ভোট নিদিয়ে বিধায়ক অতুল বৰাই...

ভোট নিদিয়ে বিধায়ক অতুল বৰাই...
ভোট নিদিয়ে বিধায়ক অতুল বৰাই...

দিনটোৰ আৰম্ভণিতে কাকতত প্ৰকাশ হোৱা ৰাশিফল চোৱাতো এতিয়াও বহু লোকৰে অভ্যাস। অৱশ্যে ডিজিটেল মাধ্যমৰ অগ্ৰগতিৰ লগে লগে মানুহে এতিয়া কাকতলৈ ৰৈ নাথাকে। বহু লোকে পুৱা বিচনাতে হাতত মোবাইলতো লৈ দিনটোৰ ৰাশিফল চাই লয়।

কোনো কোনোৱে আকৌ আগনিশাই বিচনাত পৰাৰ সময়তে পছিদিনাখনৰ ৰাশিফল চাই লয়। সেই অনুসৰিয়েই তেওঁলোকে দিনটো কিদৰে পাৰ কৰিব সেই সন্দৰ্ভত এক পৰিকল্পনা প্ৰস্তুত কৰে।

বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নে যিদৰে মানৱ সমাজক আগুৱাই নিলে তেনেকৈ কিন্তু আজিও আমাৰ মানুহৰ চিন্তা আগুবাঢ়ি নগ’ল। গ্ৰহ, নক্ষত্ৰ আদিৰ স্থান নিৰ্ণয় কৰি ভৱিষ্যত চাবলৈ দুৰ্বাৰ হেঁপাহ মানুহৰ। এইদৰেই ভৱিষ্যৎ চাই এতিয়াও মানুহে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।

মঙ্গলবাৰে দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজনৈতিক দলে প্ৰচাৰ সামৰিলে। ৰাইজ এই ৰাজনৈতিক দল, দলীয় প্ৰাৰ্থীসকলৰ প্ৰতিশ্ৰুতিৰ বৰষুণেৰে জুৰুলি জুপুৰি।

প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ সামৰি এতিয়া নেদেখাজনৰ আশীষ বিচাৰিছে। পূজা, অৰ্চনাৰ ব্যৱস্থা কৰিছে। নামঘৰ, মন্দিৰলৈ শৰাই আগবঢ়াইছে। কোনো কোনোৱে নেদেখাজনক সন্তুষ্ট কৰিবলৈ যজ্ঞৰো প্ৰস্তুতি চলাইছে। এয়া তেওঁলোকৰ ধৰ্মীয় বিশ্বাস।

অসমত তৃতীয় পৰ্যায়ত মুঠ ৪ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী। এই চাৰিওটা লোকসভা সমষ্টিৰ ভোটাৰকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলো ৰাজনৈতিক দল, নেতাই সদলবলে গৈ ভোটদান কৰিবলৈ আহ্বান জনাইছে।

এই নেতাসকলৰ উপৰিও নিৰ্বাচন আয়োগ, প্ৰশাসন সকলোৱে ভোটাৰক ভোট দিবলৈ আহ্বান জনাইছে। সাধাৰণ ভোটাৰ ৰাইজে এই আহ্বানৰ প্ৰতি সহাৰি জনাব বুলি আশা কৰা হৈছে যদিও এগৰাকী বিশেষ ব্যক্তিক লৈহে চিন্তিত হৈ পৰিছে শাসকীয় বিজেপি।

কিয়নো এই দলটোৰ স্বয়ং এগৰাকী বিধায়কে এইবাৰ ভোট দিবলৈ নাযায়। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ভোট দিবলৈ যাব নোৱাৰিব। নিৰ্বাচন আয়োগৰ কথা বাদেই দিয়ক নিজ দলৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰো আহ্বান ৰক্ষা কৰিব নোৱাৰিব তেওঁ।

এই বিধায়কগৰাকীয়ে ভোট দিবলৈ নোযোৱাৰ আঁৰত অৱশ্যে দল বা নেতাৰ প্ৰতি কোনো বিদ্বেষ নাই। দল, নেতা, দলীয় প্ৰাৰ্থী সকলোৰে সৈতে তেওঁৰ সম্পৰ্কও ঠিকেই আছে। দলৰ বিৰুদ্ধেও তেওঁ কৰা নাই বিদ্ৰোহ।

শাৰীৰিকভাৱেও তেওঁ সম্পূৰ্ণ সুস্থ। সভাই, সমিতিয়ে তেওঁক সুস্থভাৱেই দেখি আহিছে সকলোৱে। সংবাদ মাধ্যমৰ আগতো তেওঁ মন্তব্য কৰাৰ সময়ত শৰীৰত কোনো অসুস্থতাৰ চিন দেখা পোৱা নাই।

কেইদিনমানৰ আগত তেওঁ আৰক্ষী বিষয়াৰো অভিনয় কৰিছে। স্বাস্থ্যৰ প্ৰতি সচেতন এইজন বিধায়ক মাতে-কথায়ে তজবজীয়া হৈ আছে। তথাপিও তেওঁ এইবাৰ ভোট দিবলৈ যাব নোৱাৰিব।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ঔষধৰ মূল্য বৃদ্ধি, সংস্থাপনহীনতা, ইলেক্ট্ৰৰেল বণ্ড কেলেংকাৰী আদিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰি তেওঁ এই ভোট বৰ্জন কৰা নাই। অথবা সমষ্টি উন্নয়নৰ ধন মুকলাই দিবলৈ দাবী কৰিও তেওঁ প্ৰতিবাদৰ এক মাধ্যম হিচাপে ভোট বৰ্জন কৰা নাই।

গুৱাহাটীবাসীৰ পানী, ভূমি পট্টা, অমানৱীয় উচ্ছেদ আদি বিষয়বোৰো তেওঁৰ ভোট দিবলৈ নোযোৱাৰ আঁৰৰ কাৰণ নহয়। গুৱাহাটী ভয়াৱহ প্ৰদূষণ, বনাঞ্চল, পাহাৰ ধ্বংস আদিও ইছ্যু নহয়।

এইবাৰ নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিজেপিয়ে চেষ্টাৰ কোনো ত্ৰুতি কৰা নাই। ‘অবকি বাৰ ৪০০ পাৰ’ শ্লোগান দিয়াৰ পৰা আৰম্ভ কৰি কৌশলেৰে একাধিক সমষ্টিৰ প্ৰাৰ্থীৰ শেষমুহূৰ্তত মনোয়ন প্ৰত্যাহাৰ কৰাই নিজৰ দলত যোগদান কৰোৱাইছে।

ঠায়ে ঠায়ে হিন্দু ভোটাৰক আকৃষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীলৈকে সকলোৱে সাম্প্ৰদায়িক মন্তব্যৰ আশ্ৰয় লৈছে। কংগ্ৰেছ শাসনলৈ আহিলে মুছলমানসকলৰ মাজত দেশৰ সম্পত্তি ভাগ কৰিব বুলিও মুকলিকৈ কৈছে।

নিৰ্বাচনৰ আগতে আৰু প্ৰথম, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আগলৈকে অসমত আকৌ মিঞা, মুছলমানৰ ভোট নালাগে বুলি মুকলিকৈ কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ একাংশ অনুগত মন্ত্ৰী, বিধায়কে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সেই সুৰ সলনি হৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে মিঞা, মুছলমানৰো ভোট বিচাৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱাই দিনে ৰাতিয়ে প্ৰচাৰ সভাত অংশ লৈছে। যোৱা ডেৰ, দুই মাহত নিৰ্বাচনী প্ৰচাৰত চিঞঁৰি চিঞঁৰি দিয়া ভাষণ, ৰাইজৰ মাজত জপিয়াই জপিয়াই নৃত্য কৰি ক্ষীণাইছে এইসকল নেতা।

মুঠতে নৰেন্দ্ৰ মোডীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পাতিব লাগে। ইয়াৰ বাবে অসমৰ ১৪ খন আসন উপহাৰ হিচাপে দিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। সেয়ে ইমান ব্যস্ত ইমান কষ্ট।বিজেপি আৰু ইয়াৰ মিত্ৰদল ইউ পি পি এল, অসম গণ পৰিষদৰ প্ৰাৰ্থীও সম্ভৱত তেওঁলোকৰ সমান ব্যস্ত নহয়।

নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ যিমান চিন্তা সিমান চিন্তা হয়তো গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি, বৰপেটাৰ অগপ প্ৰাৰ্থী ফণিভূষণ চৌধুৰী, কোকৰাঝাৰৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমাতাৰী আৰু অগপৰ জাবেদন ইছলামৰো হোৱা নাই। তেওঁলোকো হয়তো হিমন্ত বিশ্ব শৰ্মাৰ সাহতেই সাহ লৈ আছে দিল্লীলৈ যোৱাৰ বাট মুকলি হ'ব বুলি।

কিন্তু এইসকলৰ এনে পৰিশ্ৰম, মানসিক দুঃচিন্তাৰ পাছতো এইগৰাকী বিজেপি বিধায়ক নাযায় ভোট দিবলৈ। গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক তেওঁ দিব নোৱাৰিব তেওঁৰ ভোট। কিয়নো কালিলৈ তেওঁৰ হেনো বাহিৰত ওলোৱাত বাধা আছে।

৭ মে’, মঙ্গলবাৰ। সপ্তাহৰ সাতটা দিনৰ ভিতৰত মঙ্গলবাৰৰ দিনটোত হেনো দিছপুৰৰ বিধায়ক অতুল বৰা ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে। তেওঁক বাহিৰত ওলোৱাত বাধা দিছে জ্যোতিষীয়ে। সেয়ে তেওঁ কালিলৈ ঘৰৰ পৰা বাহিৰলৈ নাযায়।

যিহেতু এইবাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মঙ্গলবাৰেই পৰিল সেয়ে তেওঁ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব। তেওঁৰ ভোটো বিজুলী কলিতা মেধিক দিব নোৱাৰিব। নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ তেওঁৰ অৰিহণা যোগাবও নোৱাৰিব জ্যেষ্ঠ বিধায়কগৰাকীয়ে।   

দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ এনে স্থিতিয়ে এতিয়া চিন্তিত কৰি তুলিছে বিজেপিক। সমান্তৰালকৈ তেওঁ ভোট দিবলৈ নোযোৱা যুক্তিও হজম কৰিব পৰা নাই বহুজনে।

জ্যোতিষীয়ে কোৱাৰ বাবেই মঙ্গলবাৰৰ দিনটোত তেওঁ ঘৰৰ পৰা বাহিৰলৈ নোলায়। এইসকলেই আমাৰ নেতা। এইসকলেই ভাৰতীয় গণতন্ত্ৰৰ 'পূজাৰী'। কৌটিকলীয়া চিন্তাৰ বশবৰ্তী হৈ এই নেতাই এতিয়া গণতান্ত্ৰিক ব্যৱস্থাকে বুঢ়া আঙুলি দেখুৱাবলৈ কুণ্ঠাবোধ কৰা নাই। অথচ গণতান্ত্ৰিক ব্যৱস্থাৰ তেওঁ এক গুৰুত্বপূৰ্ণ অংশ।

বিশ্বাস আৰু অন্ধ বিশ্বাসৰ মাজত এডাল সৰল ৰেখা সদায়েই থাকে। বিশ্বাসৰ এই ৰেখা অতিক্ৰম কৰিলেই অন্ধবিশ্বাসে গাঢ় হয়। এজন জনপ্ৰতিনিধি হৈয়ো জ্যোতিষীয়ে বাহিৰলৈ ওলাব নিদিয়াৰ বাবেই ভোট দিবলৈ নাযাওঁ বুলি কোৱা এই জনপ্ৰতিনিধিৰ জানো ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত কিবা প্ৰয়োজন আছে?

গণতান্ত্ৰিক ব্যৱস্থাক সন্মান কৰিব নজনা, গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱৰ অংশ হোৱাৰ পৰা নিজকে আঁতৰাই জনসাধাৰণলৈ কি বাৰ্তা দিব বিচাৰিছে বিধায়ক অতুল বৰাই? চৰ্চাত থাকিবলৈকে মাজে মাজে চৰম তুলুঙা কথাৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা অতুল বৰাৰ দৰে নেতাক জনসাধাৰণে এতিয়াই চিনি থওঁক। অতুল বৰায়ো ২০২৬ ৰ মঙ্গলৰ দশা এতিয়াই চাই লওঁক।

ভোট নিদিয়ে বিধায়ক অতুল বৰাই...
অনুৰাধাৰ দেশত ছদ্মবেশী বুদ্ধিজীৱী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in