/asomiyapratidin/media/media_files/2025/05/29/1WhS469N3TH8fegMDWef.jpg)
তুষাৰ প্ৰতিম
উচ্চ হাৰৰ দৰমহাৰে কৰ্ম সংস্থাপনৰ আশাত উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে বিদেশলৈ ঢাপলি মেলাতো কোনো নতুন কথা নহয়। বিদেশত সংস্থাপন লাভৰ বাবে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে একাংশ এজেঞ্চিৰো সহায় লৈ আহিছে।
দেশত সংস্থাপনৰ উপযুক্ত সুযোগৰ অভাৱতে বিদেশলৈ যাবলৈ বিচৰা এইসকল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বহু সংখ্যকেই তাৰ মাজত চিকাৰ হৈছে মানৱ সৰবৰাহকাৰীৰ। বিদেশৰ কোনো সংস্থা অথবা প্ৰতিষ্ঠানত সংস্থাপনৰ সপোন দেখুৱাই এইসকল উচ্চ শিক্ষিত যুৱক-যুৱতীক লৈ যোৱাৰ পিছতেই তেওঁলোকৰ জীৱন হৈ পৰে দুৰ্বিসহ।
অতি শেহতীয়াকৈ গৃহ যুদ্ধত বিধ্বস্ত ম্যানমাৰৰ পৰা ৬৫ গৰাকী ভাৰতীয়ক উদ্ধাৰৰ পিছতেই পুনৰ থাইলেণ্ডৰ প্ৰতিষ্ঠানত অতি উচ্চ হাৰৰ দৰমহাৰে সংস্থাপনৰ নামত মানৱ সৰবৰাহৰ বিষয়টো চৰ্চালৈ আহিছে। উল্লেখ্য যে, থাইলেণ্ড-ম্যানমাৰৰ সীমান্ত অঞ্চলত আছে এক অপৰাধ সাম্ৰাজ্য।
এই সাম্ৰাজ্যখন নিয়ন্ত্ৰণ কৰে ড্ৰাগছ মাফিয়াৰ পৰা আৰম্ভ কৰি সশস্ত্ৰ গোটসমূহে। ম্যানমাৰৰ কায়িন প্ৰদেশৰ এটা অঞ্চল ম্যাৱাডী। এই অঞ্চলটো থাইলেণ্ডৰো সীমান্ত অঞ্চল।
অতি দুৰ্গম এই অঞ্চলটোত ম্যানমাৰৰ সামৰিক চৰকাৰৰ কোনো প্ৰভাৱ নাই। ইয়াত আছে ড্ৰাগছ মাফিয়া, মানৱ সৰবৰাহকাৰী আৰু বিভিন্ন সশস্ত্ৰ বাহিনীৰ নিয়ন্ত্ৰণ। শেহতীয়াকৈ এই অঞ্চলটোৰ পৰা অব্যাহত আছে ছাইবাৰ অপৰাধ।
এই ছাইবাৰ অপৰাধৰ বাবেই ইয়াৰ মাফিয়া চক্ৰই আই টি ক্ষেত্ৰৰ বহু শিক্ষিত যুৱক-যুৱতিক লক্ষ্য কৰি লৈছে। ৫০০০ ৰ পৰা ৮০০০ মাৰ্কিন ডলাৰৰ মাহিলী দৰমহাৰে থাইলেণ্ডত ডাটা এণ্ট্ৰিৰ কেৰিয়াৰৰ বিভিন্ন বিজ্ঞাপন দি এই চক্ৰটোৱে লক্ষ্য কৰি লয়।
ইয়াৰ বাবে ভাৰত, ডুবাই আদিত নিয়োগ কৰা হয় বিশেষ এজেণ্ট। এই এজেণ্টসমূহেই ‘ভিছা-অন-এৰাইভেল’ৰ সুবিধাৰে নিৰ্বাচিত যুৱক-যুৱতীক থাইলেণ্ডলৈ লৈ যায়। তাৰ পিছতেই তেওঁলোক হৈ পৰে এই চক্ৰটোৰ বহতিয়া।
এই চক্ৰটোৰ হাতত যিসকল বন্দী হৈছে তেওঁলোকৰ ওপৰত চলে নানান শাৰীৰিক, মানসিক নিৰ্যাতন। খাবলৈ দিয়া হয় পচা খাদ্য, হাঁহৰ গেলা কণী আদি। এই খাদ্য খাবলৈ অস্বীকাৰ কৰিলেই চলে অত্যাচাৰ। কেতিয়াবা তেওঁলোকৰ দেহত লগাই দিয়া হয় বিদ্যুৎ।
যোৱা মাৰ্চ মাহত ম্যানমাৰৰ ম্যাৱাদীৰ পৰা উদ্ধাৰ হৈছিল ৫৪০ গৰাকী ব্যক্তি। যি মানৱ সৰবৰাহকাৰীৰ কৱলত পৰি সেই অঞ্চল পাইছিলগৈ। ইয়াৰ মাজত আছিল এনে ৬৫ জন ভাৰতীয় লোক যিয়ে এই নিৰ্যাতন সহ্য কৰিব নোৱাৰি কৰ্মৰত প্ৰতিষ্ঠানৰ বাহিৰত ধৰ্ণাত বহিছিল।
তেতিয়াই তেওঁলোকক প্ৰত্যক্ষ কৰিছিল ম্যানমাৰৰ সামৰিক চৰকাৰৰ সুৰক্ষা বাহিনীয়ে। তেওঁলোকেই উদ্ধাৰ কৰিছিল মানৱ সৰবৰাহৰ কৱলত পৰা এইসকল লোকক। বাৰ্মিজ সেনাৰ সাহায্যত ভাৰতীয় দূতাবাসৰ জৰিয়তে ভাৰতলৈ ঘূৰি অহা সেই দলটোৰ এজন সদস্য আছিল কক্কিৰালা মধুকৰ ৰেড্ডী।
৩১ বছৰীয়া এই যুৱকজনে জনোৱা মতে তেওঁক লাভজনক আই টি চাকৰি দিয়াৰ নামত ২০২৪ চনৰ ১৮ ডিচেম্বৰত বেংককলৈ লৈ অনা হৈছিল। তাৰ পৰাই তেওঁক অবৈধভাৱে ম্যাৱাডীলৈ লৈ যোৱা হৈছিল।
তাত তেওঁলোকক প্ৰথমে প্ৰশিক্ষণ দিয়া হৈছিল। এই প্ৰশিক্ষণৰ সময়ত আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়সকলক অস্তিত্বহীন কোম্পানীত বিনিয়োগ কৰিবলৈ কিদৰে প্ৰতাৰণা কৰিব লাগে সেয়া শিকিওৱা হৈছিল।
কোনোৱে যদি এই কাম সঠিককৈ কৰিব পৰা নাছিল তেন্তে সেইসকলৰ ওপৰত চলিছিল অকথ্য নিৰ্যাতন। এই চক্ৰটোৰ আছে নিজা সশস্ত্ৰ বাহিনী। এই বাহিনীয়ে সকলো সময়তে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখে।
শাস্তিৰ নামত গেলা কণীও জোৰকৈ মুখত ভৰাই দিয়ে। কেতিয়াবা কাৰোবাক ফ্ৰীজত ভৰাই দিয়ে।তাৰোপৰি দীৰ্ঘ দূৰত্ব দৌৰিবলৈ, জুইৰ কাষত থিয় কৰাই ৰখা আদি শাস্তিও দিয়া হৈছিল। ইয়াৰ পৰা ৰেহাই দিয়া হোৱা নাছিল যুৱতী তথা মহিলাকো।
ভাৰতৰ শ শ যুৱক-যুৱতী ইতিমধ্যে এই মাফিয়া চক্ৰৰ চিকাৰ হৈছে। যোৱা কেইটামান বছৰত এই চক্ৰটোৱে কেইবা হাজাৰ ভাৰতীয় যুৱক-যুৱতীক অবৈধভাৱে ম্যানমাৰলৈ লৈ গৈছে। তাৰে কিছু স্বদেশলৈ ঘূৰি আহিব পাৰিছে যদিও বহু এতিয়াও সেই অন্ধকাৰ জগতখনতেই বন্দী হৈ আছে।
তথ্য অনুসৰি থাইলেণ্ডৰ ‘ভিছা-অন-এৰাইভেল’ নীতিৰ সুবিধা লৈ ভাৰতৰ পৰা যুৱক-যুৱতীক প্ৰথমে বেংককলৈ লৈ যোৱা হয়। তাৰ পাছত তেওঁলোকক টাক প্ৰদেশৰ ম’ই ছ’টলৈ লৈ যায়।
তাৰ পৰাই নিশাৰ এন্ধাৰত ম’ই দ্বীপ পাৰ কৰি অবৈধভাৱে থাইলেণ্ডৰ পৰা ম্যানমাৰৰ সেই ম্যাৱাডীলৈ লৈ যায়। যাত্ৰা পথত তেওঁলোকক না খাবলৈ দিয়ে, না শুবলৈ দিয়ে। তেওঁলোকৰ বাবে নাথাকে অনাময় ব্যৱস্থাও।
এই অঞ্চলটোত যিহেতু ম্যানমাৰৰ সামৰিক চৰকাৰৰো প্ৰভাৱ নাই সেয়ে ইয়াৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাতো নতুন দিল্লীৰ বাবেও জটিল হৈ পৰে। ২০২৩ চনত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত এই বিষয়টো আৰু অধিক জটিল হৈ পৰিছে।
বেংকক আৰু ইয়াংগনত থকা ভাৰতীয় দূতাবাসে এই অঞ্চলৰ মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এনে প্ৰচেষ্টাৰ ফলতেই ২০২৩ ৰ আগষ্টত প্ৰায় ৩০০ ভাৰতীয়ক ঘূৰাই আনিবলৈ সক্ষম হৈছিল। ২০২৫ ৰ ফেব্ৰুৱাৰীত ভাৰতীয়সহ অন্যান্য দেশৰ ২৬০ গৰাকীক ঘূৰাই আনিছিল।
গুৰুত্বপূৰ্ণ কথা হ’ল মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা এইসকল লোকৰ কোনো বৈধ নথিপত্ৰ নথকাৰ বাবে তেওঁলোকে পলাই আহোঁ বুলিলেও সহজতে পলাই আহিবও নোৱাৰে। থাইলেণ্ডৰ সুৰক্ষা বাহিনীয়ে অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে আটক কৰি বন্দী কৰে। তাৰ পৰা পলায়নৰ সময়ত সেই চক্ৰটোৰ হাতত পুনৰ ধৰা পৰা মানেই মৃত্যু!
ম্যানমাৰতো একেই অৱস্থা। অৱশ্যে এই সংক্ৰান্তীয় সমস্যা সমাধানৰ বাবে ২০১৯ তে ভাৰত আৰু ম্যানমাৰৰ মাজত মানৱ সৰবৰাহ প্ৰতিৰোধ, উদ্ধাৰ আৰু স্বদেশলৈ প্ৰত্যৰ্পণত সহযোগিতা বৃদ্ধিৰ বাবে এক দ্বিপাক্ষীক বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰিছিল। কিন্তু বৰ্তমানৰ সামৰিক অভ্যুত্থানে এই গোটেই বিষয়বোৰেই সলনি কৰি পেলালে।
বিশেষকৈ সামাজিক মাধ্যমত বিভিন্ন প্ৰলোভনেৰে বিজ্ঞাপন প্ৰকাশ কৰি এই চক্ৰটোৱে যি জাল পেলাইছে সেই জালত ভৰি দিয়া মানেই জীৱন ধ্বংস। আনকি এই চক্ৰটোৱে ড্ৰাগছ তৈয়াৰ কৰাৰ পৰা মানৱ অংগৰো ব্যৱসায় কৰি অহাৰ খবৰ যোৱা সময়ছোৱাত আহিছে।
সেয়ে বিদেশত চাকৰি অথবা সংস্থাপনৰ সুযোগ, সুবিধাৰ আশাত এনে জালত ভৰি দিয়াৰ পূৰ্বে সেই প্ৰতিষ্ঠান বা কোম্পানীৰ বিষয়ে সবিশেষ অধ্যয়ন অতি জৰুৰী। অন্যথা সংস্থাপনৰ নামত ম্যাৱাডীৰ সেই অবৈধ সাম্ৰাজ্যখনত প্ৰৱেশ মানেই আপোনাৰ জীৱন যে শেষ সেয়া নিশ্চিত।