/asomiyapratidin/media/media_files/2025/05/14/fSqikjjY8sS2FzEKo4Gg.jpg)
মৃদুল কুমাৰ সন্দিকৈ
যুদ্ধত জিকিও কেতিয়াবা পৰাজয়ৰ দৰে গ্লানি বহন কৰিবলগীয়া হয়। শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ উপস্থিতি প্ৰায় ধূলিস্যাৎ হৈ গ’ল। জিকাৰ সম্ভাৱনা নিজেই ধ্বংস কৰি ৰাজনীতিত পতন মাতি অনা কংগ্ৰেছ, অজাপ, ৰাইজৰ দলৰ নেতৃত্বই সেই উপলব্ধি এতিয়াও কৰিছে বুলি বোধ নহয়।
নিজৰ নাক কাটি, ৰাজনীতিত সতিনীৰ যাত্ৰা ভংগ কৰা ভূমিকাত দেখা পোৱা গ’ল অখিল গগৈ, লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ, ভূপেন কুমাৰ বৰা, দেবব্ৰত শইকীয়াৰ দৰে বিৰোধী নেতাসকল। শাসনত থকা সূত্ৰেই বিজেপিয়ে বিৰোধীৰ এই দুৰ্বলতাৰে সুযোগ লৈ পঞ্চায়ত নিৰ্বাচনত অভিলখে সৃষ্টি কৰি সফলতা বুটলিলে।
২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জিলা পৰিষদত ২১২ খন আসন লাভ কৰিছিল। অগপই ১৯ খন আসন আৰু কংগ্ৰেছে সেইবাৰ নিৰ্বাচনত ১৪৭ খন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছিল।
শতাংশৰ হাৰত বিজেপিয়ে ৫০.৪৮ শতাংশ জিলা পৰিষদৰ আসনত জয়ী হৈছিল ২০১৮ত। জিলা পৰিষদত অগপই ৪.৫২ শতাংশ আসনত জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে জিলা পৰিষদত ৩৫ শতাংশ আসন দখল কৰি পঞ্চায়ত নিৰ্বাচনত এক ভাল স্থানতেই আছিল।
২০২৫ ত বিজেপিয়ে অকলেই ২৭২ খন জিলা পৰিষদ, অগপই ২৮ খন আৰু কংগ্ৰেছে মাত্ৰ ৭৩ খন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয়। জিলা পৰিষদৰ আসন লাভৰ শতকৰা হাৰ হ’ল বিজেপিৰ ৬৫.৫১ শতাংশ, অগপৰ ৭.০৫ শতাংশ। কংগ্ৰেছৰ জিলা পৰিষদৰ আসন লাভৰ সেই হাৰ ২০১৮ ৰ ৩৫ শতাংশৰ পৰা ১৮.৩৮ শতাংশলৈ হ্ৰাস পালে।
আঞ্চলিক পঞ্চায়ততো বিজেপিয়ে ২০১৮ ত ১০২৫ খন আসন লাভ কৰাৰ বিপৰীতে ২০২৫ ত ১২৬৫ খন আসনত জয়ী সাব্যস্ত কৰিলে। অগপই ১১৮ খন আঞ্চলিক পঞ্চায়তত জয়ী হৈছিল ২০১৮ ত। ২০২৫ ত সেই সংখ্যা বৃদ্ধি কৰিলে ১৭১ লৈ।
কংগ্ৰেছে ২০১৮ ত ৭৭১ খন আঞ্চলিক পঞ্চায়ত দখল কৰিছিল যদিও ২০২৫ ত ৪৭৭ তেই দলটো থমকি ৰ’ল। এয়া হ’ল শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰিক ফলাফলৰ এক তথ্যগত বিশ্লেষণ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত বিশেষকৈ যোৰহাটৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট উৎসাহপূৰ্ণ মন্তব্য কৰা দেখা পোৱা গৈছে। ৰাজনীতিত অৰ্হি-নুকুল সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ।
লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অথলে যোৱাৰ পিছত এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ২০২৬ লৈ আৰু অধিক আশাবাদী কৰি তুলিছে। আনকি ২০২৬ ত তেওঁ যোৰহাটৰ কোনোবা বিধানসভাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি গুণগুণনি উঠিছে।
চতুৰ মুখ্যমন্ত্ৰীয়ে চিধাকৈ সেই উত্তৰ নিদিলেও কিন্তু বিষয়টোক চৰ্চাৰ কেন্দ্ৰ বিন্দু কৰি ৰাখি দলে যি সিদ্ধান্ত দিয়ে সেয়াই হ’ব বুলি কৌশলী প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যোৰহাট জিলাত ১৬ খন জিলা পৰিষদ আছে। ইয়াৰে ১৫ খনত বিজেপি আৰু এখনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয়ী হ’ল।
যোৰহাটৰ ৬০ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত ৪৯ খনত বিজেপি, ৯ খনত অগপ, মাত্ৰ এখনত কংগ্ৰেছ আৰু আন এখনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। মাজুলীতো ৪ খন জিলা পৰিষদৰ ভিতৰত আটাই কেইখনতে বিজেপি প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিলে। আঞ্চলিক পঞ্চায়তৰ ২০ খন আসনৰ ভিতৰত ১৬ খনত বিজেপি, ২ খনত অগপ, এখনত কংগ্ৰেছ, এখনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হয়।
এই বিজয়ে গৌৰৱ গগৈক ভোটাৰ ৰাইজে নস্যাৎ কৰাৰ কথাই প্ৰতিফলিত হয়। কিন্তু এইবোৰ খবৰৰ মাজতে যোৰহাটৰ আন এক সৰু খবৰো গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। জিলাখনত যিজন নেতাৰ নেতৃত্বত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন খেলিছিল সেই নেতাজনৰ গৃহ ৱাৰ্ডৰ ফলাফল কিন্তু ইয়াৰ বিপৰীত দেখা গ’ল।
যোৰহাট বিজেপিৰ জিলা সভাপতি শান্তনু পূজাৰীৰ গৃহ ৱাৰ্ড আছিল ৪২ নং পূব সৰু চৰাই পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ড। এই ৱাৰ্ডটোত ৱাৰ্ড মেম্বাৰ হিচাপে জয়ী হ’ল কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী জুৰি বৰদলৈ।
জুৰি বৰদলৈয়ে বিজেপি সমৰ্থিত প্ৰাৰ্থী ৰূপা ৰায় বৰুৱাক ৱাৰ্ডটোত ১৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। কংগ্ৰেছৰ সমৰ্থিত জুৰি বৰদলৈয়ে ৪০১ টা ভোট লাভ কৰাৰ বিপৰীতে ৰূপা ৰায় বৰুৱাই ৩৮৬ টা ভোটহে লাভ কৰে।
বিজেপিৰ এই ছুনামিৰ মাজত যোৰহাটত বিজেপি নেতাৰ গৃহ ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ পৰাজয় সৰু কথা নহয়। ৰাজনীতিত এই খবৰো এক তাৎপৰ্য বহন কৰে। বিজেপিৰ ৰাজ্যিক নেতৃত্বই গৌৰৱ গগৈৰ পৰাজয়ৰ আনন্দত মগ্ন হৈ থকাৰ সমান্তৰালভাৱে এই খবৰতো ধ্যান দিয়াৰ প্ৰয়োজন।
শিৱসাগৰত অখিল গগৈয়ে এই পঞ্চায়ত নিৰ্বাচনত দেহে-কেহে খাটিছিল। কিন্তু ৰাইজে তেওঁক নাকচ কৰিলে। বিজেপিৰ বিৰুদ্ধে ৰাজনীতিক যুদ্ধৰ আহ্বান দিয়া গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে অধিক সৰব হৈ পৰা দেখা গ’ল। কোনো কোনোৱে এনে খবৰো বিয়পাই দিছে যে বিজেপিৰ বি টীমৰ ৰূপত অখিল গগৈয়ে এই নিৰ্বাচন খেলিলে।
ইয়াৰ সত্যতা নাই যদিও অখিল গগৈ আচৰণ আৰু সক্ৰিয়তাই সাধাৰণ মানুহক এই খবৰবোৰ বিশ্বাস কৰাৰ অবকাশ দিয়ে। শিৱসাগৰ আৰু ডিমৌত ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে পানীৰ দৰে ধন ব্যয় কৰাৰ খবৰো বিয়পি পৰিছে।
শিৱসাগৰ জিলাত মুঠ ১২ খন জিলা পৰিষদ আৰু ৮২ খন আঞ্চলিক পঞ্চায়ত আছে। শিৱসাগৰ আৰু ডিমৌ মিলাই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ২৮০ টা ৱাৰ্ডত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। প্ৰচাৰ অভিযান ইমান তুংগত কৰাৰ চেষ্টা চলাইছিল যে কেৱল ফ্লেক্স প্ৰিণ্টিঙৰ বাবেই ১৩ লক্ষ্যাধিক ধন ব্যয় কৰাৰ খবৰ ৰাজহুৱা হৈছে।
নাজিৰাতো বিৰোধী দলৰ বিধায়ক দেবব্ৰত শইকীয়াই নিজৰ অস্তিত্ব ভোটলৈ সলনি কৰিবলৈ নোৱাৰিলে। ভূপেন বৰাৰ ক্ষেত্ৰতো একেই দশা হ’ল। বিৰোধী নেতৃত্বৰ ভিতৰত অসম জাতীয় পৰিষদৰ নেতা লুৰীণ জ্যোতি গগৈৰ ভূমিকা আৰু দলটোৰ ফলাফলক লৈ কিছু আশাৰ সঞ্চাৰ হ’ল।
সাধাৰণ মানুহে লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক পৰিপক্কতাক প্ৰশংসা কৰিলেও কংগ্ৰেছৰ প্ৰতি তেওঁৰ দৰদ যেন এতিয়াও কমা নাই। এনেবোৰ পঞ্চায়ত নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়াৰ অন্তত ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপট ৰচনা হৈছে।
বিৰোধী ঐক্য এতিয়া বহুদূৰ পিছপৰি ৰ’ল। পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ কোনো ফেক্টৰেই নহ’ল। অখিল গগৈৰ ৰাজনৈতিক স্থিতি লৈ সন্দেহৰ অৱকাশ মানুহৰ মাজত সৃষ্টি কৰিলে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ এই পৰাজয় দেখি আত্ম সন্তুষ্টি লভিলে।