যি দেশক তেওঁ ৰক্ষা কৰিছিল সেই দেশেই তেওঁৰ পত্নীক উলংগ কৰিলে !

যি দেশক তেওঁ ৰক্ষা কৰিছিল সেই দেশেই তেওঁৰ পত্নীক উলংগ কৰিলে !
যি দেশক তেওঁ ৰক্ষা কৰিছিল সেই দেশেই তেওঁৰ পত্নীক উলংগ কৰিলে !

তুষাৰ প্ৰতিম

'যেতিয়া এদল মানুহে গাঁৱত আক্ৰমণ কৰিছিল সেই সময়ত আৰক্ষী সেই আক্ৰমণকাৰী লোকসকলৰ সৈতে আছিল। ঘৰৰ কাষৰ পৰা আমাক আৰক্ষীয়ে উঠাই আনিছিল আৰু পথত সেই দলটোৰ হাতত গতাই দিছিল।'

এয়া মণিপুৰত বিবস্ত্ৰ হোৱা ১৯ বছৰীয়া যুৱতীগৰাকীৰ ভাষ্য। ৪ মে'ত মণিপুৰত সংঘটিত হোৱা সেই জঘণ্য কাণ্ডৰ বৰ্ণনা এইদৰেই দিলে ভুক্তভোগী যুৱতীগৰাকীয়ে। তেওঁৰ লগত বিবস্ত্ৰ হোৱা আনগৰাকী মহিলাৰ বয়স ৫০ বছৰো অধিক।

এই মহিলাগৰাকীৰ স্বামীয়ে হেনো কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰি দেশ ৰক্ষা কৰিছিল। আৰু আজি তেওঁ নিজৰ পত্নীক ৰক্ষা কৰিব নোৱাৰি সম্পূৰ্ণ ৰূপে ভাঙি পৰিছে। নিজৰ জীৱনলৈও কুণ্ঠাবোধ নকৰি দেশ ঠিকেই ৰক্ষা কৰিলে, অথচ এই দেশেই তেওঁৰ পত্নীক ৰাজপথত উলংগ কৰি পেৰেড কৰিলে।

উন্মত্ত মেইটেই সম্প্ৰদায়ৰ এই লোকসকলে কেৱল এই দুই যুৱতী,মহিলাক উলংগ কৰাই নহয়, দলৱদ্ধ ধৰ্ষণো কৰাৰ অভিযোগ উঠিছে। এই দলটোৱে ১৯ বছৰীয়া সেই যুৱতীগৰাকীৰ পিতৃ আৰু ভাতৃকো নৃশংস ভাৱে হত্যা কৰিলে।

কিমান নৃশংস, জঘণ্য, অমানৱীয় আৰু সভ্য মানুহৰ চিন্তাৰ পৰিধীয়ে ঢুকি নোপোৱা ঘটনা সংঘটিত হৈ আছে মণিপুৰত। অথচ সকলো নিমাত। যেন দুই যুৱতী, মহিলা বিবস্ত্ৰ হোৱালৈহে সকলোৰে অপেক্ষা কৰি আছিল।

৩ মে'ত আৰম্ভ হৈছিল মণিপুৰৰ হিংসাত্মক ঘটনা। আৰু ৪ মে'ত সংঘটিত হৈছিল এই জঘণ্য ঘটনা। তাৰ পাছত সুদীৰ্ঘ প্ৰায় ৩ মাহ। এই ৩ মাহটো শান্ত হোৱা নাই মণিপুৰ। প্ৰায় প্ৰতিদিনেই মানুহ মৰিয়েই আছে, ঘৰ জ্বলিয়েই আছে। শান্ত হোৱাৰ নাম, গোন্ধ নাই।

বন্ধ হৈ আছে ইণ্টাৰনেট। বহিঃবিশ্বৰে নাই কোনো সম্পৰ্ক। এই দুগৰাকী যুৱতী, মহিলা বিবস্ত্ৰ হোৱাৰ দৰে হেনো ১০০ টাৰো অধিক ঘটনা সংঘটিত হৈছে মণিপুৰত। এয়া মুখ্যমন্ত্ৰী এন বীৰেন সিঙে নিজেই সংবাদ মাধ্যমৰ আগত কোৱা কথা।

যৌন উৎপীড়নৰ বলি হোৱা ১৯ বছৰীয়া যুৱতীগৰাকী মণিপুৰৰ এটা হেলথ কেয়াৰ ইনষ্টিটিউটৰ শিক্ষাৰ্থী আছিল। এই শিক্ষানুষ্ঠানখনতে মেইটেই সম্প্ৰদায়ৰ এদল লোকে ৪ মে'ত আক্ৰমণ কৰিছিল।

যুৱতীগৰাকীয়ে কৈছে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এতিয়া ন্যায়ৰ কথা কৈছে, দোষীক শাস্তি দিয়াৰ কথা কৈছে। কিন্তু এতিয়া সেইবোৰ কৈ কি লাভ? নক'বনো কিয়? কিয়নো ভুক্তভোগী যুৱতীগৰাকীয়ে ৬৫ দিনৰ পূৰ্বেই ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ।

ভাবিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আৰক্ষী প্ৰশাসনে তেওঁক ন্যায় প্ৰদান কৰিব। কিন্তু নাই সেয়া নহ'ল। এখন, দুখন নহয় তিনিখনকৈ এফ আইৰ দাখিল কৰিছিল যুৱতীগৰাকীয়ে। এখন এফ আই আৰ দাখিল কৰিছিল দিল্লীৰ উত্তম নগৰ আৰক্ষী থানাত।

দিল্লীৰ পৰা সেই এফ আই আৰ যুৱতীগৰাকীয়ে অধ্য়য়ন কৰি থকা শিক্ষানুষ্ঠানখনৰ এলেকাৰ আৰক্ষী থানালৈ ফৰৱাৰ্ড কৰিছিল। তথাপিও ন'ললে কোনো ব্যৱস্থা। আইনৰ ওপৰত থকা আস্থা, ভৰসা সকলো হেৰুৱাই পেলাইছে তেওঁ।

উন্মত্ত এদল লোকৰ নিৰ্যাতনৰ সন্মুখীন হৈ দীৰ্ঘদিন কোনো মতে প্ৰাণটো লৈ যুৱতীগৰাকী হাস্পতালৰ বিচনাত চটফটাই আছিল। কোনো এজন আৰক্ষীয়ে তেওঁৰ ভাষ্য সংগ্ৰহ কৰিবলৈ নাহিল। অথচ তেওঁ চিকিৎসাধীন হৈ থকা হাস্পতালখন ইম্ফল আৰক্ষী থানাৰ পৰা মাত্ৰ কেইমিটাৰ মান নিলগত।

বিশ্বজুৰি মণিপুৰৰ এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰাত, দেশজুৰি প্ৰতিবাদ আৰম্ভ হোৱাত এতিয়া এন বীৰেন সিং চৰকাৰৰ আৰক্ষীয়ে আটক কৰিছে ৪ জনকৈ অভিযুক্তক। ইয়াৰে মূল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেৰ থৌবাল জিলাৰ পচি গাঁৱত থকা ঘৰ মহিলাসকল একত্ৰিত হৈ জ্বলাই দিছে।

আৰক্ষীয়ে ৪ মে'ৰ সেই ঘটনাৰ ভিডিঅ' ৰেকৰ্ড কৰা য়ুমলেম্বাম জীৱনকো গ্ৰেপ্তাৰ কৰিছে। কিন্তু প্ৰশ্ন হয় ৪ মে'ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ১৮ মে'তে এফ আই আৰ দাখিল হোৱাৰ পাছতো কিয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে?

কিয় আৰক্ষীয়ে এই যুৱতী আৰু মহিলাক সেই উন্মত্ত লোকসকলৰ হাতত এৰি দিলে? ৩ খনকৈ এফ আই আৰ দাখিলৰ পিছতো আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্যও সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰা বিষয়টোৱে প্ৰকৃততে কি সূচাইছে?

মণিপুৰত সংঘটিত হৈ থকা এনেবোৰ হিংসাত্মক ঘটনাৰ আঁৰত আছে নেকি প্ৰশাসনৰো সহযোগিতা? কোনো এক চক্ৰই বিচৰা ধৰণেই সকলোবোৰ হৈ আছে নেকি? মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এতিয়া দোষীৰ ফাঁচি দাবী কৰিছে।

এই ঘটনাক নিন্দা কৰিছে। ৰাজ্যখনৰ নাগৰিকে মহিলাক মাতৃ জ্ঞান কৰে বুলিও মন্তব্য কৰিছে। কিন্তু ৩ খনকৈ এফ আই আৰ দাখিল হোৱাৰ পাছতো কিয় সেই মাতৃজ্ঞান কৰা নিৰ্যাতিত যুৱতীয়ে ন্যায়াৰ অপেক্ষাত সুদীৰ্ঘ দিন অপেক্ষা কৰিবলগীয়া হ'ল?

যদিহে এই ভিডিঅ' পোহৰলৈ নাহিল হয় তেন্তে এন এন বীৰেন সিঙে এইদৰে কঠোৰ স্থিতি লোৱাৰ কথা দোহাৰিলে হয়নে? সংবাদ মাধ্যমৰ আগত ইণ্টাৰনেট কৰ্তন কৰাৰ আঁৰত এনে ১০০ টা ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰা এন বীৰেন সিঙে সেইসকলো নিৰ্যাতিতাৰ হৈ মাত মাতিবলৈ এতিয়াও কিয় সাহস কৰা নাই?

বিশ্ববাসীৰ ওচৰত দেশৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ পিছত, দুগৰাকী মাতৃ, ভগ্নীক উলংগ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ মেল খালে। বাধ্য হৈ মাতৃ, জীয়ৰীক অসন্মান কৰাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ কথা ক'লে।

কিন্তু মণিপুৰৰ এই অৱস্থাৰ অৱসান কেতিয়া হ'ব সেই নিশ্চিয়তা দিবলৈ সাহস কিয় নকৰিলে? নিৰ্বাচনৰ পূৰ্বে মণিপুৰলৈ আহি জাতীয় বস্ত্ৰ পৰিধান, পৰম্পৰাগত খাদ্য ভক্ষণেৰ প্ৰচাৰ চলাই ক্ষমতা দখলেই শেষ উদ্দেশ্য নেকি?

বিগত প্ৰায় ৩ মাহে মণিপুৰক কিয় জ্বলিবলৈ এৰি দিলে? কিয় মণিপুৰৰ মহিলা, যুৱতীক উলংগ কৰি ৰাজপথলৈ আনি পেৰেড কৰোৱাৰ এক পৰিৱেশ গঢ় দিবলৈ সুযোগ, সুবিধা দিলে? মণিপুৰৰ দৰে এখন সৰু ৰাজ্যৰ আইন, শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰা নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, এন বীৰেন সিঙৰ দৰে নেতাৰেই বা কি প্ৰয়োজন? এয়াই নেকি বিশ্বগুৰুৰ প্ৰকৃত স্বৰূপ?

যি দেশক তেওঁ ৰক্ষা কৰিছিল সেই দেশেই তেওঁৰ পত্নীক উলংগ কৰিলে !
আহি আছে বুমৰাহ, কে এল, আয়াৰ, প্ৰসিদ্ধঃ পণ্টেও নেটত আৰম্ভ কৰিছে অনুশীলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in