/asomiyapratidin/media/media_files/2025/05/28/vBKN6eKLzxTjnozmCwLc.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আজিৰ পৰা ২৫ বছৰ আগৰ কথা। ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ অৱস্থা তেতিয়াও প্ৰায় আজিৰ দৰেই আছিল। শাসনত থকা শাসকীয় দলটোৰ বিৰুদ্ধে বহু প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু চৰকাৰৰ কাম-কাজত ৰাজ্যবাসী ভীষণ ভাৱে অসন্তুষ্ট হৈছিল।
কিন্তু ৰাজ্যৰ ৰাজনীতিত শাসনত থকা অগপ আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰৰ কোনো বিকল্প তেতিয়ালৈকে নাছিল। সেই সময়তে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইতিমধ্যে লবী আৰু পদবীৰ লোভত দুৰ্বল হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব দিবলৈ দিল্লীৰ পৰা তৰুণ গগৈক অসমলৈ পঠিয়াই দিয়া হৈছিল।
অসমলৈ কংগ্ৰেছৰ নেতৃত্ব ল’বলৈ আহি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তৰুণ গগৈ।দলৰ ভিতৰত তেওঁৰ বিৰুদ্ধে নিজ সতীৰ্থ নেতাৰ অভিসন্ধী থকাৰ দৰেই চৰকাৰী পক্ষৰ পৰাও গগৈৰ বিৰুদ্ধে সেই সময়ত ষড়যন্ত্ৰ ৰচা হৈছিল।
তৰুণ গগৈৰ বিৰুদ্ধে আটাইতকৈ সৰব হৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অসম বিধানসভাত প্ৰফুল্ল কুমাৰ মহন্তই এখন চিঠি পঢ়ি শুনাইছিল। কনক গগৈৰ নামৰ এজন আলফাৰ সদস্যই ৰাতুল কটকী নামৰ এজনলৈ লিখা সেই চিঠিখনৰ এটা অংশ পঢ়ি মহন্তই বিধানসভাৰ মজিয়াত এক ধাৰণা দিছিল যে, ৫০ লাখ টকাৰ বিনিময়ত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে কংগ্ৰেছৰ চুক্তি হৈছে।
নিৰ্বাচনত কংগ্ৰেছৰ নেতা তৰুণ গগৈক সহায় কৰাৰ আশ্বাস দিছে সংগঠনটোৱে। সেই সময়ত এই চিঠিক লৈ তুমুল ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছিল। প্ৰফুল্ল মহন্তই সদনত পঢ়া এই চিঠিখন কিন্তু তেতিয়াই ১১ বছৰ পুৰণি চিঠি আছিল।
চিঠিখন আছিল প্ৰকৃততে আলফাৰ আলোচনাৰ সন্দৰ্ভত কেইজনমান কেন্দ্ৰীয় নেতাৰ সৈতে কৰা যোগাযোগৰ অংশ বিশেষ। কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙেও সেই কথা জানিছিল। কিন্তু মহন্তই সেই চিঠিখনকেই আধাৰ কৰি লৈ তাৰ কিছু অংশ পঢ়ি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তৰুণ গগৈৰ সৈতে আলফাৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ খুজিছিল।
মহন্তৰ এনে অভিসন্ধিয়ে ভীষণ অস্বস্তিত পেলাইছিল তৰুণ গগৈক। কেৱল সেয়াই নহয়, দিল্লীত থকা সূত্ৰে তৰুণ গগৈয়ে গুৱাহাটীৰ অজন্তা পথত থকা ঘৰটো ভাড়াত দিছিল। সেই ভাড়া ঘৰত ১৯৯৩-৯৪ চনত ভাড়াতীয়া হিচাপে আছিল টাটা টী কোম্পানীৰ বিষয়া ব্ৰজেন গগৈ।
সেই ঘৰৰ পৰাই টেলিফোনেৰে ব্ৰজেন গগৈয়ে আলফাৰ সৈতে যোগাযোগ কৰাৰ তথ্য পোহৰলৈ আহিছিল। এই কথাটোৰ আলম লৈয়ো অগপই তৰুণ গগৈৰ সৈতে আলফাৰ সম্পৰ্ক থকা বুলি আন এক দৃষ্টিৰে প্ৰচাৰ চলাইছিল।
এই খবৰ জানি তেতিয়াই ভাড়া ঘৰৰ পৰা ব্ৰজেন গগৈক তৰুণ গগৈয়ে উলিয়াই পঠিয়াইছিল জানিও প্ৰায় সাত বছৰৰ পিছত এনে অপপ্ৰচাৰে গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰি দিয়াৰ চেষ্টা অগপ আৰু প্ৰফুল্ল মহন্তৰ চৰকাৰৰ আমোলত হৈছিল।
এইবোৰ কথা প্ৰচাৰ কৰি থকাৰ কাৰণ আছিল সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন। অৱশ্যে তাৰ সমান্তৰালকৈ তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী অসম ভ্ৰমণলৈ আহিছিল। ৰাজনীতিত তেতিয়া আজিৰ দৰে মূল্যবোধৰ অৱক্ষয় হোৱা নাছিল।
২০০১ ৰ ৫ ফেব্ৰুৱাৰীত অসমলৈ অহা তদানীন্তন গৃহমন্ত্ৰী আদৱানীয়ে কিন্তু তৰুণ গগৈক একপ্ৰকাৰৰ ক্লীনশ্বিট দিছিল। তেওঁ স্পষ্ট ভাষাৰে কৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তৰুণ গগৈৰ আলফাৰ সৈতে সম্পৰ্ক থকাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই।
এই সম্পৰ্কে কোনো অনুসন্ধানো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কৰা নাই। আদৱানীৰ এই মন্তব্যই যথেষ্ট সকাহ দিছিল তৰুণ গগৈক। প্ৰফুল্ল মহন্তৰ ষড়যন্ত্ৰ কংগ্ৰেছে বিফল কৰিছিল। মহন্তই বহু চেষ্টা কৰিও তৰুণ গগৈৰে আলফাৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে।
সেই ষড়যন্ত্ৰ আৰু অগপ-বিজেপি চৰকাৰৰ বিফলতাবোৰ উদঙাই কংগ্ৰেছে পৰৱৰ্তী সময়ত এখন কেইবা পৃষ্ঠাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰিছিল। যি প্ৰচাৰ পত্ৰিকাৰ নাম আছিল ‘অভিযোগ নামা’।
এই প্ৰচাৰ প্ৰত্ৰিকাত ৰাজ্যৰ শেহতীয়া আৰ্থিক অৱস্থা, ব্যৰ্থতা, কেলেংকাৰী আৰু প্ৰফুল্ল মহন্তৰ এনে অপপ্ৰচাৰৰ কথা সবিস্তাৰে ৰাজহুৱা কৰা হৈছিল। ১৭ ফেব্ৰুৱাৰী, ২০০১ ত প্ৰকাশ কৰা এই প্ৰচাৰ পত্ৰিকা অভিযোগ নামাৰ সম্পাদনাৰ দায়িত্ব লৈছিল ৰিপুণ বৰাই।
অভিযোগ নামাৰ উপসমিতিৰ কৰ্মকৰ্তাসকলৰ ভিতৰত আছিল অৰ্ধেন্দু কুমাৰ দে’, ভৰত নৰহ, প্ৰদ্যুৎ বৰদলৈ, পংকজ বৰা, চিৰাজুল হুছেইন শইকীয়া। ৩৮ পৃষ্ঠাৰ এই প্ৰচাৰ পত্ৰিকাখনৰ ১৪ নম্বৰ পৃষ্ঠাত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী মহন্ত আৰু তেতিয়াৰ ৰাজহমন্ত্ৰী জয়নাথ শৰ্মাই কেনেদৰে বিভাগটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল সেই তথ্য উদঙাই দিছিল।
পত্ৰিকাখনত লিখিছিল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ দৌৰত অগপৰ কোনোজন মন্ত্ৰীয়েই পিছ পৰি থকা নাই। ৰাজহমন্ত্ৰী জয়নাথ শৰ্মাৰ আমোলত তেওঁৰ ব্যক্তিগত প্ৰতিষ্ঠান নেৰিমৰ নামত ৫২ বিঘা মাটি উত্তৰ গুৱাহাটীত লোৱাৰ পিছত পুনৰ মহানগৰীৰ মাজমজিয়াত কাৰাগাৰৰ কাষত ৩ বিঘা মাটি লোৱা হৈছে। এই মাটি আৱন্তন লৈ হাউচফেডত দি তাৰ বিনিময়ত হাউচফেডে নিৰ্মাণ কৰা এটা প্ৰকাণ্ড অট্টালিকা ৰাজহমন্ত্ৰী শৰ্মাই নেৰিমৰ নামত লৈছে।
অভিযোগ নামাৰ সেই পৃষ্ঠাতে উল্লেখ থকা মতে মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই জয়শ্ৰী মহন্তৰ ‘সৰ্ব মংগলম’ নামৰ অনুষ্ঠানক ৰাজ্যখনৰ বিভিন্ন জিলাত, মহকুমা সদৰত বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি নীতি বৰ্হিভূত ভাৱে বন্দোবস্তি দিছে। পত্ৰিকাখনৰ ২৫ পৃষ্ঠাত তেতিয়াৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ দুৰ্নীতিৰ কথাও উল্লেখ আছে।
বিধানসভাত এসাজ ভাতৰ দাম সেই সময়ত ৫০০ টকাকৈ এবছৰত ৮০ লাখ টকাৰ ভাতৰ বিল দিয়াৰ অভিযোগ তথ্যসহকাৰে উত্থাপন কৰিছিল কংগ্ৰেছে। ২৭ নম্বৰ পৃষ্ঠাত তৰুণ গগৈক কিদৰে আলফাৰ সৈতে সম্পৰ্ক থকা বুলি অপপ্ৰচাৰ চলোৱা হৈছিল তাৰ সবিশেষ বৰ্ণনা কৰা হৈছে।
ইয়াৰ ৩২ নম্বৰ পৃষ্ঠাত প্ৰফুল্ল মহন্তই এখনি পুৰণি চিঠিৰ আধাৰত বিধানসভাত আলফা আৰু তৰুণ গগৈৰ সম্পৰ্ক আছে বুলি কিদৰে তুলি ধৰিছিল তাৰ ব্যাখ্যাও দিছিল। এই ৰাজনৈতিক পুস্তিকাখনে সেই সময়ত জনসাধাৰণৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া আৰু চৰ্চা লাভ কৰিছিল।
২০০১ ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিছিল। অগপ-বিজেপি চৰকাৰক বিদায় দি কংগ্ৰেছ শাসনলৈ আহিছিল। পুস্তিকাখনৰ পৰিশেষত তৰুণ গগৈয়ে লিখিছিল যে, অসম গণ পৰিষদ আৰু বিজেপিৰ চৰকাৰীৰ সীমাহীন দুৰ্নীতি এই পুস্তিকাৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিলো। ইয়াৰ বিচাৰ ৰাইজৰ হাতত অৰ্পণ কৰিছো।
সময় সলনি হ’ল। এইবাৰ তৰুণ গগৈ নহয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তৰুণ গগৈ নহয় গৌৰৱ গগৈ হ’ল। ৰাজ্যত একেই বিজেপি-অগপৰ চৰকাৰ। সেই সময়ত চৰকাৰৰ বিগ ব্ৰাডাৰ আছিল অগপ, এইবাৰ বিজেপি।
আকৌ তৰুণ গগৈৰ কাষত ৰিপুণ বৰাৰ দৰে এইবাৰ গৌৰৱ গগৈৰ কাষত ৰিপুণ বৰা। তৰুণ গগৈক এই অভিযোগ নামাৰ জৰিয়তে উদ্ধাৰ কৰা ৰিপুণ বৰা এইবাৰ নামিছে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত শাসকীয় পক্ষৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা গৌৰৱ গগৈক উদ্ধাৰ অভিযান।
ৰাজনীতিত এই কথাবোৰ বৰ আমোদজনক। চৰিত্ৰবোৰ সলনি হ’লেও ঘটনাবোৰৰ যেন পুনৰাবৃত্তি হৈছে। অৱশ্যে ২০০১ ৰ দৰে ২০২৬ ত তৰুণ গগৈৰ দৰে গৌৰৱ গগৈয়ে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰেনে নোৱাৰে সেই উত্তৰ এতিয়া সময়ৰ হাতত।