/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4e437a5b-dec1-47bd-b3b8-c3683f04c915/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
৩ টা জীয়া কাহিনী আৰু ৰণভূমিত ন্যায়লৈ অপেক্ষাৰত ধৰ্ষিতা ছোৱালীজনী...
তুষাৰ প্ৰতিম
এক
দুমাহৰ আগৰ কথা। তেতিয়া দুপৰ নিশা। ১৮ বছৰীয়া ছোৱালীজনীক ঘৰৰ কাষৰ পৰাই অপহৰণ কৰি লৈ গ'ল দৃৰ্বৃত্তৰ এটা দলে। তাৰ পিছত এই দুৰ্বৃত্তৰ দলটোৱে ছোৱালীজনীৰ লগত সংঘটিত কৰিলে এক জঘণ্য ঘটনা।
সেই দিনা গোটেই নিশা এই ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰিলে দুৰ্বৃত্তৰ দলটোৱে। ইয়াৰ পিছত পুৱা সেই দুৰ্বৃত্তৰ দলটোৱে ধৰ্ষিতা ছোৱালীজনীক মৃতপ্ৰায় অৱস্থাত পুনৰ ঘৰৰ কাষত থৈ গ'ল।
ছোৱালীজনীক দুৰ্বৃত্তৰ দলটোৱে যাওঁতে ভাবুকি দি গ'ল- নিশাৰ ঘটনাৰ বিষয়ে যদি কাৰোবাৰ আগত কয় তেন্তে সিহঁতে ছোৱালীজনীক হত্যা কৰিব। ১৮ বছৰীয়া ছোৱালীজনীৰ সৈতে সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে সবিশেষ বৰ্ণনা কৰি গৈছিল তেওঁৰ মাতৃয়ে।
দুই
ছোৱালীজনীৰ বয়স ১৯। মানৱ সেৱাৰ নামত নিজৰ জীৱনটো উৎসৰ্গা কৰাৰ বাবে তেওঁ এগৰাকী নাৰ্ছ হোৱাৰ আশা পুহি ৰাখিছিল। সেই আশাক বাস্তৱায়িত কৰিবলৈয়ে তাই অধ্যয়ন কৰি আছিল এখন নাৰ্ছিং স্কুলত।
হোষ্টেলত বাস কৰা এই ছোৱালীজনী সেইদিনা নিশা বান্ধৱীৰ সৈতেই আছিল। কিন্তু এটা বিশেষ গোষ্ঠীৰ হোৱাৰ বাবে মানৱ সেৱাৰ বাবে ওলাই অহা এই ছোৱালীজনী বহুতৰে লক্ষ্য হৈ পৰিল।
সাম্ভাৱ্য ভয়াৱহ পৰিস্থিতিৰ বিষয়ে ছোৱালীজনীয়ে কিছু অনুমান কৰিছিল। সেয়ে হোষ্টেলৰ ভিতৰতে আত্মগোপণ কৰিছিল। লাহে লাহে হোষ্টেলৰ বাহিৰৰ পৰা এটা হুলস্থুল আহি হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰিছিল।
ছোৱালীজনী হোষ্টেলৰ যিটো কোঠাৰ ভিতৰত আছিল সেই কোঠাৰ বাহিৰত কোনোবাই চিঞঁৰি চিঞঁৰি ক'বলৈ আৰম্ভ কৰিছিল- তহঁতৰ মানুহে আমাৰ মহিলা, ছোৱালীক বলাৎকাৰ কৰিছে। আমি তহঁতৰ লগতো তেনেকুৱাই কৰিম।
হোষ্টেলৰ কোঠাৰ ভিতৰত অসহায় হৈ পৰা ছোৱালীজনীয়ে শেষবাৰৰ বাবে ভয়ে ভয়ে মাকলৈ ফোন কৰিলে। ফোনতেই মাকক সকলো ক'লে- এয়াই তোমাৰ সৈতে মোৰ শেষ কথা। ইয়াৰ পাছত ছাগে মই আৰু জীয়াই নাথাকিম।
ইয়াৰ পিছতেই হোষ্টেলৰ সেই নিৰ্দিষ্ট কোঠাটোৰ দুৱাৰ ভাঙি বান্ধৱীজনীৰ সৈতে ছোৱালীজনীক চোচৰাই বাহিৰলৈ লৈ আহিল দুৰ্বৃত্তৰ দলটোৱে। ৰাজপথলৈ আনি ছোৱালীজনীক সকলোৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে।
আৰু ৰাজহুৱা প্ৰহাৰত এই ছোৱালীজনী সোনকালেই অজ্ঞান হৈ পৰিল। সেয়ে ছাগে তেওঁ সেই দুৰ্বৃত্তৰ দলটোৰ হাতত ধৰ্ষিতা হোৱাৰ পৰা ৰক্ষা পোৱাৰ লগতে হত্যাৰ বলি হোৱাৰ পৰাও কোনোমতে ৰক্ষা পৰিল।
চেতনা ঘূৰি অহাত ছোৱালীজনীয়ে নিজকে চিকিৎসালয়ৰ বিচনাত আৱিষ্কাৰ কৰিলে। চিকিৎসাকৰ্মীয়ে ক'লে- তেওঁক হেনো আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰি থৈ গৈছে। এইসকলো কথা ভুক্তভোগী ছোৱালীজনীয়ে এটা এটা কৈ কৈ গৈছিল।
তিনি
এজাক মানুহৰ এটা দলে ল'ৰাটোৰ পিতৃ, ভাতৃৰ সন্মুখতে তেওঁলোকৰ ভগ্নীক সম্পূৰ্ণ ৰূপে নগ্ন কৰিলে। তাৰ পাছত ৰাজপথেৰে নিৰ্বস্ত্ৰৰূপত থকা ভগ্নীক লৈ পেৰেড কৰিলে। তাতেই সন্তুষ্ট নহৈ এই মানুহৰূপী পিশাচৰ দলটোৱে ভাতৃ, পিতৃৰ সন্মুখতে ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰিলে।
আৰু তাৰ পাছত পিশাচৰ দলটোৱে অসহায় ল'ৰাটোৰ পিতৃ আৰু কনিষ্ঠ ভাতৃক হত্যা কৰিলে। সৌভাগ্য ক্ৰমে কাষৰ এখন গাঁৱত সম্পৰ্কীয় এঘৰ লোকৰ ঘৰত থকাৰ বাবেই এই ল'ৰাটো আৰু তাৰ মাকজনী ৰক্ষা পৰে।
২৩ বছৰীয়া এই যুৱকজন এতিয়া মৰি মৰি জীয়াই আছে। সম্পৰ্কীয় এঘৰ লোকৰ ঘৰত থকা এই ল'ৰাটোৱে সকলো সময়তে মৌন হৈ থাকে। কাকো একো ক'বও নোৱাৰে।
এই তিনিওটা ঘটনাৰ পটভূমি একেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'অষ্টলক্ষ্মী' আখ্যা দিয়া উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ নামৰ ক্ষুদ্ৰ ৰাজ্যখনৰ। মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰ হোৱা এই ৰাজ্যখনত এতিয়া এনেধৰণৰ ঘটনা তেনেই সুলভ।
মানুহবোৰৰ মুখবোৰ সকলো সময়ত উদাস। হাঁহিবলৈ এৰি দিছে এই ক্ষুদ্ৰ ৰাজ্যখনৰ মানুহবোৰে। দুটা সম্প্ৰদায়ৰ মাজত হোৱা এই সংঘাতে যোৱা প্ৰায় ৩ টা মাহত মানুহবোৰৰ মনৰ পৰা মানৱীয়তা প্ৰায় নোহোৱা কৰিছে।
এটা সপ্তাহৰ আগলৈকে মণিপুৰ কাৰোৰে বাবে চৰ্চাৰ বিষয় নাছিল। জ্বলি থকা মণিপুৰৰ জুইকুৰা নুমুৱাবলৈ কাৰো আহৰি নাছিল। বিদেশ ভ্ৰমণলৈ সাজু হোৱা প্ৰধানমন্ত্ৰীয়ে আনকি মণিপুৰৰ প্ৰতিনিধিৰ দলকো দিল্লীত সাক্ষাৎ দিয়াৰ পৰা বিৰত আছিল। জানোচা বিদশ ভ্ৰমণলৈ পলম হয় !
গৃহমন্ত্ৰী আহিছিল। ৰাজ্যখনৰ কেইবাটাও দল, সংগঠন, নেতৃত্বাস্থানীয় লোকৰ সৈতে কথা পাতিছিল। তেওঁৰো দায়িত্ব যেন তাতেই শেষ হৈছিল। সুন্দৰ অভিনয় কৰিব পৰা এন বীৰেন সিং নামৰ লোকজনে ক্ষমতা ধৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ যিখন 'নাটক' ৰচনা কৰিলে তাৰ পৰাই অনুমান কৰিব পাৰি এই জুইকুৰা নুমুৱাবলৈ তেওঁৰ আন্তৰিকতা আচলতে কিমান?
কথাবোৰ লাহে লাহে মুকলিকৈ আলোচনা হ'বলৈ ধৰিছে। ভাইৰেল ভিডিঅ'টোৰ মূল অভিযুক্তৰ সম্পৰ্ক আকৌ হিন্দুত্ববাদী কোনোবা সংগঠনৰ সৈতে আছে বুলি প্ৰমাণ কৰি বহুতেই ফটো শ্বেয়াৰ কৰিছে।
ইফালে আকৌ মণিপুৰৰ সৈতে আদানীৰো প্ৰসংগ উত্থাপন হৈছে। পুৰণি বাতৰিৰ পৃষ্ঠা খোচৰি একাংশই পোহৰলৈ আনিছে আন এক তথ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানী গ্ৰুপক পাম অয়লৰ খেতি কৰিবলৈ মণিপুৰৰ ৬ খন জিলাৰ ৬৬ হাজাৰ ৬৫২ হেক্টৰ বন ভূমি অনুমোদন জনাইছে।
ইয়াৰ বাবে ১১ হাজাৰ কোটি টকা অনুমোদন দিছে। কিন্তু মণিপুৰৰ পাহাৰ অঞ্চল আছে কুকিসকলৰ দখলত। সেয়ে বহুতেই ক'ব বিচাৰিছে এতিয়া উদ্দেশ্যপ্ৰণোদিত ভাৱে মেইটেই আৰু কুকিসকলৰ মাজত সংঘৰ্ষ সৃষ্টি কৰা হৈছে। এয়া সামাজিক মাধ্যমৰ চৰ্চা। এই কথাবোৰ সৰু কথা নহয়।
ভাইৰেল হোৱা দুই মহিলাৰ ভিডিঅ'ৰ পাছত বিশ্বজুৰি প্ৰতিক্ৰিয়া হোৱাত এতিয়া ভাৰততো প্ৰতিবাদৰ জোৱাৰ উঠিছে। ৪ মে'তে সংঘটিত হোৱা ঘটনাৰ দোষীক কৰায়ত্ত কৰিবলৈ এন বীৰেন সিঙৰ আৰক্ষীক প্ৰয়োজন হ'ল দুমাহৰো অধিক সময়।
৩ খনকৈ এজাহাৰ দাখিল কৰাৰ পাছতো কিন্তু এই একেই আৰক্ষীয়ে সমগ্ৰ বিষয়টো এৰি চলিছিল। ভুক্তভোগীৰ ভাষ্যও সংগ্ৰহ কৰা নাছিল। ইম্ফল আৰক্ষী থানাৰ কাষৰ চিকিৎসালয়তে পৰি আছিল ভুক্তভোগী।
দেশজুৰি প্ৰতিবাদ হোৱাত এই পৰ্যন্ত এই ঘটনাৰ সৈতে জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন অভিযুক্ত মাইনৰ। দেশজুৰি আৰম্ভ হোৱা এনে প্ৰতিবাদে এতিয়া মণিপুৰৰ মহিলাক সাহস দিছে।
উপৰত উল্লেখ কৰা ৩ টা ঘটনাৰেই ভুক্তভোগীয়ে মুকলিকৈ কথাবোৰ ক'বলৈ সাহস কৰিছে। সংবাদ প্ৰতিষ্ঠান বিবিচিৰ আগত মুকলিকৈ কৈছে এইবোৰ কথা। কৈছে, দেশজুৰি প্ৰতিবাদ হোৱাত অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বাবেই দলৱদ্ধ ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ মাতৃয়ে আগবাঢ়ি আহি গোচৰ ৰুজু কৰিছে।
উলংগ কৰি পেৰেড কৰোৱা দুই মহিলাৰ এগৰাকীৰ ভাতৃয়ে যাৰ পিতৃ, ভাতৃকো হত্যা কৰা হৈছিল, তেওঁ দোষীৰ শাস্তি বিচাৰিছে। সেই সমদলটোত যিসকল আছিল সকলোৰে শাস্তিৰ দাবী কৰিছে।
মণিপুৰৰ প্ৰকৃত ছবিখন এনেকৈয়ে লাহে লাহে পোহৰলৈ আহিছে। সময় বাগৰি যোৱাৰ লগে লগে আৰু অনুৰূপ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনাই অধিক। ইমান বীভৎস্য এক পৰিৱেশৰ মাজত মানুহবোৰ কিদৰে মৰি মৰি জীয়াই আছে সেই কথা হয়তো ৰাজ্য, কেন্দ্ৰ চৰকাৰে জানিছিল।
তথাপিও কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰু আজি সমগ্ৰ বিশ্বই কথাবোৰ জানিবলৈ পোৱাত 'বিশ্বগুৰু' হ'বলৈ যোৱা নেতাৰ ভৰিৰ তলৰ মাটি খহিবলৈ আৰম্ভ কৰাত ঘৰিয়ালৰ চকুপানী টুকিছে। নাটক নাটক লগা এই কথাবোৰ সকলোৱে বুজিছে।
Also Read: মহিলাৰ যৌন শোষণক লৈ উত্তপ্ত সদনঃ বিৰোধীৰ বিষয় মণিপুৰ, BJP ৰ ৰাজস্থান, বংগ...