কেতিয়া খোল খাব বন্ধ খাম? লিখা আছে তাত কাৰ নাম?

কেতিয়া খোল খাব বন্ধ খাম? লিখা আছে তাত কাৰ নাম?
কেতিয়া খোল খাব বন্ধ খাম? লিখা আছে তাত কাৰ নাম?

মৃদুল কুমাৰ সন্দিকৈ

কবিৰ মৃত্যুত আমি সকলো ম্ৰিয়মাণ। কবিৰ অনুপস্থিতিত তেওঁক, তেওঁৰ কবিতাই আমাৰ মাজত তেওঁৰ উপস্থিতি আৰু তেওঁক অমৰত্ব দিব। এইজন মহান কবিৰ মৃত্যুৰ পাছত চৰ্চা হৈছে এটা বন্ধ খাম।

কাৰ কথা কবিয়ে লিখি গৈছে সেই বন্ধ খামত? কোনে এই মহান কবিগৰাকীক বৌদ্ধিক ভাৱে হত্যা কৰি তেওঁৰ সৃষ্টিক বদনামী কৰাৰ অপচেষ্টা কৰিছিল? কবি নীলমণি ফুকনৰ মৃত্যুৰ পাছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে তেওঁ লিখি দিযোৱা সেই চিঠিখনৰ ওপৰত।

তাত কবিয়ে কি লিখিছে, কি কথা আছে কোনেও নাজানে। আনকি এই চিঠিখন কবিয়ে হাতত গুজি দিয়া বিশিষ্ট নিবন্ধকাৰ, সাংবাদিক নিত্য বৰায়ো নাজানে। চিঠিখনৰ ওপৰতেই কবিয়ে ৰঙা চিঁয়াহীৰে লিখি থৈছে ''মই যোৱাৰ পাছতহে খামটো খুলিবা। বিশ্বাস ৰাখিবা।''

সেই বিশ্বাস ৰাখিছিল নিত্য বৰাই। লকাৰত নিৰাপদ ভাৱে থৈ দিয়া চিঠিখন খুলিবৰ বাবে সাজু হৈছে তেওঁ। নিৰ্দিষ্ট দিন ন'ললেও নীলমণি ফুকনৰ শ্ৰাদ্ধৰ এদিনৰ আগত বা এদিনৰ পাছত সেই কাম কৰিবলৈ সাজু হৈছে।

চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা নাই। অন্তৰ্মুখী কবিৰাকীয়ে জীৱনৰ সেই সংকটৰ কালৰ কথাই ইয়াত লিপিবদ্ধ কৰা বুলিয়েই অনুমান কৰা হৈছে। গভীৰ ষড়যন্ত্ৰৰ আঁৰত থকা মুখা হয়তো কবিয়ে খুলি দিছে ইয়াত।

তেওঁক নীচ কৰাৰ, শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ চলিছিল। সেই ব্লুপ্ৰিণ্ট ইমান ভয়াবহ আছিল যে, তেওঁৰেই কবিতা ইংৰাজীলৈ তৰ্জমা কৰি তেওঁকেই চোৰ সজোৱা হৈছিল। ১৯৬১ চনত প্ৰকাশ কৰা ECHO নামৰ আলোচনীখন ১৯৭৪ চনত দেখুৱাবলৈ কি ভয়াৱহ প্ৰস্তুতি চলিছিল অনুমান কৰিব নোৱাৰি।

গুৱাহাটীৰ বাতৰি কাকতৰ প্ৰেছৰ পৰা মটিয়া ৰঙৰ কাগজ সংগ্ৰহ কৰা হৈছিল। আনকি আলোচনীখন পূৰণা বুলি দেখুৱাবলৈ দুটা কপি অসমতেই ছপাই ধোঁৱা চাঙত তুলি থোৱা হৈছিল। নীলমণি ফুকনৰ শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ অৱশ্যে সফ নহ'ল।

কিন্তু ষড়যন্ত্ৰকাৰীসকলৰ নাম ৰাজহুৱাও নহ'ল। তেনে নামৰ কোনো স্পনিছ কবিৰেই সন্ধান পোৱা নগৈছিল। NIGHT MARE নামৰ কবিটাতো তেওঁ চোৰ কৰা বুলি অভিযুক্ত কৰা হৈছিল।

সেই পূৰণি ইক' নামৰ আলোচনীখন মৃদুপৱন বৰুৱা নামৰ এজন ব্যক্তিয়ে 'আমাৰ প্ৰতিনিধি'ৰ কাৰ্যালয়লৈ দিবলৈ আহিছিল। লগত লৈ আহিছিল প্ৰমাণ হিচাপে সেই অস্তিস্বহীন আলোচনীখন। সেইবোৰ কথা ইতিমধ্যে চৰ্চা হৈছে।

আমাৰ প্ৰতিনিধিৰ ১৯৭৪ চনৰ ৰঙালীবিহুৰ সংখ্যাত সম্পাদকীয় প্ৰবন্ধ লিখিছিল আলোচনীখনৰ সম্পাদক ড০ ভূপেন হাজৰিকাই। সেই চিঠিখনকে আধাৰ কৰি লৈ নীলমণি ফুকনৰ ওপৰত কবিতা চোৰৰ ওপৰত ষ্টাম্প বহাই দিয়া হৈছিল।

তাৰ পাছত নীলমণি ফুকনে সত্যক প্ৰতিষ্ঠা কৰিবলৈ কিমান চেষ্টা কৰিবলগীয়া হৈছিল সেয়া সপোনৰো অগোচৰ। কোনোবা কেমিন' নামৰ কবি আছিল নেকি স্পেনিছ ভাষাত? সেয়াও অনুসন্ধান কৰিবলগীয়া হৈছিল তেওঁ।

নিসংগ হৈ পৰিছিল তেওঁ। সন্দেহৰ চকুৰে চাইছিল সেই সময়ত বহুতেই। কিন্তু লগত আছিল কিছুসংখ্যক বৌদ্ধিক আৰু তেওঁৰ ওপৰত বিশ্বাস ৰখা লোক। অনুষ্ঠিত হৈছিল নাগৰিক সভা। ১৯৭৪ চনৰ ৮ ছেপ্টেম্বৰত সেই সভাতেই ভৱেন্দ্ৰনাথ শইকীয়াই নীলমণি ফুকনৰ বিৰুদ্ধে যি জালিয়াতৈ হৈছে সেয়া সাহিত্য তথা বৌদ্ধিক জগতৰ বাবে অশনি সংকেত।

সভালৈ গৈছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, মুনীন বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰস অৰুণ শৰ্মা, হীৰেণ দত্ত, হৰেকৃষ্ণ ডেকা আদি দিগ্বজসকল। তেওঁলোকৰ আস্থা আছিল নীলমণি ফুকনৰ ওপৰত। ১৯ বছৰে এক যান্ত্ৰণা সেই খামটোৱে কঢ়িয়াই ফুৰিছে।

অভিযোগ মুক্ত হোৱাৰ পিছতো তেওঁৰ ওপৰত আস্থা ৰখা নাছিল এচামে। সুবিধাজনক ভূমিকা গ্ৰহণ কৰা এজনে অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখোতে নীলমণি ফুকনৰ গালত কোমলকৈ হ'লেও এটা চৰ শোধাই গৈছিল।

তেওঁ আজি নাই। হয়তো এই জালিয়াতি কৰা ষড়যন্ত্ৰকাৰীসকলৰ কোনোৱেই নাই। আছে আমাৰ প্ৰতিনিধিত সেই সময়ত চিঠি আৰু আলোচনী দিবলৈ অহা মৃদুপৱন বৰুৱা নামৰ পত্ৰলেখকক লগপোৱা সাক্ষীগৰাকী।

চিঠিখন পোৱাৰ পিছত ভূপেন হাজৰিকাই কি কৈছিল সেই কথা শুনা মানুহজন এতিয়া জীৱিত। তেওঁৰ হাততেই নীলমণি ফুকনৰ এই বন্ধ খামৰ চিঠি সুৰক্ষিত হৈ আছিল। কেনে এক যুগসূত্ৰ কাহিনীৰ।

মানুহে অনুমান কৰিছে বহুতৰে নাম। কাৰোবাৰ মতে আমোলা কবি আছে নেকি এই কাৰোবাৰৰ সৈতে জড়িত? নে অসমীয়া কবিতালৈ অমূল্য বৰঙণি আগবঢ়োৱা কোনোবা মিঠা হাঁহি মুখৰ এজন স্বনামধন্য কবি আছিল ইয়াৰ আঁৰত?

এইবোৰ চৰ্চিত নাম। তেওঁলোকৰ মাজৰ কোনোবা হ'বও পাৰে, নহ'বও পাৰে। মুকলিকৈ নীলমণি ফুকনে কথাবোৰ নিলিখিবও পাৰে এই পত্ৰত। তথাপিও সকলো ৰৈ আছে ৰহস্য ভেদ হোৱালৈ।

গুৱাহাটী প্ৰেছ ক্লাৱতেই সম্ভৱতঃ সেই ৰহস্য ভেদ হ'ব। বন্ধ খামৰ চিঠিখন খুলি ৰাজহুৱাকৈ পঢ়ি দিব। মানুহে গম পাব কোনে ধ্বংস কৰিব খুজিছিল নীলমণি ফুকনক?কিয় নীলমণি ফুকনে তেওঁৰ মৃত্যুলৈ অপেক্ষা কৰিবলৈ কৈছিল এই চিঠি পঢ়িবলৈ। এতিয়া মাত্ৰ অপেক্ষা সেই দিনটোলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in