/asomiyapratidin/media/media_files/2025/02/03/1y7CNOwwDoSpBh6p1zd3.png)
তুষাৰ প্ৰতিম
বিশ্বই তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপেই জানে। ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈ তেওঁ আছিল মাৰ্কিন যুক্তাৰাষ্ট্ৰৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি। তেওঁ আছিল যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ ভিতৰত সকলোতকৈ বয়োজ্যেষ্ঠ।
২০২৪ চনৰ ডিচেম্বৰত মৃত্যু বৰণ কৰা এইগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি জীৱিত অৱস্থাত যিদৰে প্ৰায়ে তেওঁৰ কাম-কাজৰ বাবে চৰ্চালৈ আহিছিল ঠিক সেইদৰে মৃত্যুৰ পাছতো তেওঁ চৰ্চাৰ পৰা আঁতৰি যোৱা নাই। অৱশ্যে তেওঁৰ এই চৰ্চা তেওঁ কৰি যোৱা ভাল কামৰ বাবেই।
লছ এঞ্জেলছত সামৰণি পৰিল ৬৭ সংখ্যক গ্ৰেমী এৱাৰ্ডছ অনুষ্ঠান। এই অনুষ্ঠানত মুঠ ৯০ টাৰো অধিক শিতানত গ্ৰেমী বঁটাসমূহ প্ৰদান কৰা হয়। ইয়াৰ মাজতে বঁটা প্ৰাপকৰ তালিকাত উচ্চাৰণ হয় এইগৰাকী প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিৰ নাম।
‘‘লাষ্ট ছানডেছ ইন প্লেনছঃ এ ছেণ্টিনিয়েল ছেলিব্ৰেছন’’ শীৰ্ষক এলবামৰ বাবে এইবাৰ গ্ৰেমী বঁটা আগবঢ়োৱা হৈছে জিম্মি কাৰ্টাৰলৈ। ১০০ বছৰ বয়সত যোৱা ডিচেম্বৰ মাহত তেওঁৰ মৃত্যু নোহোৱা হ'লে হয়তো আজি গ্ৰেমীৰ মঞ্চত এই বঁটা লোৱা তেওঁৱেই হ’ল হয় সৰ্বকালৰ আটাইতকৈ জ্যেষ্ঠ শিল্পী।
জিম্মি কাৰ্টাৰ বহুতৰ বাবে চিনাকী হ'লেও আন বহুতেই তেওঁক নাজানে। অৱশ্যে বিশ্ব ৰাজনীতি, মানৱতাবাদ, শান্তিৰ বাৰ্তা বাহকসকলৰ মাজত জিম্মি কাৰ্টাৰ এটা অতি চিনাকী নাম। এইগৰাকী ৰাজনৈতিক মানৱতাদাবী নেতাই নিজৰ কণ্ঠতে নিজেই বাণীবদ্ধ কৰিছিল নিজৰে জীৱন-কাহিনী।
এয়া কোনো সাধাৰণ কথা নহয়। জীৱনৰ বিয়লি বেলাত এই কাৰ্যত জিম্মি কাৰ্টাৰৰ অসাধাৰণ দক্ষতা উন্মোচিত হৈছিল। যোৱা বছৰৰ অক্টোবৰ মাহত তেওঁ ১০০ বছৰীয়া জন্মদিন পালন কৰিছিল। ইয়াৰ ঠিক পূৰ্বে, আগষ্ট মাহত অৰ্থাৎ তেওঁৰ ৯৯ বছৰ বয়সত ‘‘লাষ্ট ছানডেছ ইন প্লেনছঃ এ ছেণ্টিনিয়েল ছেলিব্ৰেছন’’ নামৰ এটা এলবাম মুক্তি পাইছিল।
১০০ বছৰ বয়সত ভৰি দিয়েই মৃত্যু হোৱা জিম্মি কাৰ্টাৰৰ নাম এইবাৰ গ্ৰেমীৰ মঞ্চত উচ্চাৰিত হ'ল। তেওঁৰ হৈ বঁটা গ্ৰহণ কৰিলে তেওঁৰ নাতি জেছন কাৰ্টাৰে। ‘‘লাষ্ট ছানডেছ ইন প্লেনছঃ এ ছেণ্টিনিয়েল ছেলিব্ৰেছন’’ জিম্মি কাৰ্টাৰৰ নিজৰ জীৱনৰে একো একোটা অধ্যায়।
অনবদ্য বাগ্মিতাৰ বাবে একাধিক বিষয়ত ইয়াৰ পূৰ্বেও তেওঁৰ কথন শৈলী ৰেকৰ্ড কৰা হৈছিল। সেই দৰেই ২০২৪ ত ৯৯ বছৰ বয়সত তেওঁ ৰেকৰ্ড কৰিছিল ‘‘লাষ্ট ছানডেছ ইন প্লেনছঃ এ ছেণ্টিনিয়েল ছেলিব্ৰেছন’’ শীৰ্ষক এলবামটো।
শব্দ বিজ্ঞানৰ ভাষাত এই এলবামটোৱে অডিঅ’বুক নেৰেছনৰ কেটেগৰিট গ্ৰেমী বঁটা লাভ কৰিলে।জিম্মি কাৰ্টাৰে মৰণোত্তৰভাৱে গ্ৰেমী লাভ কৰাৰ পাছতে বিশ্বত এতিয়া আকৌ এবাৰ তেওঁক লৈ চৰ্চা হৈছে। আমেৰিকাৰ দৰে এখন মহাশক্তিধৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান হৈয়ো তেওঁৰ মুখত উচ্চাৰিত হৈছিল মানৱতাবাদৰ জয়গান।
মাৰ্কিন জনতাক তেওঁ প্ৰতিশ্ৰুতি দিছিল কেতিয়াও অসত্যৰ আশ্ৰয় নোলোৱাৰ। তেওঁ আন্তৰ্জাতিক ক্ষেত্ৰতত ইজিপ্ত আৰু ইজৰাইলৰ মাজৰ ঐতিহাসিক চুক্তিৰ মধ্যস্থতাকাৰী আছিল।
আফগানিস্তানত ছোভিয়েটৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ কাম কৰিছিল। ৰাষ্ট্ৰপতিৰ পদৰ পৰা আঁতৰি যোৱাৰ পাছত তেওঁ বিশ্ব শান্তি, পৰিবেশ আৰু মানৱ অধিকাৰৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল। ইয়াৰ বাবেই তেওঁ লাভ কৰিছিল শান্তিৰ নোবেল।
১৯২৪ চনত জন্ম গ্ৰহণ কৰা জিম্মি কাৰ্টাৰে জীৱনৰ শেষ সময়ছোৱাত প্ৰায় ১৯ মাহ হাস্পতালত চিকিৎসাধীন আছিল। কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ আমেৰিকাৰ নৌবাহিনীত কৰ্মৰত আছিল।
১৯৫৩ ত পিতৃৰ মৃত্যুৰ পাছত জিম্মি কাৰ্টাৰে ৰাজনীতিত প্ৰবেশ কৰিছিল। তৃণমূল পৰ্যায়ৰ পৰাই তেওঁ ৰাজনীতি কৰিছিল। জৰ্জিয়াৰ ছিনেটৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ ধাৰাবাহিকভাৱে স্থানীয় স্কুল, লাইব্ৰেৰী বৰ্ডৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।
১৯৭০ চনত ছিনেটৰ গভৰ্নৰ হৈছিল জিম্মি কাৰ্টাৰ। ইয়াৰ পাছৰে পৰা তেওঁ নাগৰিক অধিকাৰক লৈ সৰৱ হৈ পৰিছিল। বৰ্ণ বৈষম্যৰ সমস্যাই জুৰুলা কৰা মাৰ্কিন যুক্তৰাষ্ট্ৰত তেওঁ ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ সাহস কৰিছিল।
গৰ্ভনৰ হিচাপে শপতগ্ৰহণ কৰিয়েই তেওঁ স্পষ্টকৈ কৈছিল- ''মই পৰিস্কাৰকৈ ক'বলৈ বিচাৰিছো, বৰ্ণ বৈষম্যৰ সময় পাৰ হৈ গৈছে।'' কেপিটেল ভৱনত তেওঁ প্ৰথমবাৰৰ বাবে আঁৰি দিছিল মাৰ্টিন লুঠাৰ কিঙৰ ফটো। সকলো চৰকাৰী কাৰ্যালয়ত যাতে আফ্ৰিকান আমেৰিকানসকলেও নিয়োগ লাভ কৰে তাৰো নিশ্চয়তা প্ৰদান কৰিছিল।
আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে জিম্মি কাৰ্টাৰে ভিয়েটনাম যুদ্ধৰ পৰা পলায়ন কৰি অহা হাজাৰ হাজাৰ ব্যক্তিক ক্ষমা কৰি দিছিল। ইয়াৰ বাবে তেওঁ মাৰ্কিন ৰাজনীতিত যথেষ্ট সমালোচিত হৈছিল। তেওঁৰ কাৰ্যকালতে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদবীত মহিলাক নিয়োগ কৰিছিল।
জিম্মি কাৰ্টাৰেই প্ৰথম বিশ্ব নেতা যিয়ে জলবায়ু পৰিবৰ্তনক গুৰুত্ব প্ৰদান কৰিছিল। হোৱাইট হাউচৰ ছাদত তেওঁৱেই প্ৰথম ছোলাৰ পেনেল স্থাপন কৰিছিল। অৱশ্যে তেওঁৰ কাৰ্যকালতে আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ'বলগীয়া হয়।
সেয়া হলেও আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপনৰ বাবে তেওঁ লোৱা উদ্যোগৰ বাবে ২০০২ চনত লাভ কৰে শান্তিৰ নোবেল বঁটা। এগৰাকী উদাৰপন্থাত বিশ্বাসী ৰাজনৈতিক নেতা হিচাপে পৰিচিত জিম্মি কাৰ্টাৰে সদ্য সমাপ্ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছক ভোট দিবলৈ আহ্বান জনাইছিল।
তেওঁ আছিল এগৰাকী ধৰ্মভীৰু ৰাজনৈতিক নেতা। তেওঁ স্পষ্টকৈ কৈছিল- ''আপুনি ধৰ্ম বিশ্বাস আৰু জনতাৰ সেৱাক পৃথক কৰিব নোৱাৰে। মই কেতিয়াও ঈশ্বৰৰ ইচ্ছা আৰু মোৰ ৰাজনৈতিক দায়িত্বৰ মাজত দ্বন্দ দেখা নাই।''
২০১৫ চনত তেওঁৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগৰ অৱস্থিতি। এসময়ত এই ৰোগেই প্ৰাণ কাঢ়িছিল জিম্মি কাৰ্টাৰৰ পিতৃ-মাতৃৰ। সেই একেই ৰোগতে আক্ৰান্ত হৈছিল তেওঁ। ২০২৩ ত তেওঁ হেৰুৱাইছিল পত্নীকো।
এইগৰাকী জিম্মি কাৰ্টাৰে এইবাৰ গ্ৰেমী লাভ কৰিলে। ১০০ বছৰ বয়সত তেওঁ যি অসাধ্য সাধন কৰিলে তাৰ বাবে তেওঁক সন্মানিত কৰা হ'ল। জিম্মি কাৰ্টাৰে জীৱনৰ বিয়লি বেলাত যি কাম কৰি দেখুৱালে সেয়া বহুতৰ বাবে অসাধাৰণ।
জিম্মি কাৰ্টাৰ বহুতৰ বাবে হ'ব পাৰে আদৰ্শ। ৬০ বছৰ বয়সত ভৰি দিয়াৰ পূৰ্বেই আজিৰ মানুহে ঈশ্বৰ ভক্তিতি নিমজ্জিত হৈ মৃত্যুৰ ক্ষণ গণিবলৈ আৰম্ভ কৰে, পাপ খণ্ডনৰ বাবে কেৱল ধৰ্ম-কৰ্মত নিয়োজিত হয়, জীৱনৰ মোহ-মায়া ত্যাগ কৰে।
ইয়াৰ পৰিবৰ্তে মানুহে যদি সৃষ্টিশীলতাত নিজকে মনোনিবেশ কৰে তেন্তে নিশ্চয় তেওঁলোকেও জীৱনত নতুনকৈ উপলব্ধি কৰিব পাৰিব। জীৱনৰ এক নতুন মাদকতা লাভ কৰিব। কেৱল জীৱনৰ পৰা মুক্তিৰ বাবে ক্ষণ গণাতকৈ জীৱনক উপলব্ধি কৰি জীৱনৰ জয়গান গাব পাৰে তেন্তে হয়তো সকলো হৈ পৰিব পাৰে একো এনোজন জিম্মি কাৰ্টাৰ। চেঞ্চুৰীত আউট হৈয়ো তেওঁ হৈ থাকিল নট আউট।