সত্যপালৰ সত্য !

সত্যপালৰ সত্য !

- মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিত বহু কথা আঁৰত থাকি যায় । সাধাৰণ মানুহে যিবোৰ কথা গম পোৱাৰ কোনো অৱকাশেই নাথাকে । কেতিয়াবা হে তেনে গোপন অধ্যায় খোল খায় । ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা । আবেলিৰ কথা । পুলৱামা জিলাৰ লেথাপাৰাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলাইছিল চি আৰ পি এফৰ এটা বৃহৎ কনভয়ৰ ওপৰত ।

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন গাড়ীৰে প্ৰায় ২৫০০ চি আৰ পি এফ জোৱান জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল । ৭৬ নং বেটেলিয়েনৰ এই জোৱানসকল গৈ থকা এখন গাড়ীত আত্মঘাতী বোমাৰুৱে এখন সৰু গাড়ীৰে খুন্দা মাৰিছিল ।

সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ চালকৰ আসনত আছিল এজন ২২ বছৰীয়া কাশ্মীৰি যুৱক । নাম আদিল আহমেদ । প্ৰায় ৩০০ কেজি আৰ ডি এক্স গাড়ীত ভৰাই সেই আক্ৰমণ চলাইছিল ।

আবেলি ভাগলৈ চলোৱা সেই ভয়ানক আক্ৰমণত মৃত্য হৈছিল ৪০ জন চি আৰ পি এফৰ জোৱানৰ । মৃত জোৱানসকলৰ ভিতৰত অসমৰো এজন জোৱান আছিল । ইয়াৰ ওপৰিও উত্তৰ প্ৰদেশৰ ১২ জন, ৰাজস্থানৰ ৫ জন, পাঞ্জাৱৰ ৪ জন, বিহাৰৰ ২জন, উৰিষ্যাৰ ২ জন, উত্তৰাখণ্ডৰ ২ জন, মহাৰাষ্ট্ৰ ২জন, তামিলনাডুৰ ২জন, কৰ্ণাটকৰ ১জন, জম্মু-কাশ্মীৰৰ ১জন, ঝাৰখণ্ডৰ ১জন, হিমাচল প্ৰদেশৰ ১জন, মধ্যপ্ৰদেশৰ ১জন, কেৰালাৰ ১জন জোৱানৰ মৃত্যু ঘটিছিল ।

সেই আক্ৰমণৰ পাছত সমগ্ৰ দেশতে শোকৰ বন্যা বৈছিল । চৰকাৰে পাকিস্তানলৈ আঙুলি তুলি দেশৰ শ্বহীদ জোৱানৰ মৃত্যৰ পোতক আৰু উপযুক্ত জৱাব দিয়া হ'ব বুলি দেশবাসীক আৱেগিক কৰি তুলিছিল ।

সন্মুখত আাছিল নিৰ্বাচন । মানুহে চৰকাৰে কোৱাৰ দৰেই জেইচ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলাইছিল বুলি ভাবিছিল । ভবা নাছিল সেইয়া যে চৰকাৰী পক্ষৰো দুৰ্বলতা আছিল । চৰকাৰৰ ভুলৰ বাবেই ৪০ জনকৈ সাহসী জোৱানে প্ৰাণ হেৰুৱাইছিল ।

কিছু দিনৰ পূৰ্বে কৰণ থাপৰৰ সৈতে এক সাক্ষাৎকাৰত বহিছিল সেই আক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিক । সত্যপাল মালিকৰ আন এক পৰিচয় আছে ।

২০১২ চনত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হৈছিল । পৰৱৰ্তী সময়ত তেওঁক ৰাজ্যপাল হিচাপে সংস্থাপন দিয়া হৈছিল । ৰাজ্যসভাৰ সাংসদ হিচাপেও সত্যপাল মালিকে ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ, ১৯৮৬ চনৰ পৰা ১৯৮৯ লৈ নিৰ্বাচিত হৈছিল ।

১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈ গৈছিল । তেওঁ প্ৰথম বিহাৰৰ ৰাজ্যপাল হিচাপে ২০১৭ চনৰ ২৬ ছেপ্টেম্বৰত নিযুক্তি দিয়া হৈছিল । ২০১৮ৰ ২৩ আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া মালিক ২০১৯ চনৰ ৩ নৱেম্বৰত গোৱাৰ ৰাজ্যপাল আৰু ২০২০ চনৰ ১৮ আগষ্টৰ পৰা ২০২২ ৰ ৩ অক্টোবৰলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল ।

কৰণ থাপৰৰ সৈতে হোৱা সাক্ষাৎকাৰত পুলৱামা আক্ৰমণৰ কথা সোধা হৈছিল প্ৰাক্তন ৰাজ্যপাল গৰাকীক । তেওঁ ক'লে "১০-১৫ দিন ধৰি গাড়ীত আৰ ডি এক্স লৈ সন্ত্ৰাসবাদী ঘূৰি আছিল । সেই গাড়ী চোৰাংচোৱা, আৰক্ষী অথবা নিৰাপত্তাৰক্ষীয়ে ধৰা পেলাবই নোৱাৰিলে ।"

ইয়াতকৈ বিস্ফোৰক কথা প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ব্যক্ত কৰিলে সেই সাক্ষাৎকাৰত । তেওঁ ক'লে, "ইমান বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী এঠাইৰ পৰা আন ঠাইলৈ যাবৰ বাবে জম্মু-কাশ্মীৰৰ দৰে ঠাইত স্থলপথ কেতিয়াও সুৰক্ষিত নহয় । গৃহমন্ত্ৰ্যালয়ক মাত্ৰ ৫খন এয়াৰ ক্ৰাফ্ট সেই সেনা জোৱানসকলক স্থানান্তৰ কৰিবলৈ বিচৰা হৈছিল । কিন্তু সেই অনুমতি গৃহমন্ত্ৰ্যালয়ে নিদিলে ।"

আক্ৰমণৰ দিনা আবেলি তেওঁ প্ৰধানমন্ত্ৰীক ফোন কৰিছিল । প্ৰধানমন্ত্ৰী হেনো তেতিয়া কিবা শ্বুটিঙত ব্যস্ত আছিল । সন্ধ্যা যেতিয়া সত্যপাল মালিকক ফোন কৰিছিল তেওঁ প্ৰধানমন্ত্ৰীক মুকলিকৈ কৈছিল এইয়া আমাৰ ভুলৰ বাবে হৈছে । প্ৰধানমন্ত্ৰীয়ে তেতিয়া তেওঁক এই সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ সকিয়াই দিছিল ।

আনকি নিৰাপত্তাৰ উপদেষ্টা অজিত দোভালেও তেওঁক পুলৱামাৰ আক্ৰমণৰ সন্দৰ্ভত মন্তব্য নকৰিবলৈ অনুৰোধ জনাইছিল । দোভালৰ সৈতে তেওঁ একেলগে বহিছিল । তাৰ বিপৰীতে এই সমগ্ৰ কাণ্ডৰ দোষবোৰ চৰকাৰী পক্ষই ঢাকি ৰাখি পাকিস্তানক লৈ ব্লেম গেম খেলা বুলি মুকলিকৈ অভিযোগ কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে ।

ৰাজ্যপাল গৰাকীয়ে কৰা এই স্বীকাৰোক্তিয়ে নিৰ্বাচনী কেন্দ্ৰিক লাভালাভৰ বাবে কি পৰ্যায়ত কোনো এক ঘটনাক কি ৰূপ দিয়া হয় সেই কথাই প্ৰমাণ কৰিলে । দেশবাসীক আৱেগিক কৰি নিৰ্বাচন জিকা সেই প্ৰৱণতাৰ বাবেই নেতাই কেনেদৰে ঘৰিয়ালৰ চকুপানী টুকে সেই কথাও পৰিস্ফুত হ'ল ।

সচাকৈয়ে সত্যপাল মালিকৰ কথা যদি সত্য তেনে সেই কাণ্ডৰ বাবে চৰকাৰী পক্ষও জগৰীয়া নহয় নে ? জম্মুৰ পৰা শ্ৰীনগৰলৈ যাওতে যি ঠাইত এই আক্ৰমণ চলিছিল তাত ৮-৯টা লিংক ৰোড আছে । নিৰাপত্তাৰ দৃষ্টিকোণেৰে সেই লিংকৰোড বোৰত নিৰাপত্তাৰক্ষী ৰখোৱাতো অতিকৈ প্ৰয়োজনীয় আছিল । কিন্তু তেনে ব্যৱস্থা কৰা নাছিল ।

বহুতে সত্যপাল মালিকৰ এই সাক্ষাৎকাৰৰ পাছত এই কথাবোৰে নতুন দিশ উন্মোচন কৰা বুলি মন্তব্য কৰিছে । দেশক ৰক্ষা কৰা সৈনিকৰ প্ৰাণক লৈ এনে খেলা কৰা উচিত জানো বুলি সাধাৰণ লোকে ভাবিছে ।

কিন্তু এই ঘটনাকে আৱেগলৈ ৰূপান্তৰ কৰি ৰাজনৈতিক অভিসন্ধিৰে মানুহক আৱেগিক কৰি তোলা লোকসকলৰ প্ৰতি কোনো প্ৰশ্ন তুলিবলৈ সাহস কৰা নাই আৰু হয়তো কৰাৰ পৰিৱেশো এতিয়া নাই ।

এই সাক্ষাৎকাৰতে সত্যপাল মালিকে অভিযোগ কৰিছে এবাৰ তেওঁ ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে অনুমতি লৈছিল । ৰাষ্ট্ৰপতি ভৱনলৈ গৈ থাকোতেই তেওঁলে ফোন আহিছিল । কোৱা হৈছিল ৰাষ্ট্ৰপতি আন কামত ব্যস্ত বাবে তেওঁক সাক্ষাৎ নকৰে ।

সত্যপাল মালিকৰ মতে ৰাষ্ট্ৰপতিয়ে কাক সাক্ষাৎ কৰিব সেই সাক্ষাৎকাৰীসকলৰ তালিকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদিত হ'ব লাগে ।

এইয়া ৰাজনীতিৰ আচল কথা । সত্যপাল মালিকৰ এনে বিস্ফোৰণৰ পাছত এতিয়া চৰকাৰী পক্ষই, ন্যায়পালিকাই কি পদক্ষেপ লয় সেইয়া লক্ষণীয় হ'ব । কিন্তু মানুহৰ মনত লৈ যাব সন্দেহৰ বহু অৱকাশ । ক্ষমতাৰ বাবে ৰাজনীতিত সকলোৱে সম্ভৱ । অসম্ভৱ একো নহয় । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in