Advertisment

দ্বিতীয় গ্ৰেগ ছেপেল হ'ব নেকি গৌতম গম্ভীৰ?

২০২৩ চনৰ অক্টোবৰৰ মাহ। শ্ৰীলংকাত এছিয়া কাপ জয় কৰি ভাৰতীয় ক্ৰিকেট দলটো স্বগৃহলৈ আহিছে এদিনীয়া বিশ্বকাপ খেলিবলৈ। প্ৰতিখন মেচৰ পাছতেই ড্ৰেছিং ৰুমত উৎসৱমুখৰ পৰিবেশ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দ্বিতীয় গ্ৰেগ ছেপেল হ'ব নেকি গৌতম গম্ভীৰ?

তুষাৰ প্ৰতিম

Advertisment

২০২৩ চনৰ অক্টোবৰৰ মাহ। শ্ৰীলংকাত এছিয়া কাপ জয় কৰি ভাৰতীয় ক্ৰিকেট দলটো স্বগৃহলৈ আহিছে এদিনীয়া বিশ্বকাপ খেলিবলৈ। প্ৰতিখন মেচৰ পাছতেই ড্ৰেছিং ৰুমত উৎসৱমুখৰ পৰিবেশ।

ফিল্ডিং প্ৰশিক্ষক টি দিলীপে প্ৰতিখন মেচৰ পাছতেই একো একোজন বিশেষ অতিথিৰ জৰিয়তে মেচখনৰ শ্ৰেষ্ঠ ফিল্ডাৰজনক একোটাকৈ বিশেষ মেডেল দিয়াৰ ব্যৱস্থা কৰিছে। এই মেডেল যিয়েই পাইছে তেওঁৰ ওপৰতে জপিয়াই পৰিছে সকলো ক্ৰিকেটাৰ। এজনৰ প্ৰাপ্তিত আনজনৰ আনন্দ, উল্লাসৰ সীমা নাই। 

২০২৪ ৰ টি-২০ বিশ্বকাপৰ সময়তো সেই একেই পৰিবেশ। কেৱল বিশ্বকাপৰেই নহয়, দ্বিপাক্ষীক শৃংখলাতো একেই ব্যৱস্থা টি দিলীপৰ। প্ৰতিবাৰেই মেডেল দিয়াৰ সময়ত ড্ৰেছিং ৰুমৰ পৰিবেশ চাবলগীয়া হয়। এই দৃশ্য উপভোগ কৰিবলৈকে ৰৈ থাকে ক্ৰিকেট অনুৰাগী।

এয়া আছিল ভাৰতীয় ক্ৰিকেটৰ সৌ সিদিনালৈকে ড্ৰেছিং ৰুমৰ পৰিবেশ। কিন্তু এতিয়া পৰিবেশ সলনি হ’ল। এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৰ ড্ৰেছিং ৰুমত নাই পূৰ্বৰ সেই আনন্দমুখৰ পৰিবেশ। মেঘাচন্ন হৈ আছে ভাৰতীয় শিবিৰ।

ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। কিন্তু দলটো আছে কাৰ নিয়ন্ত্ৰণত? ভাৰতীয় ক্ৰিকেট দলটোৰ ‘বছ’ কোন?  ৰোহিত নে গম্ভীৰ? এই প্ৰশ্নই এতিয়া ড্ৰেছিং ৰুমতো প্ৰভাৱ পেলাইছে।

শুকুৰবাৰে ছিডনী টেষ্টৰ পূৰ্বে সংবাদ মেল সম্বোধন কৰিবলৈ ৰোহিত শৰ্মাৰ পৰিবৰ্তে গৌতম গম্ভীৰ অহাৰ পাছতেই বহু কথা স্পষ্ট হৈছে। গম্ভীৰ আৰু ৰোহিতৰ মাজৰ সংঘাতে যে চূড়ান্ত ৰূপ ধাৰণ কৰিছে সেয়া বুজিবলৈ কাৰো বাকী নাই। 

একাধিক প্ৰতিবেদনে দাবী কৰিছে ভাৰতীয় দলটোক এককভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে গৌতম গম্ভীৰে। ঠিক যেন সেই সৌৰভ গাংগুলী আৰু গ্ৰেগ ছেপেলৰ সময়ৰ পৰিস্থিতিৰে পুনৰাবৃত্তি। 

অধিনায়ক হিচাপে তথা এগৰাকী বেটছমেন হিচাপে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে ৰোহিত শৰ্মা। ৰোহিতৰ ব্যৰ্থতা কোনেও ঢাকি ৰাখিব বিচৰা নাই।

এই ব্যৰ্থতাৰ দায়িত্ব কেৱল ৰোহিত শৰ্মাৰেই নহয়, ইয়াৰ সমানেই দায়িত্ব মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ। গম্ভীৰৰ ইচ্ছানুসৰিয়েই ভাৰতীয় ক্ৰিকেট দলটোৰ ছাপ’ৰ্টিং ষ্টাফ নিয়োগ কৰিছিল বি চি চি আইয়ে।

গৌতম গম্ভীৰে বিচৰা মতেই দল গঠন হৈছে। দলৰ ভাৰাসাম্য ৰক্ষা কৰিবলৈ নিজৰ স্থান এৰি ছয় নম্বৰত বেটিং কৰিবলৈ গৈছে ৰোহিত শৰ্মা।

তাৰ পাছতো দলটো ব্যৰ্থ হৈছে। এই ব্যৰ্থতা কেৱল এজন বা দুজনৰ ব্যৰ্থতা নহয়। এই ব্যৰ্থতা যশপ্ৰীত বুমৰাহক বাদ দি সামগ্ৰীকভাৱে ভাৰতীয় দলটোৰ। এই ব্যৰ্থতাই এতিয়া কাল হৈছে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে।

সাম্প্ৰতিক সময়ত ভাৰতীয় দলটোৰ অধিনায়ক বা অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকে যৌথভাৱে সংবাদ মেল সম্বোধন কৰে। এয়াই ভাৰতীয় ক্ৰিকেটৰ এক প্ৰথা।

কিন্তু বৃহস্পতিবাৰে ৰোহিত শৰ্মাক এৰি গৌতম গম্ভীৰে অকলেই সম্বোধন কৰিলে সংবাদ মেল। গম্ভীৰে কিয় এনেকুৱা কৰিলে সেই প্ৰশ্নৰ উত্তৰত কলে, ‘‘মুখ্য প্ৰশিক্ষক আহিছে, সেয়াই যথেষ্ট’’। সাংবাদিকে ৰোহিত শৰ্মাৰ প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ কিছু সময় মৌনতাৰে থাকি ক’লে, ‘‘ৰোহিত ভালে আছে’’।

মন কৰিবলগীয়া যে, একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে পঞ্চম টেষ্টত ৰোহিত শৰ্মা মূল একাদশৰ পৰা বাদ পৰিব বুলি বাতৰি প্ৰকাশ পাইছে। সমান্তৰালকৈ যশপ্ৰীত বুমৰাহকে অধিনায়কৰ দায়িত্ব দিব বুলিও চৰ্চা চলিছে।

এইবাৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী আৰম্ভণিৰ পৰাই গৰম হৈ আছে। প্ৰথমে খেল পথাৰৰ ভিতৰত ভাৰতীয় আৰু অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ মাজত কথাৰ কটাকটি হৈ পৰিস্থিতিত উত্তপ্ত হৈ পৰিছিল। এতিয়া সেই গৰম পৰিবেশ খেল পথাৰৰ পৰা বাহিৰলৈ আহি ভাৰতীয় ড্ৰেছিং ৰুমত প্ৰবেশ কৰিছে।

ঠিক যেন সেই জিম্বাৱেৰ শৃংখলা আৰু অধিনায়ক সৌৰভ গাংগুলী, মুখ্য প্ৰশিক্ষক গ্ৰেগ ছেপেলৰ সংঘাতে ভাৰতীয় ড্ৰেছিং ৰুম গৰম কৰাৰ পৰিস্থিতিৰেই পুনৰাবৃত্তি। পূৰ্বেও অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকৰ ভিতৰত কাৰ হাতত দলৰ নিয়ন্ত্ৰণ থাকিব তাক লৈ বিবাদ হৈছে।

কিন্তু ভাৰতীয় ক্ৰিকেট দলটোৰ ক্ষেত্ৰত এইবাৰ এই সংঘাত অলপ পৃথক। কিয়নো অধিনায়ক ৰোহিত শৰ্মা যিমানেই জনপ্ৰিয় সিমানেই সতীৰ্থৰ মাজতো আছে তেওঁৰ গ্ৰহণযোগ্যতা।

ৰোহিতৰ অভিভাৱকত্ব আৰু বন্ধুত্বসুলভ আচৰণে তেওঁক দলীয় সতীৰ্থৰ মাজতে জনপ্ৰিয় কৰি ৰাখিছে। ৰোহিতে এফালে খেল পথাৰত সতীৰ্থক যিদৰে গালি পাৰে ঠিক সেইদৰেই সঠিক বাটৰ সন্ধানো দিয়ে। তেওঁলোকৰ পিছফালে থিয় দিয়।

গৌতম গম্ভীৰো এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হোৱাৰ লগতে বিশ্বকাপ জয়ী দলৰ সদস্য। গৌতম গম্ভীৰৰ আচৰণ অতি দম্ভ। বহুতেই সহজভাৱে ল’ব নোৱাৰে গম্ভীৰৰ কথা-বতৰা।

গম্ভীৰেও মানিব নিবিচাৰে আনৰ নিৰ্দেশনা। কোনোবাই তেওঁক অতিক্ৰম কৰাটো তেওঁৰ বাবে সহ্যকৰ নহয়। এয়াই ভাৰতীয় ক্ৰিকেটৰ এতিয়া বিড়ম্বনা হৈ পৰিছে। গম্ভীৰে নিবিচাৰে দলৰ নিয়ন্ত্ৰণ আন কাৰোবাৰ হাতত থাকক।

বৃহস্পতিবাৰে সংবাদ মেলত গৌতম গম্ভীৰে যিবোৰ কথা ক’লে সেই কথাবোৰে নতুন চিন্তাৰ উদ্ৰেক ঘটালে। ঋষভ পণ্টকলৈ যে তেওঁ একেবাৰে সুখী নহয় সেয়াও বুজাই দিলে।

ড্ৰেছিং ৰুমৰ পৰিবেশক লৈ যিবোৰ বাতৰি ওলাইছে সেই বাতৰিক যদিও তেওঁ অস্বীকাৰ কৰিছে তথাপিও ড্ৰেছিং ৰুমৰ ভিতৰৰ খবৰ যে কোনোৱে বাহিৰলৈ যোগান ধৰিছে সেয়াও একপ্ৰকাৰে মানি লৈছে।তেওঁ ক্ৰিকেটাৰসকলৰ সততা থাকিব লাগিব বুলিও কৈছে।

তেওঁ কৈছে যেতিয়ালৈকে ড্ৰেছিং ৰুমত সৎ লোক থাকিব, ভাৰতীয় ক্ৰিকেট সুৰক্ষিত হাতত থাকিব। এই সংবাদ মেলতে তেওঁ ভাৰতীয় ক্ৰিকেটৰ পৰিবৰ্তনৰ কথাও কৈছে। ইয়াৰ বাবে সকলোৰে পৰা যোগাত্মক সহযোগিতা বিচাৰিছে।

ইয়াৰ পৰা বুজিবলৈ বাকী নাথাকিল যে, একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰক বিদায় দিবলৈ সাজু হৈছে। গম্ভীৰৰ এই জ্যেষ্ঠ ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষত যে ৰোহিত আৰু বিৰাটেই আছে সেয়াও বুজিবলৈ সহজ হৈ পৰিছে।
ভাৰতীয় ক্ৰিকেটত প্ৰশিক্ষক আৰু অধিনায়কৰ মাজৰ সংঘাতৰ এক ইতিহাসেই আছে। পূৰ্বে অনিল কুম্বলে আৰু কোহলীৰ মাজত হৈছিল এনে সংঘাত।

আটাইতকৈ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছিল গ্ৰেগ ছেপেল আৰু সৌৰভ গাংগুলীৰ সময়ত। গাংগুলীৰ নেতৃত্বতে ভাৰতীয় দলে বিশ্বকাপৰ ফাইনেল পৰ্যন্ত উপনীত হৈছিল।

ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অধিনায়কৰ তালিকাত সৌৰভ গাংগুলীও আছে। অধিনায়ক হিচাপে দায়িত্বত থকাৰ সময়তে গাংগুলীক কেইবাৰো দলৰ পৰা বাদ দিছিল ছেপেলে।

তাৰেই যেন পুনৰাবৃত্তি গৌতম গম্ভীৰৰ। এইবাৰ তেওঁ দলৰ পৰা বাদ দিব বিচাৰিছে ৰোহিতক। কিন্তু গম্ভীৰৰ বাবে এয়া কিমান সহজ হয় সেয়া শুকুৰবাৰে পুৱাহে স্পষ্ট হ’ব। কিয়নো ইতিমধ্যে বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে ৰোহিতৰ সমৰ্থনত এক্সত মুকলিকৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে।

বহুতেই ৰোহিত, বিৰাটৰ দৰে ক্ৰিকেটাৰক সন্মান দিবলৈ দাবী কৰিছে। বিদায় দিবলৈ বিচাৰিছে যদি সন্মান সহকাৰে বিদায় দিয়াৰ কথা কৈছে। বহু তাৰকা ক্ৰিকেটাৰে উচিত সন্মান নোপোৱাকৈয়ে কেৰিয়াৰ সামৰিবলৈ বাধ্য হৈছে।

তেনেকুৱা যাতে ৰোহিত, বিৰাটৰ ক্ষেত্ৰত নহয় সেই দাবী বহুতৰে। অৱশ্যে আন বহুতেই আকৌ ৰোহিত আৰু বিৰাটক এক সুযোগ দিয়াৰ দাবী কৰিছে। তেওঁলোকে ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানক পাহৰি নাযাবলৈ সকিয়াই দিছে। 
 

গৌতম গম্ভীৰ ক্ৰিকেট ৰোহিত শৰ্মা