
শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা কৰাৰ ধৃষ্টতা কাৰোৰে নাথাকে। এই আধ্যাত্মিক অনুষ্ঠানটোৰ সৰ্বাংগীন উন্নয়ন সকলোৱে কামনা কৰে। সংঘৰ সংগী নোহোৱা সকলেও এই পবিত্ৰ অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু উদাৰ দৃষ্টি থাকে।
শ্ৰীমন্ত শংকৰদেৱ সংঘ নিজা সংবিধান মতে পৰিচালিত হয়। শিশু, আই, যুৱক-যুৱতী সকলোকে একেলগে লৈ যি প্ৰগতিশীল আৰু সাংস্কৃতিক চৰ্চাৰ পৰিৱেশ, গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা উদ্যোগ কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
আধ্যাত্মিক চেতনা প্ৰবাহ হৈ থকা সংঘৰ ভিতৰত কোনো চক্ৰই ব্যক্তিস্বাৰ্থ বা ব্যক্তি উৰ্ধৰ কৰ্মৰাজিৰে ইয়াক কোনোবা ব্যক্তিগত অনুষ্ঠানৰ দৰে পৰিচালিত কৰিব খুজিলে তাৰ বিৰুদ্ধে আৱাজ উঠিবই। সেই সমালোচনা কেতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে নহয়।
চৰাইদেউত ৪ নৱেম্বৰ ২০২২ৰ পৰা অনুষ্ঠিত হৈছিল শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ। পূৰ্বৰ দৰে সেই একেই পৰিৱেশ। ভক্তিৰ নিজৰা বৈ গৈছিল প্ৰতিজন ভকত বৈষ্ণৱৰ হৃদয়েদি।
আকাশে-বতাহে মুখৰিত হৈছিল হৰি নামৰ ধ্বনি। নাম-প্ৰসংগ, সু-শৃংখল শিশু, যুৱ, আইমাতৃসকলৰ অংশগ্ৰহণ আছিল লক্ষ্যণীয়। বহু প্ৰত্যাহ্বানৰ পাছত এই অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰিব পৰাতোৱেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দক্ষতা।
সেই পৰিৱেশৰ মাজতো কিন্তু এই অনুষ্ঠান আয়োজন কৰা বহুতৰ হৃদয়ত দুখৰ এচাটি বতাহে চুই গৈছিল। বাহিৰত প্ৰকাশ নকৰিলেও ইয়াৰ কাৰণ শংকৰদেৱ সংঘৰ নেতৃত্বত থকা একাংশ লোকৰ মদগৰ্বীতাই হতাশ কৰিলে বা কৰিব সংঘৰ একনিষ্ঠ বহু ভকত-বৈষ্ণৱক।
৫ নৱেম্বৰ ২০২২ত আছিল ধৰ্ম ধ্বজা উত্তোলনৰ কাৰ্যসূচী। এই অনুষ্ঠানলৈ সভক্তিৰে লাখ লাখ ভক্তই অপেক্ষা কৰে। পদাধিকাৰে ধৰ্ম ধ্বজা উত্তোলন কৰাৰ লগে লগে হৰি নামৰ ৰসত প্ৰেমৰ অমৃতৰ নদী বয়।
কিন্তু এইবাৰ সেই মহৎ কাম ভাগ কৰিবলৈ শ্ৰদ্ধেয় পদাধিকাৰ কমলাকান্ত গগৈ নাহিল। ইমান এক সুন্দৰ অনুষ্ঠানত কিয় হঠাৎ তেখেতে অংশ নল'লে। ইয়াৰ আঁৰৰ কাহিনী কি ? এৰাব নোৱাৰা কাৰণত পদাধিকাৰৰ অনুপস্থিতিত উপ-পদাধিকাৰে সেই দায়িত্ব পালন কৰিব পাৰে।
এইবাৰ কাৰোবাৰ নিৰ্দেশত পৰিকল্পিতভাৱে এনে কৰা হ'ল নেকি। সেই প্ৰশ্ন কিন্তু এতিয়া সংঘৰ মজিয়াতেই উত্থাপন হৈছে। এনে অভিযোগো উঠিছে যে - পদাধিকাৰ গৰাকীক এই অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ কোনো পক্ষই বাধ্য কৰিছে।
সেই অভিযোগ কিমান সঁচা ? যদি এনে হয় তেনেহ'লে কিয় কোনে এই কাম কৰিছে কিহৰ স্বাৰ্থত ? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰ ভাগত এনেবোৰ কৰ্মকাণ্ড জানো সমৰ্থন কৰিব পাৰি।
এই অনুষ্ঠানটিত পদাধিকাৰ গৰাকীৰ মুখ্য ভূমিকা থাকে। সংঘৰ ভিতৰৰ পৰাই একান্তনিষ্ঠ সেৱকে এই খবৰ দিয়াৰ পাছত আমি সেয়া নিশ্চিত কৰিবলৈ পদাধিকাৰ শ্ৰদ্ধেয় কমলাকান্ত গগৈৰ সৈতে যোগাযোগ কৰিছিলো।
সমাৰোহ অনুষ্ঠিত হোৱা স্থানৰ পৰা পদাধিকাৰ ঘৰলৈ ভিতৰি চমু পথেৰে আহিলে আধা ঘন্টাও নালাগে। তেখেতে সমাৰোহলৈ নোযোৱাৰ কথা নিশ্চিত কৰিলে। সুস্থ ভাৱেই আমাৰ সৈতে কথা পাতিলে। জনালে উপ-পদাধিকাৰক তেওঁ সমস্ত দায়িত্ব দিছে। নোযোৱাৰ কাৰণ অৱশ্যে তেওঁ নক'লে।
কমলাকান্ত গগৈ সংঘৰ এনে এজন বিনয়ী আৰু সৰল ব্যক্তি, যিগৰাকীয়ে পুত্ৰৰ বিয়োগৰ সময়তো মূল কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব নোৱাৰি এখন পত্ৰ লিখি কাৰ্যনিৰ্বাহকলৈ প্ৰেৰণ কৰিছিল। তাত উল্লেখ কৰিছিল - পুত্ৰৰ বিয়োগৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলেও সেই পত্ৰকেই যেন তেওঁৰ উপস্থিতি বুলি গণ্য কৰে।
উক্ত কাৰ্যনিৰ্বাহকতেই সেইবাৰ তেখেতৰ নাম পদাধিকাৰৰ বাবে প্ৰস্তাৱ কৰা হৈছিল। আৰু পৰৱৰ্তী সময়ত তেওঁ পদাধিকাৰ ৰূপে দায়িত্ব গ্ৰহণ কৰে। তেনে এজন পদাধিকাৰৰ অনুপস্থিতি নিশ্চয় কাৰণ আছে বুলি ভবাৰ অৱকাশ নাই নে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচোৱাত কিহৰ এই ভূমিকম্প। তাৰ অভিকেন্দ্ৰ কোন ? কাৰোবাৰ ইচাৰাত সংঘ যদি চলিছে তেনেহ'লে সেয়া জানো ভাল কথা হৈছে। ৮ নৱেম্বৰ ২০২২ত কি কাৰণত জৰুৰীকালীন ভাৱে সংঘৰ গুৱাহাটীৰ ৰূপনগৰ কাৰ্যালয়ত মূলৰ সভাপতি, সম্পাদকসকলৰ বৈঠক আয়োজন কৰিছে।
এটা অনুষ্ঠান পৰিচালনাৰ সৈতে জড়িত লোক সকলৰ কাৰ্যকাল দীঘলীয়া হৈ গৈ থাকিলে তেনে দাম্ভিকতা প্ৰকাশ পায়। এয়া কাৰোৰ প্ৰতি আমাৰ বিষেদ্বাৰ নহয়। যিসকলে সংঘৰ মজিয়াত এই কথাবোৰ উত্থাপন কৰিব পৰা নাই তেওঁলোকে জনোৱা বিষয়বোৰ মুকলিকৈ উত্থাপন কৰাৰ অধিকাৰ নিশ্চয় সংঘক ভালপোৱা প্ৰতিজন লোকৰে আছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত বহু অভিজ্ঞ-বিজ্ঞলোক আছে। বিশ্ববিদ্যালয় স্থাপনৰ সময়ত প্ৰথমতেই যিসকলে বৰঙণি আগবঢ়াইছিল সেই সকলৰ ভিতৰত নাৰায়ণ বৰদলৈ অন্যতম। কিমান ভাল পালে নিজৰ কষ্টোপাৰ্জিত ৫০ হাজাৰ টকা আগবঢ়াব পাৰে। সেই একান্ত সেৱক সকলৰ মনত কিমান ক্ষোভ পঞ্জীভূত হ'লে পত্ৰ লেখি সংঘৰ পৰা অব্যহতি বিচাৰিব পাৰে।
সংঘৰ বৰ্তমানৰ নেতৃত্বই কিন্তু তেখেতৰ মনৰ ক্ষোভৰ উমান লোৱাৰ প্ৰয়োজনবোধেই নকৰিলে। যিমান পাৰি খৰখেদাকৈ তেখেতক অব্যহতি দি দায়িত্ব সামৰিলে। ড০ নৱকৃষ্ণ ৰাজখোৱাৰ দৰে ব্যক্তিক উপ-পদাধিকাৰৰ পৰা কোনে কেনেকৈ বঞ্চিত কৰি ৰাখিলে। কাৰ্যনিৰ্বাহকত কোনো এটা বিষয়ক লৈ নিজস্ব মত দাঙি ধৰাৰ বাবে কানৈ মহাবিদ্যালয়ৰ দৰে অধ্যাপকক সন্মানীয় আসনত সেই সময়ত থকা ব্যক্তিয়ে উচ্চ বাক্য কৰি সকলোৰে সন্মুখত অপমান কৰিছিল।
এইবোৰ সৰু সৰু কথাই জানো এদিন গুৰুতৰ ৰূপ নল'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘ আধ্যাত্মিক অনুষ্ঠান হ'লেও ছ'চাইটি ৰেজিষ্ট্ৰেশন এক্টৰ আধাৰত পঞ্জীয়নভুক্ত। RS/NG/254/H/133 (2007) ইয়াৰ পঞ্জীয়ন নম্বৰ। সেই সূত্ৰে সংঘৰ বিষয়ে কোনো লোকে কিবা তথ্য বিচাৰিলে দিবলৈ বাধ্য।
শ্ৰীমন্ত শংকৰদেৱ সংঘই সংবিধানৰ মতেই চলক। আমি বিচাৰো ইয়াৰ বাবে আন জাতি-জনগোষ্ঠীয়ে অন্তৰত আঘাত পোৱা কাম সংঘই নকৰক। কিন্তু প্ৰেক্ষাপট আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি যদি কিবা নতুনত্বক আদৰি লোৱাৰ প্ৰয়োজন সেয়াও গ্ৰহণ কৰক।
কাৰোবাৰ ওচৰত ক্ষমা খুজিলে তেওঁ সৰু হৈ নাযায়। কিন্তু কোনোবাই মনত তাৰ বাবে ক্ষোভ লৈ নিজৰ গাতেই চুৰী মৰাৰ প্ৰয়াস কৰিলে বা ল'ৰা ৰজাৰ দৰে প্ৰতিশ্ৰুতি সম্পন্নজনক অংগক্ষত কৰি গ'লে চকুত ক'লা কাপোৰ বান্ধি ধৃতৰাষ্ট্ৰ-গান্ধাৰীৰ দৰে দেখিও নেদেখা ভাও ধৰাতো জানো উচিত।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰদ্ধেয় তৃণমূল বাপ-আই সকলৰ সৰলতাক, অনুষ্ঠানটোৰ প্ৰতি থকা দায়বদ্ধতাক আজি নুই কৰিছে, সদায় নুই কৰিব নোৱাৰে। লক্ষ্য লক্ষ্য ভক্তই কোৱাৰ দৰে আমিও কওঁ - শ্ৰীমন্ত শংকৰ হৰি ভকতৰ/ জানা যেন কল্পতৰু/ তাহান্ত বিনায় নাই নাই নাই/ আমাৰ পৰম গুৰু।।