/asomiyapratidin/media/media_files/2025/04/19/L4FQvEduW4MoRDDkevnt.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কাৰোবাক মিছাতে অপবাদ জাপি দিয়াতো ভাল কথা নহয়। একেদৰে বাৰে বাৰে একেই ভুল আৰু অপৰাধ কৰি থকা জনক সুযোগ দিয়াৰ পাছতো তেওঁ সংশোধনৰ সুযোগ নল'লে, তেনে লোকক আবেগৰ বশৱৰ্তী হৈ নিৰপৰাধী আখ্যা দিয়াতো শুভ কাৰক বুলিব নোৱাৰি।
তেওঁৰ কিবা মানসিক সমস্যা থাকিব পাৰে। সেই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। কিন্তু ইয়াৰ আধাৰত প্ৰতি খোজে খোজে ঠগ আৰু প্ৰৱঞ্চনাৰ জাল মেলা জন মিষ্টাৰ 420 সদৃশেই। ধৰা পৰাৰ পাছত এনে ভুল নকৰো বুলি তেনে লোকে দিয়া প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই।
ইমপোষ্টাৰ চিণ্ড্ৰ'ম নামৰ এবিধ ৰোগ আছে। যাক ইমপোষ্টাৰ ফেন'মেন বুলিও জনা যায়। এনে লোক সকলে নিজক লৈ এক কাল্পনিক কাহিনী বা চৰিত্ৰ সৃষ্টি কৰে। এজন -দুজনকৈ সেই কাহিনী বহু লোকক কয়, আৰু নিজেই সেই কাহিনী চৰিত্ৰৰ মাজত সোমাই পৰে।
এই লোকসকলৰ মানসিক স্থিৰতাৰ ভিত্তি মিছাৰ ওপৰত আধাৰিত আৰু কল্পনাপ্ৰসূত। তেওঁলোকৰ বৌদ্ধিক বা পেছাদ্বাৰিত্ব প্ৰৱঞ্চনা আৰু অনুভূতিৰে ভৰা। সেয়েহে এক কল্পনিক চৰিত্ৰ আৰু কাহিনীৰ মাজত অৱস্থান লৈ তেওঁলোকে যিকোনো ধৰণৰ অপৰাধ অতি সহজে সংঘটিত কৰিব পাৰে।
ছদ্ম নামত লিখাতো অপৰাধ হ'ব নোৱাৰে। কিন্তু সেই ছদ্ম নাম ব্যৱহাৰে বৌদ্ধিক ভণ্ডামিৰ সহায়ত এক বিশাল নেটৱৰ্ক গঢ়ি মানুহক বিপথে পৰিচালিত কৰা প্ৰৱণতাৰ অপৰাধৰ নামান্তৰ। যিটো কাম পৰিধি শৰ্মা নামৰ ধ্ৰুৱজ্যোতি নামৰ যুৱকজনে কৰিছিল।
পলাশ ৰঞ্জন বৰুৱাই উদ্যোগ নোলোৱা হ'লে সেই চৰিত্ৰ এক ৰহস্যঘন পৰ্দাৰ মাজত ৰৈ গ'ল হয়। তেওঁক লৈ সন্দেহৰ অৱকাশ থাকিলেও কোনো দিনে সত্য উন্মোচন হোৱাৰ সুযোগেই নাহিলে হেতেন। ১১৮ বছৰীয়া অসমৰ বাজেটৰ এক বিশ্লেষণমুখ অধ্যয়ণৰ প্ৰকল্পৰ সৈতে পৰিধি শৰ্মা নামটো সাঙুৰ খাইছিল।
এই ভাল কামটোৰ অংশীদাৰ হ'বলৈ তেওঁ নিজেই বিচাৰিছিল। মহিলা কন্ঠৰে, মহিলা পৰিচয়ৰে দিল্লী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰূপে তেওঁ বহুত সৈতে সম্পৰ্ক কৰিছিল। কাকত আলোচনীত লিখা সূত্ৰে সেই বিশ্বাস গঢ়ি অতি পৰিকল্পিতভাৱে এই চৰিত্ৰই মানুহৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছিল।
সেয়েহে বাজেটৰ এই প্ৰকল্পৰ অংশীদ্বাৰ হ'ব বিচাৰি ইনব'ক্সত পলাশ ৰঞ্জন বৰুৱাৰ সৈতে বাৰ্তালাপৰ পাতনি মেলিছিল। পদাৰ্থ বিজ্ঞানৰ মানুহ হ'লেও তেওঁৰ পৰিশীলিত লেখা আৰু শক্তিশালী নেটৱৰ্কৰ বাবে এই প্ৰকল্পৰ সম্পাদনা সমিতিৰ সম্পাদক ৰূপেও তেওঁক দায়িত্ব দিয়া হৈছিল।
প্ৰকল্পটোৰ মূল ব্যক্তি সকলে ভাৱিছিল দিল্লী বিশ্ববিদ্যালয়ত কৰ্মৰত এই গৰাকী অধ্যাপিকাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ আন অধ্যাপকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব। এই অনুৰোধ তেওঁক কৰাত তেওঁ এগৰাকী অধ্যাপিকাৰ নামো দিছিল।
কিন্তু সেই অধ্যাপিকাৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাছিল। বাৰে বাৰে তেওঁ অধ্যাপিকা গৰাকীৰ সৈতে যোগাযোগৰ ঠিকনা দিবলৈ কোৱা হৈছিল যদিও কৌশলগতভাৱে তেওঁ আঁতৰি আছিল। চতুৰ পৰিধি শৰ্মাই প্ৰস্তাৱ দিছিল এই প্ৰকল্পৰ বাবে তেওঁ শক্তিশালী নেটৱৰ্ক ব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰাৰ।
কাৰ কাৰ পৰা ধন সংগ্ৰহ কৰিব পাৰি তাৰ অসম্পূৰ্ণ তালিকাও শুনাইছিল। তাতেই সন্দেহ হৈছিল এই প্ৰকল্পটোৰ সৈতে জৰিত আন সকলক। আনকি তেওঁ দিয়া ৱাটচ্আপ গ্ৰুপ খোলা প্ৰস্তাৱ খাৰিজ কৰি দিছিল আৰু এই প্ৰকল্প সম্পৰ্কীয় কথা-বতৰা তেওঁৰ লগত পতা কমাই দিছিল।
পৰিধি শৰ্মা সন্দৰ্ভত হোৱা সন্দেহ আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে এইখিনি কথা কৈছিল এই প্ৰকল্পৰ মুখ্য সম্পাদক পলাশ ৰঞ্জন বৰুৱা আৰু সম্পাদক হিচাপে দায়িত্বত থকা হেমন্ত ফুকনে। বিষয়টো গৈ চিআইডি পোৱাৰ পাছত বাকী সকলো তথ্য ইতিমধ্যে উন্মোচিত হৈছে।
কিন্তু পৰিধি শৰ্মাতেই ধ্ৰুৱজ্যোতিৰ এই প্ৰৱঞ্চনাৰ কাহিনী অন্ত পৰা নাই। বহুতকে পৰিধিয়ে আৰ্থিক সাহাৰ্য বিচাৰি অনুৰোধ কৰিছিল। নিজৰ বাবে অৱশ্যে পৰিধিয়ে ধন বিচৰা নাছিল যদিও ধ্ৰুৱজ্যোতি নামৰ এজন যুৱকৰ বাবে এই সহায় বিচাৰিছিল।
তাৰ বাবেও বহু নতুন কাহিনী সঁচা-মিছাৰ সংমিশ্ৰণেৰে তেওঁ সৃষ্টি কৰিছিল। ধ্ৰুৱজ্যোতিৰ বেংক একাউন্ট, পাছবুক আদি এই লোক সকললৈ প্ৰেৰণ কৰোতে তাৰ সৈতে এক কাহিনীও কৈছিল। বহুতে সহায় কৰিছিল, বহুতে সহায় কৰা নাছিল।
কিন্তু কোনেও ভৱা নাছিল সেই ধ্ৰুৱজ্যোতিলৈ সহায় বিচৰা পৰিধি শৰ্মা জনী ধ্ৰুৱজ্যোতিৰেই সৃষ্ট এক কাল্পনিক চৰিত্ৰ। এইখিনিলৈকেও মানি ল'ব পাৰি। কিন্তু ধ্ৰুৱজ্যোতিৰ অতীতৰ অধ্যায়বোৰ মেলোতে বিভিন্ন উৎসৰ পৰা তথ্যৰ ভিত্তিত লাভ কৰা আন অভিযোগ তথা অপৰাধবোৰ জানো আমি এৰাই চলিব পাৰিম?
আৰটিআইৰ কৰ্মী হিচাপে গৌৰীসাগৰত ধ্ৰুৱজ্যোতিয়ে কি কৰিছিল? এটা ব্লকৰ বিডিঅ'ক কৰা ব্লেক মেইলৰ অভিযোগ জানো মিছা আছিল? অভিযোগ আহিছে দায়িত্বশীল লোকৰ পৰাই- কৰুণাধৰাৰ নামতো ধ্ৰুৱজ্যোতিয়ে ধন সংগ্ৰহ কৰি আত্মসাত কৰিছিল।
প্ৰণামী মহন্তৰ নাম লৈ ধ্ৰুৱজ্যোতিয়ে নাৰী জাতিৰ আৱেগৰ সৈতে খেল খেলিলে। বিধৱা মহিলা সকলক এক গোট কৰি প্ৰাণৰ কথা পাতিলে। সেই কথাবোৰৰ মাজত অতি ব্যক্তিগত কথাও বহু মহিলাই ক'লে। সেই ব্যক্তিগত কথাবোৰ ৰাজহুৱা কৰি দিয়াৰ ভয় দেখুৱাই কাৰোবাৰ জীৱনক দুৰ্বিহ কৰি তুলিলে।
কিমান পৰ্যায়ৰ অপৰাধী হ'ব পাৰে তেওঁ। এচিএচ অফিচাৰ বুলি আভুৱা ভৰাই যিখন প্ৰৱঞ্চনাৰ জাল মেলিছিল সেই জাল ধৰা পৰি গৈছিল। ধ্ৰুৱজ্যোতিৰ বাবেই নিজক শেষ কৰি দিয়াৰ সিদ্ধান্ত লোৱা ভদ্ৰ বিধৱা মহিলাক আন দুগৰাকী সচেতন শিক্ষিত মহিলাই সময়ত সহায় নকৰা হ'লে কিমান ডাঙৰ অঘটন ঘটিল হেতেন।
নুমলীগড় ৰিফাইনেৰীত কৰ্মৰত মহিলা বিষয়া বুলি পৰিচয় দি কাৰ সৈতে তেওঁ পাতিছিল নিশা নিশা মধুৰ কথা? সেইবোৰটো উন্মোচন এতিয়া হৈছে। এনে এজন প্ৰৱঞ্চকক ছদ্ম নামত লিখাৰ বাবেই দোষী সাৱ্যস্ত কৰা হৈছে বুলি কোনোবাই ক'লেই কেনেকৈ মানি ল'ব পাৰি?
আছে নেকি ধ্ৰুৱজ্যোতি নামৰ এই লোকজনৰ মহিলাৰূপী চৰিত্ৰৰে প্ৰৱঞ্চনাৰ খেল খেলাৰ আঁৰত আন এক চক্ৰ? সকলো লেখা ধ্ৰুৱজ্যোতিয়ে নিজেই লিখিছিল নে? কোনোবা বাঘা মানুহৰ আশীৰ্বাদ লৈ পৰিধি শৰ্মাৰ নামত আন কিবা লক্ষ্য উদ্দেশ্যৰে ধ্ৰুৱজ্যোতিয়ে এইবোৰ কৰি গৈছিল নেকি?
ভাইৰেল হোৱা ভিডিঅ'ত ধ্ৰুৱজ্যোতিয়ে নিজে কৈছে- সেইটো হেনো তেওঁৰ চতুৰ্থটো তেনে অপৰাধ। কিন্তু তেওঁক আঠু কঢ়াই শাস্তি বিহা সকলে মনত পেলাই দিছিল ৪ নহয় ইয়াতকৈ বেছি হৈছে অপৰাধৰ সংখ্যা। তাৰ পাছতো সেই অপৰাধৰ ধাৰাবাহিকতা অব্যাহত থাকিল।
চিআইডি আৰু আৰক্ষীৰ তদন্তই কেৱল পৰিধি শৰ্মাক সামৰিলে নহ'ব। নাৰীৰ নাম লৈ সংগঠিত ৰূপত কৰা ধ্ৰুৱজ্যোতিৰ এইবোৰ কেতিয়াও ক্ষমা কৰি দিব পৰা অপৰাধ নহয়। ধ্ৰুৱজ্যোতিয়ে হয়তো প্ৰতিভাৰ অপব্যৱহাৰ কৰি গৈছে।
এনে এজন অপৰাধীৰ প্ৰতি কোনো অনুকম্পা নাই। ভুল কৰিলে শাস্তি অনিবাৰ্য। আইনে ল'ব নিজৰ বাট। যিকোনো মুহূৰ্ততে ধ্ৰুৱজ্যোতিক গ্ৰেপ্তাৰ কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব। কম পানীৰ মাছ নহয় ধ্ৰুৱজ্যোতি...