‘বীৰ’ জন্ম দিয়াৰ দেশ ভাৰত

ভাৰতে পাকিস্তানক দেখুৱাই দিলে ভাৰতৰ সৈতে দেশখনে কৰা আচৰণৰ পৰিণাম কি হ’ব পাৰে? ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাকিস্তানে এতিয়া চৌদিশে অন্ধকাৰ দেখিছে।

author-image
Tushar Pratim
New Update
‘বীৰ’ জন্ম দিয়াৰ দেশ ভাৰত

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

 

ভাৰতে পাকিস্তানক দেখুৱাই দিলে ভাৰতৰ সৈতে দেশখনে কৰা আচৰণৰ পৰিণাম কি হ’ব পাৰে? ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাকিস্তানে এতিয়া চৌদিশে অন্ধকাৰ দেখিছে। পাকিস্তানৰ প্ৰতিটো আক্ৰমণ ব্যৰ্থ কৰি দেশখনক ভাৰতীয় সেনাই পৰাস্ত কৰাৰ ইতিহাস নতুন নহয়।

 

যুদ্ধৰ ধৰণ সলনি হৈছে। সেই পৰিবৰ্তনৰ সৈতে সাপ খোৱাই ভাৰতে এইবাৰো ইছলামাবাদক তৌবা তৌবা দেখুৱাইছে। ভাৰতীয় বীৰ জোৱানৰ বীৰত্বৰ কাহিনীয়ে কৈ যায় ভাৰত এনে এখন দেশ যিখন দেশত কেৱল জন্ম হয় বীৰৰ।

 

পাকিস্তানৰ এখনৰ পাছত আনখন যুদ্ধ বিমান ভাৰতীয় সেনাৰ আক্ৰমণত বিধ্বস্ত হৈ ভূ-পতিত হৈছে। পাকিস্তানৰ প্ৰতিখন প্ৰধান চহৰত ভাৰতীয় সেনাৰ বিক্ৰমৰ নিচাৱন উৰিছে।

 

যুদ্ধৰ সৈতে পৰোক্ষ, প্ৰত্যক্ষভাৱে জৰিত হৈ থকা ভাৰতীয় সেনাৰ পৰিয়ালত এতিয়া নাই কোনো ভয়। দেশ মাতৃৰ বাবে এই সেৱা পূজাৰ অৰ্ঘ্য ৰূপেই গ্ৰহণ কৰিছে জোৱানসকলৰ পৰিয়ালে। কেৱল নেদেখাজনক খাটিছে কুশলে থাকি শত্ৰু পাকিস্তানক বধি উভতি আহক তেওঁলোক সুকলমে।

 

অসমৰো বহু সেনা জোৱান আছেগৈ ভাৰত-পাক সীমান্তত। সেই বীৰ জোৱানসকলৰ কুশল কামনাৰে সমগ্ৰ ৰাজ্যবাসীয়ে তেওঁলোকৰ বীৰত্বৰ কাহিনী শুনিবলৈ আগ্ৰহেৰে বাট চাইছে।

 

১৯৪৭ চনতে ভাৰতৰ সৈতে প্ৰথমখন যুদ্ধত অৱতীৰ্ণ হৈছিল পাকিস্তান। সেইবাৰো পাকিস্তানী সেনাই আঠু লৈছিল ভাৰতীয় সেনাৰ সন্মুখত। এই যুদ্ধত দেশৰ বাবে সৰ্ব্বোচ্চ ত্যাগ কৰিছিল ১১০৪ জন ভাৰতীয় সেনাই। আহত হৈছিল ৩১৫২ জন।

 

পৰাজয়ে কোনো শিক্ষা নিদিলে পাকিস্তানক। ১৯৬৫ চনত পুনৰ দ্বিতীয়খন ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বেই ১৯৬২ চনত চীনৰ বিৰুদ্ধে সমুখ সমৰত নামিছিল ভাৰত। সেই যুদ্ধত ছহিদ হৈছিল ৩২৫০ জন ভাৰতীয় সেনা।

 

আহত হৈছিল সেইবাৰ ৫৪৮ গৰাকী জোৱান। ১৯৬৫ চনতেই ৩২৬৪ গৰাকী ভাৰতীয় সেনা জোৱানে আত্ম বলিদান দি পাকিস্তানক দিছিল শিক্ষা। পাকিস্তানৰ কিমান সেনা মৰিছিল সেই তথ্য ৰাজহুৱাই কৰা নহ’ল।

 

তথাপিও অনুমান কৰা হয় ৮ ৰ পৰা ১০ হাজাৰ পাকিস্তানী সেনাই মৃত্যুক সাৱটিছিল। ১৯৬৫ ৰ যুদ্ধত আহত হৈছিল ৮৬২৩ গৰাকী ভাৰতীয় সেনা।

 

১৯৭১ চনৰ যুদ্ধত ভাৰতৰ ৩৮৪৩ জন সেনাই দেশবাসীৰ বাবে প্ৰাণ বিসৰ্জন দি আজুৰি আনিছিল জয়। এই যুদ্ধতো ৯৮৫১ জন ভাৰতীয় সেনা আহত হৈছিল। ১৬ ডিচেম্বৰ, ১৯৭১ চনত অন্ত পৰা এই যুদ্ধত ৯৩ হাজাৰ পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল।

 

সেই আত্মসমৰ্পণ কৰা সেনাসকলৰ ভিতৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ড চীফ জেনেৰেল আমীৰ আব্দুল্লা নিয়াজিও আছিল। ১৩ দিনৰ এই যুদ্ধৰ অন্তত বাংলাদেশ স্বাধীন হৈছিল।

 

তাৰ পাছত কাৰ্গিল। কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে যুঁজত অসমৰ কেপ্টেইনৰ জিন্টু গগৈকে ধৰি ৫২৭ জন ভাৰতীয় সেনা ছহিদ হৈছিল। আহত হৈছিল ১৩৬৩ জন ভাৰত সেনা জোৱান।

 

পাকিস্তানে এই যুঁজত ৪ হাজাৰ সেনা জোৱানক হেৰুৱাইছিল। অৱশ্যে সেই সংখ্যা ইয়াৰ ডেৰগুণৰো বেছি হ’ব বুলি পাকিস্তানৰে ৰাজনৈতিক নেতাই দাবী কৰিছিল। এয়াই হ’ল ভাৰতীয় সেনাৰ বীৰত্ব আৰু বিক্ৰমৰ কাহিনী।

 

মৰিবলৈ ভয় নকৰে আমাৰ জোৱানে। এই মৃত্যু জিনি তেওঁলোক হৈৰয় অমৰ। যুদ্ধৰ ক্ষেত্ৰত ভাৰতীয় সেনা আৰু সেনা বিষয়াসকলৰ সু-সম্পৰ্ক, নেতৃত্ব দেখি আচৰিত হয় আন দেশৰ জোৱান।

 

কিয়নো সন্মুখৰ পৰা ভাৰতীয় সেনাৰ বিষয়াই জোৱানসকলক নেতৃত্ব দি যুদ্ধক্ষেত্ৰত বিজয়ৰ আধাৰ গঢ়ে। পৰাক্ৰমৰ এই কাহিনী সেয়ে মানুহৰ মুখে মুখে বিয়পে। প্ৰথম বিশ্ব যুদ্ধতো ভাৰতীয় সেনাই দেখুৱাইছিল বিক্ৰম।

 

তেতিয়া ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী নামেৰে পৰিচিত এই সেনা বাহিনীত আছিল প্ৰায় ১০ লাখ জোৱান। প্ৰথম বিশ্বযুদ্ধত ৫৩৪৮৬ জন আৰু দ্বিতীয় বিশ্বযুদ্ধত ২৪৩৩৮ জন সেনা জোৱানে প্ৰাণ আহুতি দিছিল।

 

মিত্ৰ বাহিনীয়ে স্বীকাৰ কৰিছিল ভাৰতীয় সেনাৰ দেশ প্ৰেমক। শ্ৰীলংকাৰ গৃহ যুদ্ধৰ সময়তো ১১৫৭ জন ভাৰতীয় সেনাৰ জোৱানে প্ৰাণ বিসৰ্জন দিছিল। বিসৰ্জনৰ এই ইতিহাস দেশৰ বাবে এক সোণালী অধ্যায়।

 

আকৌ যুদ্ধ। সু-পৰিকল্পিতভাৱে ভদ্ৰ ভাষা বুজি নোপোৱা পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ এই অভিযানৰ নামেই হ’ল ‘অপাৰেচন সেন্দূৰ’। ইতিমধ্যে সেই যুদ্ধৰ বহু খবৰ আহিছে।

 

সীমান্তত শত্ৰুক উচিত শিক্ষা দিবলৈ অৱস্থান লৈছে আমাৰ সেনা জোৱানে। পাকিস্তানে ইমানৰ পাছতো বুজা উচিত আন দেশৰ দৰে নহয় আমাৰ জোৱান। সেয়ে হয়তো লাল বাহাদুৰ শাস্ত্ৰীয়ে তেতিয়াই কৈ গৈছিল জয় জোৱান, জয় কিষাণ।

 

যুদ্ধ ভূমিৰ পৰা আহক ভাল খবৰ। কুশলে থাকক প্ৰতিজন ভাৰতীয় জোৱান। ইমানবোৰ জোৱানৰ আত্ম ত্যাগে গঢ়ি তোলা ভাৰতৰ বীৰত্বৰ কাহিনী আকৌ এবাৰ বিশ্বজুৰি বিয়পি পৰক।

 

অপাৰেচন সিন্দুৰ যুদ্ধ ভাৰতীয় সেনা