হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল কৰ্ণাটকত পৰাজয় নিশ্চিত !

হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল কৰ্ণাটকত পৰাজয় নিশ্চিত !
হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল কৰ্ণাটকত পৰাজয় নিশ্চিত !

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে কৰ্ণাটকত পৰাজয়ৰ আগতীয়া অনুমান কৰিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই। কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ভূমিকা গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি তেওঁ কৰ্ণাটকত বিজেপিৰ পৰাজয়ৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, নিৰ্বাচনত জয়, পৰাজয় থাকেই। কিছুদিন পূৰ্বে বিজেপিয়ে ৩ খন ৰাজ্যত বিজয় সাব্যস্ত কৰিছে।কংগ্ৰেছে মাত্ৰ এবাৰ জিকিছে।

তেওঁৰ মতে কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো কোনো নতুন কথা নহয়। তেওঁ কয়, ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ আগতেওঁ আৰু পিছতো কংগ্ৰেছৰেই চৰকাৰ আছিল।

ইফালে কংগ্ৰেছে কৰ্ণাটকৰ বিজয়ত যিধৰণে উৎফুল্লিত হৈ পৰিছে, বিজয় উৎসৱ পালন কৰিছে সেই বিজয় উৎসৱক কটাক্ষ কৰি কয়,পানীত থকা লোকে যেতিয়া মেচিন জাহাজ বা অন্য কিবা উপায় নাপায় তেতিয়া কলৰ ভুৰকেই বহুত বুলি ভাবি লয়।

বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰ বিষয়টোক তেওঁ আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজয়কৰ এক ইংগিত বুলি প্ৰাকে, প্ৰকাৰে বুজাবলৈ চেষ্টা কৰি কয়, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত কংগ্ৰেছৰেই চৰকাৰ হয়। ২০১৪ ৰ লোকসভাৰ নিৰ্বাচনৰ সময়তো কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছিল।

হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল কৰ্ণাটকত পৰাজয় নিশ্চিত !
'আজু'ৰ গহপুৰ মহকুমা সমিতি গঠনঃ পল্লৱ বৰা সভাপতি, বিপ্লৱ নেওগ সাধাৰণ সম্পাদক নিৰ্বাচিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in