/asomiyapratidin/media/media_files/2025/03/02/H4SxArvYhMRhmKlVitnr.png)
চয়নিকা শইকীয়া
খবৰৰ ধামখুমীয়াত হেৰাই যায় বহু খবৰ। তাৰ মাজতে বহু খবৰে বুকু জোকাঁৰি যায়। কিছু খবৰে একবিংশ শতিকাৰ সমাজখনকো প্ৰশ্ন কৰি যায়। তেনে এটি খবৰ কিছু দিনৰ পূৰ্বে চকুত পৰিল। হেডলাইন আছিল- বৈধ বিবাহৰ প্ৰমাণ পত্ৰ থকাৰ পিছতো অসবৰ্ণ বিবাহৰ বাবে গুৱাহাটীৰ তিনিটা মন্দিৰত বিবাহ অনুষ্ঠানৰ পৰা বঞ্চিত হ’ল দম্পতী।
খবৰৰ ভিতৰলৈ সোমাই গৈ জানিলো যে, আইনী বিবাহৰ প্ৰমাণ পত্ৰ থকাৰ পিছতো কইনা “নিম্ন বৰ্ণৰ” হোৱা বাবেই মহানগৰীৰ তিনিটা মন্দিৰত বিবাহ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত হয় পৰিয়ালটো। প্ৰথমে বশিষ্ঠ মন্দিৰ আৰু তাৰ পাছত কামাখ্যা আৰু শেষত শুক্ৰেশ্বৰ মন্দিৰতো বৰ্ণৰ পাৰ্থক্যৰ কথা উল্লেখ কৰি মন্দিৰৰ পুৰোহিতে বিবাহ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ অস্বীকাৰ কৰিছিল।
মনতে ভাৱিলো, আইনে অনুমোদন দিয়া পাছতো পৰম্পৰাৰ উদ্ধৃতি দি দম্পত্তিটোৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ মন্দিৰৰ পুৰোহিতক কোনে দিছে?
এই ঘটনাই স্বাভাৱিকতে সেই পৰিয়ালটোৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে। সফল চন্দ্ৰ অভিযানৰ পাছত সূৰ্য অভিযানলৈ দেশ সাজু হোৱাৰ সময়ত,আলফা কিড আৰু জেনেৰেচন বিটাৰ সময়ত এইখন দেশতে সংঘটিত হৈ আছে উচ্চ-নীচ, ব্ৰাহ্মণ-শূদ্যৰ বিভাজন আৰু বৈষম্যতা।
আচলতে এই বিষয়টোৰ ওপৰত লিখিবলৈ কিছু কুন্ঠাবোধ হৈছে কাৰণ কোনখন ব্ৰাহ্মণ সমাজ উঠি আহি কি আৰোপ লগাই তাৰ কোনো ঠিকনা নাই। তথাপিও সমাজত ঘটি থকা এনেধৰণৰ ঘটনা সমূহৰ ওপৰত মাত নামাতিলে হয়তো আৰু বহু অসবৰ্ণ দম্পত্তি এনে সমস্যাৰ সন্মখীন হৈয়ে থাকিব।
মনত প্ৰায়ে ক্ৰীয়া কৰা এটা প্ৰশ্ন আপোনালৈও আগঢ়াইছো- এই বিভাজনৰ সমাজলৈ অৰিহনা কি?
উচ্চ জাতিৰ লোকে নিম্ন বৰ্ণৰ ঘৰত খাদ্য গ্ৰহণ নকৰা, নিম্ন বৰ্ণৰ লোকক নিজৰ পাকত প্ৰৱেশ কৰিব নিদিয়া, নিম্ন বৰ্ণৰ যুৱতী-ছোৱালীৰ সৈতে সম্পৰ্কক সমৰ্থন নকৰা কেৱল ইত্যাদিতে উচ্চ বৰ্ণৰ পৰিচয় সীমিত হৈ পৰিছে। আজিকালি ব্ৰাহ্মণ বুলি ক'লে সুদাম,পৰশুৰাম বা ৰাৱণৰ কথা মনলৈ নাহে, আহে কেৱল পৰম্পৰাগত কিছুমান পুৰণিকলীয়া নীতিক আবেগ হিচাপে লৈ জীয়াই থাকিবলৈ বিচৰা সমাজৰ একাংশৰ মুখ কেইখন মনলৈ আহে।
এইটো সঁচা যে আমি আমাৰ জাতীয় সত্ত্বা , পৰম্পৰাক উলাই কৰিব নোৱাৰো, কিন্তু সমাজ-সভ্যতা সুস্থভাৱে গঢ়িবলৈ হ'লে কেৱল আওপুৰণি নীতিবোৰ খামুচি থাকিলেই নহ'ব। আজিৰ অসমীয়া সমাজ ধৰ্মৰ নামত অন্ধ যদিও তেওঁলোকৰ সেই ধৰ্মত স্থান নাই মানৱ ধৰ্মৰ।
মই এগৰাকী শূদ্ৰ যুৱতী। মই কোনো এটা বিশেষ জাতি-ধৰ্মক সমৰ্থন বা বিৰোধ নকৰো, মই সেই মানসিকতাৰ বিৰোধিতা কৰো যাৰ প্ৰৰোচনাই এচাম সৰল লোকক লটি-ঘটি কৰি আহিছে। হিন্দু সকলৰ এটা অঞ্চলতে কেইবাখনো সমাজ যেনে ব্ৰাহ্মণ সমাজ, গণক,কলিতা,যোগী, ব্ৰহ্ম কুমাৰী, শংকৰ সমাজ ইত্যাদি ইত্যাদি। সকলো ধৰ্মীয় অনুষ্ঠানেই কিছুমান নিয়মৰ মাজেৰে চলে। কিন্তু প্ৰকৃততে এই নিয়মবোৰ শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতীক নে?
তাৰ পৰিৱৰ্তে নিয়মবোৰ এতিয়া নীতিলৈ ৰূপান্তৰ হৈছে। অমুকত বোলে মহিলা মানুহৰ প্ৰৱেশ নিষেধ, তমুকত আকৌ বিবাহিতই চাকি জ্বলাব নোৱাৰে, অমুকত আকৌ বামুণে ৰান্ধিলে হে খাব পাৰে, তমুকত শূদ্ৰৰ লগত বহি খাব নোৱাৰে, নিচ জাতিলৈ ছোৱালী বিয়া পাতিব নোৱাৰি মুঠতে এয়াই হৈছে এই তথাকথিত সমাজ সমূহৰ সংস্কাৰৰ নমুনা।
এইখিনিতে মোৰ মনত প্ৰায়ে অহা এটা প্ৰশ্ন কৰিব বিচাৰিছো, এগৰাকী শূদ্ৰ বোৱাৰীয়ে ৰন্ধা ভাত সাজ আৰু এজন উচ্চ জাতিৰ লোকে ৰন্ধা ভাত সাজ লগতে এখন হোটেলৰ ভাত সাজৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ,স্বাস্থ্য সন্মত-অস্বাস্থ্যকৰ নে উচ্চ-নিচৰ?
যিসকলে আজিৰ শতিকাতো মানৱ প্ৰমূল্য বুজা নাই তেওঁলোকে কেৱল ধৰ্মৰ নামত মন্দিৰ, তীৰ্থস্থান ঘূৰিয়েই ধৰ্ম ৰক্ষাৰ চেষ্টা কৰি আহিছে। স্বধৰ্ম, মানৱধৰ্ম আৰু ভগৱান ধৰ্মৰ বাদে পৃথিৱীত আন ধৰ্ম একো নাই। স্বধৰ্মই পৈত্ৰিক সূত্ৰে লাভ কৰা ধৰ্ম মানি চলাটো বজোৱাৰ লগতে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে মানৱ ধৰ্ম আৰু ভগৱান হৈছে বাহ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ সমাজৰ সৈতে একেলগ হৈ থকাৰ এক প্ৰতিশ্ৰুতি।
মুখেৰে ক'লেই কেৱল বাহ্মিণ বা উচ্চ জাতিৰ নহয়, যিজনৰ গাত ৰাৱণ, চাণক্য, সুদাম আৰু লগতে পৰশুৰামৰ সকলো গুণ আছে তেওঁ প্ৰকৃততে এজন ব্ৰাহ্মণ। এগৰাকী বিদগ্ধই কৈছিল, সমাজৰ সহজ-সৰল লোক সকলৰ বাবে সুদাম আছিল ব্ৰাহ্মণ, ৰাজনীতিকৰণৰ বাবে চাণক্য আছিল ব্ৰাহ্মণ, দুৰ্ব্যৱহাৰ কৰা সকলৰ বাবে ৰাৱণ আছিল ব্ৰাহ্মণ আৰু যিসকলে ব্ৰাহ্মণক অৱজ্ঞা কৰিছিল সেইসকলৰ বাবে পৰশুৰাম আছিল ব্ৰাহ্মণ।
মানুহ ধৰ্মৰ ভিত্তিত বিচাৰ কৰা নহয়। বিচাৰ হয় আচৰণ, সংস্কাৰ আৰু মানুহৰ প্ৰতি থকা মানৱীয়তাৰ দৃষ্টি-ভংগীৰেহে। ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা এজনে। অসমীয়া সমাজৰ ভেটি গঢ়োতা মহাপুৰুষ দুজনাই সেই মন্ত্ৰৰেই অসমীয়া সমাজক গঢ় দিছিল। 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ'...