ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাই। অসম্ভৱ যেন লগা সকলো কথাই ৰাজনীতিত সম্ভৱ। আদৰ্শ, ব্যক্তিত্ব, স্থিতি এইবোৰ এতিয়া কেৱল একো একোটা ৰোমাণ্টিক শব্দহে মাত্ৰ। শুনিবলৈহে শুৱলা। ৰাজনীতিত এইবোৰৰ এতিয়া কোনো প্ৰয়োজনীয়তা নাই।
ৰাইজেও এইবোৰ শব্দ কেৱল অভিধানিক শব্দ হিচাপেই মানি লৈছে। স্বীকাৰ কৰি লৈছে ৰাজনীতি কেৱল ক্ষমতাশালী একাংশৰ মাজৰ অৰিয়া অৰি। ইয়াৰ পৰা সৰ্বসাধৰণৰ কোনো পাবলগীয়া নাই অথবা ৰাজনীতিত সাধাৰণ ৰাইজৰ মতৰ কোনো স্থায়িত্ব অথবা গুৰুত্ব নাই।
নহ'লেনো গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজে দিয়া জনমতক ৰাজনৈতিক নেতাই উপহাস কৰি ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰেনে? এনে কৰাৰ পাছতো সেই নেতাৰ বিৰুদ্ধে শাস্তিৰ পৰিৱৰ্তে পুৰস্কাৰহে কিয়?
বিহাৰত কি হৈছে? ক্ষমতাৰ বাবে বলিয়ান ৰাজনৈতিক দলসমূহৰ মাজৰ যুঁজখনে সাধাৰণ ৰাইজক কিবা দিবনে? জনতাৰ জনাদেশ কি আছিল? কেৱল ক্ষমতাত থাকিবলৈকে ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ নহওঁতেই কেইবাৰ ভংগ হ'ল চৰকাৰ?
বিহাৰৰ কথা বাদ দিয়ক। অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ কথাই এবাৰ ভাবকচোন। ৰাজনৈতিক নেতাসকলৰ মুখবোৰ মনলৈ আনক আৰু যোৱা এটা দশকত তেওঁলোকৰ কাৰ্যকলাপ, স্থিতিলৈ মন কৰক। কোন, ক'ত, আছিল? কোনে কি কৈছিল? কি কৰিছিল? এই ৰাজনৈতিক নেতাসকলে ৰাইজৰ স্বাৰ্থত কিবা কৰিছেনে?
চৰ্চা অনুসৰি দেওবাৰে ৰাজ্যৰ ৰাজনীতিত একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি হ'ব। বিৰোধী কংগ্ৰেছৰ একাধিক নেতাই যোগদান কৰিব বিজেপিত। বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত কংগ্ৰেছৰ এই নেতাসকলে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব।
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হ'বলৈ লোৱা এই নেতাসকলৰ তালিকাত আছে বিস্মিতা গগৈ, অংকিতা দত্ত, শংকৰ প্ৰসাদ ৰয় আদি। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও হেনো বিজেপিৰে চলাই আছে দৰদাম। অৱশ্যে এতিয়ালৈকে তেওঁৰ বিজেপিত যোগদান নিশ্চিত হোৱা নাই। ইয়াৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, উপদেষ্টা প্ৰকাশ দাস, চিত্তৰ ৰঞ্জন বসুমতাৰীৰ নামো চৰ্চাত আছে।
তৰুণ গগৈৰ নেতৃত্বাধীন তৃতীয়টো কাৰ্যকালত মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰিছিল বিস্মিতা গগৈয়ে। খুমতাই সমষ্টিৰ বিধায়িকা আছিল বিস্মিতা গগৈ। তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কংগ্ৰেছত হোৱা বিসম্বাদৰ সময়ত এইগৰাকী নেত্ৰী আছিল তৰুণ গগৈৰ শিবিৰত। কিন্তু নিৰ্বাচনত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ পিছতে তেওঁ শিবিৰ সলনি কৰি বিজেপিত যোগদানৰ চেষ্টা অব্যাহত ৰাখিছিল। বিভিন্ন কাৰণত সেয়া হৈ উঠা নাছিল যদিও এতিয়া তেওঁ সেউজ সংকেট লাভ কৰিছে।
অংকিতা দত্তই পিতৃৰ পদাংক অনুসৰণ কৰি যোগদান কৰিছিল কংগ্ৰেছত। দলটোৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদত অধিস্থিত হোৱাৰ উপৰিও আমগুৰি সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাও কৰিছিল। শেহতীয়াকৈ তেওঁ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি এন ভি শ্ৰীনিবাসৰ বিৰুদ্ধে যৌন উৎপীড়ণৰ অভিযোগ উত্থাপন কৰিছিল।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দলৰ মজিয়াত তেওঁক ন্যায় দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংকিতা দত্ত আইনৰ কাষ চাপিলে শ্ৰীনিবাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ পাছতে অংকিতা দত্তই গোচৰ তৰিছিল। সেই গোচৰৰ ভিত্তিতেই শ্ৰীনিবাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কংগ্ৰেছত থাকিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ঘনিষ্ঠতা ৰক্ষা কৰি অহাৰ অভিযোগ যিসকল বিধায়ক তথা নেতাৰ বিৰুদ্ধে আছে সেইসকলৰ ভিতৰত অংকিতা দত্তও অন্যতম।
ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰি অসমত প্ৰৱেশ কৰাৰ সময়ত কংগ্ৰেছ নেতাসকলে তেওঁক আদৰণি জনোৱাৰ সময়ত অংকিতা দত্তই ন্যায় বিচাৰি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। চৰ্চা অনুসৰি মুখ্যমন্ত্ৰীৰ মন্ত্ৰণাতে তেওঁ এই প্ৰতিবাদ সাব্যস্ত কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক অন্য এক গতি দিবলৈ চেষ্টা কৰিছিল। এতিয়া এইগৰাকী অংকিতাই গেৰুৱা সাজ পৰিধান কৰিব।
কংগ্ৰেছৰ ভাল দিনত যিসকল নেতা ৰাজ্যত সৰ্বশক্তিমান হৈ উঠিছিল সেইসকল কংগ্ৰেছৰ বেয়া দিনটো একেই শক্তিশালী হৈ আছে। অথচ ৰাইজে এইসকল নেতাৰ দুৰ্নীতি, ক্ষমতাত অপব্যৱহাৰ আদিৰ পৰা পৰিত্ৰাণ পাবলৈকে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাইছিল। কিন্তু চৰকাৰ সলনি হ'লেও সেইসকল দুৰ্নীতি পৰায়ণ নেতা সলনি নহ'ল। বৰঞ্চ দল সলনি কৰি নতুন চৰকাৰত অধিক ক্ষমতাৰে বলিয়ানহে হ'ল।
নিশাৰ ভিতৰতে এইসকল নেতাই বিপৰীত আদৰ্শৰ এটা ৰাজনৈতিক স্থিতিৰ সৈতে একাত্ম হৈছে। যিসকলে প্ৰথম অৱস্থাত বিভিন্ন কাৰণত দল সলনি কৰিব নোৱাৰিলে সেইসকলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দল সলনি কৰিছে। এইসকলৰ তালিকাত ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই, ফণী তালুকদাৰ আদিৰ নাম সন্নিৱিষ্ট হৈছে।
এতিয়াও এনে বহুকেইজন কংগ্ৰেছী বিধায়ক আছে যাৰ শৰীৰ কংগ্ৰেছত আছে কিন্তু আত্মা আছে বিজেপিত। কেইবাজনো বিধায়কে আকৌ শাসকীয় দলত যোগদান নকৰাকৈ শাসকীয় পক্ষৰ সৈতে সমিলমিলেৰে নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছে।
কেৱল এইসকল নেতাই নহয়। কংগ্ৰেছৰ ভাল দিনত বিজেপি, এ আই ইউ ডি এফ আদিৰ দলৰ বিধায়কেও নিশাৰ ভিতৰতে দলীয় আদৰ্শ, স্থিতি আদিক জলাঞ্জলি দি ক্ষমতাৰ ৰাগিত কংগ্ৰেছত বিলীন হোৱাৰ উদাহৰণ আছে। কোনে পাহৰিব ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছী মন্ত্ৰীৰয়ে চলাই অহা বাহনত উঠি বিজেপি, এ আই ইউ ডি এফৰ বিধায়কে কংগ্ৰেছী প্ৰাৰ্থীক ভোট দিবলৈ অহা সেই দৃশ্য?
ঠিক সেইদৰে অসম গণ পৰিষদ এৰি কংগ্ৰেছ অথবা বিজেপিত চামিল হোৱাসকল আকৌ কংগ্ৰেছ এৰি অসম গণ পৰিষদত বিলীন হোৱাৰ উদাহৰণো বহু আছে। এই উদাহৰণৰ তালিকাত এইবাৰ নাম অন্তৰ্ভুক্ত হ'ব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ।
একেদৰে আছুৰ পৰা বিজেপি, বিজেপিৰ পৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ পৰা পুনৰ বিজেপিলৈ আহিব শংকৰ প্ৰসাদ ৰয়। আপৰ পৰা, কংগ্ৰেছ, কংগ্ৰেছৰ পৰা ৰাইজৰ দল, ৰাইজৰ দলৰ পৰা আকৌ আপ আৰু আপৰ পৰা বিজেপিলৈ আহিব কমল কুমাৰ মেধি।
এয়াই এতিয়া চৰ্চাৰ শীৰ্ষত থকা ৰাজনৈতিক নেতাৰ স্থিতি। কেৱল ৰাজনৈতিক নেতাই নহয়, অসমৰ জাতীয় সংগঠনক নেতৃত্ব দিয়া, জাতীয় সন্ধিক্ষণত ৰাজপথত অসমৰ ৰাইজক সন্মুখৰ পৰা নেতৃত্ব দিয়া একাংশ নেতাৰো এতিয়া ৰাজনৈতিক ক্ষমতা অৰ্জনৰ লালসা দৃষ্টিকটু হৈ পৰিছে।
নেতা গঢ়াৰ কাৰখানা হিচাপে পৰিগণিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ ৰাজনীতিত চামিল হ'ব আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, উপদেষ্টা প্ৰকাশ দাস। এই দুয়োগৰাকী নেতাই সৌ সিদিনালৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ভীমৰ বচন আওৰাই আছিল।
জনসাধাৰণক পণবন্দী কৰি ধাৰাবাহিক আন্দোলনত জপিয়াই পৰিছিল। যি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিলে সেই বিজেপিতেই বিলীন হৈ এতিয়া ৰাজনৈতিক জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে এইসকল ছদ্মবেশী জাতীয়তাবাদী নেতা।
আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ পূৰ্বেই প্ৰকাশ দাসে হিন্দুত্ববাদী সংগঠনৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি গেৰুৱা ৰাজনীতিৰ আদিপাঠ ইতিমধ্যে গ্ৰহণ কৰিছে। আশ্চৰ্যজনকভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৰাম হিচাপে অভিহিত কৰি নিজকে লক্ষ্মণৰ দৰে ৰামৰ সেৱা কৰি যাব বুলি কোৱা চিত্তৰঞ্জন বসুমতাৰীয়েও বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে।
ব্যক্তিগত স্বাৰ্থৰ বাবে নিশাৰ ভিতৰতে শিবিৰ সলনি কৰিবলৈ কুণ্ঠাবোধ নকৰা এইসকল নেতাৰ পৰা ৰাইজৰ কি লাভ হ'ব? ৰাইজৰ স্বাৰ্থ নে ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁলোকৰ এই সিদ্ধান্ত সেয়া সহজেই অনুমেয়।
ৰাজনীতি গণতন্ত্ৰৰ অংশ। সুস্থ ৰাজনীতি অবিহনে সুস্থ গণতন্ত্ৰ অসম্ভৱ। সেইদৰে সুস্থ গণতন্ত্ৰত প্ৰয়োজন শক্তিশালী বিৰোধী। কিন্তু দেশত, ৰাজ্যত জানোঁ এতিয়া শক্তিশালী বিৰোধী ক'ৰবাত আছে? ৰাজনীতিৰ নামত কেৱল ব্যক্তিগত লাভালাভৰ নীতিহে গ্ৰহণ কৰিছে ৰাজনীতিবিদসকলে। সেয়া শাসক পক্ষৰেই হওক অথবা বিৰোধী পক্ষৰেই নেতা নহওক কিয়। ক্ষমতাৰ স্বাৰ্থত আজিৰ ৰাজনৈতিক নেতাই মুহূৰ্ততে সলনি কৰিছে শিবিৰ।
আজি যিসকলে এটা ৰাজনৈতিক দলৰ আদৰ্শক সমালোচনা কৰিছে, দলোটৰ নীতিৰ সমালোচনা কৰিছে সেই নেতাই নিশাৰ এন্ধাৰত কৰা গোপন অংকৰ পিছত বেলি উদয় হোৱাত সেই দলত বিলীন হৈছে। এনে ৰাজনৈতিক নেতাৰ বাবে আদৰ্শ কেৱল এটা অভিধানিক শব্দ।
জনসভাত মাইক্ৰ'ফোনৰ সন্মুখত বৰ বৰ কথা কোৱা, টেলিভিছন চেনেলৰ কেমেৰাৰ সন্মুখত নীতি বচন আওৰাই থকা আজিৰ নেতাৰ প্ৰকৃত স্বৰূপ বাৰে বাৰে উন্মোচিত হোৱাৰ পিছতো গৰিষ্ঠ সংখ্যক ৰাইজেই কিন্তু তেওঁলোকক ফুলাম গামোচাৰে আদৰণি জনাই আহিছে। সেয়ে ভাৱ হয় আদৰ্শহীন, স্থিতিহীন এনে নেতা আজিৰ সমাজৰেই সৃষ্টি।
যিয়েই ৰাইজক, জাতিক অধিক বিশ্বাসঘাটকতা কৰিছে সেইসকলকেই নায়কৰ শাৰীত থিয় কৰাইছে। সেয়ে হয়তো ৰাইজৰ সমস্যা, জনাদেশক উপেক্ষিত কৰি আজিৰ ৰাজনৈতিক নেতাই দেশৰ, দহৰ কথা আওকান কৰি নিজা উচ্চাকাংক্ষা পূৰণতহে গুৰুত্ব দিছে। নাম মাত্ৰ সচেতন ৰাইজে এইবোৰ চাই কেৱল হুমুনিয়াহ কাঢ়িছে।