Advertisment

জ্যোতিৰ 'জোনাকী'ত তমসাৰ কিৰিলি...

অসমৰ চলচ্চিত্ৰ জগতৰ সোণসেৰীয়া ঐতিহ্য বহণ কৰা 'জোনাকী'ত বাজি উঠা মৃত্যু ঘণ্টাই সাংস্কৃতিবান তেজপুৰীয়া ৰাইজৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে। যি 'জোনাকী'ৰ দীপ্তিময় পোহৰত অসমীয়া চিনেমাই প্ৰাণ পাই উঠিছিল সেই 'জোনাকী'য়েই এতিয়া আঁউসীৰ ঘনঘোৰ এন্ধাৰৰ কৱলত পৰিছে।

author-image
Asomiya Pratidin
New Update
জ্যোতিৰ 'জোনাকী'ত তমসাৰ কিৰিলি...

তুষাৰ প্ৰতিম

Advertisment

যিসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰক ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে সেই সময়তেই অসমৰ চলচ্চিত্ৰ জগতৰ সোণসেৰীয়া ঐতিহ্য বহণ কৰা 'জোনাকী'ত বাজি উঠা মৃত্যু ঘণ্টাই সাংস্কৃতিবান তেজপুৰীয়া ৰাইজৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে। যি 'জোনাকী'ৰ দীপ্তিময় পোহৰত অসমীয়া চিনেমাই প্ৰাণ পাই উঠিছিল সেই 'জোনাকী'য়েই এতিয়া আঁউসীৰ ঘনঘোৰ এন্ধাৰৰ কৱলত পৰিছে। 

জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি আহি ভোলাগুৰি চাহ বাগিচাত স্থাপন কৰা অস্থায়ী ষ্টুডিঅ’ চিত্ৰবনত ১৯৩৪ চনত ‘জয়মতী’ নিৰ্মাণ কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবি হিচাপেও স্বীকৃতি দিছে ভাৰতীয় চলচ্চিত্র সমালোচকে।

১৯৩৫ চনত জ্যোতি প্ৰসাদে 'জয়মতী' নিৰ্মাণ কৰি উলিয়ালেও চিনেমা হল নথকাৰ বাবেই অসমত মুক্তি দিব নোৱাৰিলে। ফলত অসমৰ পৰিৱৰ্তে ছবিখন মুক্তি দিয়া হৈছিল কলকাতাৰ ৰৌনক চিনেমা হলত৷ ছবিখন মুকলি কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই৷

এনে পৰিস্থিতিত অসমত এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি সেই অভাৱ দূৰ কৰিবলৈ জ্যোতিপ্ৰসাদ নিজেই আগবাঢ়ি আহিছিল। সপোন দেখিছিল এটা স্থায়ী চিনেমা হল নিৰ্মাণৰ।

সেই সপোনকে সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যৰেই তেওঁ তেজপুৰৰ নিজা বাসগৃহ 'পকী'ৰ কাষৰে এডোখৰ হাবি, বনেৰে পৰিপূৰ্ণ ভূমি পৰিস্কাৰ কৰি চিনেমা হল নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৩৭ চনত ২৭ ফুট বহল, ৮০ ফুট দীঘল আৰু ১৮ ফুট উচ্চতাৰে দুমহলীয়াকৈ নিৰ্মাণ কৰা এই চিনেমা হলটো সম্পূৰ্ণ হৈ উঠে।

অসমৰ প্ৰথম চিনেমা গৃহ হিচাপে পৰিগণিত হোৱা এই চিনেমা হলটোৰ তেওঁ নাম ৰাখে 'জোনাকী'। এই জোনাকীয়েই পৰৱৰ্তী সময়ত অসমীয়া চলচ্চিত্ৰ জগতক দিপ্তীময় কৰি ৰাখিলে। জ্যোতিৰ 'জোনাকী'ৰ আলোকতে প্ৰাণ পালে অসমীয়া চলচ্চিত্ৰ জগতখনে।

১৯৩৭ ত 'জোনাকী'ৰ যাত্ৰা আৰম্ভ হৈছিল 'এলিফেণ্ট বয়' নামৰ চিনেমাখনেৰে। ১৯৩৭ চনত আৰম্ভ হোৱা 'জোনাকী'ৰ এই যাত্ৰা অনিৰুদ্ধ গতিৰে চলি আছিল ২০১৯ চনলৈ। তাৰ পাছত সমগ্ৰ বিশ্বক স্তব্ধ কৰি দিয়া কোভিড ভাইৰাছৰ বাবেই ৮২ বছৰ ধৰি চলি থকা 'জোনাকী'ৰ সেই অনিৰুদ্ধ যাত্ৰাও স্তব্ধ হৈ পৰিল। 

জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা 'জোনাকী'ৰ পৰিচালনাৰ দায়িত্বত আছিল তেওঁৰ ভাতৃ হৃদয়ানন্দ আগৰৱালা। ১৯৪২ চনৰ পৰা তেওঁৱেই জোনাকীক তদাৰক কৰি আহিছিল।

তেওঁৰ মৃত্যুৰ পাছত 'জোনাকী'ক পৰিচালনা কৰি আহিছে দুই পুত্ৰ ক্ৰমে শ্ৰীমন্ত প্ৰতীম আগৰৱালা আৰু প্ৰশান্ত প্ৰতীম আগৰৱালাই।  
২০১৯ ত পৰিবৰ্তিত পৰিস্থিতিৰ বাবেই তেওঁলোকে জ্যোতিৰ এই মানসপুত্ৰক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে চিন্তা কৰে।

সময়ৰ সৈতে 'জোনাকী'ক অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰি কাষ চাপে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ। সেই সময়তে ৰাজ্যত আকৌ অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে ছবি গৃহ নিৰ্মাণ তথা মেৰামতিৰ বাবে অনুদান আগবঢ়োৱাৰো এক সিদ্ধান্ত গ্ৰহণ কৰে।

সেয়ে 'জোনাকী' ছবি গৃহৰ পৰিচালনাৰ দায়িত্বত থকা দুই ভাতৃ কাষ চাপে নিগমৰ। নিগমে ৰাজ্যৰ আন ৯ টা ছবি গৃহৰ সৈতে 'জোনাকী'কো ৬৫ লাখ টকাৰ এক অনুদান দিয়াৰ কথা ঘোষণা কৰে।

'জোনাকী'ক নতুনকৈ নিৰ্মাণ কৰাৰ এই প্ৰকল্প ২০১৯ চনৰ ৯ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ তদানীন্তন মন্ত্ৰী নৱ কুমাৰ দলে আৰু তেতিয়াৰ অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে।

ইতিমধ্যে চৰকাৰে ঘোষণা কৰা ৬৫ লাখ টকাৰ প্ৰথম কিস্তি হিচাপে ২৫ লাখ টকাও মুকলি কৰি দিয়ে। সেই ধনেৰ ৬ লাখ টকাৰে আগৰৱালা ভাতৃদ্বয়ে 'জোনাকী'ক নতুন ৰূপ দিয়াৰ উদ্দেশ্যৰে ভিতৰৰ পুৰণি আসনসমূহ আঁতৰোৱাৰ লগতে বিভিন্ন অংশ ভাঙিবলৈ আৰম্ভ কৰে।

'জোনাকী'ক পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ’ব পৰা বাকী ধনৰ বাবে তেওঁলোক এছ বি আই, নেডফি আদিৰা কাষ চাপে। তেনে সময়তে আকৌ সমগ্ৰ বিশ্বৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰে কোভিড ভাইৰাছে।

কোভিড ভাইৰাছে চিনেমা উদ্যোগটোলৈ যথেষ্ট প্ৰত্যাহ্বান কঢ়িয়াই আনে। বন্ধ হৈ পৰাৰ উপক্ৰম হয় বহু চিনেমা হলৰ। পৰৱৰ্তী সময়ত চৰকাৰী নীতি, নিৰ্দেশনাৰ মাজেৰে এৰা, ধৰাকৈ লাহে লাহে চিনেমাগৃহসমূহত চিনেমা প্ৰদৰ্শন আৰম্ভ হয় যদিও তেতিয়ালৈকে চিনেমা গৃহৰ ৰূপেই সলনি হৈ পৰে।

পূৰ্বৰ দৰে ডাঙৰ চিনেমা হলৰ স্থানত আহে সৰু সৰু অত্যাধুনিক চিনেমা গৃহ। জনপ্ৰিয় হৈ পৰে মাল্টিপ্লেক্সৰ ধাৰণা। সেয়ে কোভিডৰ পাছত এছ বি আই, নেডফি আদিয়েও আগৰৱালা ভাতৃদ্বয়ক 'জোনাকী' পূৰ্বৰ পৰিকল্পনাক সলনি কৰাৰ কথা কয়। 

এনে পৰিস্থিতিত 'জোনাকী'ক নতুন ৰূপ দিয়াটো তেওঁলোকৰ বাবে অসম্ভ হৈ পৰিল। ফলত 'জোনাকী' সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাই নহয়, 'জোনাকী'ৰ ভৱিষ্যতো অন্ধকাৰৰ কৰাল গ্ৰাসত পৰিল।

জানিব পৰা মতে 'জোনাকী'ক নতুন ৰূপ দিয়াৰ বাবে আগৰৱালা ভাতৃদ্বয়ে যি পৰিকল্পনা প্ৰস্তুত কৰিছিল সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ প্ৰয়োজন আঢ়ৈ কোটি টকাৰ। যিহেতু চৰকাৰে ৬৪ লাখ টকাহে অনুদান হিচাপে আগবঢ়াই সেয়ে বাকী সিংহভাগ ধন ব্যয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মুখত মূল সমস্যা হিচাপে থিয় দিয়ে।

সেয়ে উপায়হীন হৈ চৰকাৰে প্ৰথম কিস্তিত আদায় দিয়া ৬ লাখ টকা ব্যয়ৰে 'জোনাকী'ৰ পুনৰ নিৰ্মাণৰ কিছু কাম কৰিয়েই সেই কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰিল। তেওঁলোকে পুনৰ 'জোনাকী'ক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত আকৌ সহযোগিতা বিচাৰি অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ কাষ চাপে।

উন্নয়ন নিগমেও জোনাকীক পৰিচালনা কৰাৰ দায়িত্ব মূৰ পাতি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে। তোৰাপৰি উন্নয়ন নিগমে দেখুওৱা যোগাত্মক সহাৰিৰ বাবে 'জোনাকী'ক চৰকাৰৰ হাতত লীজত দিবলৈয়ো মন বান্ধে।

কিন্তু চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সীমাবদ্ধতাৰ বাবে দুই ভাতৃক সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰাই আলোচনাৰ মেজলৈ আনে। তেওঁলোকৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে ইতিমধ্যে কেইবাখনো বৈঠকো সম্পন্ন হৈ গৈছে।

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ২০২২ ৰ ১৪ জুলাইত সীমান্ত শেখৰে 'জোনাকী'ৰ অৱস্থাৰ বুজ ল’বলৈ ছবিগৃহটোত আহি উপস্থিত হয়। তেওঁ জ্যোতিপ্ৰসাদৰ অৱদান 'জোনাকী'ক মুখ্যমন্ত্ৰীৰ চিন্তাৰে কেনেকৈ আগলৈ  লৈ যাব পাৰি, জীয়াই ৰাখিব পাৰি তাৰ বাবে চেষ্টা কৰাৰ কথা ঘোষণা কৰে।

'জোনাকী' চিনেমা হলৰ গৰাকীৰ ইচ্ছা অনুসৰিয়েই চিনেমা হলটোক নতুনকৈ গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই আগবাঢ়ি নতুনকৈ গঢ় দিয়া হ’ব বুলিও কয় চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। কিন্তু সেই ঘোষণা আজিও কাৰ্যকৰী নহ'ল।

'জোনাকী' এতিয়া হৈ পৰিল হাবি, বনেৰে পৰিপূৰ্ণ এটা পৰিত্যক্ত গৃহ। ইয়াৰ চোতালখন ব্যৱহাৰ হৈছে অবৈধ পাৰ্কিঙৰ স্থান হিচাপে। বিভিন্ন অসমাজিক কাম-কাজৰো ঘাটি হৈ পৰিছে হেনো 'জোনাকী'ৰ বাকৰি। 


ইতিমধ্যে ভিতৰৰ প্ৰায়বোৰ অংশ ভাঙি পেলোৱা 'জোনাকী'ৰ সেই ভগ্নস্তূপৰ মাজতে আছে জ্যোতি প্ৰসাদৰ দুই বিৰল সম্পদ। 'জোনাকী' ছবিগৃহ আৰম্ভ হোৱাৰ পাছত ১৯৪০ চনত জ্যোতি প্ৰসাদে ইয়াত স্থাপন কৰিছিল দুটা বিশেষ প্ৰজেক্টৰ।

আমেৰিকাৰ চিকাগোৰ জে ই এম এফ চি কোম্পানীয়ে ১৯২৪ চনতে নিৰ্মাণ কৰিছিল এই দুই প্ৰজেক্টৰ। এই দুই বিৰল সম্পদ এতিয়া 'জোনাকী'ৰ ভগ্নস্তূপৰ মাজতে পৰি আছে।

ইয়াৰ সংৰক্ষণৰ বাবে যি সময়ত চৰকাৰে নিজেই আগবাঢ়ি আহি দায়িত্ব ল’ব লাগিছিল সেই সময়ত এইদৰেই ধ্বংসৰ দিশলৈ আগবঢ়াই দিয়া হৈছে। জ্যোতি প্ৰসাদৰ দুই ভতিজা শ্ৰীমন্ত প্ৰতীম আগৰৱালা আৰু প্ৰশান্ত প্ৰতীম আগৰৱালাৰ ইচ্ছা 'জোনাকী'ক মাল্টিপ্লেক্স হিচাপে নিৰ্মাণ কৰা হওক।

ইয়াত ছবিগৃহৰ লগতে জ্যোতি প্ৰসাদৰ এটা সংগ্ৰহালয়ো হওক। এই সংগ্ৰহালয়ত জ্যোতি প্ৰসাদৰ আপুৰোগীয়া সম্পদসমূহৰ লগতে অসমীয়া চহকী সাংস্কৃতিক ঐতিহ্যক স্থান দিয়া হওক। ইয়াৰ পৰিচালনাৰ দায়িত্ব লওক চৰকাৰেই।

কিন্তু অজ্ঞাত কাৰণত 'জোনাকী' চিনেমা হলৰ গৰাকীৰ ইচ্ছা, চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ আগ্ৰহ থকাৰ পাছতো 'জোনাকী'য়ে নতুন ৰূপ ল'ব পৰা নাই।

'জোনাকী'ৰ দায়িত্ব যেতিয়া হৃদয়ানন্দ আগৰৱালাই দুই পুত্ৰৰ হাতলৈ এৰিছিল তেতিয়াই দুয়োকে কৈছিল- 'আন যিয়েই নহওক জোনাকী সদাই চলি থাকিবই লাগিব।'

 কিন্তু চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম, সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিয়া আশাত বন্দী হৈ জ্যোতি প্ৰসাদৰ দুই ভতিজাৰ চকুৰ সন্মুখতে এতিয়া পিতৃৰ সেই বাক্যও ৰক্ষা কৰিব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে। হতাশ হৈছে তেওঁলোক। 

সেয়ে উপায়হীন হৈ অনিচ্ছা স্বত্বেও তেওঁলোকে এতিয়া 'জোনাকী'ক কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ কথাও চিন্তা কৰিবলৈ বাধ্য হৈছে। অসমৰ সাংস্কৃতিক জগতৰ সম্পদ জোনাকীৰ এই দুৰ্দশা অসহনীয় হৈ পৰিছে তেজপুৰৰ সচেতন জনতাৰ বাবেও।

এতিয়া মৃত্যুমুখী 'জোনাকী'লৈ চাই বহুতেই হৈ পৰে বাকৰুদ্ধ আৰু আৱেগিক। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে তেজপুৰক সাংস্কৃতিক ৰাজধানী হিচাপে গঢ়ি তোলাৰ যি ঘোষণা কৰিছে সেই ঘোষণাৰ আঁত ধৰিয়েই দাবী জনাইছে শীঘ্ৰেই অসম চৰকাৰ, চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু জোনাকী ছবিগৃহৰ মালিকপক্ষৰ মাজৰ সমস্যা সমাধান কৰি এক সিদ্ধান্তত উপনীত হওক। 

'জোনাকী'ৰ পূৰ্বৰ দিপ্তীময় সুদিন ঘূৰাই আনক। এয়া কেৱল তেজপুৰীয়া ৰাইজৰ দাবীয়েই নহয়, এয়া অসম চৰকাৰৰ নৈতিক দায়িত্বও। 

 

অসমীয়া চিনেমা চিনেমা