/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4ea4d927-e33f-4c87-8c38-cef4a89bc925/Bekhekh_Lekha_New.jpg)
MAJULI
মৃদুল কুমাৰ সন্দিকৈ
দুজন ব্যক্তিৰ মাজত কথোপকথন। স্থান মাজুলী। ফোন কৰা ব্যক্তিজনে সহায় বিচাৰিছে। সিমূৰত থকা ব্যক্তিজনেও তেওঁক সহায় কৰাৰ চেষ্টা কৰিছে। কিন্তু তেওঁ কোনোপধ্যে মানুহজনক সহায় কৰিব পৰা নাই।
বেছি ভাগ সময় সিমূৰৰ মানুহজনে ফোনটো লাইনত ৰখাই থৈছে। দুয়োৰে মাজত হোৱা কথোপকথন এয়া-
- নমস্কাৰ, ১০৮। আপোনাৰ অসুবিধা জনাব।
: নমস্কাৰ, মই মাজুলীৰ পৰা কৈছিলো। মাজগাওঁ...।
- জনাব, কি হৈছে পেচেণ্টৰ...?
: আমাৰ খুৰা এজনৰ, মানে গা বেয়া হৈছে। উশাহ ল'ব পৰা নাই মানুহজনে।
- বৰ্তমান ঘৰতেই আছে নহয় জোনা !
: ঘৰতেই আছে হয়।
- অনুগ্ৰহ কৰি আপোনাৰ নামটো জনাব।
: নামটো বনমালী শইকীয়া।
- কোন জিলাৰ পৰা ক'লে ? মাজুলী নহয় জানো !
: মাজুলী, মাজুলী।
- থানা..?
: থানা কমলাবাৰী।
- গাঁৱৰ নাম?
: মাজগাওঁ।
- ঘৰখন চিনি পাবলৈ ওচৰত কি আছে, স্কুল-কলেজ, মন্দিৰ, মছজিদ...
: ওচৰতে মাজগাওঁ এল পি স্কুল আছে।
- পেচেণ্টৰ বয়স কিমান হৈছে ?
: বয়স ৫৫ বছৰ মান হৈছে।
- পুৰুষ পেচেণ্ট নহয় জানো !
: মেইল হয়।
- ঘৰখন চিনিবৰ বাবে ওচৰত কি আছে মন্দিৰ, মছজিদ, স্কুল, কলেজ...
: মাজাগাওঁ এল পি স্কুল আছে।
- তথ্যখিনি জনোৱাৰ বাবে ধন্যবাদ। ফোন কৰাৰ বাবে ধন্যবাদ। লাইনতে থাকিব ক্ষন্তেক সময়ৰ পিছতে আপোনাক যোগাযোগ কৰি আছো।
: ঠিক আছে।
(ফোনটো লাইনত ৰখাই তেওঁ যোগাযোগৰ চেষ্টা কৰিছে।)
- নমস্কাৰ, মই ১০৮ ৰ হেড অফিচৰ পৰা কৈ আছো।
: হেল্ল' কওক।
- হয় ছাৰ ক্ষমা কৰিব বৰ্তমান কমলবাৰীৰ এম্বুলেঞ্চ ব্যস্ত হৈ আছে। আপুনি অকনমান লাইনত থাকিবচোন। মই বেলেগ এম্বুলেঞ্চৰ সৈতে যোগাযোগ কৰি আছো।
: আমাৰ কমলাবাৰীত এম্বুলেঞ্চ কেইখন আছে গম পাইনে নাই আপুনি ?
- আপোনাৰ ওচৰৰ কমলাবাৰীৰ দুয়োখন এম্বুলেঞ্চ বিজি হৈ আছে ছাৰ।
: গড়মূৰত আছেনে নাই ?
- গম পাইছো আপোনালোকৰ কমলাবাৰীৰ দুখন বিজি আছে।
: আপোনাালোকে যে, আপোনালোকে যে.. গড়মূৰে-চৰমূৰে কিবা এটা এক্সিডেণ্ট হ'লে মুখ্যমন্ত্ৰীয়ে মানে, স্বাস্থ্যমন্ত্ৰীয়ে আহি যে যিতি কথাবিলাক গাই, এম্বুলেঞ্চ আছে, ১০ খন আছে, ১২ খন আছে... এতিয়া মানুহ এটা কিবা এটা হ'ল, এম্বুলেঞ্চখন দিব নোৱাৰাৰ কাৰণটো কি ? এইটো জনাব লাগে নেকি বেলেগক ?
- এম্বুলেঞ্চ বিজি হৈ আছে। বিজি হৈ থাকিলে কেনেকৈ দিম? বেলেগ পেচেণ্টৰ লগত বিজি থাকিলেটো দিব নোৱাৰিম ন।
: ১০খনেই বিজি হৈ আছেনে ! ১০ খন এম্বুলেঞ্চ আছে বুলি কৈছে মাজুলীত।
- কমলাবাৰীৰ এম্বুলেঞ্চ দুখন বিজি আছে, বনগাঁৱৰখন বিজি আছে। ৰতনপুৰ লাহন, গড়মূৰ আৰু জেংৰাইমুখৰ লগত যোগাযোগ কৰি আছো, লাইনত থাকিব।
: আপোনালোকৰ লগত লাইনত থাকোতেই যদি ৩ মিনিট/৪ মিনিট কৈ থাকিলে দেখোন মানুহজেনই হেৰি হ'ব..
- আমিটো যোগাযোগ কৰিব লাগিব। নহয়জানো ?
: ডাইৰেক্ট সুবিধাবোৰ দিব লাগে আমাক।
(আকৌ ফোনটো হ'ল্ডত ৰখালে।)
- হ'ল্ডত থকাৰ বাবে ধন্যবাদ। হেল্ল'..
: অ' হেল্ল' কওক।
- হয় ছাৰ ক্ষমা কৰিব বৰ্তমান ওচৰৰ এম্বুলেঞ্চ বিজি আছে। যাৰ বাবে আপোনাৰ কল ওপৰৰ বিষয়ালৈ ট্ৰেঞ্চফাৰ হৈছে। ওপৰৰ বিষয়াই এইটো নম্বৰত যোগাযোগ কৰি আছে।
: অ' ঠিক আছে হ'ব। আপোনালোকৰ এম্বুেলেঞ্চেই দৰকাৰ নাই আমাক। ব্যক্তিগত গাড়ীতেই এতিয়া নিবগৈ লাগিব।কাৰণ পেচেণ্টজনটো ইমান টাইম ৰৈ থাকিব নোৱাৰে।
- আপোনাক যোগাযোগ কৰা হৈ আছে ধন্যবাদ। ১০৮ ক যোগাযোগ কৰাৰ বাবে ধন্যবাদ।
এম্বুলেঞ্চৰ যোগাৰ নহ'ল। মানুহজনৰো প্ৰাণ ৰক্ষা নহ'ল। মাজুলীৰ মাজগাঁৱৰ হালিৰাম শইকীয়া নামৰ ৫২ বছৰীয়া ব্যক্তিজনৰ মৃত্যু হ'ল। ব্যক্তিগত বাহনেৰে তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁ নাবাচিল।
পৰিয়ালৰ অভিযোগ, এম্বুলেঞ্চৰ অভাবত তেওঁক সময়ত চিকিৎসালয়লৈ নিবলৈ নোৱাৰিলে। মাজুলীবাসীৰো একেই অভিযোগ। সঠিক সময়ত সঠিক সেৱা তেওঁলোকে নাপায়। কেইদিননো হৈছিল তেজস্বিতা নামৰ ছোৱালীজনীৰ মৃত্যু হোৱা !
তাৰ পাছতো স্বাস্থ্যখণ্ডৰ চেহেৰা সলনি নহ'ল মাজুলীত। ডেৰ মাহত ৪ জনৰ মৃত্যু হ'ল মাজুলীত। কেতিয়াবা যদি চিকিৎসকৰ অৱহেলাৰ খবৰ, আন কেতিয়াবা উপযুক্ত আন্তঃগাঁথনি অভাৱৰ বাবে ৰোগীৰ মৃত্যু হোৱা এই খবৰবোৰ অতি কৰুণ।
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতি হৈছে। কিন্তু সেই উন্নয়ন সময়ৰ সৈতে খাপখোৱাই সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিব পৰা কৈ সম্ভৱ হৈছেনে? সেই প্ৰশ্ন পুনৰ মাজুলীত উঠিছে। খোদ স্বাস্থ্যমন্ত্ৰীয়ে হৈ মাজুলীত আশ্বাস দি থৈ আহিছিল।
সেইবোৰ প্ৰতিশ্ৰুতি পূৰণ হয়তো নহ'ল। এজন ৰোগীৰ মৃত্যু হ'ব পাৰে। কিন্তু মাজুলীৰ ৰোগীৰ মৃত্যু আৰু এই ঘটনাবোৰৰ সম্পৰ্কই তাৰ স্বাস্থ্যখণ্ডৰ নমুনা উদঙাই দিয়ে। ৰাজ্যৰ ভিতৰুৱা ঠাই সমূহতো একেই অভিযোগ।
২০১২-১৩ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ বাবে ধাৰ্য কৰিছিল ১৫৩৯ কোটি টকা। ২০১৬-১৭ বৰ্ষত তাক বৃদ্ধি কৰা হৈছিল ৩৯৯৪ কোটি টকালৈ। একেদৰে ২০২০-২১ বৰ্ষত স্বাস্থ্যখণ্ডৰ বাৰ্ষিক বাজেট ৭০০৪.৩৫ কোটি আছিল।
২০২২-২৩ বিত্তীয় বৰ্ষত স্বাস্থ্যখণ্ডৰ বাজেট ২.১৪ শতাংশ বৃদ্ধি কৰি ৭১৫৪.৭৫ কোটি কৰা হৈছিল। ডিচপেঞ্চেৰীৰ দৰে মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে। এইবোৰত কি আন্তঃগাঁথনি আছে, ৰোগীয়ে উপযুক্ত চিকিৎসা পাইনে নাপায় তাৰ প্ৰতি চকু দিবলৈ কাৰ আজৰি !
ঘোষণাবোৰ বৰ ভাল লগা হয়। কিন্তু তাৰ উপযুক্ত ফল যদি সাধাৰণ মানুহে লাভ নকৰে, তেনেহ'লে কাৰ স্বাৰ্থ সিদ্ধি কৰে? কেৱল ৰাজনীতি কিয়? তেজপুৰ মেডিকেল কলেজত যোৱা ২ মাহত ৬২ টা নৱজাতকৰ আৰু ১১ গৰাকী মাতৃৰ প্ৰাণহানী হৈছে।
ইমান সৰহসংখ্য নৱজাতকৰ মৃত্যুৰ কাৰণ কি? সেই কথা কেতিয়াবা চৰকাৰে অৱলোকন কৰিছে নে? স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তন হোৱা বুলি চৰকাৰে প্ৰচাৰ চলায়। এইবোৰ কি পৰিৱৰ্তন হৈছে?
বিজেপি চৰকাৰৰ আমোলত যি পৰিৱৰ্তনৰ আশা কৰা হৈছিল, সেই পৰিৱৰ্তনৰ স্বৰূপ যদি এয়া হয় তেনেহ'লে স্বাস্থ্যখণ্ডক সফল বুলিব পাৰিনে? নেশ্যনেল ফেমেলি হেলথ ছাৰ্ভে IV ৰ প্ৰতিবেদনৰ মতে অসমৰ ৫ বছৰৰ তলৰ ২৯.৮ শতাংশ শিশুৱেই নিম্ন ওজনৰ।
প্ৰসূতিৰ মৃত্যুৰ হাৰো ৰাষ্ট্ৰীয় হাৰতকৈ অধিক। তেনেহ'লে কি উন্নতি হৈছে স্বাস্থ্যখণ্ডৰ? অসমৰ গাওঁসমূহত উপযুক্ত চিকিৎসা ব্যৱস্থা অতিকৈ প্ৰয়োজন। নিম্ন আয়ৰ লোকসকলে আজিও গাওঁ অঞ্চলত চিকিৎসাৰ নামত বছৰি মাত্ৰ ৬৯৬৬ টকাহে গড়ে ব্যয় কৰিব পাৰে।
এই লোকসকলৰ বাবে চৰকাৰী চিকিৎসালয়ৰ বিকল্প নাই। এক সমীক্ষাৰ মতে গাওঁ অঞ্চলত বেমাৰ হ'লেই ৮৯.২ শতাংশ লোক চৰকাৰী হস্পিতাললৈ যায়। চহৰত অৱশ্যে অধিক সংখ্যক লোকেই ব্যক্তিগত চিকিৎসালয়ৰ কাষ চাপে।
বাৰে বাৰে মাজুলীত সংঘটিত হোৱা এই ঘটনাবোৰে স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখনকেই দাঙি ধৰা নাইনে? ২০০৯ চনৰ ৬ নৱেম্বৰ। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিছিল এখন নৌকা এম্বুলেঞ্চ।
লগত আছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই নৌকা এম্বুলেঞ্চখনত জীৱন ৰক্ষা কৰিব পৰা সকলো ব্যৱস্থা থকাৰ কথা কোৱা হৈছিল। স্বাস্থ্যমন্ত্ৰীয়ে জনাইছিল যে, মাজুলী আৰু শদিয়াৰ লোকসকলৰ কথা বিশেষ ভাৱে চিন্তা কৰি আৰু ৫ খন তেনে নৌকা এম্বুলেঞ্চৰ অচিৰেই চৰকাৰে ব্যৱস্থা কৰিব।
বাস্তৱত এয়া হ'লনে? মাজুলীত কিমান দিনলৈ চলিল নৌকা এম্বুলেঞ্চ? ১০৮ ৰ মৃত্যুঞ্জয় সেৱাৰ অধীনৰ কেইখন এম্বুলেঞ্চ মাজুলীত এতিয়া চলি আছে? স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোৱাৰ দৰে বিদেশৰ পৰা নৌকা এম্বুলেঞ্চৰ যন্ত্ৰৰ অংশ আহি নোপোৱাৰ বাবে সেইখন কাৰ্যক্ষম কৰিব পৰা নাই।
কিমানদিনলৈ এইবোৰ কথাৰে মাজুলীবাসীক, ৰাজ্যবাসীক আভুৱা ভৰাই থাকিব? মাজুলীত আৰু কেইজন মানুহৰ মৃত্যুৱে চৰকাৰৰ গা লৰাব?