/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/84f34d53-be85-4cc1-84b9-1f90b3259c99/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
খেলিমেলি...
মৃদুল কুমাৰ সন্দিকৈ
চৌদিশে দেখোন খেলিমেলি। অবিশ্বাসযোগ্যতাই আমাক বেৰি ধৰিছে। কি ৰাজনীতি, কি সমাজব্যৱস্থা সকলোতে ঘূণে ধৰিছে। কাৰ কাৰণে এতিয়া ধৰ্মীয় পৰিচয়ক অগ্ৰাধিকাৰ দি নেতাসকল ব্যস্ত হৈ পৰিবলগীয়া হৈছে?
সাধাৰণ জনতা নে নিজৰ স্বাৰ্থৰ বাবে এইবোৰ কৰি গৈছে নেতাই? সেইসকল ৰাজনৈতিক দলৰ চৰ্দাৰে বুজি পাই জানো সাধাৰণ মানুহৰ মৰ্ম বেদনা? অভাৱ, অভিযোগৰ মাজত হিতাধিকাৰী হৈ জীয়াই থকা মানুহবোৰ এতিয়া ৰাজনৈতিক গিনিপিগ।
নেতাসকলৰ ৰাজনৈতিক বাণীবোৰে কাৰোৱেই হিত নাসাধে। মাঠো সুবিধা বুজি মুখ চুপতি মাৰি সাধাৰণ লোকক বাস্তৱক পাহৰাই ৰাখিবলৈ তেওঁলোকে যেন বুজাপৰাৰ মাজেৰেই এই কাম কৰে।
এই কাম নেতাই এতিয়া প্ৰায়েই কৰে। এনে কৰিলে কেৱল এটা পক্ষৰে নহয়, দুয়ো পক্ষৰে লাভ হয়। সাধাৰণ মানুহবোৰৰ মাজত সাম্প্ৰদায়িক পৰিচয়ৰ ব্যৱধান বাঢ়িলে তেওঁলোকৰ ওচৰত এইসকল লোকে নিৰাপদ অনুভৱ কৰে বুলি ৰাজনৈতিক বিশ্বাস গঢ়লৈ উঠিছে।
সেই প্ৰমাণ নেতাসকলে পাইছে। সেয়েহে নিৰ্বাচন অহাৰ পূৰ্বেই এই সূত্ৰ প্ৰয়োগেৰে তেওঁলোকে সজীৱ হৈ পৰে। বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক পৃষ্ঠপোষকতা সকলোৰে বাবে ত্ৰাসৰ কাৰণ।
তেওঁক কোনে সংখ্যালঘু লোকৰ ভগৱান বা আল্লা পাতিলে? নিজৰ বাবেই জানো তেওঁ এই স্থানত নিজক প্ৰক্ষেপ কৰা নাই? একেদৰে উজনিৰ অসমীয়া যুৱকক সম্বল কৰি লৈ মিঞা মুক্ত কৰিব খোজাজনো সাম্প্ৰদায়িক বিষবাষ্পৰ বাহক নহয়?
নালাগেনে এইবোৰ কথা ভাবিলে খেলি-মেলি? স্বাৱলম্বী অসমীয়া জাতিক কোনে দুৰ্বল কৰিলে? ঘৰতে ধান, মাহ, সৰিয়হ, তামোল-পাণ, মাছ, মাংস সকলো উভৈনদী হৈ থকা অসমীয়াক পংগু কৰা আঁৰৰ মানুহবোৰ আমাৰেই নেতাসকল নহয়নে?
ৰাজনীতিৰ এই খেলিমেলিবোৰ সমাজ জীৱনৰো খেলিমেলি হৈ ধৰা দিছে। এতিয়া কাৰো ওপৰত কাৰোৰে আস্থা, প্ৰত্যয় নাই। সাংবাদিকক যি বিশ্বাসেৰে মানুহে আদৰি লৈছিল সেই বিশ্বাসত পদধূলি উৰিছে। কোনোবা সাংবাদিকক প্ৰহাৰ কৰাৰ পাছত ভাইৰেল হৈ পৰা অডিঅ' কথোপকথনতে সেই স্খলিত প্ৰৱণতা প্ৰতিফলিত হৈছে।
এই বৃত্তিযেন এতিয়া এক প্ৰকাৰৰ ডকাইতৰ শাৰীলৈ অৱনমিত হৈছে একাংশৰ বাবে। এনে অভিযোগৰ পৰা সাংবাদিক আৰু সংবাদ মাধ্যমক মুক্তি দিব কোনে? ভাবিলে এইবোৰ কথায়ো মনত খেলিমেলিৰ সৃষ্টি নকেৰেনে?
খাকী পোচাকধাৰি আৰক্ষীৰ গাত এই কেইদিন এটাৰ পাছত আনটো আচুৰ পৰিছে। আৰক্ষী সঞ্চালক প্ৰধানে সতৰ্ক কৰিছে, মুকলি চিঠি লিখিছে, আৱেগিক পোষ্ট দিছে। কিন্তু পৰিত্ৰাণ পোৱা নাই ইয়াৰ পৰা। আৰক্ষীৰ বিৰুদ্ধে মানুহৰ ক্ষোভে ভৰপক দিছে।
ব্যৱস্থা লৈ লৈ আৰক্ষী সঞ্চালক প্ৰধানেই ভাগৰি পৰিছে। বৰ্খাস্ত, নিলম্বন এইবোৰে জানো ঘূৰাই আনিব পাৰিব আৰক্ষীৰ ভৱমূৰ্তি? খাকী পোচাকৰ এই দাগ পুৰণি। বহু দিনীয়া এই দাগবোৰ। কেনেকৈ ইয়াক নিৰ্মূল কৰিব পাৰি সেয়া এতিয়া চিন্তাৰ কাৰণ হৈছে। কথাবোৰ আৰক্ষীৰ বৰমূৰীয়াসকলৰ বাবেও খেলিমেলি হৈ পৰিছে।
খেলিমেলি লাগিছিল সেইদিনা, যিদিনা ৰাজ্যৰ যোগান মন্ত্ৰীয়ে কৈছিল বয়বস্তুৰ দাম বাঢ়িছে মই কি কৰিব লাগে? এইগৰাকী যোগানমন্ত্ৰীয়ে কিজানি কিবা এটা বুজি পালে। সংবাদ মেল পাতি বয়-বস্তুৰ দাম কিয় বাঢ়িছে তাৰ ব্যাখ্যা দিলে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁ কথাবোৰ ন'কলে।
মিঞাৰ বাবে তেওঁৰ মতে দাম বৃদ্ধি হোৱা নাই। দাম বাঢ়িছে বানপানীৰ বাবে। ইয়াক নিয়ন্ত্ৰণৰ বিধান তেওঁৰ হাতত নাই। বজাৰৰ জুই জ্বলিয়েই আছে। মানুহবোৰৰ মন খেলিমেলি হৈ উঠিছে। ভাবি আছে কেতিয়া কমিব বজাৰত শাক-পাচলিৰ দাম।
আৰু এগৰাকী অভিনেত্ৰী উলাইছে। খবৰবোৰক লৈ আকৌ এচামৰ ব্যস্ততা বাঢ়িছে। যোৰহাট, গোলাঘাটৰ পাছত বঙাইগাঁৱত এইগৰাকী অভিনেত্ৰীৰ ঘৰ বুলি চৰ্চা চলিছে। প্ৰশ্ন হয়, সাধাৰণতে ভদ্ৰ মানুহে নাচায় বুলি ভবা এইধৰণৰ অভিনেত্ৰীয়ে অভিনয় কৰা দৃশ্যবোৰ আমাৰ ইয়াত চাই কোনে?
কোনে চিনাক্ত কৰে এইবোৰত অভিনয় কৰা অভিনেত্ৰীসকল ক'ৰ, কি নাম? এই খবৰবোৰে সমাজৰ কি উপকাৰ সাধে? কথাবোৰে খেলিমেলি নলগাইনে আমাৰ মনবোৰত?
অসমীয়া কোৱাৰ বাবে হেনো মাৰপিট হৈ গ'ল। এখন ৰেষ্টুৰেণ্টত নিশা ঘটিল এই ঘটনা। তাৰ পাছত সকলোৰে তৎপৰতা। সঁচাকৈয়ে অসমীয়াত কথা কোৱাৰ বাবেই এই কাজিয়াৰ সূত্ৰপাত হৈছিল নে?
কাজিয়াত লিপ্ত হোৱাসকলৰ দোষ থাকিব পাৰে। কিন্তু অসমীয়া ভাষাত কথা কোৱাৰ বাবে ইমান ডাঙৰ সংঘাত এইখন অসমত ! তাতে গুৱাহাটীৰ মাজমজিয়াত। মানি ল'ব পাৰিনে কথাবোৰ? দকৈ ভাবিলে এইবোৰ খবৰ দেখিও নালাগেনে খেলিমেলি?
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ভিন্নজনৰ ভিন্ন মত। সেই খচৰা প্ৰকাশ হোৱাৰ পাছৰে পৰা বিভিন্ন ৰাজনৈতিক দল, সংগঠনে, ব্যক্তিয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে কলেজৰ অধ্যক্ষৰ চাকৰিও গৈছে।
এই খচৰাক সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে। সেই সমালোচনা শাসকীয় পক্ষৰ বিৰুদ্ধে হোৱাৰ বাবেই এজন মন্ত্ৰীয়ে প্ৰশ্ন তুলিছে। সুধিছে, সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ কোন হীৰেন গোহাঁই?
মন্ত্ৰীজনক সেই সময়ত কোনেও উত্তৰ দিয়া নাই। ড০ হীৰেন গোহাঁইক কোন বুলি প্ৰশ্ন কৰিছে, সেয়া এটা খবৰ হৈ পৰিছে। ড০ গোহাঁইক যিসকলে জানে, তেওঁলোকৰ বাবে এই প্ৰশ্নই একেই খেলিমেলিৰ সৃষ্টি কৰিছে।
কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ড০ হীৰেন গোহাঁইৰ মন্তব্যক লৈ মত পাৰ্থক্য থাকিব পাৰে। সেইবুলি এজন মন্ত্ৰীয়ে তেখেতক কোন বুলি প্ৰশ্ন কৰিলে এই খেলিমেলিৰ সৃষ্টি হ'বই দিয়কচোন।
Also Read: শিক্ষা, সাহিত্য, সংস্কৃতি, ভাস্কৰ্য্য,শিল্পকৰ্মত অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..