কাম ৰূপায়ণৰ অংশ হিচাপেই তেওঁ বৰ্তমান ছিউলত ব্যস্ত।
উল্লেখযোগ্য যে, ছিউল নেচনেল ইউনিভাৰ্ছিটি, দক্ষিণ কোৰিয়াৰ পৰা তেওঁ মাষ্টাৰ ইন স্প'ৰ্টছ মেনজমেণ্টৰ ডিগ্ৰী গ্ৰহণ কৰিছে ২০২২ ত। দক্ষিণ কোৰিয়াৰ স্প'ৰ্টছ মিনিষ্ট্ৰিয়ে প্ৰদান কৰা জলপানী লৈ এই দিশত গীতিকাই কাম কৰি আছে।
বৰ্তমান গুৱাহাটীৰ জুৰীপাৰত গীতিকাৰ ঘৰ। মূলতঃ তেওঁলোক নলবাৰীৰ চামতাৰ। পিতৃ ধীৰেন্দ্ৰ নাথ তালুকদাৰ আছিল এছ এছ বিত কৰ্মৰত। অৱশ্যে তেওঁ কিছু বছৰৰ পূৰ্বে অৱসৰ লৈছে।
দেউতাকে খুব ভাল ফুটবল খেলা সূত্ৰে গীতিকাৰ প্ৰিয় ফুটবল খেল। ২০০৫ চনত অসম মেডিয়া ট্ৰাষ্টৰ পৰা সাংবাদিকতাৰ শিক্ষা লৈছিল গীতিকাই। তাৰ পাছত 'ইষ্টাৰ্ণ প্ৰজেকছন'ত কিছুদিন 'ইণ্টাৰ্নছিপ' কৰি ২০০৭ চনত গীতিকাই যোগদান কৰিছিল জি এল পাব্লিকেছনত।
গীতিকাই পূৰ্বাঞ্চল প্ৰহৰী, আমাৰ অসম আদি স্থানীয় কাকতত কাম কৰি ইণ্ডিয়া টুডে', পিটিআই, এ এফ টি আদি প্ৰতিষ্ঠানত সংবাদ আৰু ফটো যোগান ধৰিছিল। বৰ্তমান জাৰ্মানৰ এটা নিউজ এজেঞ্চী তথা দিল্লীৰ ফাইনেঞ্চিয়েল টাইমছত গীতিকাই নিয়মীয়াকৈ খবৰ আৰু ফটো যোগান ধৰে।
প্ৰৱল আত্মবিশ্বাসী গীতিকাই কান্ধত কেমেৰা ওলোমায়েই কেৱল আত্মবিশ্বাসেৰে এই সফলতা অৰ্জন কৰিছে। গীতিকা তালুকদাৰ আন্তঃজাৰ্তিক অলিম্পিক সন্থাই পোনপটিয়াভাৱে স্বীকৃতি দি অলিম্পিকলৈ নিমন্ত্ৰণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা সাংবাদিক।
গীতিকাৰ এই যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানেৰে ভৰা আছিল। তেওঁৰ কোনো গড ফাডাৰ নাছিল। কেৱল লৈ ফুৰিছিল সপোন। কাঠামাণ্ডুত থাকোঁতেই তেওঁলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ এই ইমেইল আহিছিল।
কিছু দিনৰ পূৰ্বে তেওঁৰ হাতত পেৰিছ অলিম্পিকৰ পৰিচয় পত্ৰ, পাৰপত্ৰ আদি আহি পৰিছেহি। তাৰ পাছতহে তেওঁ ৰাজহুৱা কৰিছে এই খবৰ। ১৯ বছৰ তেওঁ ক্ৰীড়া তথা ফটো সাংবাদিক হিচাপে যথেষ্ট পৰিশ্ৰম কৰিছে। আৰু এতিয়া সেই পৰিশ্ৰমৰ ফল লাভ কৰিছে।
নতুন প্ৰজন্মৰ সাংবাদিকতাৰ বৃত্তিৰ সৈতে জড়িতসকলক তেওঁ কব খোজে ভালকৈ সততাৰে কাম কৰিলে তাৰ মূল্য পোৱা যায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গীতিকাই বহু খবৰ দিছে, বহু ফটো সংগ্ৰহ কৰিছে।
টকিঅ' অলিম্পিকত গীতিকাই চকুৰ সন্মুখত দেখিছিল ভাৰতীয় খেলুৱৈৰ সফলতা। পিভি সিন্ধুৱে অলিম্পিকত ৰূপৰ পদক লাভ কৰা মুহূৰ্তটোৰ পৰা ইতিহাস ৰচি নীৰজ চোপ্ৰাই সোণৰ পদক পোৱালৈকে ভাল লগা এই ক্ষণৰ সাক্ষী হৈছিল তেওঁ। গৰ্ব অনুভৱ কৰিছিল পদক বিজয়ীসকলক পদক প্ৰদান কৰা মুহূৰ্তত বাজি উঠা ৰাষ্ট্ৰীয় সংগতীকলৈ।
এইবোৰ ভাল লগা মুহূৰ্ততকৈ আৰু এক বিশেষ মুহূৰ্ত অতি ভাল লগা আছিল তেওঁৰ বাবে। সেইদিনা ৰিঙত নামিছিল লাভলীনা বৰগোঁহাই। ফেচবুকত গীতিকাই লাইভ কৰিছিল সেই খেল। বক্সিঙত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল সেইবাৰ।
গীতিকাৰ মতে এগৰাকী অসম জীয়ৰীৰ এই অভূতপূৰ্ব সফলতাৰ সাক্ষী হৈছিলো মই। অলিম্পিকত জিলিকি উঠিছিল এগৰাকী অসম কন্যা। আৰু সেই খবৰ দিবলৈ তাত আছিল আন এগৰাকী অসমীয়া জীয়ৰী।
গীতিকাই সেয়েহে তেওঁৰ সাংবাদিকতা জীৱনৰ অন্যতম মধুৰ ক্ষণ বুলি ভাৱে সেই সময়খিনিক। এইবাৰ গীতিকা যাব পেৰিছলৈ। আকৌ তেনে মধুৰ ক্ষণৰে সাক্ষী হোৱাৰ আশাত গীতিকা বন্দী। গীতিকাৰ কেমেৰাই তোলা ছবি আৰু খবৰে বিশ্বৰ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত অলিম্পিকৰ বাতৰি হিচাপে প্ৰকাশ পাব। অভিনন্দ গীতিকা তালুকদাৰ।