/asomiyapratidin/media/media_files/2025/03/12/d7rY8zZksuFlVaFF417D.jpg)
মৃদুল কুমাৰ সন্দিকৈ
প্ৰথমেই অভিনন্দন। ধূপৰ বেপাৰীৰ পৰা কোটিপতি মন্ত্ৰীলৈকে এই উত্তৰণ সাধাৰণ উত্তৰণ নহয়। ৰাজনীতিয়েই এই উত্তৰণৰ জখলা। ৰাজনীতিৰ মাজেৰেই আহিছিল এই সফলতা।
এতিয়া তেওঁ ক্ষমতাশালী মানুহ। মহানগৰীৰ শান্তিপুৰৰ পৰা দিছপুৰলৈকে কম দিনৰ ভিতৰতে এই যাত্ৰাই তেওঁক মন্ত্ৰিত্ব দিলে। অতীত বোৰ তেওঁ অতীত হৈ ৰৈ গ’ল। অসমৰ সমাজ জীৱনৰ বাবে তেওঁ আছিল এজন পৰিব্ৰাজক।
শপতনামাত উল্লেখ থকা তথ্য অনুসৰি তেওঁৰ জন্মতিথি ১৯৬৮ চনৰ ২৯ ডিচেম্বৰ। জ্যোতিষীৰ মতে শুক্লা দশমীৰ তিথিত, ভৰণী নক্ষত্ৰত, ৰবিবাৰে গৰ কৰণ ও সিদ্ধ যোগত তেওঁৰ জন্ম হৈছিল।
‘জন জাগৃতি’ নামৰ বেচৰকাৰী সংগঠনৰ নেতৃত্ব লৈয়ে তেওঁ এদিন নদীবান্ধৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা কৰিছিল। সাংবাদিকৰ হাতত বিবৃতি তুলি দিছিল। চীনত নিৰ্মাণ কৰা নদীবান্ধে আমাৰ কি ক্ষতি কৰিব সেই ব্যাখ্যা কৰিছিল।
হকে বিহকে সংবাদ মেল আৰু বিবৃতি দি বাতৰি কাকতৰ শিৰোনাম দখলৰ চেষ্টা চলাইছিল। বহুতে ধূপৰ বেপাৰী সিংহল বুলি হঁহা মানুহজনেই জন জাগৃতিৰ আলম লৈ ৰাজনীতিত এই সফলতা লাভ কৰিব বুলি কোনেনো ভাবিছিল?
২০১১ ত তেওঁ নিৰ্বাচনৰ যুঁজত নামিছিল। গেৰুৱা বসন তেতিয়া পিন্ধা নাছিল। সেইবাৰ নিৰ্বাচনত ১২৬৪২ টা ভোট পাইছিল। সম্পত্তিৰ তালিকাত আছিল এখন গাড়ী, ২৪ হাজাৰ ৫০ টকীয়া এখন হিৰোহোণ্ডা স্প্লেণ্ডাৰ।
এইবোৰ তথ্য তেওঁ নিজেই দিয়া। আমাক নহয়, নিৰ্বাচন আয়োগক। নাছিল তেতিয়া তেওঁৰ আৱাসিক গৃহ, নাছিল মাল্টিপ্লেক্স কম্পপ্লেক্স। কৃষি ভূমি, অনাকৃষিভূমি একোৱেই নাছিল তেওঁৰ নামত।
অখিলঞ্জীয়া হ’লেও জাতি এটাক জগাই তুলিবলৈ এইজনে কম চেষ্টা কৰিছিল নে তেতিয়া? পাৰ হ’ল ৫ টা বছৰ। অসমী আইৰ এজন আমদানিকৃত সন্তান হিচাপে তেওঁ আকৌ ২০১৬ ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে।
সেইবাৰো নিৰ্বাচনী আয়োগৰ তথ্যত বৰ বিশেষ সম্পত্তি আছে বুলি তেওঁ উল্লেখ কৰা নাছিল। ঢেকীয়াজুলিৰ পৰা তেওঁৰ সফল নিৰ্বাচনী জয়যাত্ৰা আৰম্ভ হৈছিল। তাৰ পাছত তেওঁৰ হাতলৈ আহিছিল আলাউদ্দিনৰ চাঁকি।
২০১৮ চনৰ ১৮ জুন। ধলবমা ৰাজহ গাঁৱৰ দাগ নং ১৬৬, পট্টা নং ২৫ ত তেওঁ কিনিলে ২ কঠা ১৯ লোচা মাটি। চৰকাৰী মূল্যত সেই মাটিৰ দৰ ৩০ লাখ ৯৭ হাজাৰ ৫০০ টকা।
তাৰ পাছত তেওঁৰ ভাগ্যৰ চকৰী ঘূৰিল যি ঘূৰিল। ২০১৯ চনৰ ১৫ ছেপ্টেম্বৰত ধলবমাতে দাগ নং ১৬৭, পট্টা নং ৫৮ ত আন এটুকুৰা মাটি কিনিলে। ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীত একেই ধলবমাতে দাগ নং ১৬৯, পট্টা নং ১৪২ ত কিনি পেলালে ৩ কঠা মাটি।
২০২২ ৰ ২২ আগষ্টত ধলবমা ৰাজহগাঁৱতে দাগ নং ১৬৯, পট্টা নং ১৪২ ত ২ কঠা, ১০ লোচা মাটি কিনি তেওঁ আৰু অলম ধনী হ’ল। এয়াহে উন্নতি। খিলঞ্জীয়াৰ কথা কোৱা এইজন মন্ত্ৰীয়ে দাগ নং ১৬৬, ১৬৭, ১৮৯ ৰ মাটিবোৰ নিজৰ নামত কৰোতে সেই মাটিৰ জমাবন্দীৰ পৰা কাটিবলগীয়া হৈছিল মানৰংপী, টেৰন, কাঠাৰ আদি উপাধিধাৰী খিলঞ্জীয়া কাৰ্বি মানুহবোৰৰ নাম।
এইবোৰ গুৱাহাটীৰ মাটিৰ কিছু হিচাপ। বহুতে কয়, গুৱাহাটীৰ ফ্লাই অভাৰৰ ওচৰৰ কামৰূপা হোটেলৰ কাষত ১৫ কঠা মাটিৰ গৰাকী হেনো তেওঁ। লাষ্টগেটৰ ছুইপাৰ কলনীৰ বিপৰীতে থকা ডেৰ কঠা মাটিৰ মালিকোনো হ’ব কোন?
ভেটাপৰা চাৰিআলিত তিনিটা প্লটৰ গৰাকীও তেওঁ বুলিয়েই চৰ্চা হয়। এটা প্লটত ৩ কঠা, এটা প্লটত আঢ়ৈ কঠা আৰু আন এটা প্লটত ডেৰ কঠা আছে হেনো মাটি। সৰুসজাইৰ হকী ষ্টেডিয়ামৰ কাষত নলাপৰাত, লখৰাত, বশিষ্ট চাৰিআলিৰ কুণ্ডীল নগৰত, বেলতলাৰ কৈলাশ নগৰত ক’ত নাই তেওঁৰ ভূ-সম্পত্তি? গীতানগৰৰ বেংক কলনীৰ সমীপতো আছে এটা প্ৰসাদোপম বিলাসী অট্টালিকা।
এতিয়া এক কথাত ক’বলৈ গ’লে গুৱাহাটীখনেই তেওঁৰ হৈ পৰিছে। কেৱল গুৱাহাটীতেই নে? ২০১৯ ৰ ২ মাৰ্চত পলাশবাৰী পালেগৈ তেওঁৰ সম্পত্তিৰ তালিকা। ৰাজহ গাওঁ বঙৰা। ৰাজহচক্ৰ পলাশবাৰী, দাগ নং ৬৬১, পট্টা নং ৩৫৩। মুঠ মাটিৰ পৰিমাণ ৪ বিঘা ৩ কঠা ৯ লোচা।
ভাবিব পাৰে কোনোবাই কোনে দিছে মন্ত্ৰীৰ এই সম্পত্তিৰ হিচাপ। আকৌ সেই উৎসৰ কথা ক’ব লাগিব। নিৰ্বাচন আয়োগত তেওঁ নিজেই দিয়া তথ্যৰ পৰা বাহিৰ কৰা তথ্য এয়া।
সেই বছৰৰে একে দিনাই আন এটুকুৰা মাটিও তেওঁ নিজৰ কৰি লৈছিল। পলাশবাৰীত ক্ৰয় কৰা সেই মাটিৰ পৰিমাণ আছিল ৪ কঠা, ৭ লোচা। সেই দিনটো তেওঁৰ বাবে আছিল শুভ দিন।
একে দিনাই তেওঁ পলাশবাৰীত ৫ টা স্থানত ক্ৰয় কৰিছিল মাটি। দাগ নং ১১৩, পট্টা নং ২৬৯ ত ৫ বিঘা, ৪ কঠা, ১৫ লোচা, দাগ নং ১১৫, পট্টা নং ২৮ ত ৪ বিঘা, ৪ কঠা, ৪ লোচা, দাগ নং ১১৭, পট্টা নং ১৬০ ত ২ বিঘা, ৩ কঠা ১৪ লোচা মাটি তেওঁৰ নামত হৈছিল।
বিধায়ক হোৱাৰ ৩/৪ বছৰৰ উন্নতি এয়া। ১৯ বিঘা ৯ লোচা মাটি কিনি তেওঁৰ নামত মাটিৰ নামজাৰি হোৱাৰ আগেয়ে মাটিৰ শ্ৰেণীও সলনি কৰাই ল’বলৈ সক্ষম হৈছিল।
সমষ্টি তেওঁৰ ঢেকীয়াজুলি। ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত আছিল এটা সমবায়। ২৫ জনমান অংশীদাৰ আছিল সেই সমবায়ত। ইউকো বেংকৰ এটা ঋণ আছিল। ঋণ পৰিশোধ কৰিব পৰা নাছিল সমবায়ে।
সেই মাটি আৰু সমবায়ৰ ঘৰ নিলাম কৰিব লৈছিল বেংকে। ৰাতাৰাতি তেওঁৰ পৰিয়ালৰ এজনৰ নামতেই সেই কোটী টকীয়া সম্পত্তি ৰৈ গৈছিল। ঢেকীয়াজুলিৰ ভোটপাৰাত থকা তেওঁৰ বাসগৃহ চৌহদত থকা মাটিৰ পৰিমাণ ৩০/৪০ বিঘাৰ কম নহ’ব কিজানি।
নতুনকৈ তেওঁ বনাই আছে এটা টি-ফেক্টৰী। দীপক বুচ্ছা আছে যেতিয়া কিহৰ চিন্তা এইবোৰলৈ। ছুপাৰ ছাকাৰ আনি বিফল হ’ব পাৰে, জলসিঞ্চন মন্ত্ৰী হিচাপে বিফলতাৰ অভিলেখ গঢ়িলেও সম্পত্তিৰ আহৰণত তেওঁ সফল।
সফল তেওঁ মন্ত্ৰীসভাৰ মুৰব্বীজনাক মেনেজ কৰাটো। এতিয়াতো ধনেহে কথা কয়। মানুহে কয়, নাহৰবাৰী বঙালীত নিৰ্মাণ কৰা তেওঁৰ টি-ফেক্টৰী অসমৰে এটা ডাঙৰ টি-ফেক্টৰী হ’ব।
এনে এজন সফল মানুহৰ সফলতাৰ আঁৰৰ ৰহস্য কি? খিলঞ্জীয়াৰ মাটি অতি কৌশলেৰে দখল কৰি উন্নতিৰ জখলাৰ শীৰ্ষত উঠা মানুহজনক এতিয়া চকুৰে মণিব নোৱাৰি। ‘প্ৰ’টেক’ নামৰ গৃহ নিৰ্মাণেৰে জড়িত কোম্পানীটোৰ অৱস্থা দেখিছে সকলোৱে কি জয়জয়কাৰ ।
মহানগৰীতে নহয়, এতিয়া তেওঁ অসমৰ অন্যতম ধনী মন্ত্ৰী। ভাওনা, সবাহ এইবোৰক লৈ ভীষণ এলাৰ্জী। ধন আৰু ক্ষমতা একেলগে আহিলে মানুহ এনে হয় কিজানি! গুৰুজনাৰ সৃষ্টিকো ভ্ৰুকুটি কৰিব পৰা এয়া তেওঁৰ কম উৰ্ধতালি নে!
সমালোচনা আৰু ক্ষোভৰ ৰূপ দেখি তেওঁ ক্ষমা বিচাৰিলে অতি কৌশলেৰে। সেই বিতৰ্ক হয়তো ওৰ পৰিল। মুখ্যমন্ত্ৰীৰ যিকোনো কথাত হাত চাপৰি বজাই সমৰ্থন দিবলৈ তেওঁ সদায় প্ৰস্তুত থকাৰ বাবেই হয়তো তেওঁ হোৱা নাই আজিলৈকে দুৰ্গতি।
এতিয়া তেওঁ হেনো ৰাজ্যৰ অন্যতম হৰ্তা-কৰ্তা-বিধাতা। লাগিলে ধন দিব পৰাকৈ চোলাৰ জেপত লৈ ফুৰে আলাউদ্দিনৰ চাঁকি। এইবোৰ মানুহৰে দিন এতিয়া। ‘জন জাগৃতি’ৰ আঁৰৰ মানুহজনৰ এয়াই বাস্তৱৰ ছবি।
তেওঁ কৌশলী, তেজস্বী। কোনোৱে তেওঁক নকয় খিলঞ্জীয়া তেজ শুহা তেজপীয়া বুলি। নকয় তেওঁক অসমৰ ৰাজনীতিত থিতাপি লোৱা অনা অসামীয়া আগ্ৰাসনৰ প্ৰতীক বুলি। মুখ্যমন্ত্ৰীয়েও তেওঁক ৰহস্যজনক কাৰণতে দিয়ে স্বীকৃতি। ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰো গুৰুত্বপূৰ্ণ দায়িত্বও মুখ্যমন্ত্ৰীয়ে তেওঁৰে কান্ধতে দিছিল। নাম তেওঁৰ অশোক।